Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

এছিড, ক্ষাৰক আৰু লৱণ (Acids, Bases And Salts)

                এছিড, ক্ষাৰক আৰু লৱণ 


সূচক

সূচক হল কিছুমান ৰঞ্জক পদাৰ্থ বা ৰঞ্জকৰ মিশ্ৰণ যিবিলাকক এছিড আৰু ক্ষাৰকৰ উপস্থিতি সূচাবলৈ ব্য়ৱহাৰ কৰা হয়।

সূচকৰ প্ৰকাৰঃ 

             1. প্ৰাকৃতিক সূচক

            2. সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচক

            3. ঘ্ৰানেন্দ্ৰিক সূচক

প্ৰাকৃতিক সূচকঃ যিবিলাক সূচক প্ৰাকৃতিক উৎসৰ পৰা আহৰণ কৰা হয় সেইবোৰক প্ৰাকৃতিক সূচক বোলে।প্ৰাকৃতিক সূচকৰ উদাহৰণ হল- লিটমাছ, হালধি, ৰঙা বন্ধাকবি আদি।

লিটমাছঃ লিটমাছ লিচেন (lichen) নামৰ উদ্ভিদৰ পৰা আহৰণ কৰা এবিধ বেঙুনীয়া ৰঞ্জক। লিটমাছ পেপাৰ দুটা ৰঙত পোৱা যায়- নীলা আৰু ৰঙা।এছিডে নীলা লিটমাছক ৰঙা কৰে আৰু ক্ষাৰকে ৰঙা লিটমাছক নীলা কৰে।

হালধিঃ আন এবিধ প্ৰাকৃতিক সূচক হল হালধি। ইয়াৰ ৰং হালধীয়া। হালধি অকল ক্ষাৰকৰ পৰীক্ষাৰ বাবেহে ব্য়ৱহাৰ কৰিব পাৰি। ক্ষাৰকৰ সংস্পৰ্শত হালধিৰ ৰং ৰঙচুৱা মুগা বৰণৰ হৈ পৰে। এছিডৰ সংস্পৰ্শত ইয়াৰ কোনো পৰিৱৰ্তন নঘটে।

ৰঙা বন্ধাকবিঃ ৰঙা বন্ধাকবিৰ পাতৰ ৰসৰ ৰং প্ৰাকৃতিক ভাৱে বেঙুনীয়া হয়। এছিডৰ সংস্পৰ্শত ৰঙচুৱা আৰু ক্ষাৰকৰ সংস্পৰ্শত ই সেউজীয়া হৈ পৰে।  

সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচকঃ সাংশ্লেষিক সূচক বা কৃত্ৰিম সূচকবোৰ কৃত্ৰিমভাবে গবেষণাগাৰত প্ৰস্ত ুত কৰা হয়। উদাহৰণ হল- মিথাইল অৰেঞ্জ, ফিনলফথেলিন আদি।

মিথাইল অৰেঞ্জ­- ই এটা কমলা ৰঙৰ দ্ৰৱ। এছিডৰ সংস্পৰ্শত ই ৰঙা আৰু ক্ষাৰকৰ সংস্পৰ্শত ই হালধীয়া হৈ পৰে। 

ফিনলফথেলিনঃ ই এটা বৰণবিহীন দ্ৰৱ। এছিডত ইয়াৰ কোনো পৰিৱৰ্তন নহয় কিন্ত ু ক্ষাৰকৰ সংস্পৰ্শত ই গোলপীয়া হৈ পৰে। 

ঘ্ৰানেন্দ্ৰিক সূচকঃ যিবিলাক পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্য়মত গোন্ধৰ পৰিৱৰ্তন ঘটে সেইবোৰক ঘ্ৰানেন্দ্ৰিক সূচক বোলে। উদাহৰণ হল- পিয়াজ, ভেনিলা আদি।

পিয়াজঃ এছিডত ইয়াৰ কোনো পৰিৱৰ্তন নহয় কিন্ত ু ক্ষাৰকৰ সংস্পৰ্শত পিয়াজৰ গোন্ধ নাইকীয়া হৈ যায়।

ভেনিলা­:  এছিডত ইয়াৰ কোনো পৰিৱৰ্তন নহয় কিন্ত ু ক্ষাৰকৰ সংস্পৰ্শত ইয়াৰ গোন্ধ নাইকীয়া হৈ যায়।

এছিড আৰু ক্ষাৰক

এছিড (Acid) ঃ এছিড হ'ল এবিধ পদাৰ্থ যাৰ সোৱাদ টেঙা আৰু ই জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন (H+উৎপন্ন কৰে।উদাহৰণ- ছালফিউৰিক এছিড (H2SO4), হাইড্ৰক্লৰিক এছিড (HCl), এচিটিক এছিড (CH3COOH) আদি।

ক্ষাৰক (Base)ঃ ক্ষাৰক হল এবিধ তিতা সোৱাদযুক্ত পদাৰ্থ আৰু ই জলীয় দ্ৰৱত OH- আয়ন উৎপন্ন কৰে। উদাহৰণ- ছডিয়াম হাইড্ৰক্সাইড (NaOH), পটেছিয়াম হাইড্ৰক্সাইড (KOH) আদি।

এছিডৰ ধৰ্ম

1.    এছিড আৰু ধাতুৰ মাজত বিক্ৰিয়া

     ধাতুৱে এছিডৰ পৰা হাইড্রজেন অপসাৰিত কৰিব পাৰে। এছিডৰ অৱশিষ্ট অংশৰে সৈতে ধাতুটো লগ হৈ লৱণ গঠন কৰে।এতেকে, এছিড এটাৰে সৈতে ধাতু এটাৰ বিক্রিয়াক এনেদৰে লিখিব পাৰি।

এছিড + ধাতু লৱণ + হাইড্রজেন গেছ

উদাহৰণঃ         H2SO4 + Zn → ZnSO4 + H2

হাইড্রজেন গেছৰ পৰীক্ষাঃ ওপৰৰ বিক্ৰিয়াৰ পৰা উৎপন্ন হোৱা গেছটোক চাবোন পানীৰ মাজেৰে পাৰ হব দিলে বুদবুদৰ সৃষ্টি হব। এডাল জ্বলি থকা মম গেছ ভৰ্তি বুদবুদ এটাৰ ওচৰত ধৰিলে হাইড্ৰজেন গেছ ফট্ ফট্  শব্দ কৰি জ্বলিব।

2.    ধাতৱ কার্বনেট আৰু ধাতৱ হাইড্রজেন কার্বনেটেৰ এছিডৰ সৈতে বিক্রিয়া

এছিডেডিয়াম কার্বনেট (Na2CO3) আৰু 'ডিয়াম হাইড্রজেন কার্বনেট (NaHCO3) ৰ লগত বিক্ৰিয়া কৰি কার্বন ডাই অক্সাইড গেছ উৎপন্ন কৰে।

                Na2CO3(s) + 2HCl(aq) → 2NaCl(aq) + H2O(l) + CO2 (g)

                NaHCO3(s)+ HCl(aq) → NaCl(aq) +H2O(l) + CO2 (g)

কার্বন ডাই অক্সাইড গেছৰ পৰীক্ষাঃ উৎপন্ন হোৱা গেছক চূণপানীৰ (কেলছিয়াম হাইড্রক্সাইড দ্ৰৱ) ৰ মাজেৰে পাৰ হবলৈ দিলে ই চূণপানীক ঘোলা কৰিব।

                Ca(OH)2 (aq) + CO2 (g) → CaCO3 (s) + H2O(l)

               ( চূণপানী)                            (বগা অধঃক্ষেপ)

 

3.    এছিড আৰু ক্ষাৰকৰ পৰম্পৰৰ সৈতে বিক্রিয়া

এছিড আৰু ক্ষাৰকে পৰস্পৰ বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হয়। এই বিক্রিয়াক প্রশমন বিক্রিয়া (Neutralisation reaction) বোলে। সাধাৰণভাৱে এটা প্রশমন বিক্রিয়াক এনেদৰে লিখিব পৰা যায়।

ক্ষাৰক + এছিড লৱণ + পানী।

 

NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)

 

4.    এছিডৰে সৈতে ধাতৱীয় অক্সাইডৰ বিক্রিয়া

এটা ধাতৱ অক্সাইড আৰু এটা এছিডৰ মাজত বিক্ৰিয়া ঘটি লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্রিয়াক সাধাৰণভাৱে এনেদৰে লিখিব পৰা যায়

 ধাতৱ অক্সাইড + ক্ষাৰক লৱণ + পানী

সেইবাবে ধাতৱীয় অক্সাইডবোৰক ক্ষাৰকীয় অক্সাইড (basic Oxides) বোলা হয়।

উদাহৰণ হিচাপে কপাৰ অক্সাইডে লঘূ হাইড্ৰক্লৰিক এছিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ ক্লৰাইড আৰু পানী উৎপন্ন কৰে।

CuO(s) + HCl(aq) → CuCl2(aq) + H2O(l)

 

5.    সকলো এছিডসার্বজনীন গুণ

        সকলো এছিড়ে ধাতুৰে সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ উৎপন্ন কৰে। গতিকে সকলো এছিডতে সাধাৰণভাৱে হাইড্রজেন থাকে। জলীয় দ্ৰৱত এছিড়ে হাইড্রজেন আয়ন, H+(aq) উৎপন্ন কৰে। ইয়াৰ বাবেই এছিড়বোৰে আম্লিক ধর্ম দেখুৱায়।

6.    জলীয় দ্রৱত এছিডৰ পৰিৱৰ্তন

     পানীৰ উপস্থিতিত এছিডে হাইড্রজেন আয়ন উৎপন্ন কৰে পানীৰ অনুপস্থিতিত এছিড অণুৰ পৰা H+ আয়নৰ পৃথকীকৰণ ঘটিব নোৱাৰে।

                                HCl + H2O → H3O+ + Cl-

হাইড্রজেন আয়ন অকলে বৰ্তি থাকিব নােৱাৰে। পানী অণুৰে সৈতে লগ হৈ থাকে। এইবাবে হাইড্রজেন আয়নক H+ (aq) বা হাইড্রনিয়াম আয়ন (H3O+) ৰূপে দেখুওৱা হয়।

                                H+ + H2O → H3O+

 

তীব্ৰ এছিড আৰু মৃদু এছিড

  যি এছিড জলীয় দ্ৰৱত সম্পূৰ্ণৰূপে আয়নলৈ ভাঙি যায় তেনে এছিডবোৰ তীব্ৰ এছিড।যেনেঃ ছালফিউৰিক এছিড (H2SO4), হাইড্ৰক্লৰিক এছিড (HCl) আদি। আনহাতে, যি এছিড জলীয় দ্ৰৱত আংশিকভাৱে আয়নলৈ ভাঙি যায় তেনে এছিডবোৰ মৃদু এছিড। যেনেঃ এচিটিক এছিড (CH3COOH), কাৰ্বনিক এছিড (H2CO3) আদি

একে গাঢ়তাৰ, হাইড্রক্ল'ৰিক এছিড আৰু এছেটিক এছিডে ভিন ভিন পৰিমাণৰ হাইড্রজেন আয়ন উৎপন্ন কৰে। বেছি H+ আয়ন উৎপন্ন কৰা এছিডবোৰক তীব্র এছিড বোলা হয় আৰু কমকৈ H+ আয়ন উৎপন্ন কৰা এছিডবোৰক মৃদু এছিড বোলা হয়।

ক্ষাৰকৰ  ধৰ্ম

1ক্ষাৰকৰ ধাতুৰ সৈতে বিক্ৰিয়া

     ক্ষাৰকে ধাতুৰ সৈতে বিক্ৰিয়া কৰি ধাতুৰ  পৰা হাইড্রজেন অপসাৰিত কৰিব পাৰে।এতেকে, ক্ষাৰক এটাৰে সৈতে ধাতু এটাৰ বিক্রিয়াক এনেদৰে লিখিব পাৰি

                ক্ষাৰক + ধাতু লৱণ + হাইড্রজেন গেছ

                যেনে- 2NaOH + Zn → Na2ZnO2 + H2

2. অধাতৱীয় অক্সাইডৰ লগত ক্ষাৰকৰ বিক্ৰিয়া

 এটা অধাতৱীয় অক্সাইড আৰু এটা এছিডৰ মাজত ঘটি লৱণ আৰু পানী উৎপন্ন হয় । এই বিক্রিয়াক সাধাৰণভাৱে এনেদৰে লিখিব পৰা যায়

                                    অধাতৱীয় অক্সাইড + এছিড লৱণ + পানী

   কেলছিয়াম হাইড্রক্সাইডে কার্বন ডাই অক্সাইডৰে সৈতে বিক্রিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে।

                                    Ca(OH)2 (aq) + CO2 (g) → CaCO3 (aq)+ H2O(l)

   3.  ক্ষাৰকৰ সাৰ্বজনীন গুণ

 সকলো ক্ষাৰকেই জলীয় দ্ৰৱত হাইড্ৰক্সাইড আয়ন উৎপন্ন কৰে আৰু ইয়েই ক্ষাৰকক ক্ষাৰকীয় গুণ প্ৰদান কৰে।

                                    NaOH (aq) → Na+ (aq) + OH- (aq)

4. জলীয় দ্রৱত ক্ষাৰকৰ পৰিৱৰ্তন

     জলীয় দ্ৰৱত ক্ষাৰকে OH- আয়ন দিয়ে।

                    NaOH (s) ---পানী→ Na+ (aq) + OH- (aq)

 

ক্ষাৰকবোৰে পানীত হাইড্রক্সাইড (OH-) আয়ন উৎপন কৰে। যিবোৰ ক্ষাৰ পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ (alkali) বোলা হয়।

 

এছিড বা ক্ষাৰকৰ তীব্ৰতা

         এছিড আৰু ক্ষাৰকৰ তীব্ৰতা ইহঁতৰ দ্ৰৱত H+ বা OH- আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে। H+ বা OH- আয়নৰ গাঢ়তা যিমান বেছি হব এছিড বা ক্ষাৰকৰ তীব্ৰতাও সিমানেই বেছি হব।   

pH স্কেল

         দ্ৰৱ এটাত থকা H+ বা OH- আয়নবোৰৰ পৰিমান নির্ণয় কৰিবলৈ এবিধ সার্বজনীনসূচক (Universal indicator) ব্যৱহাৰ কৰাটো অতি প্ৰয়োজনীয়।এই সূচক বিভিন্ন সূচকৰ মিশ্রণ। দ্ৰৱত হাইড্রজেন আয়নৰ ভিন ভিন গাঢ়তাত সার্বজনীন সুচকবিধে ভিন ভিন ৰঙ প্রদর্শন কৰে।

        দ্রৱত হাইড্রজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে এবিধ স্কেল উদ্ভাৱন কৰা হৈছে। এই স্কেলক pH স্কেল (PH scale) বোলা হয়।  pH স্কেলত সচৰাচৰ 0 (খুব বেছি আম্লিক) পৰা 14 (খুব বেছি ক্ষাৰকীয়) লৈ pH জুখিব পাৰি। হাইড্রনিয়াম আয়নৰ গাঢ়তা বেছি হ'লে pHৰ মান কম হয়।

এটা প্রশম দ্ৰৱৰ pH মান pH স্কেলত মান তকৈ কম হলে দ্ৰৱ এটা আম্লিক, pH ৰ মান 7ৰ পৰা 14 লৈ বৃদ্ধি ঘটিলে দ্ৰৱত OH- আয়নৰ গাঢ়তা বৃদ্ধি অর্থাৎ ক্ষাৰৰ তীব্রতা বৃদ্ধি হোৱাটো বুজায় ।

দৈনন্দিন জীৱনত pHৰ গুৰুত্ব 

        উদ্ভিদ আৰু প্রাণী pH সংবেদনশীল  আমাৰ শৰীৰে 7.0 ৰ পৰা 7.8 pH পৰিসৰৰ ভিতৰত কার্য কৰে। ঠেক পৰিসৰত pH পৰিৱর্তন ঘটিলেহে জীৱ বৰ্তি থাকিব পাৰে। বৰষুণৰ পানীৰ pH ৰ মান 5.6 ৰ কম হলে তাক এছিড বৰষুণ বুলি কোৱা হয়। এছিড বৰষুণৰ পানী নদীলৈ বৈ গলে নদীৰ পানীৰ pH হ্রাস পায়। এনেকুৱা নদীত জলজ জীৱ (aquatic life) বৰ্তি থকাটো টান হৈ পৰে।গছ-গছনি সুস্থ সবল বৃদ্ধিৰ বাবে মাটিৰ pH নির্দিষ্ট পৰিসৰৰ ভিতৰৰ গালিব লাগে।

আমাৰ পাচন তন্ত্ৰৰ pH

         খাদ্য় হজম হোৱা প্ৰক্ৰিয়াত আমাৰ পেটে হাইড্ৰ'ক্ল'ৰিক এছিড় উৎপন্ন কৰে। পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমাৰ খাদ্য বস্ত ু হজম হোৱাত সহায় কৰে। অজীর্ণ হলে পেটে অত্যধিক এছিড উৎপন্ন কৰে আৰু ইয়াৰ ফলত পেটত পোৰণি আৰু বিষ হয়। এই বিকাৰৰ পৰা পৰিত্রান পাবলৈ মানুহে অম্লনাশক (antacids) হিচাপে ক্ষাৰক ব্যৱহাৰ কৰে। মেগনেছিয়াম হাইড্রক্সাইড (মেগনেছিয়ামৰ দুগ্ধ) এটা মৃদু ক্ষাক। ইয়াক প্ৰায়েই  অম্লনাশক হিচাপে ব্যৱহাৰ কৰা হয়।

pH পৰিৱৰ্তন আৰু দন্তক্ষয়

           কেলছিয়াম ফছফেটেৰে তৈয়াৰী দাঁতৰ এনামেল (tooth enamel) অংশটো শৰীৰৰ কঠিনতম পদার্থ। ই পানীত দ্ৰৱীভূত নহয়। কিন্ত ু মুখৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কমিলে ই ক্ষয় যায়। ইয়াকে দন্তক্ষয় বোলে। আহাৰ খোৱাৰ পাছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীর্ণ কৰি এছিড উৎপন্ন কৰে। এনে হোৱাটো বাধা দিবলৈ হ'লে আহাৰ খোৱাৰ পাছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটোৱেই উত্তম উপায়। দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয় আৰু ই এছিড প্রশমিত কৰি দন্তক্ষয় ৰোধ কৰে।

আত্মৰক্ষাৰ বাবে প্রাণী আৰু উদ্ভিদৰ ৰাসায়নিক সংগ্রাম

           মৌ-মাখিয়ে বিন্ধাতে এবিধ এছিড নিঃসৰন কৰে আৰু ইয়াৰ বাবেই বিষ আৰু পােৰনি সৃষ্টি হয়। বিন্ধাৰ স্থানত বেকিং চ'ডাৰ দৰে মৃদু ক্ষাৰক ব্যৱহাৰ কৰিলে সকাহ পােৱা যায়। চোৰাত পাতৰ শুংবােৰে বিন্ধিলে মিথানইক এছিড নিঃসৃত হয় আৰু ইয়াৰ ফলতেই এইবােৰে বিন্ধিলে পােৰনি আৰু বিষ হয়।

লৱণ 

        এছিড আৰু ক্ষাৰকে পৰস্পৰ বিক্ৰিয়া কৰিলে লৱণ উৎপন্ন হয়। তীব্ৰ এছিড আৰু তীব্ৰ ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ প্ৰশম। আনহাতে, তীব্ৰ এছিড আৰু মৃদু ক্ষাৰকৰ বিক্ৰিয়াজাত লৱণবোৰ আম্লিক। তীব্ৰ ক্ষাৰক আৰু মৃদু এছিডৰ বিক্ৰিয়াজাত লৱণবোৰ ক্ষাৰকীয়।

কেইবিধমান প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থ

'ডিয়াম হাইড্র'ক্সাইড

             ছডিয়াম ক্ল'ৰাইডৰ এটা জলীয় দ্ৰৱ (ব্রাইন)ৰ মাজেৰে বিদ্য়ুত প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছডিয়াম হাইড্র'ক্সাইড উৎপন্ন কৰে। উৎপাদিত দ্ৰৱ্যৰ নাম অনুসাৰ পদ্ধতিটোক ক্লৰ'-এলকালি পদ্ধতি বোলা হয়।

                                2NaCl(aq) + 2H2O(l) → 2NaOH(aq) + Cl2(g) + H2(g)

ক্ল'ৰিন গেছ এনডত আৰু হাইড'জেন গেছ কেথ'ডত মুক্ত হয়।

 

ব্লিচিং পাউদাৰ

                 শুকান শিথিলিত চূণৰ লগত ক্ল'ৰিণৰ বিক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্ৰস্ত ুত কৰা হয়।

                                Ca(OH)2 + Cl2 → CaOCl2 + H2O

ব্লিচিং পাউদাৰৰ ব্যৱহাৰঃ

(i) বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ (linen) বিৰঞ্জিত কৰিবলৈ, কলত মণ্ড (wood pulp) বিৰঞ্জিত কৰিবলৈ আৰু ধুবিঘৰত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয় |

(i) অনেক ৰাসায়নিক উদ্যোগত জাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰা হয় ।

(ii) খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় ।

 

বেকিং ছডা

             ছডিয়াম হাইড্ৰজেন কাৰ্বনেটক (NaHC03)বেকিং ছডা বোলা হয় ইয়াক খোৱা বস্তু সোনকালে সিজিবলৈ যোগ কৰা হয়ছডিয়াম ক্ল'ৰাইডৰ পৰা ইয়াক প্ৰস্তুত কৰা হয়।

                            NaCl + H2O + CO2 + NH3 → NH4Cl   +   NaHCO3

                                                                    (এমনিয়াম ক্লৰাইড)  (ছডিয়াম হাইড্রজেন কাৰ্বনেট)

        ৰন্ধা বঢ়া কৰোঁতে যেতিয়া তাপ দিয়া হয় তেতিয়া তলত দিয়া বিক্রিয়াটো ঘটে।

            2NaHCO3  → Na2CO3+H2O+C O2

'ডিয়াম হাইড্র'জেনকার্বনেটৰ ব্যৱহাৰঃ

(i) ইয়াক বেকিং পাউদাৰ প্ৰস্ত ুত কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(ii) ছডিয়াম হাইড্র'জেনকার্বনেট অম্লনাশক (antacid) বোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এছিড প্রশমিত কৰি সকাহ দিয়ে।

(iii) ছ'ডা-এছিড অগ্নি নির্বাপন যন্ত্ৰত ব্যৱহাৰ কৰা হয়।

কাপোৰ ধোৱা ছ'ডা

        ডিয়াম ক্ল'ৰাইডৰ পৰা পোৱা আন এটা ৰাসায়নিক দ্রব্য হNa2CO3 10H2O (কাপোৰ ধোৱা ছ'ডা)। বেকিং ছডা উত্তপ্ত কৰি পোৱা ছডিয়াম কার্বনেটৰ পুনঃস্ফটিকীকৰণ ঘটালে কাপোৰ ধোৱা ছ'ডা। পোৱা যায়। এইটো এটা ক্ষাৰকীয় লৱণ।

                        Na2CO3 + 1OH2O – Na2CO3.10H2O

কাপোৰ ধোৱা ছ'ডাৰ ব্যৱহাৰ

(i) ডিয়াম কার্বনেট (কাপোৰ ধোৱা ছ'ডা) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।

(ii) ৰাক্সৰ দৰে ছ'ডিয়াম যৌগৰ পণ্য উৎপাদনত ইয়াক ব্যৱহাৰ কৰা হয়।

(iii) 'ডিয়াম কার্বনেট ঘৰুৱা চাফাই কামত ব্যৱহাৰ কৰিব পাৰি।

(iv) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

 

প্লাষ্টাৰ অব পেৰিছ

        জিপছামক 373k উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্রেট ( CaSO4. 1/2H2O) ত পৰিণত হয়। ইয়াক প্লাষ্টাৰ অব পেৰিছ বোলা হয়। প্লাষ্টাৰ অব পেৰিছ এবিধ বগা পাউদাৰ। পানী মিহলালে ই পুনৰ জিপছামলৈ পৰিৱৰ্তিত হৈ টান গোটা পদাৰ্থত পৰিণত হয়।

                CaSO4.1 /2 H2O + 11/2 H20→ CaSO4. 2H2

                          (জিপছাম) 

প্লাষ্টাৰ অব পেৰিছৰ ব্যৱহাৰঃ  

(i)ডাক্তৰে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে।  

(ii)প্লাষ্টাৰ অব পেৰিছক পুতলা, ঘৰ সজোৱাৰ সামগ্ৰী আৰু মসৃন তল সাজিবৰ বাবে ব্যৱহাৰ কৰা হয়।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)