Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ (Light- Reflection and Refraction) প্ৰশ্নোত্তৰ

 পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ (Light- Reflection and Refraction) প্ৰশ্নোত্তৰ


প্রশ্নাৱলী

1.   অবতল দাপোণৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া।


উত্তৰঃ মূখ্য় অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি অৱতল দাপোন এখনৰ পৰা প্ৰতিফলন হোৱাৰ পিছত মূখ্য় অক্ষৰ যিটো বিন্দুত লগ লাগে সেই বিন্দুটোক অৱতল দাপোনৰ মূখ্য় ফ'কাছ বোলে।


2.    গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসার্ধ 20 ছেমি। ইয়াৰ ফ'কাছ দৈর্ঘ্য কিমান?


উত্তৰঃ যিহেতু, 'কাছ দৈর্ঘ্য, f = R/2   (R= ভাঁজ ব্যাসার্ধ )

                            এতেকে, f = 20/2 = 10 cm


3.    এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু বিবর্ধিত প্রতিবিম্ব গঠন কৰে।


উত্তৰঃ অৱতল দাপোন


4.     গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ কিয় পছন্দ কৰা হয় ?


উত্তৰঃ উত্তল দাপোণে থিয়কৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে। তাৰোপৰি উত্তল দাপোন যিহেতু বাহিৰলৈ বেঁকা গতিকে এইবিলাক দাপোনৰ দৃষ্টিক্ষেত্ৰ বহল। সেইবাবে উত্তল দাপোন ব্য়ৱহাৰ কৰিলে দেখা ক্ষেত্ৰ অধিক পৰিসৰৰ হয়। সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয়।


5.  32 cm ভাঁজ ব্যাসাৰ্ধৰ উওল দাপোণ এখনৰ ফ'কাছ দৈর্ঘ্য নির্ণয় কৰা। অৱতল দাপোণ এখনে ইয়াৰ সন্মুখত 10 cm দুৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্রতিবিম্ব গঠন কৰে। প্রতিবিম্বটোৰ অৱস্থান কি?


উত্তৰঃ 'কাছ দৈর্ঘ্য, f = R/2   (R= ভাঁজ ব্যাসার্ধ )

                            এতেকে, 32 cm ভাঁজ ব্যাসাৰ্ধৰ উওল দাপোণ এখনৰ ফ'কাছ দৈর্ঘ্য হ'ব-

                                     f = 32/2 = 16 cm


            বিবৰ্ধন, m = h’/h = - v/u = -3

            এতেকে, v= 3u

        দিয়া আছে, u = -10 cm

    এতেকে, m= - v/u

    => -3= -v/-10

    =>v = -30 cm 

এতেকে, প্ৰতিবিম্বটো দাপোনৰ পৰা -30 cm দূৰত গঠন হ'ব।


6.    পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ পানীত প্রবেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ নে উলম্বৰ পৰা আতঁৰলৈ বেঁকা হ'? কিয়?


উত্তৰঃ পোহৰৰ ৰশ্মিডাল উলম্বৰ কাষলৈ  বেঁকা হ'ব কাৰণ পানী বায়ুতকৈ ঘনতৰ মাধ্য়ম।


7.    পোহৰ বায়ুৰ পৰা 1.5 প্রতিসৰণাংকৰ কাঁচৰ মাধ্যমলৈ প্ৰৱেশ কৰিছে। কাঁচত পোহৰৰ দ্ৰুতি কিমান হ? শূন্যত পোহৰৰ দ্ৰুতি 3x 108 m প্রতি ছেকেণ্ড ।


উত্তৰঃ দিয়া আছে, কাঁচৰ প্ৰতিসৰনাংক, ng = 1.5

                                        বায়ুত পোহৰৰ বেগ, C= 3x 108 ms-1

                             এতেকে, কাঁচত পোহৰৰ দ্রুতি, V= C/ng

                                                                                        = 3x108/1.5

                                                                                        =2x108    ms-1


8.     তালিকা 10.3 ৰ পৰা সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নির্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নির্ণয় কৰা।


উত্তৰঃ সর্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো হীৰা (প্ৰতিসৰণাংক = 2.42) আৰু আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটো বায়ু ( প্ৰতিসৰণাংক= 1.0003)।


9.    তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সর্বোচ্চ ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।


উত্তৰঃ কেৰাচিনৰ প্ৰতিসৰণাংক- 1.44, টাৰপেনটাইনৰ প্ৰতিসৰণাংক 1.47 আৰু পানীৰ প্ৰতিসৰণাংক 1.33। যিহেতু পানীৰ প্ৰতিসৰণাংক আটাইতকৈ কম সেয়ে পানীত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ হ'ব।


10.  হীৰাৰ প্ৰতিসৰণাংক 2.42। এই উক্তিটোৰ অর্থ কি?


উত্তৰঃ হীৰাৰ প্রতিসৰনাংক 2:42 ইয়াৰ অৰ্থ হল বায়ু আৰু হীৰাত পোহৰৰ বেগৰ অনুপাত 2.42 ।


11.  লেন্‌ছ এখনৰ 1 ডায়'প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।


উত্তৰঃ 1 মিটাৰ ফকাছ দৈৰ্ঘৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়প্টাৰ (1D) বোলে। 1 D= 1m-1


12.  উত্তল লেন্‌ছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত ক'ত ৰখা হৈছিল ? নির্ণয় কৰা।


উত্তৰঃ যিহেতু প্রতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান, সেয়ে v = u । এতেকে, লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত 50 cm দূৰত্বত ৰখা হৈছিল।


13.  2 m কাছ দৈর্ঘ্যৰ অৱতল লেন্‌ছ এখনৰ ক্ষমতা নির্ণয় কৰা।

উত্তৰঃ ক্ষমতা P= 1/f

                                        = 1/2 = 0.5 D

 

অনুশীলনী

 

 

1.        তলত দিয়া কোনটো পদার্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?

(a)পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা (clay)


উত্তৰঃ (d) মৃত্তিকা (clay)


2.      অবতল দাপোণ এখনে গঠন কৰা প্রতিবিম্বটো অসৎ থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ'ল।লক্ষ্যবস্তুৰ অৱস্থান কত হ'ব লাগিব।

            (a) মুখ্য ফকাছ আৰু ভাঁজ ব্যাসার্ধৰ মাজত

(b) ভাঁজ কেন্দ্রত।

(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত।


উত্তৰঃ (d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত।


3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুটো উত্তল লেন্‌ছৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব?

(a) লেনছৰ মুখ্য ফকাছত

(b) কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

(c) অসীমত।

(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত


উত্তৰঃ (b) কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত


4. এখন গোলাকাৰ দাপোণ আৰু এখন ক্ষীণ গোলাকাৰ লেনছ প্রত্যেকৰে ফ'কাচ দৈৰ্ঘ্য -15 cmদাপোণ আৰু লেনছৰ প্রকৃত কেনেকুৱা হ'ব পাৰে?

(a) দুয়োখন অবতল।

(b) দুয়োখন উত্তল

(c) দাপোণখন অৱতল লেনছখন উত্তল।

(d) দাপোণখন উত্তল লেন্‌ছখন অৱতল।


উত্তৰঃ (a) দুয়োখন অবতল।


5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্রতিবিম্বটো সদায় থিয় হয়।দাপোণখন কেনেকুৱা 'ব পাৰে ?

(a) সমতল

(b) অৱতল

(C) উত্তল।

(d) হয় সমতল নতুবা উত্তল।


উত্তৰঃ (d) হয় সমতল নতুবা উত্তল।


6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা?

 (a) 50 cmকাছ দৈর্ঘ্যৰ উত্তল লেনছ।

 (b) 50 cm কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ

(c) 5 cm কাছ দৈর্ঘ্যৰ উত্তল লেনছ

(d) 5 cmকাছ দৈর্ঘ্যৰ অৱতল লেনছ


উত্তৰঃ (c) 5 cm কাছ দৈর্ঘ্যৰ উত্তল লেনছ


7. 15 cm কাছ দৈৰ্ঘ্যৰ অবতল দাপোণ এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্রতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত? প্রতিবিম্বৰ প্রকৃতি কি হ'? প্রতিবিম্বটো  লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মিচিত্র আঁকা।

উত্তৰঃ দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ 0-15 cm হব লাগিব। প্ৰতিবিম্বটো অস আৰু থিয়। প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ।





৪. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা

(a) গাড়ীৰ হেডলাইট (b) গাড়ীৰ পিছলৈ চোৱা দাপোণ   (c) সৌৰ ভাঁতী।


উত্তৰঃ (a) গাড়ীৰ হেডলাইট - অৱতল দাপোন

            (b) গাড়ীৰ পিছলৈ চোৱা দাপোণ -  উত্তল দাপোন

            (c) সৌৰ ভাঁতী- অৱতল দাপোন


9. উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ'ল। এই লেনছখনে বস্তু এটাৰ সম্পূর্ণ প্রতিবিম্ব গঠন কৰিবনে ? তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্রতিপন্ন কৰা । তোমাৰ পর্যবেক্ষণসমূহ ব্যাখ্যা কৰা।

উত্তৰঃ হয়, কৰিব।

 10. 5cm দৈর্ঘ্যৰ বস্তু এটা 10 cm 'কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হল। ইয়াৰ ৰশ্মিচিত্র আঁকা আৰু গঠিত প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।

উত্তৰঃ


লক্ষ্য়বস্তুৰ দূৰত্ব, u= -25 cm

প্ৰতিবিম্বৰ আকাৰ, h = 5 cm

ফকাছ দৈৰ্ঘ, f = 10 cm

যিহেতু, 1/f = 1/v1/u

     => 1/v =1/f + 1/u

       = 1/10 + 1/-25 = 16.66 cm


বিবৰ্ধন, m= v/u= 16.66/-25= -0.66

            m = h’/h

                h’= -0.66 x 5= -3.3 cm

এতেকে, প্ৰতিবিম্বটো স, ওলোটা আৰু দাপোনৰ আনটো ফালে গঠন হব।          

            ৰশ্মিচিত্ৰঃ

NCERT Solutions for Class 10 Science Chapter 10 Textbook Chapter End Questions Q10a


11. 15 cm ফকাছ দৈৰ্ঘৰ অবতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্রতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেনছৰ পৰা কিমান দূৰত্বত আছে।ৰশ্মিচিত্র আঁকা।

উত্তৰঃ  দিয়া আছে,    f = -15 cm

                                     v= -10 cm
                                     u = ?                                                                                                            /
                                     m = ?
          আমি জানো যে,
                                    1/v-1/u= 1/f
                                    1/u= 1/v-1/f
                                    1/u= 1/-10 -1/-15
                                    1/u= -1/30
                                        u= -30
             লেনছখনৰ পৰা 30 cm  দূৰত্বত লক্ষ্য়বস্ত ু টো আছে।


                    ৰশ্মিচিত্ৰঃ






12. 15 cm ফকাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্বত বস্তু এটা ৰখা হল।প্রতিবিম্বৰ অৱস্থান আৰু প্রকৃতি নির্ণয় কৰা।

উত্তৰঃ দিয়া আছে,  

                     f= 15 cm   

                     u= -10 cm 

                 যিহেতু, 1/f=1/u + 1/v

                             1/v = 1/f- 1/u     

                                 = 1/15- 1/(-10)   

                                   = 2+3/30    

                                    = 1/6   

                                      v= 6    

এতেকে, দাপোনৰ পৰা 6 cm দূৰত্বত প্ৰতিবিম্ব গঠন হব। প্ৰতিবিম্বটো অস আৰু থিয়। 


13. সমতল দাপোণে +1 বিবর্ধন দিয়ে। ইয়াৰ অর্থ কি?

উত্তৰঃ বিবর্ধন m= 1 মানে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য়বস্ত ুৰ আকাৰৰ সমান। ধনাত্মক চিহ্নই বুজাই যে প্ৰতিবিম্বটো থিয়।

14. 30 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্ম ুখত 20 cm দূৰত্বত 5 cm দৈৰ্ঘ্যৰ বস্ত ু এটা ৰখা হল। প্রতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নির্ণয় কৰা।

উত্তৰঃ লক্ষ্য়বস্তুৰ দূৰত্ব, u= -20 cm

        প্ৰতিবিম্বৰ আকাৰ, h = 5 cm

        ভাঁজ ব্যাসার্ধ,    R= 30 cm

        এতেকে, ফকাছ দৈৰ্ঘ, f = 30/2 = 15 cm

যিহেতু, 1/f = 1/v + 1/u

ð  1/v  = 1/f - 1/u

ð  1/v  = 1/151/-20 = 7/60

ð  v = 60/7 = 8.6 cm

 

বিবৰ্ধন, m= -v/u = h’/h

এতেকে, প্ৰতিবিম্বৰ আকাৰ, h’ = - vh/u = -8.6x 5/-20 = 2.15 cm

এতেকে, প্ৰতিবিম্বটো অস, থিয়, 2.15 cm ওখ, আৰু দাপোনৰ পৰা 8.6 cm দূৰত্বত অৱস্থিত।


15. 18 cm 'কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সন্ম ুখত 27 cm দূৰত্বত 7 cm কাৰৰ বস্ত ু এটা ৰখা হৈছে।দাপোনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা  প্ৰতিবিম্ব এটা পোৱা যাব ? প্রতিবিম্বৰ আকাৰ আৰু প্রকৃতি নির্ণয় কৰা।

উত্তৰঃ দিয়া আছে,

                                    u= -27 cm
                                    f= -18 cm
                                    h= 70 mm=7 cm
                                    v=?
                                    h'= ?
             আমি জানো যে,

                                           1/v + 1/u = 1/f
                                                    1/v = 1/f-1/u
                                                    1/v = (1/-18) - (1/-27)
                                                    1/v = -3+2/54
                                                        v = -54
               এতেকে, দাপোনখনৰ পৰা 54 cm দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব ।        
                 আকৌ,    h'/h = -v/u
                                 h'/7 = -(-54/-27)
                                 h' = -14 
                এতেকে, প্ৰতিবিম্বৰ আকাৰ 14 cm আৰু ইয়াৰ প্ৰকৃতি সৎ।


16. -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফকাছ দৈর্ঘ্য কিমান? লেনছখনৰ প্রকৃতি কেনেকুৱা?

উত্তৰঃ দিয়া আছে, ক্ষমতা, P = -2.0 D

        ফকাছ দৈৰ্ঘ, f = 1/P = 1/-2.0 = -0.5 m

        লেনছখন অৱতল। 

17. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমুলক লেনছৰ ক্ষমতা +1.5D লেন্‌ছখনৰ ফকাছ দৈর্ঘ্য নির্ণয় কৰা।এই লেনছখন অভিসাৰী নে অপসাৰী?

উত্তৰঃ দিয়া আছে, ক্ষমতা, P = +1.5 D

        ফকাছ দৈৰ্ঘ, f = 1/P = 1/+1.5 = +66.67 cm

        লেনছখন অভিসাৰী। 

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)