Heredity and Evolution (Question Answer)

1. সূচক কি ? সাধাৰণতে ব্য়ৱহাৰ হোৱা সূচক বিলাক কি কি ?
Answer: সূচক হ'ল কিছুমান ৰঞ্জক পদাৰ্থ বা ৰঞ্জকৰ মিশ্ৰণ যিবিলাকক এছিড আৰু ক্ষাৰকৰ উপস্থিতি সূচাবলৈ ব্য়ৱহাৰ কৰা হয়।
সাধাৰণতে ব্য়ৱহাৰ হোৱা সূচক বিলাক হ'ল-
1. প্ৰাকৃতিক সূচক
2. সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচক
3. ঘ্ৰানেন্দ্ৰিক সূচক
প্ৰাকৃতিক সূচকঃ যিবিলাক সূচক প্ৰাকৃতিক উৎসৰ পৰা আহৰণ কৰা হয় সেইবোৰক প্ৰাকৃতিক সূচক বোলে।প্ৰাকৃতিক সূচকৰ উদাহৰণ হল- লিটমাছ, হালধি, ৰঙা বন্ধাকবি আদি।
সাংশ্লেষিক সূচক/ কৃত্ৰিম সূচকঃ সাংশ্লেষিক সূচক বা কৃত্ৰিম সূচকবোৰ কৃত্ৰিমভাবে গবেষণাগাৰত প্ৰস্ত ুত কৰা হয়। উদাহৰণ হল- মিথাইল অৰেঞ্জ, ফিনলফথেলিন আদি।
ঘ্ৰানেন্দ্ৰিক সূচকঃ যিবিলাক পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্য়মত গোন্ধৰ পৰিৱৰ্তন ঘটে সেইবোৰক ঘ্ৰানেন্দ্ৰিক সূচক বোলে। উদাহৰণ হল- পিয়াজ, ভেনিলা আদি।
2. ক্ষাৰ কি ?
Answer: যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বোলে। এইবোৰ চাবোনৰ দৰে পিছল, তিতা আৰু ক্ষয়কাৰী।
3. লঘুকৰণ কি ?
Answer: এছিড বা ক্ষাৰক পানীৰ সৈতে মিহলালে প্ৰতি একক আয়তনত আয়নৰ গাঢ়তা হ্ৰাস পায়। এই প্ৰক্ৰিয়াক লঘুকৰণ বোলে।
4. দন্তক্ষয় কি ? ইয়াক কেনেকৈ ৰোধ কৰিব পাৰি ?
Answer: কেলছিয়াম ফছফেটেৰে তৈয়াৰী দাঁতৰ এনামেল (tooth enamel) অংশটো শৰীৰৰ কঠিনতম পদার্থ। ই পানীত দ্ৰৱীভূত নহয়। কিন্ত ু মুখৰ ভিতৰৰ pH ৰ মান 5.5 তকৈ কমিলে ই ক্ষয় যায়। ইয়াকে দন্তক্ষয় বোলে। আহাৰ খোৱাৰ পাছত মুখৰ ভিতৰত লাগি থকা শৰ্কৰা আৰু খাদ্য কণিকাবোৰ মুখৰ ভিতৰত থকা বেক্টেৰিয়াই জীর্ণ কৰি এছিড উৎপন্ন কৰে। এনে হোৱাটো বাধা দিবলৈ হ'লে আহাৰ খোৱাৰ পাছত মুখ ভালদৰে পৰিষ্কাৰ কৰাটোৱেই উত্তম উপায়। দাঁত পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা টুথপেষ্ট সাধাৰণতে ক্ষাৰকীয় আৰু ই এছিড প্রশমিত কৰি দন্তক্ষয় ৰোধ কৰে।
5. এটা বিকাৰত অলপমান কপাৰ অক্সাইড লোৱা । বিকাৰটো লৰাই থাকি তাত লাহে লাহে লঘু হাইড্ৰক্লৰিক এছিড যোগ কৰা আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰা । (HSLC 2020)
2NaCl(aq) + 2H2O(l) → 2NaOH(aq) + Cl2(g) + H2(g)
7. বেকিং ছ’ডাৰ ৰাসায়নিক নাম কি ? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয় ? ৰাসায়নিক সমীকৰণ লিখা। (HSLC 2018)
NaCl + H2O + CO2 + NH3 → NH4Cl + NaHCO3
(এমনিয়াম ক্ল’ৰাইড) (ছ’ডিয়াম হাইড্র’জেন কাৰ্বনেট)
8. স্ফটিকাবদ্ধ জল কি ?
Answer: স্ফটিকাবদ্ধ জল হৈছে স্ফটিক অৱস্থাত লৱণ এটাৰ প্ৰতিটো সংকেত এককৰে সৈতে ৰাসায়নিকভাৱে যুক্ত হৈ থকা নিৰ্দিষ্ট সংখ্য়ক পানীৰ অণু।
স্ফটিকাবদ্ধ জল থকা এটা লৱণ হ'ল জিপছাম। ইয়াৰ সংকেত হল CaSO4, 2H2O । ইয়াত স্ফটিকাবদ্ধ জল হিচাপে দুটা পানীৰ অণু থাকে।
9. মৌ-মাখি বা বৰলে বিন্ধিলে বিন্ধা স্থানত বেকিং চ'ডাৰ ব্য়ৱহাৰ কৰিলে সকাহ পোৱা যায় কিয় ?
Answer: মৌ-মাখি বা বৰলে বিন্ধিলে এবিধ এছিড নিঃসৰণ কৰে আৰু ইয়াৰ বাবেই বিষ আৰু পোৰনি অনুভৱ হয়। সেয়ে, বেকিং চ'ডাৰ দৰে মৃদু ক্ষাৰক ব্য়ৱহাৰ কৰিলে সকাহ পোৱা যায়।
10. অম্লনাশকত কি থাকে ? অজীৰ্ণ হলে ইয়াক কিয় ব্য়ৱহাৰ কৰা হয় ?
Answer: অম্লনাশকত ক্ষাৰক থাকে ।
আমাৰ পাকস্থলীয়ে হাইড্ৰক্লৰিক এছিড উত্পন্ন কৰে। পেটৰ কোনো অপকাৰ নকৰাকৈ ই আমাৰ খাদ্য় হজম হোৱাত সহায় কৰে।অজীৰ্ণ হলে পেটে অত্য়ধিক এছিড উত্পন্ন কৰে আৰু ইয়াৰ ফলত পেটত জ্বলাপোৰা আৰু বিষ হয়। অম্লনাশক ব্য়ৱহাৰ কৰিলে তাত থকা ক্ষাৰকে এছিডক প্ৰশমিত কৰে, ফলত উপশম পোৱা যায়।
Comments
Post a Comment
If you have any doubt please let me know