Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

ধাতু আৰু অধাতু ( অতিৰিক্ত প্ৰশ্নোত্তৰ )

ধাতু আৰু অধাতু ( অতিৰিক্ত প্ৰশ্নোত্তৰ ) 


1. ধাতৱ দ্য়ুতি কি ?

উত্তৰঃ বিশুদ্ধ ধাতুৰ পৃষ্ঠ চিকমিকিয়া হয়। ইয়াক ধাতব দ্য়ুতি বোলে।

2. বহুৰূপ কি? উদাহৰণ দিয়া।

উত্তৰঃকার্বন এটা অধাতু, পিছে  বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে।ইয়াৰ প্রতিটো অৱস্থাক বহুৰূপ (allotrope) বোলে। হীৰা কার্বনৰ বহুৰূপ।  প্রকৃতিৰ সকলোতকৈ টান পদার্থ আৰু ইয়াৰ গলনাংক আৰু উতলাংকও অতি উচ্চ। কার্বনৰ আন এবিধ বহুৰূপ হৈছে গ্রেফাইট।

3. আয়নীয় বা ইলেক্ট্ৰযোজী যৌগ কি ?

উত্তৰঃযিবিলাক যৌগ ধনাত্মক আৰু ঋণাত্মক আধানৰ মাজৰ শক্তিশালী বিদ্যুৎস্থিতীয় আকর্ষণীয় বলৰ দ্বাৰা গঠন হয় সেইবিলাককে আয়নীয় যৌগ বোলে। যেনে- ছডিয়াম ক্লৰাইড এবিধ আয়নীয় যৌগ। ই Na+ আৰু Cl- আয়নৰ মাজত বিদ্যুৎস্থিতীয় আকর্ষণীয় বলৰ দ্বাৰা গঠন হয়। 

4. আয়নীয় যৌগই কিয় বিগলিত অৱস্থাতহে বিদ্য়ুত পৰিবহন কৰে ?

উত্তৰঃ দ্ৰৱণৰ মাজেদি বিদ্যুৎ চালিত কৰিলে আধানযুক্ত কণিকাৰ চলন আৰম্ভ হয়। আয়নীয় যৌগ পানীত দ্রবীভূত কৰি পোৱা দ্রৱৰ আয়নবিলাক বিদ্যুৎ প্রবাহৰ লগে লগে বিপৰীত ইলেক্ট্রডলৈ গতি কৰে। কঠিন অৱস্থাত আয়নীয় যৌগই বিদ্যুৎ পৰিবহন নকৰেকিয়নো ইহঁতৰ দৃঢ় গঠনৰ বাবে আয়নৰ লৰচৰ সম্ভৱ নহয়। কিন্তু বিগলিত অৱস্থাত  আয়নীয় যৌগৰ মাজেৰে বিদ্যুৎ পৰিবহন সম্ভৱ।

5. তাপজাৰণ আৰু দগ্ধীকৰণ কি ? উদাহৰণ দি বুজাই লিখা।

উত্তৰঃ সক্রিয়তা শ্ৰেণীৰ মাজভাগত থকা ধাতু যেনে আইৰণ, জিংক, লেড, কপাৰ আদি ধাতুবোৰ মজলীয়াভাৱে সক্রিয়। প্রকৃতিত এই ধাতুবোৰ ছালফাইড বা কার্বনেট আকৰিক ৰূপত পোৱা যায়। ছালফাইড আৰু কার্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ। সেইকাৰণে বিজাৰণ কৰাৰ আগেয়ে ধাতৱ ছালফাইড আৰু কার্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱর্তিত কৰা হয়।ইয়াৰ বাবে সাধাৰণতে দুটা পদ্ধতি ব্য়ৱহাৰ কৰা হয়।

1.    তাপজাৰণ (roasting) - অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই পদ্ধতিক তাপজাৰণ বোলে।

                ZnS (s) + 3O2 (g) তাপ→ 2ZnO (s) + 2SO2 (g)

2.    দগ্ধীকৰণ (calcination) -

             পৰিমিত বায়ুৰ পৰিবেশত উচ্চতাপত উত্তপ্ত কৰি কার্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱৰ্তিত কৰা হয়। ইয়াকে দগ্ধীকৰণ বোলে।

                    ZnCO3 (s) → ZnO (s) + CO2 (g)

এইদৰে পোৱা ধাতৱ অক্সাইডবোৰ পিছত উপযুক্ত বিজাৰক যেনে কার্বন ব্যৱহাৰ কৰি যথাযথ ধাতুলৈ বিজাৰিত কৰা হয়।


6. ষ্টেইনলেচ ষ্টিল কি ? ইয়াৰ কি বিশেষ গুণ আছে ?

উত্তৰঃ ষ্টেইনলেচ ষ্টিল হৈছে লোৰ লগত নিকেল আৰু ক্ৰমিয়াম মিহলাই প্ৰস্তুত কৰা সংকৰ ধাতু। ইয়াৰ বিশেষ গুণ হৈছে ই টান আৰু ইয়াত মামৰে নধৰে।

7. এমালগাম কি? উদাহৰণ দিয়া।

উত্তৰঃ সংকৰ ধাতুৰ এটা উপাদান পাৰা হলে তাক এমালগাম বোলা হয়। যেনে- গোল্ড এমালগাম হল সোন আৰু পাৰাৰ সংকৰ ধাতু। 

8. মণিক আৰু আকৰৰ পাৰ্থক্য এটা উদাহৰণ সহ লিখা  (HSLC 2017)

উত্তৰঃ পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদার্থবোৰক খনিজ পদার্থ বা মণিক (minerals) বুলি কোৱা হয়। যেনে- সোন, ৰূপ, লৱণ আদি।

         কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদার্থবিধক ধাতুটোৰ আকৰিক বা আকৰ (ore) বুলি কোৱা হয়। যেনে- মাৰকিউৰিক অক্সাইড (HgO)আৰু চিনাবাৰ (HgS)পাৰাৰ আকৰ, যিংক ছালফাইড (ZnS) যিংকৰ আকৰ আদি  ।

9.  মাৰকিউৰিক অক্সাইড (HgOউত্তপ্ত কৰিলে কি ঘটেৰাসায়নিক সমীকৰণ লিখা            

     উত্তৰঃ মাৰকিউৰিক অক্সাইড (HgOউত্তপ্ত কৰিলে ই মাৰকিউৰিলৈ বিজাৰিত হয়।

                2HgO (s) → 2Hg (l) + O2 (g)


10. ধাতুৰ শোধন বুলিলে কি বুজা? অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা                                 পদ্ধতিটো উল্লেখ কৰা এন বোকা কাক বোলে ?            

            

উত্তৰঃ বিভিন্ন বিজাৰণ পদ্ধতিৰে পোৱা ধাতুবোৰ বিশুদ্ধ নহয়। ইহঁতৰ লগত কিছুমান অশুদ্ধি থাকে। এই অশুদ্ধিবোৰ আঁতৰ কৰিহে বিশুদ্ধ ধাতু পাব পাৰি। এই প্ৰক্ৰিয়াক ধাতুৰ শোধন বোলে। অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো হল— বিদ্যুৎ পৰিশোধন পদ্ধতি  (Electrolytic Refining)  কপাৰযিংকটিননিকেল ছিলভাৰগোল্ড আদি ধাতু এই পদ্ধতিৰে শোধন  কৰা হয়।



11. ছিলভাৰ অথাৎ ৰূপৰ পাত্র বা গহনা বতাহৰ সংস্পৰ্শত কিছু সময় থ'লে ক'লা হৈ পৰে 

            

 

উত্তৰঃ ৰূপৰ পাত্ৰ বা গহনা বতাহৰ সংস্পৰ্শত কিছু সময় থলে কলা পৰে। কাৰণ বতাহৰ উপস্থিতিত  ছিলভাৰে ছালফাৰৰ সৈতে বিক্ৰিয়া কৰি ছিলভাৰ ছালফাইডৰ এটা আৱৰণ পেলায়।


12.কপাৰে বতাহত থকা সেমেকা কার্বন ডাইঅক্সাইডৰ লগত বিক্রিয়া কৰাৰ ফলত তাৰ  উজ্জ্বল মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে


উত্তৰঃকপাৰে বতাহত থকা সেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি সেউজীয়া ৰঙৰ কপাৰ কাৰ্বনেটৰ তৰপ পেলায়। সেয়ে তাৰ উজ্জ্বল মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)