Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1) 


 1. হৰম'নৰ পৰিমাণ আৰু নিঃসৃত হােৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয় ?  (HSLC 2016)

Answer: ফিড-বেক পদ্ধতি(Feedback Mechanism) ৰ দ্বাৰা  হৰম'নৰ পৰিমাণ আৰু নিঃসৃত হােৱাৰ সময় নিয়ন্ত্রিত হয়।

        2. স্নায়ুকলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্রণ কৰে        (HSLC 2016)                

        Answer: আমাৰ দেহৰ পেশীবোৰৰ চলন স্নায়ুকলাই নিয়ন্ত্ৰন কৰে। স্নায়ু কলাই বার্তা গ্রহণ কৰি শৰীৰৰ বিভিন্ন অংশত প্ৰেৰণ কৰেবার্তাৰ ওপৰত ভিত্তি কৰি পেশীসমূহক ক্রিয়া কৰাৰ বাবে সিদ্ধান্ত প্রেৰণ কৰে। অন্য কথাতযেতিয়া ক্রিয়া কৰিবলগীয়া হয় তেতিয়া পেশী কলাইহে ন্তিম কার্য সমাধা কৰে। যেতিয়া এটা স্নায়ু প্রবাহ পেশীয়ে লাভ কৰে তেতিয়া পেশীৰ আঁহবােৰে গতি কৰে। পেশীকোষৰােৰে কোষৰ আকৃতি সলনি কৰি গতি কৰে। পেশীকোষবােৰত এবিধ বিশেষ প্রটিন থাকে। যেতিয়া ইহঁতে বৈদুতিক প্রবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয়। এনে হ'লে পেশীকোষৰ প্রটিনবােৰৰ নতুন শৃংখলাৰ কাৰণে ই সৰু হৈ যায়।

    

3. প্রতীপ ক্রিয়া কিপ্ৰাণীৰ প্রতীপ ধনু কিয় সৃষ্টি হৈছেপ্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহৰ নাম লিখা                                                        (HSLC 2017)


Answer: প্ৰতীপ ক্ৰিয়া হল এক প্ৰকাৰৰ অনৈচ্ছিক ক্ৰিয়া যিবিলাক কিছুমান তাৎক্ষণিক সংবেদকৰ প্ৰতিক্ৰিয়া হিচাপে সংঘটিত হয়। ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰন কৰে।

             চিন্তা উদ্ৰেককাৰী প্ৰক্ৰিয়াৰ অবিহনে, ক্ষ্ৰীপ্ৰতাৰে কাৰ্য সমাধা কৰিবলৈ প্রতীপ ধনু সৃষ্টি হৈছে।

           প্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহ হল- গ্ৰাহক, সংজ্ঞাবাহী নিউৰণ, কাৰ্যকৰী পেশী, আজ্ঞাবাহী নিউৰণ, আৰু অন্তৰ্বৰ্তী নিউৰণ।



4. এড্রিনেলিন হৰম'নৰ কাৰ্য্য সমূহ লিখা। (HSLC 2017)

Answer: এড্ৰিনেলিন পােনপটীয়াকৈ তেজত নিঃসৰন হয় আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়।এই হৰম'নবিধে নির্দিষ্ট কার্যকৰী লক্ষ্য অংগ (target organs) বা নির্দিষ্ট কোষকলাত ক্ৰিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্রও অন্তর্ভুক্ত। ইয়াৰ ফলত আমাৰ হৃদযন্ত্রৰ ধপ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যােগান বৃদ্ধি হয়। ধমনীবােৰক আগুৰি থকা পেশীবােৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্রবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্রবাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্রস্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলােবিলাক সহাৰি একেলগ হৈ কোনাে এটা কার্য সম্পাদন হয়। 


5. দুই প্রকাৰ প্রান্তীয় স্নায়ু কি        (HSLC 2017)                                                        


Answer: দুই প্রকাৰ প্রান্তীয় স্নায়ু হল- মস্তিস্কৰ পৰা ওলোৱা কৰোটীয় স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা স্নায়ু।


6. আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্রবাহিত হয় ?       (HSLC 2018)                            


Answer: স্নায়ু কলা (nervous tissues) আৰু পেশী কলাৰদ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্রণ আৰু সমন্বয় সমাধা হয়।

বাহ্যিক পৰিবেশৰ সকলো বার্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ  আমাৰ দেহত এবিধ 

বিশেষ কোষ থাকে। ইয়াক সংবেদী স্নায়ুকোষ বোলে। এনেধৰণৰ 

সংগ্ৰাহী (receptor) বিলাক আমাৰ দেহৰ সংবেদনশীল অংগ (Sense organ)যেনে- অন্তঃকৰ্ণ ( inner ear)

নাক (nose),  জিভা (tongue) আদিত থাকে।সেইকাৰণে কোষবিলাকে খাদ্যৰ স্বাদ আৰু কোষে গোন্ধ অনুভৱ 

কৰিব পাৰে।

            স্নায়ুকোষবোৰ কোষদেহ (Cell body) আৰু স্নায়ু প্রৱর্ধ (nerve process) ৰে গঠিত।স্নায়ু প্রৱর্ধ দুই প্ৰকাৰৰ - এক্সন (axon) আৰু ডেনড্রাইট (dendrite) ডেনড্রাইট (dendrite) বোৰে নিকটবর্তী কোষৰ পৰা স্নায়ু বার্তা বা উদ্দীপনা সংগ্রহ কৰে।স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদার্থৰ জৰিয়তে বৈদ্য়ুতিক প্রেৰণা (Electrical impulse) সৃষ্টি কৰে।এই বৈদ্য়ুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ আৰু পিছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ুলৈ প্ৰেৰণ কৰে। এক্সনৰ প্রান্তীয় শাখাত বৈদ্য়ুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত হয়।  এই ৰাসায়নিক পদার্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছ (Synapse)  মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয়। এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়। এনেধৰণৰ ছাইনেপছৰ পৰা স্নায়ু প্রেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্রন্থীকোষবোৰলৈও প্রেৰিত ' পাৰে।

         এনেদৰে স্নায়ুকলাবোৰ স্নায়ুকোষ বা নিউৰন (neuron)  দ্বাৰা গঠিত আৰু নিউৰণবোৰৰ মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয়।

 

 

7. অন্তঃস্রাৱী গ্রন্থি কি ? এটা অন্তঃস্রাৱী আৰু এটা বহিঃস্রাৱী গ্রন্থিৰ মাজৰ পার্থক্য কি ? 

অন্তঃস্রাৱী আৰু বহিঃস্রাৱী দুয়োটা কার্য সম্পাদন কৰা গ্রন্থিটোৰ নাম লিখা    (HSLC 2018) 

Answer: অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাবিহীন গ্ৰন্থি। এই গ্ৰন্থিবোৰে সাধাৰণতে হ'ৰম' নিঃসৰণ কৰে।

অন্তঃস্ৰাৱী গ্ৰন্থিয়ে পোনপটিয়াকৈ তেজত নিঃসৰণ কৰে আৰু তেজে এইবোৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়।

 

অন্তঃস্রাৱী গ্রন্থি

বহিঃস্রাৱী গ্রন্থি

        1.  অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাবিহীন গ্ৰন্থি

        2.      অন্তঃস্ৰাৱী গ্ৰন্থিয়ে 'ৰম' নিঃসৰণ কৰে        

        3.      অন্তঃস্ৰাৱী গ্ৰন্থিয়ে পোনপটিয়াকৈ তেজত নিঃসৰণ কৰে

        4.      অন্তঃস্ৰাৱী গ্ৰন্থিৰ গঠন সৰল

        1.      বহিঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাযুক্ত গ্ৰন্থি

        2.      বহিঃস্ৰাৱী গ্ৰন্থিয়ে এনজাইম নিঃসৰণ কৰে

        3.      বহিঃস্ৰাৱী গ্ৰন্থিয়ে সিহঁতৰ বাহীকাসমূহত নিঃসৰণ কৰে

        4.      বহিঃস্ৰাৱী গ্ৰন্থিৰ গঠন জটিল

 

অন্তঃস্রাৱী আৰু বহিঃস্রাৱী দুয়োটা কার্য সম্পাদন কৰা গ্রন্থিটো হল অগ্নাশয় (Pancreas)

8. এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ দুটা পার্থক্য লিখা।              (HSLC 2019)                                                   

Answer:  এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ দুটা পাৰ্থক্য় হ'ল-

(1) এক্সনে বৈদ্য়ুতিক প্ৰেৰণা দেহকোষৰ পৰা দূৰলৈ আন স্নায়ুকোষলৈ প্ৰেৰণ কৰে, আনহাতে ডেনড্ৰাইটে বাহিৰৰ পৰা বৈদ্য়ুতিক প্ৰেৰণা দেহকোষলৈ প্ৰেৰণ কৰে।

(2) এটা স্নায়ুকোষত মাত্ৰ এডালহে এক্সন থাকে, কিন্ত ু এটা স্নায়ুকোষত অসংখ্য় ডেনড্ৰাইট থাকে । 


   9. হৰম' কিউদ্ভিদৰ বৃদ্ধিত অৰিহণা যােগােৱা হৰম' বা সঞ্জীৱনী পদাৰ্থৰ এটা উদাহৰণ দিয়া সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পােহৰৰ দিশত কৰা গতিৰ মাজৰ পার্থক্য আছেনে ? (HSLC 2019)

        Answer: হৰম'ন হল কিছুমান বিশেষ কাৰ্য সমাধা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ কোষৰ দ্বাৰা নিৰ্গত কিছুমান ৰাসায়নিক পদাৰ্থ। হৰমন বিলাকে জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰক্ৰিয়াত সহায় কৰে। উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হল- অক্সিন। 

        সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন হল স্পৰ্শ উদ্দীপনাৰ ফলত হোৱা চলন, ই উদ্দীপকৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে। এই চলন খুব ক্ষীপ্ৰতাৰে হয়। আনহাতে, কাণ্ডই পোহৰৰ দিশত কৰা চলন পোহৰ উদ্দীপনাৰ ফলত হয়, ই উদ্দীপনাৰ দিশ অৰ্থাত্ পোহৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই চলন খুব লাহে লাহে হয়। 

10. পেশীকোষে কেনেদৰে তাৰ আকৃতি পৰিৱৰ্তন কৰে ?                                                                                           (HSLC 2020)

Answer: পেশীকোষবোৰত কিছুমান বিশেষ ধৰণৰ প্ৰ'টিন থাকে। যেতিয়া এইবোৰৰ মাজেৰে বৈদ্য়ুতিক প্ৰেৰণা প্ৰৱাহিত হয় তেতিয়া এই প্ৰ'টিনবিলাকে নিজৰ আকৃতি আৰু সজ্জা সলনি কৰিব পাৰে। যাৰ ফলত পেশীকোষবোৰৰ আকৃতি পৰিৱৰ্তন হয়।

11. মানুহৰ মস্তিষ্কৰ অংশসমূহৰ নাম লিখা। চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ ব্য়ক্ত কৰা ।         (HSLC 2020)

Answer: মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ হল--- প্ৰমস্তিষ্ক, মধ্য় মস্তিষ্ক আৰু পশ্চাত্ মস্তিষ্ক
                চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ হল-----
                  (১) বিভিন্ন ঐচ্ছিক ক্ৰিয়া কলাপ সমূহ।
                  (২) শৰীৰৰ ভংগিমা আৰু সমতা ৰক্ষা কৰা ।


12. অক্সিন কি ? এজোপা গছৰ বৃদ্ধিত ই কেনেদৰে সহায় কৰে ?                                                                                (HSLC 2020)

Answer: অক্সিন এবিধ উদ্ভিদ হৰম'ন যি কোষৰ আকাৰ ডাঙৰ আৰু দীঘল হোৱাত সহায় কৰে। 
               যেতিয়া উদ্ভিদ জোপালৈ মাত্ৰ এটা ফালৰ পৰাহে পোহৰ উপলব্ধ হয় তেতিয়া অক্সিনৰ পোহৰ নপৰা কান্ডৰ অংশলৈ ব্য়াপন ঘটে। পোহৰ নপৰা কান্ডৰ অংশত অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়। ইয়াৰ ফলতেই উদ্ভিদৰ কান্ড পোহৰৰ ফালে গতি কৰে।

Comments

Popular posts from this blog

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)