Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

কাৰ্বন আৰু তাৰ যৌগ (প্ৰশ্নোত্তৰ)

কাৰ্বন আৰু তাৰ যৌগ (প্ৰশ্নোত্তৰ) 


প্রশ্নাৱলী

1.  কার্বন ডাই অক্সাইডৰ (CO2) ৰ ইলেক্ট্রন বিন্দু গঠন কি হব?

Answer:    কার্বন ডাই অক্সাইডৰ (CO2ৰ ইলেক্ট্রন বিন্দু গঠন তলত দেখুওৱা হল-


  নাইবা     

2. আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন কি হ'ব? (ইঙ্গিত-আঠটাকৈ ছালফাৰ পৰমাণু এটা বলয় আকৃতিত আছে।)

Answer: আঠোটা ছালফাৰ পৰমাণুৰে গঠিত এটা ছালফাৰ অণুৰ ইলেকট্রন বিন্দু গঠন  হ'ব


3. পেন্টেনৰ বাবে কেইটা গঠন সমযোগী আঁকিব পাৰিবা?

Answer: পেন্টেনৰ বাবে তিনিটা গঠন সমযোগী আঁকিব পাৰি


 

 n-পেন্টেন        

          

আইছ' পেন্টেন 
 নিয়' পেন্টেন

                                            



 4. কাৰ্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন -যৌগ পাওঁ?
        
Answer:     এতিয়ালৈ আৱিষ্কৃত বা সংকেত জনা কার্বন যৌগৰ সংখ্যা প্রায় তিনি নিযুত। এই বৃহৎ সংখ্যক কার্বন যৌগৰ তুলনাত আন আটাইবোৰ মৌলৰে সৃষ্ট যৌগৰ সংখ্যা তেনেই নগন্য। কাৰণ কার্বন এক বিশেষ ধর্ম আছে যি আন মৌলৰ নাই। সহযোজী বান্ধনিৰ ধৰ্মৰ বাবে কার্বনে অগণন যৌগ গঠন কৰিব পাৰে। কার্বনৰ ক্ষেত্ৰত প্রত্যক্ষ কৰা দুটা প্রধান ধৰ্ম হ'ল যাৰ বাবে অজস্ৰ কাৰ্বন যৌগ পোৱা যায়- 
(i) কেটিনেচনঃ কার্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। এই ধর্মকে কেটিনেচন (catenation) বুলি কোৱা হয়। যৌগবিলাকত কার্বনৰ দীঘল শৃংখলশাখা শৃংখল নতুবা চক্রীয় শৃংখল পৰিলক্ষিত হয়। তদুপৰি কার্বন পৰমাণুবোৰ এক বান্ধনিদ্বিবান্ধনি বা ত্রিবান্ধনিৰ দ্বাৰা যুক্ত হৈ থাকে। কার্বন পৰমাণুবোৰ এক বান্ধনিৰ সংযুক্ত হৈ সৃষ্টি হােৱা যৌগবোৰক সংপৃক্ত যৌগ (saturated compound) বােলে। দ্বিবান্ধানি বা ত্রিবান্ধনিযুক্ত যৌগবোৰক অসংপৃক্ত যৌগ (unsaturated compound) বোলা হয়।

(i) চতুৰ্সহ যোজ্য়তাঃ যিহেতু কার্বনৰ যোজ্যতা চাৰি গতিকে ই আন চাৰিটা কার্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে। অক্সিজেনহাইড্র'জেননাইট্র'জেনছালফাৰক্লৰিণ আৰু আন বহুতো মৌলৰ লগত কার্বন লগ লাগি,বহুতো যৌগ গঠন হয় যাৰ ধৰ্ম বিশেষকৈ নিৰ্ভৰ কৰে এই অনাকার্বন মৌলটোৰ ওপৰত। ইয়াক যৌগটোৰ বিষম পৰমাণু (heteroatom) বোলে।। আনহাতে বেছি সংখ্যক মৌলৰ লগত দৃঢ় বান্ধনি গঠন কৰে বাবে যৌগবোৰ অতি সুস্থিৰ। কার্বনে দৃঢ় বান্ধনি গঠন কৰাৰ এটা কাৰণ হ'ল-ইয়াৰ ক্ষুদ্ৰ আকাৰ যাৰ ফলত পৰমাণুগৰ্ভত থকা প্ৰ'টনবিলাকে ভাগ বতৰা কৰা ইলেক্ট্রনযোৰ আকৰ্ষণ কৰি ৰাখিব পাৰে। 

5. চাইক্লপেন্টেনৰ সংকেট আৰু ইলেক্ট্রনীয় বিন্দু গঠন লিখা।

Answer: চাইক্লপেন্টেনৰ সংকেট হল- C5H10 । ইয়াৰ ইলেক্ট্রনীয় বিন্দু গঠন তলত দেখুওৱা হ'ল-


                                                  চাইক্লপেন্টেন                    চাইক্লপেন্টেনৰ ইলেক্ট্রনীয় বিন্দু গঠন

6. তলৰ যৌগবোৰৰ গঠন আঁকি দেখুওৱা

(i) ইথানয়িক এছিড (ii) ব্রমপেন্টেন (iii) বিউটান'ন (iv) হেক্সানেল

 ব্রমপেন্টেনৰ সমযোগী সম্ভবনে ?


Answer:

(i) ইথানয়িক এছিড                  

  


(ii) ব্রমপেন্টেন      


(iii) বিউটান'ন


(iv) হেক্সানেল


ব্রমপেন্টেনৰ সমযোগীবোৰ হল-








1- ব্রমপেন্টেন    


 

       2ব্রমপেন্টেন
 


   3- ব্রমপেন্টেন




7. তলৰ যৌগবোৰৰ নাম লিখা

(i) CH3-CH2-Br   (ii)       (iii)



Answer:     (i) ব্ৰম'ইথেন  (ii) মিথানেল  (iii) 1- হেক্সাইন


8.  ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰাটো কিয় এটা জাৰণ বিক্রিয়া?


Answer: ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ'মেটে  ইথানলক ইথানয়িক এচিডলৈ ৰূপান্তৰ কৰে। যিহেতু এই বিক্ৰিয়াত ইথানলৰ লগত অক্সিজেন যোগ হয় সেয়ে এইটো এটা জাৰণ বিক্ৰিয়া।

            CH3-CH2OH ক্ষাৰকীয় KMnO4+ তাপ CHCOOH


9. লোহা জোৰা দিয়া সময়ত (welding)অক্সিজেন আৰু ইথাইন দহন কৰা হয়। ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ?


Answer: লোহা জোৰা দিয়া সময়ত উত্পন্ন হোৱা তাপৰ পৰিমাণ অতি গুৰুত্বপূৰ্ণ। যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণ দহন কৰা হয়, ই সম্পূৰ্ণৰূপে দহন হয় আৰু ই ইথাইন আৰু বায়ুৰ মিশ্ৰণতকৈ বেছি তাপ উত্পন্ন কৰে। সেয়ে লােহা জোৰা দিয়া সময়ত (welding)  অক্সিজেন  আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয় ইথাইন আৰু বায়ুৰ মিশ্রণ  ব্যৱহাৰ কৰা নহয় ।


10. পৰীক্ষাৰ সহায়ত এলকহল আৰু কার্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ কিদৰে দেখুৱাব পাৰি?


Answer: এলক'হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ তলত দিয়া ধৰণে দেখুৱাব পাৰি

                (১) নীলা লিটমাছ কাগজৰ সহায়তঃ কাৰ্বক্সিলিক এছিডে নীলা লিটমাছ কাগজৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব পাৰে কিন্ত ু এলক'হলে নোৱাৰে।
                (২) ছডিয়াম হাইড্ৰজেন কাৰ্বনেটৰ (NaHCO3) সহায়তঃ  ছডিয়াম হাইড্ৰজেন কাৰ্বনেট যোগ কৰিলে কাৰ্বক্সিলিক এছিডৰ লগত বিক্ৰিয়া কৰিব আৰু এটা গেছ নিৰ্গত কৰিব, কিন্ত ু এলক'হলে কোনো ধৰণৰ বিক্ৰিয়া নকৰে।      


        12. জাৰক দ্ৰৱ্য কি?
      
      Answer: যিবিলাক পদাৰ্থই আনক অক্সিজেন দিব পাৰে তেনে পদাৰ্থক জাৰক পদাৰ্থ বোলে। যেনে- ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট (KMnO4) বা আম্লিক পটাছিয়াম ডাইক্ৰ'মেট (K2Cr2O7) এ আন পদাৰ্থক অক্সিজেন দিব পাৰে সেয়ে ইহঁত জাৰক পদাৰ্থ ।

                     CH3-CH2OH ক্ষাৰকীয় KMnO4+ তাপ CHCOOH

13. অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব পাৰিবানে ?

Answer: অপমাৰ্জক ব্যৱহাৰ কৰি পানী কঠিন হয় নে নহয় ক'ব নোৱাৰি কাৰণ অপমাৰ্জকে কঠিন পানীতো ফেন উত্পন্ন কৰিব পাৰে।

   14.   কাপোৰ ধুবলৈ মানুহে বিভিন্ন পদ্ধতি অৱলম্বন কৰে সাধাৰণতে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকে, ব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্রত ভৰাই জোকাৰি দিয়ে। কাপোৰ পৰিষ্কাৰ কৰিবলৈ কিয় জোকাৰিব লাগে ?

 Answer: চাবোনৰ অনুবোৰে কাপোৰৰ মলিবোৰৰ লগত পানীত সমুচ্ছায় (aggregates)  সৃষ্টি কৰে যাক বা মাইছেল বা কর্ণাপুঞ্জ বোলে। ইয়াত অণুবোৰৰ অনাধ্ৰ ুবীয় মেৰুটো তেলৰ টোপালৰ ফালে আৰু ধ্ৰ ুবীয় মেৰুটো বাহিৰৰ ফালে থাকে। ইয়ে পানীত অবদ্ৰৱ বা ইমালচন (emulsion) সৃষ্টি কৰে। চাবোনৰ ফেনে এই ধৰণে কাপোৰৰ মলি পানীত দ্ৰৱীভূত হোৱাত সহায় কৰে। কাপোৰ চাফা কৰিবলৈ ফেনৰ সৈতে এই মলিবোৰ আঁতৰাবৰ বাবে সাধাৰণতে মানুহে চাবোন ঘঁহি কাপোৰখন শিল এচলাত থুকুছে বা ভৰিৰে গছকেব্ৰাছ কৰে নাইবা কাপোৰ ধোৱা যন্ত্রত ভৰাই জোকাৰি দিয়ে।

 

অনুশীলনী


1. ইথেন (C2H6) অণু এটাত

(a) 6 টা সহযোজী বান্ধনি আছে।

(b) 7 টা সহযোজী বান্ধনি আছে।

(c) ৪ টা সহযোজী বান্ধনি আছে।

(d) 9 টা সহযোজী বান্ধনি আছে।

Answer: (b) 7 টা সহযোজী বান্ধনি আছে।

2. চাৰিটা কার্বনৰ যৌগ বিউটান'নত থকা কার্যকৰী মূলক হল--

(a) কার্বক্সিলিক এছিড

(b) এলডিহাইড

(c) কিটন

(d) এলকহল।

Answer: (cকিটন

3. ৰন্ধনৰ সময়ত ব্যৱহৃত বর্তনৰ তলফালে (বাহিৰত) ক'লা পৰে কিয়নো

(a) খাদ্য ভালদৰে নিসিজিল।

(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

(c) ইন্ধনটো সিক্ত।।

(d) ইন্ধনটো সম্পূর্ণকৈ দহন হয়।

Answer: (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

4. CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ (nature) ব্যাখ্যা কৰা।

Answer: দুটা পৰমাণুৰ মাজত ইলেক্ট্রনৰ ভাগবতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বান্ধনি বোলা হয়। ভাগ-বতৰা কৰা ইলেকট্রনবিলাক (Shared electrons) অংশীদাৰ পৰমাণু দুয়ােটাৰ বহিৰতম কক্ষৰ উমৈহতীয়া ইলেকট্রন হৈ পৰে আৰু ইয়াৰ ফলত অংশীদাৰ পৰমাণু দুয়ােটাই সম্ভ্ৰান্ত গেছৰ ইলেকট্রন বিন্যাস লাভ কৰে।

        CH3CI ৰ উদাহৰণ লৈ সহযোজী বান্ধনিৰ স্বৰূপ ভালদৰে  বুজি পাব পাৰি। ইয়াত কাৰ্বন (Z=6), হাইড্ৰ'জেন (Z=1) আৰু ক্ল'ৰিণ  (Z=17) পৰমাণু আছে। কাৰ্বনৰ যোজ্য়তা 4, আনহাতে হাইড্ৰ'জেন আৰু ক্ল'ৰিণ উভয়ৰে যোজ্য়তা 1 । কাৰ্বনে  তিনিটা হাইড্ৰ'জেন আৰু ক্লৰিণৰ পৰমাণুৰ প্ৰত্য়েকৰে লগত এটাকৈ ইলেকট্ৰণৰ ভাগ বটোৱাৰা কৰি তাৰ বাকী থকা যোজ্য়তাবোৰ পূৰণ কৰিব। এই প্ৰক্ৰিয়াত তিনিওটা হাইড্ৰ'জেন আৰু ক্ল'ৰিণৰ পৰমাণুৰো বাকী থকা যোজ্য়তাসমূহ পূৰণ হব আৰু প্ৰতিটো পৰমাণুৱে সুষ্টিৰ অষ্টক লাভ কৰিব। 

            সম্পূৰ্ণ প্ৰক্ৰিয়াটো ইলেক্ট্ৰণ বিন্দু গঠনৰ দ্বাৰা দেখুৱাব পাৰি

NCERT Solutions for Class 10 Science Chapter 4 Textbook Chapter End Questions Q4

 5. তলত দিয়াবিলাকৰ ইলেক্ট্রন বিন্দু গঠন লিখা--

(a) ইথানয়িক এচিড (b) H2S (c) প্রপান (d) F2

Answer: (a) ইথানয়িক এচিডৰ ইলেক্ট্রন বিন্দু গঠন হ'ল-  

            

নাইবা

(b)     H2S ইলেক্ট্রন বিন্দু গঠন হ'ল-  

নাইবা


(c) প্রপাননৰ ইলেক্ট্রন বিন্দু গঠন হ'ল-

নাইবা


(d) F2 ৰ ইলেক্ট্রন বিন্দু গঠন হ'ল-

নাইবা




6. সমগণীয় শ্রেণী কাক বোলে? উদাহৰণ দি বুজাই লিখা।

Answer: কার্বন পৰমাণুবােৰ পৰস্পৰে সংযােজিত হৈ বিভিন্ন দৈর্ঘ্যৰ কার্বন শৃংখল গঠন কৰিব পাৰে। তদুপৰি কার্বন শৃংখলৰ পৰা হাইড্র'জেন পৰমাণুবােৰ কার্যকৰী মূলকৰদ্বাৰা প্রতিস্থাপিতও হ'ব পাৰে। কার্যকৰী মূলক যেনে এলক'হলৰ উপস্থিতিয়ে শৃংখল দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যৌগবিলাকৰ ধর্ম নির্ধাৰণ কৰে। উদাহৰণ হিচাপে CH3OH, C2H5OH, C3H7OH আৰু C4H9OH প্রায় সদৃশ ৰাসায়নিক ধৰ্মৰ। এতেকে যি শ্ৰেণীৰ যৌগত একে কার্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বােলে।


7. ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ ওপৰত ভিত্তি কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য লিখা।

Answer:  ভৌতিক  ধৰ্মৰ  ভিত্তিত কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য হল-

              1.  ইথানলৰ এটা সুন্দৰ মিঠা সুগন্ধ আছে, ইথানয়িক এছিডৰ সুগন্ধ তীব্ৰ আৰু তীক্ষ্ন।

                 2. ইথানলৰ গলনাংক 156 K ইথানয়িক এছিডৰ গলনাংক 290 K 

                   3. ইথানলৰ উতলাংক 351 K ইথানয়িক এছিডৰ উতলাংক 391 K 

         ৰাসায়নিক ধৰ্মৰ  ভিত্তিত কৰি ইথানল আৰু ইথানয়িক এচিডৰ পার্থক্য হল-

               1.   কাৰ্বক্সিলিক এছিডে নীলা লিটমাছ কাগজৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব পাৰে কিন্ত ু এলক'হলে নোৱাৰে।

            2.ছডিয়াম হাইড্ৰজেন কাৰ্বনেট যোগ কৰিলে কাৰ্বক্সিলিক এছিডৰ লগত বিক্ৰিয়া কৰিব আৰু এটা গেছ নিৰ্গত কৰিব, কিন্ত ু এলক'হলে কোনো ধৰণৰ বিক্ৰিয়া নকৰে।  

৪. পানীত চাবোন দিলে কিয় ফেন উঠে? বেলেগ দ্ৰাৱক যেনে ইথানলত ফেন উঠিবনে |

Answer: বেছিভাগ মলি (dirt) তেলীয়া গুণযুক্ত । তেল পানীত অদ্রবণীয়। চাবোনৰ অণুবোৰ হৈছে দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছডিয়াম বা পটাছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়আনহাতে কার্বন শৃংখল তেলত দ্ৰৱণীয়। এনেদৰে চাবোনৰ অনুবোৰে পানীত সমুচ্ছায় (aggregates)  সৃষ্টি কৰে যাক বা মাইছেল বা কর্ণাপুঞ্জ বোলে। ইয়াকে সাধাৰণ ভাষাত চাবোনৰ ফেন বোলে। বেলেগ দ্ৰাৱক যেনে ইথানলত চাবোন দিলে ফেন নুঠে কাৰণ চাবোন এইবিলাক দ্ৰাৱকত দ্ৰৱীভূত নহয়।

9. প্রায় সকলো ক্ষেত্ৰতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়।কিয় ?

Answer: বহুৰূপতাৰ যিকোনো ৰূপতে কার্বন দহন কৰিলে কার্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ উপৰিও তাপ আৰু পোহৰ উৎপন্ন হয়। প্রায়ভাগ যৌগ দহনত উৎপন্ন হোৱা তাপ উচ্চ পৰিমাণৰ হয়। 

                            C + O2 → CO2 + তাপ আৰু পোহৰ

                                CH4 + O2 → CO2 + H2O +  তাপ আৰু পোহৰ

   সেয়েহে, প্রায় সকলো ক্ষেত্ৰতে কার্বন আৰু ইয়াৰ যৌগক ইন্ধন হিচাপে ব্যৱহাৰ হয়।

10. কঠিন পানীত চাবোন ব্যৱহাৰ কৰিলে গেদ (scum) কিদৰে সৃষ্টি হয় ব্যাখ্যা কৰা।

Answer: চাবোন কঠিন পানীত ব্য়ৱহাৰ কৰিব নোৱাৰি কাৰণ চাবোনে কঠিন পানীত ফেন উৎপন্ন কৰিব নোৱাৰে । চাবোনে কঠিন পানীৰ লগত বিক্ৰিয়া কৰি বগা ৰঙৰ অধঃক্ষেপ সৃষ্টি কৰে। ইয়াক গেদ বা scum বোলে।

                    2C17H35COONa + CaCl2 → (C17H35COO)2Ca + 2NaCl
                            চাবোন                                  অধঃক্ষেপ


11. নীলা আৰু ৰঙা লিটমাচ কাগজেৰে চাবোন পৰীক্ষা কৰিলে কি দেখিবা?

Answer: চাবোন হৈছে ক্ষাৰকীয় যৌগ। চাবোনৰ দ্ৰৱই ৰঙা লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাই নীলালৈ পৰিৱৰ্তন কৰিব পাৰে, কিন্ত ু নীলা লিটমাচ কাগজৰ ৰঙৰ পৰিৱৰ্তন কৰিব নোৱাৰে। 

12. হাইড্রজেনেচন মানে কি? ইয়াৰ ঔদ্যোগিক প্রয়োগ লিখা। 

Answer: পেলাডিয়াম বা নিকেল অনুঘটকৰ উপস্থিতিত অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত হাইড্ৰ'জেন যোগ হৈ সংপৃক্ত হাইড্ৰ'কাৰ্বন উৎপন্ন হয়। এই বিক্ৰিয়াক হাইড্রজেনেচন বোলে। 


      প্ৰয়োগঃ  নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰজেন যুক্ত কৰি বনস্পতি ঘি উৎপন্ন কৰিবলৈ হাইড্রজেনেচন বিক্রিয়া সংঘটিত কৰা হয়। 

13. তলৰ কোনবিলাকৰ হাইড্ৰ'কার্বনে যোগাত্মক বিক্রিয়া দেখুৱায় ?

 C2H6, C3H8, C3H6, C2H2, আৰু CH4

Answer: C3H6, C2H2 যোগাত্মক বিক্রিয়া দেখুৱায়।

 14. মাখন (butter) আৰু খোৱাতেলৰ (cooking oil) মাজত পার্থক্য দেখুৱাব পৰা এটা পৰীক্ষা বৰ্ণনা কৰা।

Answer: উদ্ভিদজাত তেল দ্বিবান্ধনি থকা বহু দীঘল কার্বন শৃংখলযুক্ত অসংপৃক্ত যৌগ আনহাতে জন্ত ুৰ চৰ্বী সংপৃক্ত দীঘল কাৰ্বন শৃংখল যুক্ত যৌগ। ইহঁতৰ মাজৰ পাৰ্থক্য় ব্ৰ'মিন পানীৰ লগত হোৱা বিক্ৰিয়াৰ দ্বাৰা দেখুৱাব পাৰি। ব্ৰ'মিনে সংপৃক্ত হাইড্ৰ'কাৰ্বনৰ লগত কোনো বিক্ৰিয়া নকৰে। কিন্ত ু  অসংপৃক্ত হাইড্ৰ'কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিলে ব্ৰ'মিনৰ মুগা ৰং নাইকিয়া হৈ পৰে। 

15. চাবোনৰ মলি আঁতৰোৱাৰ প্রক্রিয়া (cleaning action) ব্যাখ্যা কৰা।

Answer: বেছিভাগ মলি (dirt) তেলীয়া গুণযুক্ত । তেল পানীত অদ্রবণীয়। চাবোনৰ অণুবোৰ হৈছে দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছডিয়াম বা পটাছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু পানীত দ্ৰৱণীয়আনহাতে কার্বন শৃংখল তেলত দ্ৰৱণীয়। এনেদৰে চাবোনৰ অনুবোৰে পানীত সমুচ্ছায় (aggregates)  সৃষ্টি কৰে যাক বা মাইছেল বা কর্ণাপুঞ্জ বোলে। ইয়াত অণুবোৰৰ অনাধ্ৰ ুবীয় মেৰুটো তেলৰ টোপালৰ ফালে আৰু ধ্ৰ ুবীয় মেৰুটো বাহিৰৰ ফালে থাকে। ইয়ে পানীত অবদ্ৰৱ বা ইমালচন (emulsion) সৃষ্টি কৰে। চাবোনৰ ফেনে এই ধৰণে কাপোৰৰ মলি পানীত দ্ৰৱীভূত হোৱাত সহায় কৰে আৰু পানীৰে ধুলে ফেনৰ সৈতে মলিবোৰো আঁতৰি যায়। 






মাইছেল

Comments

Post a Comment

If you have any doubt please let me know

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)