Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

জীৱন প্ৰক্ৰিয়া ( Life Processes) প্ৰশ্নোত্তৰ

জীৱন প্ৰক্ৰিয়া ( Life Processes) প্ৰশ্নোত্তৰ


প্ৰশ্নাৱলী


1.      মানুহকে ধৰি অন্যান্য বহুকোষীয় জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্রক্রিয়াৰে আহৰণ কৰি লোৱাতো কিয় পর্যাপ্ত নহয় ?


Answer: বহুকোষীয় জীৱৰ দেহৰ গঠন অতি জটিল আৰু ইহঁতৰ দেহত প্ৰতিটো কামৰ বাবে কিছুমান বিশেষ কোষ আৰু কলা থাকে।সেয়ে বহুকোষী জীৱক অধিক অক্সিজেনৰ প্ৰয়োজন।বহুকোষী জীৱৰ প্ৰতিটো কোষৰ বহিঃপৰিবেশৰ লগত প্ৰত্য়ক্ষ ভাৱে সম্পৰ্ক নাথাকে। সেয়ে অকল ব্য়াপন প্ৰক্ৰিয়াৰদ্বাৰা লাগতিয়াল অক্সিজেন আহৰণ কৰি লোৱাতো পর্যাপ্ত নহয়।   


2.        আমি কিহৰ ওপৰত ভিত্তি কৰি কোনো এটা জীৱ জীৱিত নে মৃত তাক ঠাৱৰ কৰিম?


Answer: জীৱ এটা জীৱিত নে মৃত তাক সিহঁতৰ বিভিন্ন গতি বা চলন নিৰীক্ষণ কৰি ঠাৱৰ কৰিব পাৰি।


3.        জীৱৰ বাবে প্রয়োজনীয় কোনবিলাক কেঁচা সামগ্রী সিহঁতে বাহিৰৰ পৰিবেশৰ পৰা আহৰণ কৰি লয়?


Answer: জীৱ এটা জীয়াই থাকিবলৈ বিভিন্ন ধৰণৰ জৈৱ পদাৰ্থৰ প্ৰয়োজন।সেই পদাৰ্থবিলাক জীৱই পৰিবেশৰ পৰা আহৰণ কৰি লয়। তেনে কিছুমান পদাৰ্থ হল- পৰপোষী জীৱৰ বাবে খাদ্য় আৰু স্বপোষী জীৱৰ বাবে কাৰ্বন ডাই অক্সাইড (CO2), পানী, অক্সিজেন (O2), বিভিন্ন খনিজ পদাৰ্থ


4.    জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্রক্রিয়াক অতি প্রয়োজনীয় বুলি গণ্য কৰিবা ?


Answer: জীৱৰ জীৱন বৰ্তি থাকিবলৈ অতি প্রয়োজনীয় প্ৰক্ৰিয়াবোৰ হ'ল-

১. পৰিপুষ্টি

২. শ্বসন

৩. পৰিবহন

৪. ৰেচন আদি।


5.        স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পার্থক্য কি কি ?


Answer: স্বপোষিত পুষ্টি আৰু পৰপোষিত পুষ্টিৰ মাজৰ পার্থক্য হ'ল-


স্বপোষিত পুষ্টি

পৰপোষিত পুষ্টিৰ

. স্বপোষিত পুষ্টিত জীৱই নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰে।

১. পৰপোষিত পুষ্টিৰ জীৱই নিজৰ খাদ্য় নিজে প্ৰস্তুত কৰিব নোৱাৰে আৰু বাহিৰৰ পৰা আহৰণ কৰে।

২. সৰল জৈৱিক ষৌগ ষেনে- কাৰ্বন ডাই অক্সাইড (CO2), পানী আদিৰ পৰা খাদ্য় প্ৰস্তুত কৰে।  

. স্বপোষিয় জীৱৰপৰা খাদ্য় আহৰণ কৰে।

৩. ক্লফিলৰ প্ৰয়োজন

৩. ক্লফিলৰ প্ৰয়োজন নাই

৪. সাধাৰণতে দিনৰ ভাগত খাদ্য় প্ৰস্তুত কৰে।

৪. যিকোনো সময়তে খাদ্য় আহৰণ কৰিব পাৰি

৫. সকলো সেউজীয়া উদ্ভিদ আৰু কিছুমান বেক্টেৰিয়াত এনেধৰণৰ পৰিপুষ্টি দেখা যায়।

৫. সকলো প্ৰাণী আৰু ভেঁকুৰৰ ক্ষেত্ৰত এনেধৰণৰ পৰিপুষ্টি দেখা যায়।



6.        সালোক সংশ্লেষণত প্রয়োজনীয় প্রতিটো উপাদান উদ্ভিদে কত কত পায় ?


Answer: সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কাৰ্বন ডাই অক্সাইড (CO2), পানী, আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন।

কাৰ্বন ডাই অক্সাইড উদ্ভিদে বায়ুমন্ডলৰ পৰা পত্ৰৰন্ধ্ৰৰ দ্বাৰা শোষণ কৰে।

পানী উদ্ভিদৰ শিপাই মাটিৰ পৰা শোষণ কৰে আৰু জাইলেমৰ জড়িয়তে পাতলৈ লৈ যায়।

সূৰ্যৰ পোহৰ পত্ৰহৰিতে শোষণ কৰে।


7.        আমাৰ পাকস্থলীত এছিডৰ ভূমিকা কি ?


Answer: পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰ'ক্লৰিক এছিডৰ মুখ্য় কাম হ'ল- হাইড্ৰ'ক্লৰিক এছিডে পাকস্থলীৰ খাদ্য়ক আম্লিক কৰি তোলে যাতে পেপছিনৰ কাৰ্য তীব্ৰতৰ হৈ উঠে। তাৰোপৰি ই খাদ্য়ত থকা বিজাণু ধ্বংশ কৰে।


8.        পাচক উৎসেচকৰ কার্য কি ?


Answer: আমি খোৱা খাদ্য়ৰ অণুবিলাক জটিল প্ৰকৃতিৰ। ইহঁতক তেনে অৱস্থাত আমাৰ দেহৰ তেজে শোষণ কৰি লব নোৱাৰে।পাচক উৎসেচক বিলাকে খাদ্য়ৰ এই জটিল অণুবিলাকক সৰলতম অণুলৈ ৰূপান্তৰিত কৰে, যাতে ইহঁতক সহজে শোষণ কৰি লব পাৰে।


9.        শোষণ হ'ব পৰাকৈ ক্ষুদ্রান্তত খাদ্য কেনেকৈ পাচন হয় ?


Answer: পাচন নলীৰ ক্ষুদ্রান্ত অংশতেই খাদ্যৰ শৰ্কৰা, প্রটিন আৰু চর্বীসমুহৰ সম্পূর্ণভাৱে পাচনত এই অংশতে পাচক গ্রন্থি যকৃত (liver) আৰু অগ্নাশয় (Pancreas) য়ে নিঃসৰণ কৰা পাচক ৰসসমুহ আহি পৰেহি। এই পাচক ৰসত থকা উৎসেচকসমূহে খাদ্য পাচনত সহায় কৰে। পাকস্থলীৰ পৰা অহা অৰ্ধপাচিত খাদ্য আম্লিক; এইবোৰ ক্ষাৰকীয়া হোৱা দৰকাৰ যাতে অগ্নাশয় ৰসৰ উৎসেচকে ক্রিয়া কৰিব পাৰে। যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে এই কার্য কৰাৰ লগতে খাদ্যৰ চৰ্বী অংশত ক্রিয়া কৰে। ক্ষুদ্রান্তৰ খাদ্যাংশৰ চৰ্বী অণুৰ আকাৰ বৃহৎ আৰ খণ্ডযুক্ত (globules) আৰু ইয়াক উৎসেচকে সহজে ক্ৰিয়া কৰিব নোৱাৰে। পিত্ত লৱণৰ উপস্থিতিত চৰ্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়। এই সৰল চৰ্বী অণুসমূহৰ ওপৰত উৎসেচকে সহজে ক্রিয়া কৰিব পাৰে। অগ্নাশয় গ্রন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত প্রটিন বিশ্লেষী উৎসেচক ট্রিপচিন (trypsin) আৰু ইতিমধ্যে সৰলীকৃত চৰ্বী বিশ্লেষী উৎসেচক লাইপেজ (lipase) থাকে। ক্ষুদ্রান্তৰ বেৰত থকা সৰু গ্ৰন্থিবোৰে আন্ত্ৰিক ৰস (Intestinal juice) নিঃসৰণ কৰে। ইয়াত থকা উৎসেচকে অৱশিষ্ট প্ৰটিন অংশক সৰল এমিনএছিডলৈ, শর্কৰাসমূহক গ্লুজলৈ, চর্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়।

                    সম্পূর্ণ পাচিত হোৱা খাদ্য ক্ষুদ্রান্তৰ বেৰে শোষণ কৰি লয়। ক্ষুদ্রান্তৰ বেৰত কিছুমান আঙুলি সদৃশ প্রবর্ধক থাকে। এই প্রবধবোৰক ভিলাই (Villi) বুলি কোৱা হয়। ভিলাইবোৰে ক্ষুদ্ৰান্তৰ অন্তঃ আৱৰণীৰ পাচিত খাদ্য শোষণৰ বাবে বিস্তৃত হৈ থাকে। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবোৰে শোষিত আহাৰ দেহৰ সকলো কোষলৈ পৰিবহন কৰে। 

              


10.    স্বাস প্রস্বাসত অক্সিজেন আহৰণ কৰিবৰ বাবে স্থলচৰ জীৱতকৈ জলচৰ জীৱসমূহৰ সূবিধা কি?


Answer: প্রাণীসমুহে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্রহন কৰা আৰু দেহত উৎপন্ন হোৱা কার্বন ডাই অক্সাইড নির্গত কৰাৰ বাবে বিভিন্ন ধৰণৰ অংগ ব্যৱহাৰ কৰে। স্থলচৰ (terrestrial) প্রাণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপটিয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্রবীভূত অক্সিজেনহে শোষণ কৰে।

        যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম, সেইকাৰণে জলচৰ প্ৰাণীয়ে স্থলচৰ প্রাণীতকৈ খৰকৈ উশাহ লয়। মাছে মুখেৰে লোৱা পানীভাগ ফুলৰ মাজেৰে জোৰকৈ এৰি দিয়ে। ফলত ফুলত বিয়পি থকা ৰক্ত নলীকাবোৰে ইয়াৰপৰা অক্সিজেন ভাগ ধৰি ৰাখে।।স্থলচৰ প্রাণীবোৰে শ্বসনত বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে। বায়ুমণ্ডলৰ অক্সিজেন প্রাণীসমূহে সিহঁতৰ বেলেগ বেলেগ শ্বসনাংগৰ দ্বাৰা শোষণ কৰি লয়। এই শ্বসনাংগবোৰৰ গঠন এনেধৰণৰ হয় যাতে বায়ুমণ্ডলৰ সান্নিধ্যলৈ আহিলে এইবোৰে সহজে অক্সিজেন শোষণ কৰি ল'ব পাৰে। গতিকে শ্বসনাংগৰ অক্সিজেন আৰু কার্বন ডাই অক্সাইডৰ বিনিময় হোৱা শ্বসন পৃষ্ঠৰ কোষবোৰ অতিশয় সুষম আৰু সুকোমল।


11.    কি কি প্ৰথাৰে বিভিন্ন জীবদেহত গ্লু  জাৰিত হৈ শক্তি উৎপন্ন হয়?


Answer: জীৱসমূহৰ ক্ষেত্ৰত খাদ্য়ৰ পৰা দেহৰ কোষে শক্তি আহৰণ কৰেয বিভিন্ন প্রকাৰৰ জীৱসমূহে এই শক্তি বিভিন্ন প্রক্রিয়াৰে আহৰণ কৰে। কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত আৰু কিছুমানে অক্সিজেনৰ অনুপস্থিতিত গ্লুজ অণু সম্পূর্ণভাৱে ভাঙি কার্বন ডাই অক্সাইড আৰু পানী সৃষ্টি কৰে। এনে যিকোনো প্রক্রিয়াৰ ক্ষেত্ৰত প্রথমে ছটা কার্বনযুক্ত জীৱসমূহৰ ক্ষেত্ৰত খাদ্য়ৰ পৰা দেহৰ কোষে শক্তি আহৰণ কৰেয বিভিন্ন প্রকাৰৰ জীৱসমূহে এই শক্তি বিভিন্ন প্রক্রিয়াৰে আহৰণ কৰে। কিছুমান জীৱই অক্সিজেনৰ উপস্থিতিত আৰু কিছুমানে অক্সিজেনৰ অনুপস্থিতিত গ্লুজ অণু সম্পূর্ণভাৱে ভাঙি কার্বন ডাই অক্সাইড আৰু পানী সৃষ্টি কৰে। এনে যিকোনো প্রক্রিয়াৰ ক্ষেত্ৰত প্রথমে ছটা কার্বনযুক্ত গ্লুজ অণু ভাঙি তিনিটা কার্বন অণুযুক্ত পাইৰুভেত (Pyruvate) অণুৰ সৃষ্টি হয়। এই প্রক্রিয়াটো সংঘটিত হয় কোষৰ কোষপ্রৰস (Cytoplasm) ত। পাছত এই পাইৰুভেট অণুৰ পৰা ইথাইল এলকহল আৰু কার্বন ডাই অক্সাইড সৃষ্টি হয়। এনে পৰিঘটনা সংঘটিত হয় এককোষী জীৱ ইষ্টৰ দেহৰ কিন্নন (fermentation) প্রক্রিয়াত। কিন্নন প্রক্রিয়াটো অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱাৰ কাৰণে এনেধৰণৰ শ্বসন প্রক্রিয়াক অবাত শ্বসন (anaerobic respiration) বোলা হয়।

            কোষৰ মাইট'কণ্ড্ৰিয়া (mitochondria) ৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেত অণ ভাঙি যায়। এই প্রক্রিয়াত তিনিটা কার্বনযুক্ত পাইৰুভেত অণু ভাঙি তিনিটা কার্বন ডাই অক্সাইড অণুৰ সৃষ্টি হয়। এই প্রক্রিয়াত পানী সৃষ্টি হয়। যিহেতু এই প্রক্রিয়াটো অক্সিজেনৰ উপস্থিতিত সংঘটিত সেইকাৰণে ইয়াক সবাত শ্বসন (aerobic respiration) বুলি কোৱা হয়। এই সবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনত উৎপাদিত শ্বসনতকৈ বহু পৰিমাণে বেছি। কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে পাইৰুভেট অণু ভাঙি লেক্টিক এছিডলৈ পৰিৱৰ্তন হয়। লেক্টিক এছিড তিনিটা কার্বন অণুযুক্ত গ্লুজ অণু ভাঙি তিনিটা কার্বন অণুযুক্ত পাইৰুভেত (Pyruvate) অণুৰ সৃষ্টি হয়। এই প্রক্রিয়াটো সংঘটিত হয় কোষৰ কোষপ্রৰস (Cytoplasm) ত। পাছত এই পাইৰুভেট অণুৰ পৰা ইথাইল এলকহল আৰু কার্বন ডাই অক্সাইড সৃষ্টি হয়। এনে পৰিঘটনা সংঘটিত হয় এককোষী জীৱ ইষ্টৰ দেহৰ কিন্নন (fermentation) প্রক্রিয়াত। কিন্নন প্রক্রিয়াটো অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱাৰ কাৰণে এনেধৰণৰ শ্বসন প্রক্রিয়াক অবাত শ্বসন (anaerobic respiration) বোলা হয়।

            কোষৰ মাইট'কণ্ড্ৰিয়া (mitochondria) ৰ ভিতৰত অক্সিজেনৰ উপস্থিতিত পাইৰুভেত অণ ভাঙি যায়। এই প্রক্রিয়াত তিনিটা কার্বনযুক্ত পাইৰুভেত অণু ভাঙি তিনিটা কার্বন ডাই অক্সাইড অণুৰ সৃষ্টি হয়। এই প্রক্রিয়াত পানী সৃষ্টি হয়। যিহেতু এই প্রক্রিয়াটো অক্সিজেনৰ উপস্থিতিত সংঘটিত সেইকাৰণে ইয়াক সবাত শ্বসন (aerobic respiration) বুলি কোৱা হয়। এই সবাত শ্বসনত উৎপাদিত শক্তিৰ পৰিমাণ অবাত শ্বসনত উৎপাদিত শ্বসনতকৈ বহু পৰিমাণে বেছি। কেতিয়াবা আমাৰ পেশী কোষত অক্সিজেনৰ পৰিমাণ কমি গ'লে পাইৰুভেট অণু ভাঙি লেক্টিক এছিডলৈ পৰিৱৰ্তন হয়। লেক্টিক এছিড তিনিটা কার্বন অণুযুক্ত।





12.    মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেকৈ পৰিবহন হয়?


Answer:  উশাহৰ সময়ত বায়ু গ্রহণ আৰু নিশাহত এৰি দিওঁতে হাওঁফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে। সেইকাৰণে নির্দিষ্ট পৰিমাণৰ অক্সিজেন গ্রহণ আৰু কার্বন ডাই অক্সাইড এৰি দিব পাৰে।প্রাণীৰ আকাৰ যথেষ্ট ডাঙৰ হলে ব্যাপন চাপে দেহৰ সকলো অংশত অক্সিজেন যথোপযুক্ত পৰিমাণে সৰবৰাহ কৰিব নোৱাৰে। এই ক্ষেত্ৰত হাঁওফাঁওত তেজৰ ৰঞ্জক পদার্থই অক্সিজেন লৈ অক্সিজেন কমি থকা কলাবোৰত বিতৰণ কৰে। মানুহৰ দেহত থকা তেজৰ ৰঞ্জক পদার্থবিধৰ নাম হল হিম’গ্লবিন (haemoglobin)অক্সিজেনৰ প্রতি হিমগ্লবিনৰ আসক্তি বহুত বেছি। তেজৰ লোহিত ৰক্ত কণিকাত এই হিমগ্লবিনবোৰ পোৱা যায়। কার্বন ডাই অক্সাইড, অক্সিজেনতকৈ পানীত বেছিকৈ দ্ৰৱীভূত হয়। সেইকাৰণে কার্বন ডাই অক্সাইড দ্ৰৱণীয় অৱস্থাত তেজত পৰিবহন হয়।


13.    প্রচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাও কিদৰে গঠিত হৈছে?


Answer: মানুহে নাসাৰন্ধ্ৰইদি (nostril) দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লয়। নাকৰ বিন্ধাত থকা নোমবোৰে ভিতৰলৈ অহা বায়ু ছেকী (Filtration) লয়। নাসাৰন্ধ্ৰত থকা শ্লেস্মাই এনে কার্যত সহায় কৰে। ইয়াৰ পাছত টেটু হৈ শ্বাসনলীয়েদি হাঁওফাঁওলৈ বায়ুৰ প্রবেশ ঘটে।

            হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবোৰক বায়ুকুপ (alveoli) বুলি কোৱা হয়। বায়ুকুপ বিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্র ৰক্ত কেশিকাই জালিকা গঠন কৰে। উশাহ লোৱাৰ সময়ত আমাৰ কামি হাড়বোৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্য়চ্ছেদা (diaphragm) খন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্রৱেশ কৰি বায়কূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কার্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে।


14.    মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি কি ? ইয়াৰ কাৰ্যসমূহ কি কি?


Answer: মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা হ'ল- হৃদযন্ত্ৰ, তেজ আৰু ৰক্তনলীকা (ধমনী আৰু সিৰা) । 

            হৃদযন্ত্ৰটোৱে শৰীৰৰ বিভিন্ন অংগৰ পৰা কাৰ্বন ডাই অক্সাইড যুক্ত তেজ সংগ্ৰহ কৰি তেজখিনি অক্সিজেনযুক্ত কৰিবলৈ হাওঁফাওঁলৈ পাম্প কৰে। আকৌ হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ সংগ্ৰহ কৰি  হৃদযন্ত্ৰই দেহৰ বিভিন্ন অংগলৈ পৰিবহন কৰে।

                তেজে অক্সিজেন, কাৰ্বন ডাই অক্সাইড, পাচিত খাদ্য়, হৰমন, ইউৰিয়া জাতীয় বৰ্জিত পদাৰ্থ আদি দেহৰ বিভিন্ন অংগলৈ পৰিবহন কৰে।

                    হৃদযন্ত্ৰই পাম্প কৰা তেজ ৰক্তনলীকা (ধমনী আৰু সিৰা) বোৰৰ মাজেদি শৰীৰৰ বিভিন্ন অংগলৈ  পৰিবহন হয়।


15.    পক্ষী আৰু স্তন্যপায়ী প্রাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্রয়োজন?


Answer: পক্ষী আৰু স্তন্যপায়ী প্রাণীক সিহঁতৰ শৰীৰৰ উষ্ণতা বৰ্তাই ৰাখিবলৈ নিৰবিচ্ছিন্ন অক্সিজেনৰ যোগানৰ অতি প্ৰয়োজন।  বিশুদ্ধ আৰু অশুদ্ধ তেজ পৃথক কৰি ৰাখিলে বিভিন্ন অংগলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নিৰবিচ্ছিন্নভাৱে যোগান ধৰাটো সম্ভব হয়।


16.    উচ্চখাপৰ উদ্ভিদৰ পৰিবহন তন্ত্রৰ অংগসমূহ কি কি ?


Answer: উচ্চখাপৰ উদ্ভিদত দুই ধৰণৰ সংবহন কলা থাকে- জাইলেম কলা আৰু ফ্লৱেম কলা। জাইলেম কলাই পানী আৰু খনিজ লৱণ পৰিবহন কৰে, আনহাতে ফ্লৱেম কলাই পাতত প্ৰস্তুত হোৱা খাদ্য় উদ্ভিদৰ দেহৰ বিভিন্ন অংশলৈ পৰিবহন কৰে।

            জাইলেম কলাৰ বিভিন্ন উপাংশ সমূহ হল- নলীকা, ট্ৰেকাইড, জাইলেম তন্তু আৰু জাইলেম পেৰেণকাইমা। আনহাতে ফ্লৱেম কলাৰ উপাংশ সমূহ হল- চালনী নলিকা, সংগীকোষ, ফ্লৱেম তন্তু আৰু ফ্লৱেম পেৰেণকাইমা।


17.    উদ্ভিদৰ দেহত পানী আৰু খনিজ লবণ কেনেদৰে পৰিবহন হয় ?


Answer: উদ্ভিদৰ পৰিবহন তন্ত্রই পাতৰ পৰা সঞ্চিত শক্তি আৰু শিপাৰ পৰা কেঁচা সামগ্ৰী সৰবৰাহ কৰে। এহ দুয়োটা সৰবৰাহৰ পথ স্বতন্ত্রভাবে সংবহন নলিকাৰে গঠিত আৰু পৰিচালিত। ইয়াৰে এটা জাইলেম কলাৰে গঠিত যিয়ে পানী আৰু খনিজ লৱন মাটিৰ পৰা পৰিবহন কৰে। আনটো হল ফ্লৱেম কলা যিয়ে সালোক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে। জাইলেম কলাৰ নলিকা, (ট্রেকাইড) বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে। শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পর্শ কৰি থাকে সেইবিলাকে সক্রিয়ভাবে আয়নবিলাক গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়েহে, এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ ফলত,শিপাৰ জাইলেমলৈ নিয়মিয়াকৈ পানীৰ প্ৰবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি নিয়মিয়াকৈ ওপৰলৈ ঠেলি থাকে।

        অসম্ভৱ যেন লাগিলেও আমি সচৰাচৰ দেখি থকা উদ্ভিদবিলাকৰ উচ্চতালৈকে পানী গতি কৰিবলৈ এই দৰে সৃষ্টি হোৱা চাপ (pressure) টোৱেই যথেষ্ট। উদ্ভিদে দেহৰ অতি বেচি উচ্চতালৈকে পানী গতি কৰিবলৈ আন এক কৌশলো যদিহে উদ্ভিদে পর্যাপ্ত পৰিমাণৰ পানীৰ যোগান পাই থাকে তেতিয়া উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰই এৰি দিয়া পানীখিনি জাইলেমে পুনৰ পাতত প্রতিস্থাপিত কৰিব পাৰে। আচলতে, পাতৰ কোষবোৰে পানীৰ অণুবিলাক বাষ্পকাৰে এৰি দিয়াৰ ফলত পাতত এটা শোষণ বলৰ সৃষ্টি হয় আৰু ইয়াৰ বাবেই শিপাত থকা জাইলেম পানী শোষণ কৰিবলৈ বাধ্য হয়। উদ্ভিদে শোষণ কৰা জলীয় বাষ্প অতিৰিক্ত পানী বায়বীয় অংগই বাস্পকাৰে এৰি দিয়া প্রক্রিয়াটোকে পত্রমোচন বা বাষ্পমোচন (Transpiration) বোলে।এইদৰেই, বাষ্পমোচনে পানী আৰু তাত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ আৰু শিপাৰ পৰা পাতলৈ উর্ধমুখী গতি লাভ কৰাত সহায় কৰে। ই তাপমাত্রা নিয়ন্ত্রণ কৰি ৰখাতে সহায় কৰে।। ৰাতিটোৰ ভাগত পানীৰ পৰিবহনত মূল চাপে (Root Pressure) গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। দিনৰ ভাগত যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্র মুকলি হৈ থাকে তেতিয়া বাষ্পমোচনে জাইলেমৰ মাজেৰে পানী পৰিবাহিত হোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰে।


18.    উদ্ভিদৰ দেহত খাদ্যৰ কেনেদৰে সংবহন ঘটে ?


Answer: সালোক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত দ্ৰৱণীয় পদার্থবিলাকৰ পৰিবহনক খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ (Translocation) বোলে আৰু ই উদ্ভিদৰ ফ্লৱেম নামৰ সংবহন কলাৰ যোগেদি সম্পন্ন হয়। তদুপৰি, ফ্লৱেমে সালোক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত দ্রব্যৰ উপৰিও এমিনএচিড (Amino acid) আৰু আন কিছুমান পদার্থও পৰিবহন কৰে। এইবিলাক পদার্থ বিশেষকৈ শিপা, ফল, বীজ আৰু বিকশিত অংগলৈ স্থানান্তৰণ ঘটে। খাদ্য আৰু আন পদার্থবিলাক উদ্ভিদৰ দেহত সংবহন বা স্থানান্তৰণ উৰ্ধমুখী আৰু অধোমূখী দুয়োতা দিশতে চালনি নলীকা আৰু তাৰ গাতে লাগি থকা সংগী কোষৰ সহায়ত সংঘটিত হয়।

            ফ্লৱেমৰ যোগেদি সংঘটিত খাদ্য সংক্রমণ বা খাদ্য স্থানান্তৰণ প্রক্রিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয়। চুক্ৰুজ (Sucrose) ৰ দৰে পদার্থবিলাক ফ্লৱেম কলাৰ ভিতৰলৈ স্থানান্তৰণ হওঁতে ATP ৰ পৰা আহৰণ কৰা শক্তি ব্যৱহাৰ কৰে। ইয়াৰদ্বাৰা ফ্লৱেমৰ আসৃতি চাপৰ বৃদ্ধি ঘটে ফলত পানী তাৰ ভিতৰলৈ গতি কৰে। এই চাপৰ সহায়তে পদার্থবিলাক কম চাপযুক্ত ফ্লৱেম কলালৈ গতি কৰে। ইয়াৰ ফলতে উদ্ভিদ দেহৰ প্রয়োজনীয় অঞ্চললৈ ফ্লৱেম কলাই পদার্থৰ বা খাদ্যৰ সংবহন ঘটায়। 


19.    নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা।


Answer: নেফ্ৰন হল বৃক্কৰ এক প্ৰাথমিক কাৰ্যকৰী একক। হাওঁফাওঁত যিদৰে অসংখ্য় সৰু সৰু ৰক্তজালিকা থাকে তেনেদৰে বৃক্কতও অসংখ্য় পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয়। এনে নলীকাবোৰে তেজ চেকাত সহায় কৰে। প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য় নলীকাৰ একক থাকে। এইবোৰেই হৈছে নেফ্ৰন।এই নেফ্ৰনবোৰ ইটো সিটোৰ লগত সংঘবদ্ধ হৈ থাকে। প্ৰতিটো বৃক্কত ১-২ নিযুত নেফ্ৰন থাকে।

    প্ৰতিটো নেফ্ৰনৰ দুটা অংশ থাকে। প্ৰথম অংশটো হল এটা কাপ সদৃশ অংশ যাক বমানচ কেপচুল বুলি কোৱা হয়।বমানচ কেপচুলত অসংখ্য় সৰু সৰু ৰক্তজালিকাৰ থুপ থাকে। এইবোৰক গ্লমেৰুলাছ বোলে। গ্লমেৰুলাছৰ এটা মূৰ অন্তঃবাহী বৃক্কধমনীৰ লগত সংযুক্ত হৈ থাকে।অন্তঃবাহী বৃক্কধমনীয়ে ইউৰিয়া যুক্ত অশুদ্ধ তেজ বমানচ কেপচুললৈ লৈ আহে, যত এই অশুদ্ধিবোৰ চেকা হয়।নেফ্ৰনৰ আনটো মূৰ হৈছে নলিকা। নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুকজ, এমিন এছিড, লৱণ আৰু প্ৰচুৰ পৰিমানৰ পানী চেকি লোৱাৰ পিছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। প্ৰতিটো বৃক্কত উত্পন্ন হোৱা মূত্ৰ নেফ্ৰনৰ দীঘল নলীকা মূত্ৰনলীলৈ সোমাই আহে। 





20.    উদ্ভিদে কি কি উপায়ে বৰ্জিত পদার্থ ত্যাগ কৰে?


Answer: উদ্ভিদৰ ক্ষেত্ৰত সালোক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত অক্সিজেনকো বর্জনীয় পদার্থ হিচাপে গণ্য় কৰা হয়। উদ্ভিদে 02 আৰু CO2 গেছ পত্ৰৰন্ধ্ৰৰ দ্বাৰা বিনিময় কৰে। উদ্ভিদে বাষ্পমোচনৰ সহায়ত অত্যধিক পানী এৰি দিয়ে। বর্জিত পদাৰ্থৰ ক্ষেত্ৰত, উদ্ভিদে প্রকৃততে সিহঁতৰ দেহৰ মৃত কোষৰ কলাবিলাকৰ যোগেদি আৰু কেতিয়াবা পাতৰ দৰে সৰি পৰা অংগৰ যোগেদি ৰেচন ক্ৰিয়া সমাধা কৰে | প্ৰায়খিনি বৰ্জিত পদার্থ কোষৰ ৰসধানীত সঞ্চিত হৈ থাকে। কেতিয়াবা উত্পাদিত বৰ্জিত পদাৰ্থ সৰি পৰা পাতটো  সঞ্চিত কৰি ৰাখে। অন্যান্য কিছুমান উৎপাদিত বৰ্জিত পদাৰ্থক বিশেষকৈ পুৰঠ জাইলেম কলাত ৰেজিন (Resin) আৰু আঠা (Gum) হিচাপে সঞ্চিত কৰি ৰাখে। উদ্ভিদে কেতিয়াবা কিছুমান বর্জিত পদার্থ সিহঁতৰ চাৰিওপাশে থকা মাটিত উলিয়াই দিয়ে।


21.    কেনেকৈ মুত্ৰ উৎপন্নৰ পৰিমান নিয়ন্ত্ৰন কৰিব পাৰি?

Answer: বৃক্কত থকা নেফ্ৰনবোৰে প্ৰাথমিক অৱস্থাত গ্লুকজ, এমিন এছিড, লৱণ আৰু প্ৰচুৰ পৰিমানৰ পানী চেকি লোৱাৰ পিছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমানৰ দ্ৰৱীভূত বৰ্জিত পদাৰ্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয়। ইয়ে মূত্ৰৰ পৰিমাণ নিয়ন্ত্ৰন কৰে।

 

 

অ নু শীলনী



 1. মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ

(a) পৰিপুষ্টি

(b) শ্বসন

 (c) ৰেচন

(d) পৰিবহন


Answer: (c) ৰেচন


2. উদ্ভিদৰ দেহত জাইলেমৰ কাম হ'ল

(a) পানীৰ পৰিবহন।

(b) খাদ্যৰ পৰিবহন

(c) এমিনএছিডৰ পৰিবহন

(d) অক্সিজেনৰ পৰিবহন


Answer: (a) পানীৰ পৰিবহন।


3. স্বপোষীয় পৰিপুষ্টিত প্রয়োজন হয়

 (a) কার্বন ডাই অক্সাইড আৰু পানী।

(b) পত্ৰহৰিৎ

(c) সূৰ্যৰ পোহৰ

(d) ওপৰৰ আটাইকেইটা।


Answer: (d) ওপৰৰ আটাইকেইটা।


4. পাইৰুভেট অণু ভাঙি কার্বনডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয় –

(a) চাইটপ্লাজমত

(b) মাইটকন্ড্রিয়াত

(c) ক্ল'ৰপ্লাষ্টত

(d) কোষকেন্দ্ৰত


Answer: (b) মাইটকন্ড্রিয়াত


6. পাচনত লালটিৰ ভূমিকা কি?

Answer: লালটিয়ে পাচন প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লালটিত থকা শ্লেষ্মাই খাদ্য়খিনি পিচল কৰি তোলে। ইয়াৰ ফলত খাদ্য়খিনি খাদ্য়নলীৰ পশ্চাত্ অংশলৈ গতি কৰিবলৈ সহজ হয়। লালটিত থকা পাচক উত্সেচক লালটি এমাইলেজে খাদ্য়ৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱৰ্তিত কৰে।

7. স্বপাোষীয় পুষ্টিৰ কাৰণে কি কি কাৰকৰ প্রয়োজন? ইয়াৰ উপজাত পদার্থবোৰ কি কি ?

Answer: স্বপাোষীয় পুষ্টিৰ কাৰণে প্ৰয়োজনীয় কাৰকবোৰ হল- সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড গেছ আৰু পানী। ইয়াৰ উপজাত পদাৰ্থবোৰ হল- অক্সিজেন আৰু পানী।

৪. সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য কি কি? সবাত আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণীৰ নাম লিখা।

Answer: সবাত আৰু অবাত শ্বসনৰ মাজত পার্থক্য হল-


সবাত শ্বসন

অবাত শ্বসন

১. অক্সিজেনৰ উপস্থিতিত সংঘটিত হয়

১. অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হয়

২. গ্লুকজ অণু সম্পূৰ্ণৰূপে জাৰিত হৈ কার্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়।

২. গ্লুকজ অণু আংশিকভাৱে জাৰিত হৈ কার্বন ডাই অক্সাইড, ইথাইল এলকহল আৰু শক্তি উৎপন্ন হয়।

৩. উৎপন্ন হোৱা শক্তিৰ পৰিমাণ অধিক।

৩. উৎপন্ন হোৱা শক্তিৰ পৰিমাণ কম।

৪. ই মাইটকন্ড্ৰিয়াত সংঘটিত হয়।

৪. ই কোষকেন্দ্ৰত সংঘটিত হয়।


সবাত শ্বসন সম্পাদন কৰা প্ৰাণী হল- মানুহ আৰু অবাত শ্বসন সম্পাদন কৰা প্ৰাণী হল- ইষ্ট।


9. প্ৰচুৰ পৰিমাণৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেকৈ গঠিত হৈছে?

Answer: হাওঁফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ বায়ুকূপ (বায়ুকোষ) গঠন কৰে। বায়ুকোষ বিলাকত অসংখ্য় ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে। যেতিয়া হাওফাওঁৰ ভিতৰলৈ বায়ু প্ৰবেশ কৰি বায়ুকোষবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে, তেতিয়া দেহৰ বিভিন্ন অংশৰপৰা তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ু কোষবোৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শোষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। প্ৰতিটো হাওঁফাওঁত নিযুত নিযুত বায়ুকোষ থাকে যাৰ ফলত হাওঁফাওঁৱে প্ৰচুৰ পৰিমাণে গেছ বিনিময় কৰিব পাৰে।

10. আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে কি হ?

Answer: আমাৰ দেহত অক্সিজেনৰ পৰিমাণ কমি গ'লে আমাৰ দেহত শক্তিৰ অভাবে দেখা দিব, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাব আৰু শৰীৰ বিবৰ্ণ হৈ পৰিব। 

11. মানুহৰ দেহত সংঘটিত দ্বৈত ৰক্ত সংবহন তন্ত্ৰটো বর্ণনা কৰা। ইয়াৰ প্রয়োজন কি ?

Answer: মানুহৰ দেহত তেজ চলাচলৰ এটা চক্ৰ সম্পূৰ্ণ হওঁতে হৃদযন্ত্ৰৰ মাজেৰে তেজ দুবাৰ              পৰিবাহিত হয়। ইয়াকে তেজৰ দ্বৈত পৰিবহন বোলে। মানুহৰ দেহৰ বিভিন্ন অংগৰপৰা অক্সিজেনবিহীন তেজ হৃদযন্ত্ৰৰ সোঁ অলিন্দত প্ৰবেশ কৰে, যৰ পৰা ই সোঁ নিলয়ত প্ৰবেশ কৰে আৰু তাৰ পিছক সোঁ নিলয়টো সংকুচিত হৈ তেজ হাওঁফাওঁলৈ যায় যত তেজসমূহ অক্সিজেনযুক্ত হয়। এই অক্সিজেনযুক্ত তেজ তাৰ পিছক বাওঁ অলিন্দলৈ আহে আৰু বাওঁ নিলয় হৈ দেহৰ সকলো অংশলৈ যায়। এই সম্পূৰ্ণ চক্ৰটোত তেজসমূহ হৃদযন্ত্ৰৰ মাজেৰে দুবাৰ পৰিবাহিত হয়।

             দ্বৈত পৰিবহনৰ প্ৰয়োজন হ'ল-

     ১. ই অক্সিজেনযুক্ত আৰু অক্সিজেনবিহীন তেজৰ সম্পূৰ্ণ পৃথকীকৰণ সুনিশ্চিত কৰে।

     ২. ই দেহৰ কোষসমূহলৈ পৰ্যাপ্ত পৰিমাণৰ অক্সিজেনৰ যোগান সুনিশ্চিত কৰে।


12. জাইলেম আৰু ফ্লৱেম দ্ৰব্যৰ পৰিবহনৰ পাৰ্থক্যবোৰ কি কি?

Answer: জাইলেম আৰু ফ্লৱেমৰ দ্ৰৱ্য়ৰ পৰিবহনৰ পাৰ্থক্য়বোৰ হ'ল-

                    (১)  জাইলেম কলাই উদ্ভিদ দেহত পানী আৰু খনিজ লৱণ পৰিবহন কৰে, ফ্লৱেমে পাতত  প্ৰস্ত ুত হোৱা খাদ্য় বিভিন্ন অংগলৈ পৰিবহন কৰে ।
                    (২) জাইলেমৰ পৰিবহন উৰ্ধমুখি,  ফ্লৱেমৰ পৰিবহন উৰ্ধমুখি আৰু অধোমুখি দুয়োটা দিশতে হয় ।
                (৩) জাইলেম কলাৰ যোগেদি হোৱা সংবহন সৰল ভৌতিক বলৰ সহায়ত সংঘটিত হয়। ফ্লৱেমৰ যোগেদি হোৱা সংবহন সঞ্চিত শক্তি ব্য়ৱহাৰ কৰিহে সম্পন্ন হয়। 


13. হাঁওফাঁওৰ বায়ুকোষ আৰু বৃক্কৰ নেফ্রনৰ গঠন আৰু কাৰ্যৰ মাজত তুলনা কৰা।

Answer:  


হাওঁফাওঁৰ বায়ুকোষ

বৃক্কৰ নেফ্ৰন

১. ইহঁত মোনাসদৃশ

১. ইহঁত চুঙা আকৃতিৰ

২. বায়ুকোষৰ বেৰবোৰ ডাঠ

২. নেফ্ৰনৰ বেৰবোৰ পাতল

৩. এইবোৰে তেজৰ মাজত বায়ুৰ আদান প্ৰদান কৰে

৩.এইবোৰে পৰিশোধিত মূত্ৰ সংগ্ৰহ কৰে

৪. গেছৰ বিনিময় ব্য়াপনৰ দ্বাৰা সংঘটিত হয়

৪. চাপৰ পাৰ্থক্য়ৰ বাবে পদাৰ্থৰ বিনিময় সংঘটিত হয়।


Comments

Post a Comment

If you have any doubt please let me know

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)