2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020) Full Marks: 90
Pass Marks: 27 Time: 3 hours ক-ভাগ /Section-A
1. তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ 1x10=10
(a) NaOH দ্ৰৱ এটাৰ 10 mL ত্ৰ HCl দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণৰূপে প্ৰশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্ৰশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমান হ'বঃ
(i) 4 mL (ii) 8mL (iii) 16mL (iv) 12mL
Answer: (iii) 16mL
(b) লোৰ টাৱা এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব ?
(i) গ্ৰীজ ব্য়ৱহাৰ কৰি
(ii) ৰং ব্য়ৱহাৰ কৰি
(iii) যিংকৰ প্ৰলেপ দি
(iv) ওপৰৰ সকলো
Answer: (iii) যিংকৰ প্ৰলেপ দি
(c) এটা পৰমাণুৰ ইলেকট্ৰনীয় বিন্য়াস হল 2,8,7 । তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য় থাকিব ?
(i) N(7) (ii) F(9) (iii) P(17) (iv) Ar(18)
Answer: (ii) F(9)
(d) অবাত স্বসন সংঘটিত হয়ঃ
(i) মাইট'কন্ড্ৰিয়াত (ii) ক্ল'ৰপ্লাষ্টত (iii) কোষকেন্দ্ৰত (iv) কোষপ্ৰৰসত
Answer: (iv) কোষপ্ৰৰসত
(e) তলৰ কোনবিধ ৰোগ থাইৰ'ক্সিন হৰম'ন উপযুক্ত পৰিমানত ক্ষৰিত নোহোৱাৰ বাবে হয়ঃ
(i) বেৰিবেৰি (ii) গৰল ৰোগ (iii) ডায়বেটিছ (iv) কঁটীয়ালগা
Answer: (ii) গৰল ৰোগ
(f) যদি জিনীয় গাঁঠনি ওখ (TT) আৰু চাপৰ (tt) যুক্ত গছৰ মাজত সংকৰণ ঘটোৱা হয়, পিছৰটো অপত্য় জনুত আমি কোন ধৰণৰ গছ পাম ?
(i) ওখ(TT) আৰু চাপৰ(tt) দুয়োটা (ii) কেৱল ওখ
(iii) কেৱল চাপৰ (iv) ওপৰৰ কোনো ধৰণৰেই নহয়
Answer: (ii) কেৱল ওখ
(g) খুউৱ সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনেধৰণৰ লেন্ছ ব্য়ৱহাৰ কৰিবা
(i) 50 cm ফ'কাচ দৈৰ্ঘৰ উত্তল লেন্ছ (ii) 5 cm ফ'কাচ দৈৰ্ঘৰ উত্তল লেন্ছ
(iii) 50 cm ফ'কাচ দৈৰ্ঘৰ অৱতল লেন্ছ (iv) 5 cm ফ'কাচ দৈৰ্ঘৰ অৱতল লেন্ছ
Answer: (ii) 5 cm ফ'কাচ দৈৰ্ঘৰ উত্তল লেন্ছ
(h) চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্ছৰ ফকাছ দৈৰ্ঘৰ পৰিৱৰ্তন হয় ?
(i) চকুৰ মণি (ii) অক্ষিপট (iii) চিলিয়াৰী পেশী (iv) চকুৰ পতা
Answer: (iii) চিলিয়াৰী পেশী
(i) তলৰ কোনটো ৰাশিয়ে বৈদ্য়ুতিক ক্ষমতা নিৰ্দেশ নকৰে
(i) IR2 (ii) I2R (iii) V2/R (iv) VI
Answer: (i) IR2
(j) তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য় শৃংখল গঠন কৰে
(i) ঘাঁহ, মাছ আৰু ছাগলী (ii) ছাগলী, গৰু আৰু হাতী
(iii) ঘাঁহ, ছাগলী আৰু মানুহ (iv) ঘাঁহ, ঘেঁহু আৰু আম
Answer: (iii) ঘাঁহ, ছাগলী আৰু মানুহ
খ- ভাগ/ Section-B
2. কেলছিয়াম অক্সাইডে পানীৰ সৈতে তীব্ৰভাৱে বিক্ৰিয়া কৰি শিথিলিত চূণ, কেলছিয়াম হাইড্ৰ'ক্সাইড উত্পন্ন কৰে। এই বিক্ৰিয়াটেোৰ ৰাসায়নিক সমীকৰণটো লিখা আৰু বিক্ৰিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা। 1
Answer: CaO(s) + H2O(l)
→ Ca(OH)2(aq)
বিক্ৰিয়াটো এটা সংযোজন বিক্ৰিয়া
3. উদাহৰণেৰে সৈতে মৌল এটাৰ বহুৰূপৰ সংজ্ঞা দিয়া। 1
Answer: মৌল এটা প্ৰকৃতিত বিভিন্ন ৰূপত থাকিব পৰা ধৰ্মকে বহুৰূপ বোলে। যেনেঃ কাৰ্বনৰ দুটা বহুৰূপ হল- হীৰা আৰু গ্ৰেফাইট।
4. কেটিনেচন কাক বোলে ? 1
Answer: কাৰ্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহত্ সংখ্য়ক অণু গঠন কৰিব পাৰে। কাৰ্বনৰ এই ধৰ্মকে কেটিনেচন বোলে।
5. কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে কিয় প্ৰৱাহিত নহয় ? 1
Answer: কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে প্ৰৱাহিত নহয় কাৰণ এই চৰিত্ৰবিলাক জীৱটোৰ ডি এন এত সঞ্চিত নহয় আৰু সেয়ে ই জননকোষৰ ডি এন এ লৈ প্ৰৱাহিত নহয়।
6. তৰাই তিৰবিৰাই কিয় ? 1
Answer: বায়ুমন্ডলীয় প্ৰতিসৰণৰ বাবে তৰাৰ পৰা অহা পোহৰৰ ৰশ্মিৰ দিশ অবিৰতভাৱে পৰিৱৰ্তন হৈ থাকে। সেয়ে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আৰু তৰাটো তিৰবিৰাই থাকে।
7. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্ত ুলন কৰা। 1+1=2
(i) হাইড্ৰ'জেন ছালফাইড বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উত্পন্ন কৰে
Answer: 2H2S(g) + 3O2(g)→
2H2O(l) + 2SO2(g)
(ii) পটেছিয়াম ধাতুৱে পানীৰ সৈতে বিক্ৰিয়া কৰি পটেছিয়াম হাইড্ৰ'ক্সাইড আৰু হাইড্ৰ'জেন গেছ উত্পন্ন কৰে।
Answer: 2K(s) + 2H2O(l)
→ 2KOH(aq) + H2(g)
8. তোমাৰ হাতত Aআৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A ৰ pH মান 6 আৰু B ৰ pH ৰ মান 8 । কোনটো দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি ? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰকীয় ? 1+1=2
Answer: A দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি । A দ্ৰৱ আম্লিক, B ক্ষাৰকীয় ।
9. পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা । এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে ? 1+1=2
Answer: পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম হ'ল- হৰিত্কণা। হৰিত্কণাত থকা পত্ৰহৰিত্ বিলাকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য় প্ৰস্ত ুত কৰা প্ৰক্ৰিয়াত উদ্ভিদক সহায় কৰে।
10. পেশীকোষে কেনেদৰে তাৰ আকৃতি পৰিৱৰ্তন কৰে ? 2
Answer: পেশীকোষবোৰত কিছুমান বিশেষ ধৰণৰ প্ৰ'টিন থাকে। যেতিয়া এইবোৰৰ মাজেৰে বৈদ্য়ুতিক প্ৰেৰণা প্ৰৱাহিত হয় তেতিয়া এই প্ৰ'টিনবিলাকে নিজৰ আকৃতি আৰু সজ্জা সলনি কৰিব পাৰে। যাৰ ফলত পেশীকোষবোৰৰ আকৃতি পৰিৱৰ্তন হয়।
নাইবা
আমাৰ শৰীৰত আয়ডিনৰ গুৰুত্ব কি ? 2
Answer: আমাৰ শৰীৰত থাইৰয়ড গ্ৰন্থিৰদ্ৱাৰা থাইৰক্সিন হৰম'নৰ নিঃসৰণৰ বাবে আয়ডিনৰ প্ৰয়োজন। থাইৰক্সিন হৰম'নে আমাৰ দেহত কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। তাৰোপৰি শৰীৰত আয়ডিনৰ অভাৱ হলে গৰলৰোগ হব পাৰে।
11. ৰেণুৰ দ্ৱাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভদায়ক হব পাৰে ? ` 2
Answer: ৰেণুৰ দ্ৱাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে লাভদায়ক হব পাৰে কাৰণঃ
(১) ৰেণুবিলাক যথেষ্ট ডাঠ আৱৰণৰ দ্ৱাৰা আবৃত হৈ থাকে, সেয়ে ইহঁতে প্ৰতিকূল পৰিবেশতো বহুত দিনলৈ সজীৱ হৈ থাকিব পাৰে।
(2) ৰেণুৰদ্ৱাৰা অতি কম সময়তে অসংখ্য় উদ্ভিদ সৃষ্টি হ'ব পাৰে।
নাইবা
স্পাইৰ'গাইৰাই কেনেকৈ বংশবিস্তাৰ কৰে ? 2
Answer: স্পাইৰ'গাইৰাই বিভংগন প্ৰক্ৰিয়াৰদ্ৱাৰা বংশবিস্তাৰ কৰে। পূৰ্ণাঙ্গ হোৱাৰ পিছত স্পাইৰগাইৰাৰ দেহটো কিছুমান সৰু সৰু খন্ডত বিভক্ত হয় আৰু এই সৰু সৰু খন্ডিত টুকুৰাবোৰৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়।
12. উত্তল লেন্ছ এখনৰ দুগুন ফ'কাছ দূৰত্বত এটা লক্ষ্য়বস্ত ু ৰাখি ইয়াৰ ৰেখাচিত্ৰ অংকন কৰা। 2
নাইবা
লেন্ছৰ ক্ষমতাৰ সংজ্ঞা দিয়া। ইয়াৰ এছ আই একক কি ? 1+1=2
Answer: লেন্ছ এখনৰ পোহৰ ৰশ্মিক অভিসাৰী বা অপসাৰী কৰিব পৰা সামৰ্থ্য়কে লেন্ছখনৰ ক্ষমতা বোলে। ইয়াৰ এছ আই একক হল ডায়'প্টাৰ।
13. এটা বৈদ্য়ুতিক বাল্বৰ তাঁৰডালে 5 মিনিট সময়ত 0.6 A প্ৰবাহ লয়। বৰ্তনীটোত চালিত হোৱা বৈদ্য়ুতিক আধানৰ পৰিমাণ উলিওৱা। 2
Answer: দিয়া আছে, বৈদ্য়ুতিক প্ৰৱাহ (I)= 0.6 A
সময় (t)= 5 মিনিট= 5x60 ছেকেন্ড = 300 ছেকেন্ড
আমি জানো যে, Q=IT
= 0.6x300 কুলম্ব
= 180 কুলম্ব
নাইবা
পৰিবাহী এডালৰ ভিতৰত বৈদ্য়ুতিক আধান কেনেকৈ প্ৰবাহিত হয়। ব্য়াখ্য়া কৰা । 2
Answer: যেতিয়া এডাল পৰিবাহীৰ দুয়োমূৰে বিভৱভেদ প্ৰয়োগ কৰা হয় তেতিয়া পৰিবাহীডালৰ মাজেৰে বৈদ্য়ুতিক আধান প্ৰবাহিত হয় । বিভৱভেদে পৰিবাহীৰ মাজত থকা মুক্ত ইলেকট্ৰনবোৰক পৰিবাহীৰ মাজেৰে এটা নিৰ্দিষ্ট দিশত চলাচল কৰিবলৈ বাধ্য় কৰে ।
14. পেলনীয়া আবৰ্জনাৰ সমস্য়া হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্ৰহন কৰিবা । 2
Answer: পেলনীয়া আবৰ্জনাৰ সমস্য়া হ্ৰাস কৰিবলৈ তলত দিয়া পদক্ষেপ গ্ৰহন কৰিব পাৰি ঃ
১) জীৱ নিম্নিকৰণ পেলনীয়া আবৰ্জনাৰ পৰা পচন সাৰ তৈয়াৰ কৰিব পাৰি ।
২) জীৱ ্নিম্নিকৰণ আবৰ্জনাবোৰৰ ব্য়ৱহাৰ হ্ৰাসকৰণৰ দ্বাৰা ইয়াৰ পৰিমান কমাব পাৰি।
৩) প্লাষ্টিক, কাগজ কাঁচ আৰু ধাতবীয় পেলনীয়া বস্ত ুবোৰৰ পুণঃচক্ৰিয়কৰণ কৰি ইয়াৰ পৰা ব্য়ৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্ত ুত কৰি ল'ব পাৰি।
৪) কিছুমান পেলনীয়া বস্ত ু যেনে জাম, জেলি, আচাৰ আদি অনা বটলবিলাক ৰান্ধনিঘৰত বিভিন্ন বস্ত ু ৰাখিবলৈ পুণঃব্য়ৱহাৰ কৰিব পাৰি।
15. আমি সৃষ্টি কৰা জীৱ নিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা দুটা সমস্য়াৰ উল্লেখ কৰা। 2
Answer: আমি সৃষ্টি কৰা জীৱ নিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা দুটা সমস্য়া হ'ল-
১) মাটি, পানী আৰু বায়ু প্ৰদূষণ
২) পৰিস্থিতি তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাব।
৩) জৈৱিক বিবৰ্ধন আদি ।
16. বৈদ্য়ুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি ? 2
Answer: বৈদ্য়ুতিক মটৰত ফলা আঙুঠিটোৱে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে । ই কুন্ডলীটোৰ বাহু দুটাৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে যাৰ ফলত বাহু দুটাত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখি হয় আৰু কুন্ডলীটো একেটা দিশত ঘূৰি থাকে।
17. এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা । বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এছিড যোগ কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা । 1+1+1=3
(i) দ্ৰৱটোৰ ৰঙটো কি ?
Answer: দ্ৰৱটোৰ ৰংটো নীলা- সেউজীয়া
(ii) কপাৰ অক্সাইডত কি ঘটিছে ?
Answer: কপাৰ অক্সাইড দ্ৰৱটোত দ্ৰৱীভূত হ'ব।
(iii) ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্ত ুলিত ৰাসায়নিক সমীকৰণটো লিখা ।
Answer: CuO + 2HCl→ CuCl2
+ H2O
নাইবা
ব্ৰাইন কাক বোলে ? এই ব্ৰাইনৰ মাজেৰে বিদ্য়ুত প্ৰবাহিত কৰিলে কি পদাৰ্থ উত্পন্ন হয় ? ওপৰৰ বিক্ৰিয়াটোৰ বাবে সন্ত ুলিত ৰাসায়নিক সমীকৰণটো লিখা। 1+1+1=3
Answer: ছ'ডিয়াম ক্ল'ৰাইডৰ জলীয় দ্ৰৱক ব্ৰাইন বোলে। ব্ৰাইনৰ মাজেৰে বিদ্য়ুত প্ৰবাহিত কৰিলে ই বিয়োজিত হৈ ছ'ডিয়াম হাইড্ৰ'ক্সাইড উত্পন্ন কৰে । বিক্ৰিয়াটোৰ বাবে সন্ত ুলিত ৰাসায়নিক সমীকৰণটো হল
2NaCl(aq) + 2H2O(l) → 2NaOH(aq) + Cl2(g)
+ H2(g)
18. (a) এটা পদাৰ্থ X ৰ দ্ৰৱক বগা ৰং সানিবলৈ ব্য়ৱহাৰ কৰা হয় । 1+1=2
(i) পদাৰ্থ X ৰ নাম আৰু সংকেত লিখা।
(ii) পানীৰ সৈতে (i) ত উল্লিখিত পদাৰ্থ X এ কৰা বিক্ৰিয়াটো লিখা।
Answer: (i) পদাৰ্থ X ৰ নাম কেলছিয়াম অক্সাইড আৰু সংকেত CaO
(ii) পানীৰ সৈতে (i) ত উল্লিখিত পদাৰ্থ X এ কৰা বিক্ৰিয়াটো হ'ল
CaO(s) + H2O(l) → Ca(OH)2(aq)
(b) তলৰ বিক্ৰিয়াটোত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ চিনাক্ত কৰা ।
CuO(s) + H2(g)→ Cu(s)+ H2O(l) 1
Answer: CuO--- বিজাৰিত হৈছে
H2----- জাৰিত হৈছে
নাইবা
(a) এটা উজ্জ্বল মূগা ৰঙৰ মৌল X ক বায়ুত গৰম কৰাত ক'লা হৈ পৰিল। মৌল X আৰু উত্পন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।
(b) লোৰ বস্ত ুত ৰঙৰ প্ৰলেপ দিও কিয় ? 1+1+1=3
Answer: (a) মৌল X ৰ নাম কপাৰ (Cu) আৰু উত্পন্ন হোৱা যৌগটোৰ নাম কপাৰ অক্সাইড ( CuO)
(b) ক্ষয়ীভবন ৰোধ কৰিবলৈ লোৰ বস্ত ুত ৰঙৰ প্ৰলেপ দিও।
19. আধূনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা । আধূনিক পৰ্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আঁসোৱাহসমূহ কিদৰে দূৰ কৰিছিল ? 1+2=3
Answer: আধূনিক পৰ্যাবৃত্ত সূত্ৰটো হ'ল-----"মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমানৱিক সংখ্য়াৰ পৰ্যায়ক্ৰমে সলনি হয় ।"
আধূনিক পৰ্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আঁসোৱাহসমূহ তলত দিয়া ধৰণে দূৰ কৰিছিল--
(১) মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাই হাইড্ৰজেনক সঠিক স্থান দিব পৰা নাছিল। কিন্ত ু আধূনিক পৰ্যাবৃত্ত তালিকাই এই আসোঁৱাহ দূৰ কৰি হাইড্ৰজেনক এক নিৰ্দিষ্ট স্থান দিছিল।
(২) মৌলবোৰৰ সমস্থানিক সমূহ মেন্ডেলিভৰ শ্ৰেণীবিভাজনৰ পিছত আবিষ্কাৰ হৈছিল আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা প্ৰতি প্ৰত্য়াহ্বানৰ সৃষ্টি কৰিছিল । কিন্ত ু আধূনিক পৰ্যাবৃত্ত তালিকাই এই সমস্য়া দূৰ কৰি সমস্থানিক সমূহক একেটা স্থান দিছিল ।
(৩) আধূনিক পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ স্থান নিৰ্ণয়ৰ ভিত্তি হল পাৰমানৱিক সংখ্য়া। সেয়ে মৌলবোৰৰ স্থান নিৰূপণৰ সমস্য়াটো সমাধান হৈছিল।
নাইবা
নিউলেন্ডছৰ অষ্টক সূত্ৰটো কি ? নিউলেন্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ? 1+2=3
Answer: নিউলেন্ডছৰ অষ্টক সূত্ৰটো হল-- মৌলবোৰক সিহঁতৰ পাৰমানবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁতে প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটোৰ লগত একে হয়।
নিউলেন্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ হল---
(১) অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে প্ৰযোজ্য় হৈছিল।
(২) নিউলেন্ডছে প্ৰকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভবিষ্য়তেও আৰু অধিক মৌল আবিস্কাৰ নহ'ব বুলিয়েই ধৰি লৈছিল।
(৩) নিউলেন্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তৰ্ভুক্ত কৰিছিল।
20. পৰাগযোজন কি ? পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পাৰ্থক্য় আছেনে ? স্ব-পৰাগযোগ ইতৰ-পৰাগযোগৰ পৰা কেনেদৰে বিসদৃশ ? 1+1+1= 3
Answer: সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগ ৰেণু গৈ গৰ্ভমুন্ডত পৰা পৰিঘটনাক পৰাগযোগ বোলে ।
পৰাগযোজন আৰু নিষেচনৰ মাজত পাৰ্থক্য় আছে।পৰাগযোজন এটা বাহ্য়িক প্ৰক্ৰিয়া, নিষেচন এটা আভ্য়ন্তৰিণ প্ৰক্ৰিয়া । পৰাগযোগৰ ফলত পৰাগনলীৰ সৃষ্টি হয়, নিষেচনৰ ফলত যোজন কোষৰ সৃষ্টি হয়।
স্ব-পৰাগযোগত পৰাগৰেণু বিলাক একেপাহ ফুলৰে পুংকেশৰৰ পৰা স্ত্ৰীকেশৰৰ গৰ্ভমুন্ডলৈ স্থানান্তৰিত হয়, আনহাতে ইতৰ পৰাগযোগত এপাহ ফুলৰ পৰাগৰেণু আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুন্ডলৈ স্থানান্তৰিত হয়।
নাইবা
ঋতুচক্ৰ কেনেদৰে সংঘটিত হয় ? 3
Answer: : ছোৱালীৰ দেহত ডিম্বাশয়ে প্ৰতিমাহে এটাকৈ ডিম্ব নিৰ্গত কৰে।প্ৰতিমাহে জৰায়ুৱে এটা নিষেচিত ডিম্ব গ্ৰহন কৰিবলৈ নিজকে প্ৰস্ত ুত কৰে আৰু জৰায়ুৰ অন্তঃআৱৰণীখন ডাঠ হৈ পৰে। যদি ডিম্বাশয়ে নিৰ্গত কৰা ডিম্বটো নিষেচিত নহয় তেনেহলে জৰায়ুৰ ডাঠ অন্তঃআৱৰণীখন ভাঙি যায় আৰু অনিষিক্ত ডিম্ব আৰু শ্লেশ্মাৰ সৈতে যোনিপথেদি ওলাই আহে। এই প্ৰক্ৰিয়া প্ৰতিমাহে চক্ৰাকাৰে চলি থাকে। এই প্ৰক্ৰিয়াত স্ত্ৰী হৰমন বিলাকেও গুৰুত্বপূৰ্ণ ভূমিকা লয়।
21. নতুন এটা প্ৰজাতিৰ উত্পত্তিৰ কাৰণে কি কি উপাদানে অৰিহনা যোগায় ব্য়াখ্য়া কৰা । 1+2 = 3
Answer: নতুন এটা প্ৰজাতিৰ উত্পত্তিৰ কাৰণে তলত দিয়া উপাদান সমূহে অৰিহনা যোগায়---
(১) বৈসাদৃশ্য়তাঃ কোনো এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্য়তাই জীৱ এটাক জীয়াই থকাৰ সুযোগ সুবিধা প্ৰদান কৰে আৰু এটা নতুন প্ৰজাতিৰ উত্পত্তিৰ কাৰণে সহায় কৰে।
(২) জীনিয় পথচ্য়ুতঃ জীনিয় সজ্জাৰ পৰিৱৰ্তনে নতুন প্ৰজাতিৰ উত্পত্তিৰ কাৰণে অৰিহনা যোগায় ।
(৩) ভৌগোলিক পৃথকীকৰণঃ প্ৰজাতিকৰণ তেতিয়াহে হ'ব যেতিয়া বৈসাদৃশ্য়তাৰ লগতে ভৌগোলিকভাবে পৃথকীকৃত হ'ব।
নাইবা
ভৌগলিকভাৱে হোৱা পৃথকীকৰণ বুলিলে কি বুজা ? স্ব-পৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰণ হ'ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ? 1+2=3
Answer: যেতিয়া একে প্ৰজাতিৰ এটা আবাদী বিভিন্ন ভৌগোলিক প্ৰতিবন্ধক যেনে পাহাৰ,নদী আদিৰ বাবে এক দীৰ্ঘ সময়ৰ বাবে পৃথক হৈ থাকিব লগা হয় তাকে ভৌগোলিক পৃথকীকৰণ বোলে।
স্ব-পৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰণ হ'ব নোৱাৰে কাৰণ স্ব-পৰাগযোগ ঘটা উদ্ভিদে পৰাগযোগ আৰু নিষেচনৰ বাবে অন্য় উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে । যিহেতু স্ব-পৰাগযোগ একেজোপা গছতে সংঘতিত হয় গতিকে ভৌগোলিক পৃথকীকৰণ এনেকুৱা উদ্ভিদৰ ক্ষেত্ৰত প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰণ হ'ব নোৱাৰে।
22. মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা। চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ ব্য়ক্ত কৰা । 1+2=3
Answer: মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ হল--- প্ৰমস্তিষ্ক, মধ্য় মস্তিষ্ক আৰু পশ্চাত্ মস্তিষ্ক
চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ হল-----
(১) বিভিন্ন ঐচ্ছিক ক্ৰিয়া কলাপ সমূহ।
(২) শৰীৰৰ ভংগিমা আৰু সমতা ৰক্ষা কৰা ।
নাইবা
অক্সিন কি ? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে ? 1+2=3
Answer: অক্সিন এবিধ উদ্ভিদ হৰম'ন যি কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে।
যেতিয়া উদ্ভিদ জোপালৈ মাত্ৰ এটা ফালৰ পৰাহে পোহৰ উপলব্ধ হয় তেতিয়া অক্সিনৰ পোহৰ নপৰা কান্ডৰ অংশলৈ ব্য়াপন ঘটে। পোহৰ নপৰা কান্ডৰ অংশত অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়। ইয়াৰ ফলতেই উদ্ভিদৰ কান্ড পোহৰৰ ফালে গতি কৰে।
23. বগা পোহৰৰ বিচ্ছুৰণ মানে কি বুজা ? প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্ৰ অংকন কৰা । 1+2=3
Answer: বগা পোহৰ সাতটা ৰঙৰ সমষ্টি। বগা পোহৰত যদিও ইয়াৰ উপাংশ সমূহ পৃথকভাবে নেদেখি তথাপি এটা ৰং আনটোতকৈ স্বতন্ত্ৰ হৈ থাকে। বগা পোহৰৰ এই উপাংশসমূহৰ পৃথকীকৰণকে বিচ্ছুৰণ বোলে।
প্ৰিজমৰ দ্বাৰা বগা পোহৰৰ বিচ্ছুৰণৰ ৰশ্মিচিত্ৰ
নাইবা
প্ৰেছবায়'পিয়া কি ? নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্ৰ অংকন কৰা । 1+2=3
Answer: বয়সৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কমি আহে । সৰহ সংখ্য়ক মানুহৰ বাবে নিকট বিন্দুটো ক্ৰমান্বয়ে দূৰলৈ আঁতৰি যায়। তেওঁলোকে সংশোধনীমূলক চচ্মা নহলে নিকটৱৰ্তী বস্ত ুবোৰ স্পষ্টকৈ আৰু অনায়াসে দেখা নাপায়। ইয়াকে প্ৰেছবায়'পিয়া বোলে।
নিকট দৃষ্টিগ্ৰস্ততাৰ সংশোধনৰ ৰশ্মিচিত্ৰ
24. ৰোধকৰ এছ আই একক লিখা । এটা বৈদ্য়ুতিক মটৰে 220 V উত্সৰ পৰা 5 A প্ৰবাহ লয় । মটৰটোৰ ক্ষমতা আৰু 2 ঘন্টাত ই ব্য়য় কৰা শক্তি উলিওৱা । 1+2= 3
Answer: ৰোধকৰ এছ আই একক ওম মিটাৰ (Ωm) ।
দিয়া আছে,
I=5A
V= 220V
আমি জানো যে, P=VI
= 220x5 J/s
= 1100 watt
মটৰটোৱে ব্য়য় কৰা শক্তি, E=Pt
= 1100x7200 J [ 2 =7200 s]
= 7.9x106 J
নাইবা
এটা বৈদ্য়ুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপন কৰে ? 8 ওম ৰোধৰ এটা বৈদ্য়ুতিক চুলাই 2 ঘন্টা চলোতে মেইনৰ পৰা 15 A প্ৰবাহ লয় । চুলাটোত তাপ উত্পন্ন হোৱা হাৰ উলিওৱা ।
Answer: এটা বৈদ্য়ুতিক প্ৰবাহে যোগান ধৰা শক্তিৰ হাৰ বৈদ্য়ুতিক ক্ষমতাই নিৰূপন কৰে।
দিয়া আছে,
R= 8 Ω
I= 15 A
t= 2 ঘন্টা= 7200 s
H=I2Rt
ð
H/t= I2R
= 152 x 8
= 1800
এতেকে, তাপ উত্পন্ন হোৱা হাৰ= 1800J/s= 1800 W
25. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্য়ুতিক জেনেৰেটৰৰ মূল নীতিৰ ব্য়াখ্য়া কৰা । 3
Answer: মূলনীতিঃ বৈদ্য়ুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে। বৈদ্য়ুতিক জেনেৰেটত চৌম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বৈদ্য়ুতিক শক্তি উত্পাদন কৰা হয়। ই বিদ্য়ুত চুম্বকীয় আবেশৰ নীতিৰ ভিত্তিত কাম কৰে।
গঠন আৰু কাৰ্যপ্ৰণালীঃ বৈদ্য়ুতিক জেনেৰেটৰৰ মূল অংশ হল এটা ঘূৰ্ণায়মান আয়তাকাৰ কুন্ডলী ABCD যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত ৰখা হয়। এই কুন্ডলীৰ দুয়োটা মূৰ দুটা R1 আৰু R2 আঙঠি দুটাৰ লগত সংযোগ কৰা হয়। দুডাল স্থিতিশীল পৰিবাহী ব্ৰাচ B1 আৰু B2ক যথাক্ৰমে R1আৰু R2ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয়। R1 আৰু R2 আঙঠি দুটা ভিতৰেৰে অক্ষদন্ডৰ লগত সংলগ্ন কৰা থাকে।
অক্ষদন্ডদাল যেতিয়া ঘড়ীৰ কাটাৰ দিশত ঘূৰোৱা হয়, তেতিয়া ফ্লেমিঙৰ সোঁহতীয়া নিয়ম অনুসৰি আবিষ্ট প্ৰবাহ ABCD ৰ দিশত চালিত হ'ব। আধাপাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাব। ফলত বাহু দুটাত আবিষ্ট প্ৰবাহৰ দিশ সলনি হৈ DCBA ৰ দিশত চালিত হ'ব । এনেকুৱাকৈ এক নিৰ্দিষ্ট সময়ৰ ব্য়ৱধানত প্ৰবাহৰ দিশ সলনি হ'ব আৰু আমি পৰিবৰ্তী প্ৰবাহ পাম। প্ৰত্য়ক্ষ প্ৰবাহ পাবলৈ হ'লে এটা ফলা আঙঠিৰ দৰে দিক পৰিবৰ্তক ব্য়ৱহাৰ কৰিব লাগিব।
26. শক্তিৰ উত্স এটা প্ৰদূষণ মুক্ত হ'ব পাৰেনে ? কিয় পাৰে বা কিয় নোৱাৰে ? মহাসমূদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা লিখা । 1+2 =3
Answer: শক্তিৰ উত্স এটা কেতিয়াও সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত হ'ব নোৱাৰে। কাৰণ উত্সটো প্ৰস্ত ুত বা ব্য়ৱহাৰ কৰিলে কিবা নহয় কিবা প্ৰকাৰে পৰিবেশৰ ওপৰত প্ৰভাব পৰে।
মহাসমূদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা হ'ল
(১)সামুদ্ৰিক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰযোজ্য। ঢৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে।
(২) উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ।
27. (a) পানীত দ্ৰৱীভূত হোৱা দুটা ধাতৱ অক্সাইডৰ নাম লিখা । 1
Answer: পানীত দ্ৰৱীভূত হোৱা ধাতৱ অক্সাইড হ'ল- ছডিয়াম অক্সাইড (Na2O), পটাছিয়াম অক্সাইড (K2O), কেলছিয়াম অক্সাইড (CaO) ।
(b) অক্সাইডৰ পৰা ধাতু উত্পন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি ব্য়ৱহাৰ কৰা হয় ? উদাহৰণেৰে সৈতে ব্য়াখ্য়া কৰা 2
Answer: অক্সাইডৰ পৰা ধাতু উত্পন্ন কৰিবলৈ বিজাৰণ পদ্ধতি ব্য়ৱহাৰ কৰা হয়। উদাহৰণ হিচাপে যিংক অক্সাইড কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতৱ যিংকলৈ বিজাৰিত হয়। এই পদ্ধতিক কাৰ্বন বিজাৰণ পদ্ধতি বোলা হয়।
ZnO (s) + C(s) ー> Zn(s) +CO(g)
(c) চেকা লগা কপাৰৰ পাত্ৰ নেমু বা তেঁতেলী ৰসেৰে পৰিষ্কাৰ কৰা তোমালোকে নিশ্চয় দেখিছা । পাত্ৰবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্ত ু কিয় ব্য়ৱহাৰ কৰা হয় বুজাই লিখা। 2
Answer: কপাৰৰ পাত্ৰ বহুদিন বতাহৰ সংস্পৰ্শত থাকিলে ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ কপাৰ কাৰ্বনেটৰ চামনি পৰে। নেমু ৰসত চাইট্ৰিক এছিড আৰু তেতেলী ৰসত টাৰটাৰিক এছিড থাকে। এই এছিড সমূহে কপাৰৰ পাত্ৰত লগা সেউজীয়া ৰঙৰ চেকা অৰ্থাত্ কপাৰ কাৰ্বনেটক দ্ৰৱীভূত কৰি পাত্ৰটো পৰিষ্কাৰ কৰিব পাৰে।
নাইবা
(a) তলত দিয়াবোৰৰ মাজৰ পৰা আটাইতকৈ বেছি সক্ৰিয় আৰু আটাইতকৈ কম সক্ৰিয় ধাতুবোৰ চিনাক্ত কৰা ।
Al, K, Cu, Au. 1
Answer: আটাইতকৈ বেছি সক্ৰিয় ধাতু হ'ল- K, আটাইতকৈ কম সক্ৰিয় ধাতু হ'ল-Au
(b) উদাহৰণেৰে সৈতে তলত দিয়াবোৰৰ সংজ্ঞা লিখা 2
(i) মণিক
(ii) আকৰ
Answer: (i) মনিক- পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদাৰ্থবোৰক খনিজ পদাৰ্থ বা মণিক বুলি কোৱা হয় । যেনে কেলছিয়াম কাৰ্ব'নেট।
(ii) আকৰ- কিছুমান পদাৰ্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰপৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি । এই ধৰণৰ খনিজ পদাৰ্থবিধক ধাতুটোৰ আকৰিক বা আকৰ বোলে। যেনে- চিনাবাৰ (HgS) মাৰ্কাৰিৰ এবিধ আকৰ ।
(c) ধাতুৰ শোধনৰ বাবে ব্য়ৱহৃত বিদ্য়ুত পৰিশোধনৰ পদ্ধতিটো ব্য়াখ্য়া কৰা। 2
Answer: বিভিন্ন পদ্ধতিৰে আকৰৰ পৰা পোৱা ধাতুবোৰ বিশুদ্ধ নহয়। ইহঁতৰ লগত কিছুমান অশুদ্ধি থাকে। এই অশুদ্ধিবোৰ আঁতৰ কৰিহে বিশুদ্ধ ধাতু পাব পাৰি। ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্য়ৱহাৰ কৰা পদ্ধতিটো হ'ল বিদ্য়ুত পৰিশোধন পদ্ধতি ।
কপাৰ, যিংক, টিন, নিকেল আদি ধাতু এই পদ্ধতিৰে শোধন কৰা হয়। এই পদ্ধতিত অশুদ্ধ ধাতুৰ এন'ড আৰু বিশুদ্ধ ধাতুৰ পাত এচলা কেথ'ড হিচাপে ব্য়ৱহাৰ কৰা হয়। ধাতুটোৰ লৱণৰ দ্ৰৱ এটা বিদ্য়ুত বিশ্লেষ্য় হিচাপে লোৱা হয়। বিদ্য়ুত বিশ্লেষ্য়ৰ মাজেৰে বিদ্য়ুত প্ৰবাহ চালিত কৰিলে এন'ড হিচাপে ব্য়ৱহাৰ কৰা অশুদ্ধ ধাতুৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱীভূত হয়। একে পৰিমানৰ বিশুদ্ধ ধাতু বিদ্য়ুত বিশ্লেষ্য়ৰ পৰা গৈ কেথ'ডত জমা হয়। এনেদৰে আমি কেথ'ডত বিশুদ্ধ ধাতু পাওঁ।
28. (a) (C4H10) বিউটেনৰ সমযোগীবোৰৰ গঠন সংকেত আঁকা । 1
Answer: বিউটেনৰ সমযোগীবোৰৰ গঠনসংকেত হ'ল
(b) প্ৰতিস্থাপন বিক্ৰিয়া কাক বোলে ? উদাহৰণেৰে সৈতে ব্য়াখ্য়া কৰা। 2
Answer: ক্ল'ৰিন, ব্ৰ'মিন, হাইড্ৰ'ক্সাইড (OH) আয়ন আদিয়ে সংপৃক্ত হাইড্ৰকাৰ্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্ৰ'জেন পৰমাণু প্ৰতিস্থাপন কৰে। এই বিক্ৰিয়াকে প্ৰতিস্থাপন বিক্ৰিয়া বোলে। যেনে-
CH4 + Cl2—―——→ CH3Cl + HCl (সূৰ্যৰ পোহৰত)
(c) পৰীক্ষাৰ সহায়ত এলক'হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি ? 2
Answer: এলক'হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ তলত দিয়া ধৰণে দেখুৱাব পাৰি
(১) নীলা লিটমাছ কাগজৰ সহায়তঃ কাৰ্বক্সিলিক এছিডে নীলা লিটমাছ কাগজৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব পাৰে কিন্ত ু এলক'হলে নোৱাৰে।
(২) ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ (NaHCO3) সহায়তঃ ছডিয়াম হাইড্ৰজেন কাৰ্বনেট যোগ কৰিলে কাৰ্বক্সিলিক এছিডৰ লগত বিক্ৰিয়া কৰিব আৰু এটা গেছ নিৰ্গত কৰিব, কিন্ত ু এলক'হলে কোনো ধৰণৰ বিক্ৰিয়া নকৰে।
নাইবা
(a) ব্ৰ'ম'বিউটেনৰ সমযোগীবোৰৰ গঠন সংকেত আঁঁকা । 1
Answer:
(b) ইথানয়িক এছিডে কাৰ্বনেট আৰু হাইড্ৰজেন কাৰ্বনেটৰ লগত কিদৰে বিক্ৰিয়া কৰে ? ৰাসায়নিক বিক্ৰিয়াবোৰ লিখা। 2
Answer: 2CH3COOH + Na2CO3
→ 2CH3COONa + H2O +CO2
CH3COOH + NaHCO3→
CH3COONa + H2O +CO2
(c) চাবোনৰ মলি আঁতৰোৱাৰ প্ৰক্ৰিয়া ব্য়াখ্য়া কৰা। 2
Answer: বেছিভাগ মলি তেলীয়া গুণযুক্ত আনহাতে আমি জানো যে তেল পানীত অদ্ৰৱণীয়। চাবোনৰ অণুবোৰ হৈছে দীৰ্ঘ শৃখলযুক্ত কাৰ্বক্সিলিক এছিডৰ ছডিয়াম বা পটাছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়, আনহাতে কাৰ্বন শৃংখল তেলত দ্ৰৱণীয়। এনেদৰে চাবোনৰ অণুবোৰে পানীত যি সমুচ্ছায় সৃষ্টি কৰে তাক মাইছেল বা কৰ্ণাপুঞ্জ বোলে।
মাইছেলৰ উত্পত্তি
ইয়াত অণুবোৰৰ অনাধ্ৰ ুবীয় মেৰুটো তেলৰ টোপালৰ ফালে থাকে আৰু ধ্ৰ ুবীয় মেৰুটো বাহিৰৰ ফালে থাকে।ইয়ে পানীত অবদ্ৰৱ বা ইমালচন সৃষ্টি কৰে। চাবোনৰ ফেনে এইদৰে কাপোৰৰ মলি পানীত দ্ৰৱীভূত হোৱাত সহায় কৰে।
29. জৈৱ অনুঘটকবোৰ কি ? এনে দুটা অনুঘটকৰ নাম লিখা। আমাৰ শৰীৰত এইবোৰে গ্ৰহন কৰা ভূমিকাৰ আলোচনা কৰা। পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰ'ক্লৰিক এছিডৰ কাৰ্য কি ? 1+1/2+1/2+2+1 =5
Answer: যিবিলাক পদাৰ্থই খাদ্য়ৰ জটিল অণুবোৰক ভাঙি সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰে সেইবিলাককে জৈৱ অনুঘটক বোলে। জৈৱ অনুঘটকৰ উদাহৰণ হ'ল- পেপছিন, ট্ৰিপছিন, এমাইলেজ আদি।
আমি খাদ্য় গ্ৰহণ কৰাৰ পিছত খাদ্য়ভাগ সুক্ষ্মতম কণালৈ পৰিবৰ্তিত হোৱাটো নিতান্তই প্ৰয়োজন। আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ। এই জটিল প্ৰকৃতিৰ আহাৰ পাচন নলীত পাচন হ'বলৈ হ'লে জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাটো প্ৰয়োজন। আমাৰ শৰীৰত এই কাৰ্য জৈৱ অণুঘটক বিলাকে সমাধা কৰে। এই জৈৱ অণুঘটক বিলাকে কাৰ্ব'হাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ আদিৰ জটিল অণুবোৰক ভাঙি সৰলতম অণুলৈ ৰূপান্তৰ কৰে যাতে ইহঁতক তেজে সহজতে শোষণ কৰি ল'ব পাৰে।
পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰ'ক্লৰিক এছিডৰ মুখ্য় কাম হ'ল- হাইড্ৰ'ক্লৰিক এছিডে পাকস্থলীৰ খাদ্য়ক আম্লিক কৰি তোলে যাতে পেপছিনৰ কাৰ্য তীব্ৰতৰ হৈ উঠে। তাৰোপৰি ই খাদ্য়ত থকা বিজাণু ধ্বংশ কৰে।
নাইবা
উদ্ভিদৰ দেহত খাদ্য়ৰ কেনেদৰে সংবহন ঘটে ? জাইলেম আৰু ফ্লৱেমৰ দ্ৰৱ্য়ৰ পৰিবহনৰ পাৰ্থক্য়বোৰ কি কি ? 2+3=5
Answer: আমি সকলোৱে জানো যে, উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য় প্ৰস্ত ুত কৰে। সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে পাতত প্ৰস্ত ুত হোৱা খাদ্য় সেই ঠাইৰ পৰা উদ্ভিদৰ দেহৰ অন্য় ঠাইলৈ প্ৰবাহিত হোৱাটো অতি প্ৰয়োজন । সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উত্পাদিত দ্ৰৱণীয় পদাৰ্থবিলাকৰ পৰিবহনক খাদ্য় সংবহন বা খাদ্য় স্থানান্তৰণ বোলে। উদ্ভিদৰ দেহত খাদ্য়ৰ সংবহন ফ্লৱেম নামৰ সংবহন কলাৰ যোগেদি সম্পন্ন হয়। তদুপৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াত উত্পাদিত দ্ৰব্য়ৰ উপৰিও এমিন এচিড আৰু আন কিছুমান পদাৰ্থও ফ্লৱেমে পৰিবহন কৰে। এইবিলাক পদাৰ্থ বিশেষকৈ শিপা, ফল, বীজ আৰু বিকশিত অংগলৈ চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগী কোষৰ সহায়ত উৰ্ধমুখী আৰু অধোমুখী দুয়ো দিশতে স্থানান্তৰণ ঘটে।
ফ্লৱেমৰ যোগেদি সংঘটিত খাদ্য় স্থানান্তৰণ প্ৰক্ৰিয়া শক্তি ব্য়ৱহাৰ কৰিহে সম্পন্ন হয়। চুক্ৰজৰ দৰে পদাৰ্থবিলাক ফ্লৱেম কলাৰ ভিতৰলৈ স্থানান্তৰণ হওঁতে ATP ৰ পৰা আহৰণ কৰা শক্তি ব্য়ৱহাৰ কৰে। ইয়াৰদ্বাৰা ফ্লৱেমৰ আসৃতি চাপৰ বৃদ্ধি ঘটে, ফলত পানী তাৰ ভিতৰলৈ গতি কৰে । এই চাপৰ সহায়তে পদাৰ্থবিলাক কম চাপযুক্ত ফ্লৱেম কলালৈ গতি কৰে। ইয়াৰ ফলতে উদ্ভিদ দেহৰ প্ৰয়োজনীয় অঞ্চললৈ ফ্লৱেম কলাই পদাৰ্থৰ বা খাদ্য়ৰ সংবহন ঘটায়।
জাইলেম আৰু ফ্লৱেমৰ দ্ৰৱ্য়ৰ পৰিবহনৰ পাৰ্থক্য়বোৰ হ'ল-
(১) জাইলেম কলাই উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহন কৰে, ফ্লৱেমে পাতত প্ৰস্ত ুত হোৱা খাদ্য় বিভিন্ন অংগলৈ পৰিবহন কৰে ।
(২) জাইলেমৰ পৰিবহন উৰ্ধমুখি, ফ্লৱেমৰ পৰিবহন উৰ্ধমুখি আৰু অধোমুখি দুয়োটা দিশতে হয় ।
(৩) জাইলেম কলাৰ যোগেদি হোৱা সংবহন সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয়। ফ্লৱেমৰ যোগেদি হোৱা সংবহন সঞ্চিত শক্তি ব্য়ৱহাৰ কৰিহে সম্পন্ন হয়।
30. 18 cm ফ'কাছ দৈৰ্ঘৰ অৱতল দাপোন এখনৰ সম্মুখত 27 cm দূৰত্বত 70 mm আকাৰৰ বস্ত ু এটা ৰখা হৈছে । দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা । 5
Answer: দিয়া আছে,
u= -27 cm
f= -18 cm
h= 70 mm=7 cm
v=?
h'= ?
আমি জানো যে,
1/v + 1/u = 1/f
1/v = 1/f-1/u
1/v = (1/-18) - (1/-27)
1/v = -3+2/54
v = -54
এতেকে, দাপোনখনৰ পৰা 54 cm দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ।
আকৌ, h'/h = -v/u
h'/7 = -(-54/-27)
h' = -14
এতেকে, প্ৰতিবিম্বৰ আকাৰ 14 cm আৰু ইয়াৰ প্ৰকৃতি সত্।
নাইবা
অৱতল লেনছ এখনৰ ফকাছ দৈৰ্ঘ্য় 15 cm । লেনছখনৰ পৰা কিমান দূৰত্বত লক্ষ্য়বস্ত ু এটা ৰাখিব লাগিব যাতে তাৰ পৰা 10 cm দূৰত্বত লেনছখনে প্ৰতিবিম্ব এটা গঠন কৰিব পাৰে । তদুপৰি লেন্ছত হোৱা বিবৰ্ধন নিৰ্ণয় কৰা । প্ৰতিবিম্বটোৰ প্ৰকৃতি কি ? 5
Answer: দিয়া আছে, f = -15 cm
v= -10 cm
u = ? /
m = ?
আমি জানো যে,
1/v-1/u= 1/f
1/u= 1/v-1/f
1/u= 1/-10 -1/-15
1/u= -1/30
u= -30
লেনছখনৰ পৰা 30 cm দূৰত্বত লক্ষ্য়বস্ত ু এটা ৰাখিব লাগিব
আকৌ,
বিবৰ্ধন, m=v/u= -10/-30= 1/3
এতেকে, প্ৰতিবিম্বটো অসত্ আৰু আকাৰত লক্ষ্য়বস্ত ুতকৈ সৰু।
31. জীৱাশ্ম ইন্ধনৰ দুটা উদাহৰণ দিয়া । এজন সাধাৰণ ব্য়ক্তি হিচাপে-
(a) বন আৰু বন্য়প্ৰাণী
(b) জলসম্পদ
সমূহৰ ওপৰত কেনে ধৰণৰ ব্য়ৱস্থাপনাৰ দায়িত্ব ল'বা ? 1+2+2=5
Answer: জীৱাশ্ম ইন্ধনৰ দুটা উদাহৰণ হল- কয়লা আৰু পেট্ৰলিয়াম।
(a) বন আৰু বন্য়প্ৰাণী সংৰক্ষণৰ বাবে তলত দিয়া ধৰণে ব্য়ৱস্থাপনা ল'ম-
(১) পৰিবেশ প্ৰদূষণে যাতে বন আৰু বন্য়প্ৰাণী সমূহৰ অনিষ্ট কৰিব নোৱাৰে তাৰ বাবে চেষ্টা কৰা।
(২) বন আৰু বন্য়প্ৰাণী সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা
(b) জলসম্পদ সংৰক্ষণৰ বাবে তলত দিয়া ধৰণে ব্য়ৱস্থাপনা লম-
(১) জলসম্পদৰ সীমিত ব্য়ৱহাৰৰ দ্বাৰা ইয়াক সংৰক্ষণৰ ব্য়ৱস্থা কৰা
(২) জলসম্পদক প্ৰদূষণৰ পৰা ৰক্ষা কৰা ।
নাইবা
পানী সঞ্চয়ন মানে কি বুজা ? পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিৰ মাজত তুলনা কৰা। 2+3=5
Answer: জলবিভাজিকা ব্য়ৱস্থাপনাৰ দ্বাৰা মাটি আৰু পানী সংৰক্ষণ কৰি জৈৱভৰ উত্পাদন বৃদ্ধি কৰা হয়। ইয়াৰ লক্ষ্য় হ'ল প্ৰাথমিক সম্পদ যেনে মাটি আৰু পানীৰ বিকাশ ঘটোৱা । এই মাটি আৰু পানীৰ বিকাশ ঘটিলে দ্বিতীয় স্তৰৰ সম্পদ যেনে উদ্ভিদ আৰু প্ৰাণীৰ উত্পাদন বৃদ্ধি হয়। আমাৰ ভাৰতবৰ্ষত পানী সঞচয়ণ এটা অতি পুৰণি প্ৰথা।
পাহাৰীয়া অঞ্চল আৰু সমতল অঞ্চলৰ পৰম্পৰাগত পানী সঞ্চয়ন পদ্ধতিৰ মাজত যঠেষ্ট পাৰ্থক্য় আছে। পাহাৰীয়া অঞ্চলত মানুহে পুখুৰী, হ্ৰদ আদি খান্দি পানী সঞ্চয় কৰে নাইবা বিভিন্ন প্ৰকাৰেৰে মাটিৰে নাইবা শিলেৰে পাৰ বান্ধি পানী সংৰক্ষণ কৰে। আনহাতে, সমতল অঞ্চলত নদীবান্ধ নিৰ্মান কৰি নাইবা ঘৰৰ চালত পানী জমা কৰিবলৈ ব্য়ৱস্থাপনা কৰি পানী সঞ্চয়ণ কৰা হয়।
Tq sir / mam questions answer babe
ReplyDeleteThank you so much sir
ReplyDeleteThank you Madam. Bohut Help paisu.
ReplyDelete