2019 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান
- Get link
- X
- Other Apps
Full Marks : 90, Pass Marks :27, Time:3 hours
GROUP-A / ক—ভাগ
1.তলৰ প্ৰতিটো প্রশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত মাত্র এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা
(a) এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্রিয়া কৰি গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে দ্ৰৱটোত আছে— 1
(i) NaCl (ii) HCl (iii) LiCl (iv) KCl
উত্তৰঃ (ii) HCl
(b) এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো হল 1
(i)কেলছিয়াম (ii) কাৰ্বন (ii) চিলিকন (iv) আইৰণ
উত্তৰঃ (i) কেলছিয়াম
(c ) মৌল Xয়ে XCl2 সংকেতৰ ক্ল’ৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গত থকাৰ সম্ভাৱনা সবাতোকৈ বেছি 1
(i)Na ii) Mg (iii) Al (iv) Si
উত্তৰঃ (ii) Mg
(d) আমাৰ লালটিত থকা উৎসেচক বিধক বোলা হয় 1
i)এমাইলেজ (ii)লাইপেজ (ii) ত্ৰিপচিন (iv) পেপচিন
উত্তৰঃ এমাইলেজ
(e) মগজুৰ যি অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষাকার্য নিয়ন্ত্রণ কৰে, সেইটো হ’ল 1
(i) ডায়েনচেফালন (ii) চেবিব্রাম (iii) চেৰিবেলাম (iv) মেডুলা অবলংগাতা
উত্তৰঃ (iii) চেৰিবেলাম
(f) জীৱৰ ক্ৰমবিকাশ প্রক্রিয়াত, যি প্ৰক্ৰিয়াৰ দ্বাৰা কোনো এটা প্ৰজাতিৰ জীৱসমূহৰ চাৰিত্রিক বৈশিষ্ট্যসমূহৰ বিভিন্ন কাৰকৰ প্ৰভাৱৰ ফলত পৰিৱৰ্তন ঘটি নতুন চাৰিত্রিক বৈশিষ্ট্যসম্পন্ন জীৱৰ উদ্ভৱ হয়, সেই প্রক্রিয়াক বোলা হয় 1
(i) প্ৰজাতিকৰণ (ii) ক্ৰমবিকাশ (iii) বংশানুক্ৰম (iv) বিভিন্নতা
উত্তৰঃ (i) প্ৰজাতিকৰণ
(g) লক্ষ্যবস্ত ুৰ সমান আকাৰৰ সৎ প্রতিবিম্ব পাবলৈ হ'লে, লক্ষ্যবস্ত ুটো উত্তল লেছৰ সন্ম ুখত কোন স্থানত ৰা ৰাখিব লাগিব ? 1
(i) লেন্ছৰ মুখ্য ফ’কাছত (ii) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(iii) অসীমে (iv) আলোক কেন্দ্র আৰু মুখ্য ফ’কাছৰ মাজত
উত্তৰঃ (ii) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত
(h) নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ’ল 1
(i) 25 m (ii) 25 cm (iii) 2.5 cm (iv) 2.5 m
উত্তৰঃ (ii) 25 cm
(i) বৈদ্য়ুতিক শক্তিৰ ব্য়ৱহাৰিক একক 1 kWh মানে 1
(i)36x106 J (ii) 3.6x106 J (iii) 3.6x105 J (iv) 36x104 J
উত্তৰঃ (ii) 3.6x106 J
(j) তলৰ কোনটো জীৱ-ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ? 1
(i) খৰি (ii) নিউক্লীয় শক্তি (iii) গোবৰ গেছ (iv) কয়লা
উত্তৰঃ (ii) নিউক্লীয় শক্তি
NaOH (ক্ষাৰক) + HCl (এছিড)→ NaCl (লৱণ) + H2O (পানী)
KOH (ক্ষাৰক) + HCl (এছিড)→ KCl (লৱণ) + H2O (পানী)
9. আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম লিখা। কণাবিধৰ কাৰ্য উল্লেখ কৰা। 1+1=2
উত্তৰঃ আমাৰ তেজত থকা স্বাস কণাবিধৰ নাম হিম'গ্ল'বিন। হিম'গ্ল'বিনে হাওঁফাওঁৰ পৰা অক্সিজেন লৈ শৰীৰৰ বিভিন্ন অংশলৈ লৈ গৈ বিতৰণ কৰে।
10. এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ দুটা পার্থক্য লিখা। 2
উত্তৰঃ এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ দুটা পাৰ্থক্য় হ'ল-
(1) এক্সনে বৈদ্য়ুতিক প্ৰেৰণা দেহকোষৰ পৰা দূৰলৈ আন স্নায়ুকোষলৈ প্ৰেৰণ কৰে, আনহাতে ডেনড্ৰাইটে বাহিৰৰ পৰা বৈদ্য়ুতিক প্ৰেৰণা দেহকোষলৈ প্ৰেৰণ কৰে।
(2) এটা স্নায়ুকোষত মাত্ৰ এডালহে এক্সন থাকে, কিন্ত ু এটা স্নায়ুকোষত অসংখ্য় ডেনড্ৰাইট থাকে ।
11. প্রজনন প্রক্রিয়াত DNA-ৰ প্রতিলিপিকৰণৰ প্ৰয়ােজনীয়তা কি? 2
উত্তৰঃ প্রজনন প্রক্রিয়াত DNA প্ৰতিলিপিকৰণে সুনিশ্চিত কৰে যাতে প্ৰতিটো অপত্য় কোষে সমান সংখ্য়ক DNA লাভ কৰে। DNA ৰ প্ৰতিলিপিকৰণত অপত্য় DNA ডাল হুবহু একে নহয়, ফলত জীৱকূলৰ মাজত বৈশাদৃশ্য়তা সৃষ্টি হয় আৰু ই বিৱৰ্তনত সহায় কৰে।
12. 15 cm ফ’কাছ দৈর্ঘ্যৰ উত্তল দাপােণ এখনৰ পৰা 10 cm দূৰত্বত এটা বস্ত ু ৰখা হ'ল। প্রতিবিম্বটোৰ অৱস্থান আৰু প্রকৃতি নির্ণয় কৰা। 1+1=2
উত্তৰঃ দিয়া আছে,
f= 15 cm
u= -10 cm
যিহেতু, 1/f=1/u + 1/v
1/v = 1/f- 1/u
= 1/15- 1/(-10)
= 2+3/30
= 1/6
v= 6
এতেকে, দাপোনৰ পৰা 6 cm দূৰত্বত প্ৰতিবিম্ব গঠন হব। প্ৰতিবিম্বটো অসত্ আৰু থিয়।
নাইবা
5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাছ দৈর্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্র আঁকা। 2
উত্তৰঃ
1. এই পদাৰ্থ বিলাকে পৰিবেশত নিষ্ক্ৰিয় বা সাধাৰণভাবে বহুত দিনলৈ থাকি যাব পাৰে আৰু ই পৰিবেশ তন্ত্ৰৰ জীৱবিলাকক বা কাৰকবিলাকক বিভিন্ন প্ৰকাৰে ক্ষতি কৰে।
2. প্লাষ্টিক আদিৰ দৰে অজৈৱ নিম্নিকৰণ পদাৰ্থবোৰ বহুদিনলৈকে পানী, বতাহ আৰু সূৰ্য্য়ৰ পোহৰ আদিৰ প্ৰভাৱত থাকিলে কিছুমান বিষাক্ত গেছ নিৰ্গত হয়। এই গেছবোৰে জীৱ সমূহৰ বিপাক ক্ৰিয়াৰ (metabolism) চূড়ান্ত ক্ষতিসাধন কৰি বিভিন্ন ৰোগ যেনে কেন্সাৰ আদিও সৃষ্টি কৰিব পাৰে। তাৰোপৰি এই গেছবোৰে বায়ু, মাটি আৰু ভূগৰ্ভৰ পানীও প্ৰদূষিত কৰিব পাৰে।
17. তােমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত -পানী আৰু আন দুটাত ক্রমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তােমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্ৰতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা ? 3
উত্তৰঃ ৰঙা লিটমাছ কাগজখন এটাৰ পিছত এটাকৈ তিনিওটা পৰীক্ষানলত থকা দ্ৰৱত ডুবোৱা হ'ল। যিটো দ্ৰৱই ৰঙা লিটমাছ কাগজক নীলা কৰিব সেইটো দ্ৰৱ ক্ষাৰকীয় হ'ব। এতিয়া এই নীলা লিটমাছ কাগজখন এছিডৰ পৰীক্ষাৰ বাবে ব্য়ৱহাৰ কৰিব পৰা যাব। এই নীলা লিটমাছ পেপাৰখন বাকী থকা দুয়োটা পৰীক্ষানলত এটাৰ পিছত এটাকৈ ডুবালে যিটো দ্ৰৱই ইয়াৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব সেই দ্ৰৱটো এছিড হ'ব আৰু যিটো দ্ৰৱই নীলা লিটমাছ পেপাৰখনৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে সেইটো দ্ৰৱ হ'ব পাতিত পানী।
নাইবা
এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ? 1+1+1=3
উত্তৰঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয়।উদাহৰণ স্বৰূপে ছডিয়াম ধাতুৱে হাইড্ৰ’ক্ল’ৰিক এছিডৰ লগত বিক্ৰিয়া কৰিলে ছডিয়াম ক্লৰাইড লৱণ আৰু হাইড্ৰ’জেন গেছ উত্পন্ন কৰে
Na(s) + HCl(aq)→ NaCl(aq) + H2(g)
পৰীক্ষাঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে উত্পন্ন কৰা গেছক চাবোন পানীৰ মাজেৰে পাৰ হব দিলে চাবোন পানীত বুদবুদৰ সৃষ্টি হব। এতিয়া এডাল জ্বলি থকা মম গেছ ভৰ্তি বদবুদৰ ওচৰত ধৰিলে হাইড্ৰজেন গেছ ফট্ ফট্ শব্দ কৰি জ্বলিব।
18. (a) অক্সিজেন বৃদ্ধি অথবা ক্ষতিৰ সংজ্ঞাৰে তলৰ পদসমূহৰ এটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা। 2
(i) জাৰণ (ii) বিজাৰণ
(b) বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি লব লাগে কিয় ? 1
জাৰণঃ বিক্ৰিয়া এটাত পদাৰ্থ এটাই অক্সিজেন লাভ কৰিলে পদাৰ্থটোক জাৰিত হোৱা বুলি কোৱা হয়।যেনেঃ
ZnO + C→ Zn+ CO, বিক্ৰিয়াটোত C এ অক্সিজেন লাভ কৰিছে অৰ্থাত্ জাৰিত হৈছে।
(ii) বিজাৰণঃ বিক্ৰিয়া এটাত পদাৰ্থ এটাই যেতিয়া অক্সিজেন হেৰুৱাই তেতিয়া পদাৰ্থটোক বিজাৰিত হোৱা বুলি কোৱা হয়। যেনে ওপৰত উল্লেখ কৰা বিক্ৰিয়াটোত Zn এ অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে।
(b) বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ মেগনেছিয়ামে বায়ুমন্ডলীয় অক্সিজেনৰ সঐতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড (MgO)ৰ এটা তৰপ সৃষ্টি কৰে। অক্সিজেনৰ লগত পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰিবলৈ ইয়াক পৰিষ্কাৰ কৰি ল'ব লাগে।
19. (a) কোনটো মৌলৰ দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেক্ট্রন আছে ? 1
(b) পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7.এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি ? 1
(c) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম—এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্রজেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে ?1
(a) কাৰ্বনৰ দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুন ইলেকট্ৰন থাকে।
(b) মৌলটোৰ পাৰমাণৱিক সংখ্য়া 17
(c) লিথিয়াম, ছ’ডিয়াম, পটেছিয়াম এই মৌলকেইটাৰ প্ৰত্য়েকৰে পৰমাণুৰ বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন আছে।
নাইবা
পৰ্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু Cৰ স্থানসমূহ তলত দেখুওৱা হৈছে :
Group16 Group 17
---- ---
---- A
---- ----
B C
(a) মৌল A ধাতু নে অধাতু ? 1 (b) C মৌলটো Aতকৈ বেছি সক্রিয় নে কম সক্রিয় ? 1
(c) C মৌলটো আকাৰত Bতকৈ ডাঙৰ নে সৰু ? 1
উত্তৰঃ (a) মৌল A অধাতু
(b) C মৌলটো A তকৈ কম সক্ৰিয়
(c) C মৌলটো আকাৰত B তকৈ সৰু
20. হৰম'ন কি? উদ্ভিদৰ বৃদ্ধিত অৰিহণা যােগােৱা হৰম'ন বা সঞ্জীৱনী পদাৰ্থৰ এটা উদাহৰণ দিয়া। সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন আৰু কাণ্ডই পােহৰৰ দিশত কৰা গতিৰ মাজৰ পার্থক্য আছেনে ? 1+1+1=3
উত্তৰঃ হৰম'ন হল কিছুমান বিশেষ কাৰ্য সমাধা কৰিবলৈ কিছুমান বিশেষ ধৰণৰ কোষৰ দ্বাৰা নিৰ্গত কিছুমান ৰাসায়নিক পদাৰ্থ। হৰমন বিলাকে জীৱদেহৰ নিয়ন্ত্ৰণ আৰু সমন্বয় প্ৰক্ৰিয়াত সহায় কৰে। উদ্ভিদৰ বৃদ্ধিত অৰিহণা যোগোৱা এবিধ সঞ্জীৱনী পদাৰ্থ হল- অক্সিন।
সংবেদী উদ্ভিদ এজোপাৰ পাতৰ চলন হল স্পৰ্শ উদ্দীপনাৰ ফলত হোৱা চলন, ই উদ্দীপকৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে। এই চলন খুব ক্ষীপ্ৰতাৰে হয়। আনহাতে, কাণ্ডই পোহৰৰ দিশত কৰা চলন পোহৰ উদ্দীপনাৰ ফলত হয়, ই উদ্দীপনাৰ দিশ অৰ্থাত্ পোহৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই চলন খুব লাহে লাহে হয়।
নাইবা
জলানুবেগ কি? এটা পৰীক্ষামূলক আৰ্হিৰ সহায়ত জলানুবেগ প্রদর্শিত কৰা। 1+2=3
উত্তৰঃ উদ্ভিদৰ শিপাৰ পানীৰ দিশত হোৱা চলনকে জলানুবেগ বা জলানুবেগি চলন বোলে।
এটা পাত্ৰত অলপ মাটি লৈ তাত যিকোনো উদ্ভিদৰ এটা পুলি ৰোৱা হল। পুলিটোৰ পৰা অলপ আঁতৰত এটা ৰন্ধ্ৰযুক্ত পাএত অলপ পানী থোৱা হল। এনেদৰে পাত্ৰটো কেইদিনমানৰ বাবে থৈ দিলে দেখা যাব যে উদ্ভিদজোপাৰ শিপা পানীৰ পাত্ৰটোৰ দিশলৈ চিত্ৰত দেখুওৱাৰ দৰে বেঁকা হৈ যাব ।
21. সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া বর্ণনা কৰা। 3
উত্তৰঃ উদ্ভিদে যৌন আৰু অযৌন দুয়োটা প্ৰক্ৰিয়াৰে প্ৰজনন কৰিব পাৰে। সপুষ্পক উদ্ভিদবোৰে সাধাৰণতে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে। উদ্ভিদৰ ফুল হৈছে ইয়াৰ প্ৰজনন অংগ। ফুলত থকা পুংকেশৰ আৰু স্ত্ৰীকেশৰেই হল প্ৰজনন অংগ য’ত জননকোষ বিলাক থাকে।পুংকেশৰ হল পুং জনন অংগ য’ত পৰাগৰেণুৰ উত্পত্তি হয়। স্ত্ৰীকেশৰ বিলাক ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত আৰু ইয়েই হল ফুলৰ স্ত্ৰীজনন অংগ। ইয়াত প্ৰধানকৈ তিনিটা অংগ থাকে-
গৰ্ভাশয় (Ovary), গৰ্ভদন্ড (Style) আৰু গৰ্ভমুন্ড(Stigma) ।গৰ্ভাশয়ত ডিম্বক (Ovule) বিলাক থাকে আৰু ইয়াৰ প্ৰত্য়েকটোত একোটাকৈ ডিম্ব (egg) থাকে।পুংজনন কোষ (Male gamete) বিলাক পৰাগ ৰেণুৰ(pollen grain) ভিতৰত উত্পন্ন হয় আৰু এইবিলাকৰ লগত ডিম্বকৰ ভিতৰত অৱস্থিত ডিম্ব যাক স্ত্ৰীজনন কোষ (Female germ cell/ Female gamete ) বুলি কোৱা হয় তাৰ মিলন বা যোজন হয়। এই প্ৰক্ৰিয়াক নিষেচন (Fertilization) বোলে। দুই জনন কোষৰ যোজনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ (Zygote) বুলি কোৱা হয় আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালত নতুন উদ্ভিদৰ জন্ম হয়।
নাইবা
প্ৰজনন প্রক্রিয়াই কোনাে প্রজাতিৰ জীৱৰ আবাদীৰ স্থিতি ৰক্ষা কৰাত কেনেকৈ সহায় কৰে ? 3
উত্তৰঃ প্ৰজনন প্ৰক্ৰিয়া হল জীৱ এটাৰ বংশবৃদ্ধি কৰাৰ একমাত্ৰ উপায়। গতিকে কোনো এটা প্ৰজাতিৰ জীৱৰ আবাদিৰ স্থিতি ৰক্ষাৰ কৰাত বিশেষভৱে সহায় কৰে । প্ৰজনন প্ৰক্ৰিয়াই জীৱ এটা পৃথিৱীত বৰ্তি থকাত সহায় কৰে আৰু জীৱটো পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱাত বাধা দিয়ে। ইয়াৰ দ্বাৰাই জীৱ এটাৰ জন্ম আৰু মৃত্য়ুৰ অনুপাতৰ ভাৰসাম্য়তা ৰক্ষা কৰে। প্ৰজনন প্ৰক্ৰিয়াৰ যোগেদিয়েই জীৱকূলত ভিন্নতা আৰু ক্ৰমবিকাশৰ পথ সূচল হয়।
22. ক্রমবিকাশ আৰু শ্রেণী বিভাজনৰ মাজৰ সম্পর্ক ব্যাখ্যা কৰা। 3
উত্তৰঃসকলো জীৱৰে কিছুমান সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট থাকে। সকলো জীৱৰে দেহ কোষেৰে গঠিত হোৱাটো ইহঁতৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট । ডাৰউইনৰ ক্ৰমবিকাশৰ সূত্ৰমতে জীৱবিলাক ক্ৰমবিকাশৰ যোগেদি সিঁহতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। ইয়াৰ লগে লগে সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট বিলাকৰো পৰিৱৰ্তন হয়। যিহেতু জীৱবিলাকৰ শ্ৰেণীবিভাজন সিহঁতৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্টৰ ভিত্তিত কৰা হয় গতিকে ক্ৰমবিকাশৰ লগত শ্ৰেণীবিভাজনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য় থাকিলে সিহঁত পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়। একে পৈতৃক পুৰুষৰ পৰা সৃষ্টি হোৱা প্ৰথম কূল আৰু দ্বিতীয় কূলৰ জীৱৰ মাজত চাৰিত্ৰিক বৈশিষ্টৰ বিভিন্নতা দেখা যায়। ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি যে জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজনত ইহঁতৰ ক্ৰমবিকাশৰ প্ৰতিফলন ঘটে।
নাইবা
মানুহে কেইযােৰ লিংগ ক্রম’জ’ম বহন কৰে? মানুহৰ সন্তানৰ ক্ষেত্ৰত লিংগ নির্ধাৰণ কেনেদৰে কৰা হয়, ব্যাখ্যা কৰা। 3
উত্তৰঃ মানুহে এযোৰ লিংগ ক্ৰম'জ'ম বহন কৰে।
মানুহৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃৰ প্ৰত্য়েকৰে পৰা 22 ডালকৈ ক্ৰ’ম’জ’ম লগ হৈ যোৰা পাতি থাকে। তাৰোপৰি লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম এজোৰো থাকে. মহিলাৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ যোৰা পাতি থাকে আৰু সেয়ে দুয়োডালক X ক্ৰ’ম’জ’ম বোলা হয়। কিন্তু পুৰুষৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল একে জোখৰ নহয় বাবে সঠিকভাৱে যোৰা পাতি নাথাকে, ইয়াৰে এডাল X আৰু আনডাল অলপ ছুটি যাক Y ক্ৰ’ম’জ’ম বোলা হয়। সেয়ে মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হল XX আনহাতে পুৰুষৰ হল XY ।
ল’ৰা বা ছোৱালীৰ এডাল X ক্ৰ’ম’জ’ম সদায় মাতৃৰ ফালৰ। সেয়েহে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল X ক্ৰ’ম’জ’ম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হয় আৰু আনডাল X ক্ৰ’ম’জ’ম মাতৃৰ ফালৰ পৰা প্ৰৱাহিত হয়। আনহাতে ল’ৰা সন্তানৰ ক্ষেত্ৰত X ক্ৰ’ম’জ’ম ডাল মাতৃৰ ফালৰ আৰু Y ক্ৰমজম ডাল পিতৃৰ ফালৰ পৰা প্ৰৱাহিত হোৱা।গতিকে যি সন্তানলৈ পিতৃৰ ফালৰ Y ক্ৰ’ম’জ’ম ডাল প্ৰৱাহ ঘটে সেই সন্তানেই ল’ৰা হয়।
23. দূৰদৃষ্টিগ্রস্ততাৰ সংশােধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰদৃষ্টিগ্রস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m. এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্ছৰ ক্ষমতা কিমান ?. (ধৰি লােৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0:25 m) 1+2=3
উত্তৰঃ
দ্বিতীয় অংশঃ
স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25 m = 25 cm
এতেকে লক্ষ্য়বস্তুৰ দূৰত্ব, u= -25 cm
আকৌ, যিহেতু দূৰদৃষ্টিগ্রস্ত চকুটোৰ বাবে নিকট বিন্দু 1 m,
এতেকে প্ৰতিবিম্বৰ দূৰত্ব, V= -1 m= -100 cm
লেনচৰ সূত্ৰ ব্য়ৱহাৰ কৰি,
1/v-1/u = 1/f
-1/100- 1/-25 =1/f
1/f = 1/25- 1/100
1/f = (4-1)/100
f = 100/3 = 33.3 cm= 0.33m
এতেকে, ক্ষমতা, P = 1/f
P = 1/0.33 = +3.0 D
এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্ছৰ ক্ষমতা +3 D
ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয় ? কলয়ডীয় দ্রৱণত পােহৰৰ বিক্ষিপ্তীকৰণ পর্যবেক্ষণৰ সঁজুলিৰ ৰশ্মিচিত্র অংকন কৰা। 1+2=3
উত্তৰঃ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়ত যেতিয়া সূৰ্য দিগন্তৰ ওচৰত থাকে তেতিয়া সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমন্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। সেইবাবে সূৰ্যৰ পোহৰত থকা চুটি তৰংগ দৈৰ্ঘৰ পোহৰবোৰ বায়ুমন্ডলৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেইবাবে অকল অধিক তৰংগ দৈৰ্ঘৰ পোহৰহে আহি আমাৰ চকুত পৰে আৰু আমি সুৰ্যটো ৰঙচুৱা দেখো।
এখন অভিসাৰী লেনছৰ (L1) ফ'কাছত এটা শক্তিশালী পোহৰৰ উত্স (S) ৰখা হ'ল। লেনছখনে সমান্তৰাল পোহৰৰ কিৰণ এটা দিব। এই পোহৰৰ কিৰণক পৰিষ্কাৰ পানীৰে পূৰ্ণ স্বছ্চ কাঁচৰ পাত্ৰ (T)ৰ মাজেৰে যাবলৈ দিয়া হ'ল। এই পোহৰৰ কিৰণক ডাঠ কাগজৰ ফুটা (C) এটাৰ মাজেৰে যাবলৈ দিয়া হ'ল।দ্বিতীয় অভিসাৰী লেনছ (L2) এখনৰ সহায়ত পৰ্দা এখনত (MN) ফুটাটোৰ স্পষ্ট প্ৰতিবিম্ব গঠন কৰা হ'ল। পাত্ৰটোত ছডিয়াম থায়'চালফেট দ্ৰৱীভূত কৰা হ'ল। এই সজুঁলীটোৰে
24. 20 °C উষ্ণতাত 1 m দৈর্ঘ্যৰ ধাতুৰ তাৰ এডালৰ ৰােধ 26 Ω. যদি ভঁৰডালৰ ব্যাস 0.03 cm হয়, তেন্তে সেই উষ্ণতাত ধাতুৰ ৰােধকতা কিমান হ’ব? 3
উত্তৰঃ দিয়া আছে, তাঁৰডালৰ ৰোধ, R = 26 Ω
ব্য়াস d = 0.03 cm3
r= 3ₓ10-4 m/2
তাঁৰডালৰ দৈৰ্ঘ, l = 1 m
এতেকে তাঁৰডালৰ ৰোধকতা হব, ρ = RA/l
= 1.84ₓ10-6 Ωm
নাইবা
4 Ω ৰোধক এটাত প্রতি ছেকেণ্ডত উৎপন্ন হােৱা তাপ 100 J. ৰােধকটোৰ দুই মূৰৰ মাজত বিভৱভেদ উলিওৱা। 3
উত্তৰঃ দিয়া আছে,
R= 4 Ω
H= 100 J
T= 1 S
আমি জানো যে,
H= I2Rt
এতেকে প্ৰবাহ, I= √H/Rt
= √100/4*1
= 5 A
এতেকে, ৰোধকটোৰ
দুই মূৰৰ বিভৱভেদ হব
V=IR
=5*4= 20V
25. চলেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে, বুজাই লিখা। চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্রৱাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সর্বোচ্চ হয় ? 2+1=3
উত্তৰঃ চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুন্ডলীক চলেনইড বোলে। এডাল চলেনয়ডৰ তাঁৰডালৰ মাজেৰে বিদ্য়ুত প্ৰবাহ চালিত কৰিলে ইয়াৰ কেউকাষে চুম্বক ক্ষেত্ৰ সৃষ্টি হয়। এই চুম্বক ক্ষেত্ৰ দন্ড চুম্বক এডালৰ কেউকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ সৈতে একে। চলেনইডৰ এটা মূৰে চৌম্বক উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। চলেনইডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা, গতিকে চলেনইডৰ অন্তৰ্ভাগৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্ৰ একে।
পৰিবাহীৰ
মাজেৰে প্ৰবাহিত হোৱা প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে পৰীবাহিডালে
অনুভৱ কৰা বল সৰ্বোচ্চ হয়।
26. আদর্শ শক্তি উৎসৰ গুণসমূহ কি কি? তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। 2+1=3
উত্তৰঃ এটা আদর্শ শক্তি উৎসৰ গুণসমূহ হল—
(১) ই প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ
পৰিমানৰ কাৰ্য কৰে।
(২) ই সহজে উপলব্ধ হব লাগিব
(৩) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য় হব
লাগিব।
(৪) ই মিতব্য়য়ী হব লাগিব।
দুটা ক্ষয়িষ্ণু শক্তিৰ উত্স হল- কয়লা আৰু পেট্ৰলিয়াম।
27.(a)তােমাক এটা হাতুৰী, এটা বেটাৰী, এটা বাল্ব, অলপ ভঁৰ আৰু এটা ছুইচ দিয়া হ'ল। এই বস্তুবােৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা? 2
(b) প্রত্যুষে সৰু চামুচ এখনত ছালফাৰগুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হােৱা গেছটো তেওঁ এটা পৰীক্ষানল ওভােতাকৈ ধৰি সংগ্ৰহ কৰিলে। তলত দিয়াবােৰৰ লগত গেছটোৰ বিক্রিয়া কেনে হ’ব ? 2
(i) শুষ্ক লিটমাছ কাগজ।
(ii) সিক্ত লিটমাছ কাগজ
(c)লােত মামৰে ধৰা ৰােধ কৰিবলৈ দুটা উপায় উল্লেখ কৰা। 1
উত্তৰঃ (a) ধাতুবোৰ ঘাতসহনীয়। গতিকে হাতুৰিৰে মৰিয়ালে পাতল পাট এচটা বনাব পাৰি। কিন্তু অধাতুক হাতুৰিৰে মৰিয়ালে ই ভাঙি গুৰি হৈ যাব। আনহাতে ধাতুবোৰে বিদ্য়ুত পৰিবহন কৰিব পাৰে। গতিকে তাঁৰৰ সহায়ত বেটেৰী আৰু বাল্ব সংযোগ কৰিলে বাল্বটো জ্বলি উঠিব। কিন্তু অধাতুৱে বিদ্য়ুত পৰিবহন কৰিব নোৱাৰে।
(b) ছালফাৰৰ গুড়ি বায়ুত
উত্তাপিত কৰিলে ছালফাৰ ডাই অক্সাইড উত্পন্ন হয়।
(i) ছালফাৰ ডাই অক্সাইডে শুষ্ক লিটমাছ কাগজৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে।
(ii) ছালফাৰ ডাই অক্সাইডে সিক্ত লিটমাছ কাগজৰ লগত বিক্ৰিয়া কৰি নীলা লিটমাছ কাগজক ৰঙালৈ পৰিৱৰ্তন কৰে, কাৰণ ছালফাৰ ডাই অক্সাইড পানীৰ সংস্পৰ্শলৈ আহিলে ছালফিউৰিক এছিড উত্পন্ন হয়।
(c) লোত
মামৰে ধৰা ৰোধ কৰিবলৈ ৰঙ কৰা, দস্তালেপন আদি উপায় অৱলম্বন কৰিব পাৰি।
নাইবা
(a) ইলেকট্রন স্থানান্তৰৰ জৰিয়তে ছ’ডিয়াম ক্ল’ৰাইডৰ (NaCl) গঠন ব্যাখ্যা কৰা। 2 (b) NaCl যৌগটোত থকা আয়নসমূহ কি কি ? 1
(c) উভধর্মী অক্সাইড কাক বােলে? উভধর্মী অক্সাইডৰ দুটা উদাহৰণ দিয়া। 1+1=2
উত্তৰঃ (a) NaCl হৈছে ধাতু আৰু অধাতুৰ মাজত গঠন হোৱা এটা যৌগ। ই ধাতুৰ পৰা অধাতুলৈ হোৱা ইলেকট্ৰন স্থানান্তৰণৰ ফলত গঠন হয়।
ছডিয়াম পৰমাণুৰ
বহিৰতম কক্ষত এটা ইলেকট্ৰন থাকে (2.8.1)। এই ইলেকট্ৰনটো ছডিয়ামে এৰি দিলে ইয়াৰ
বহিৰতম কক্ষ হব দ্বিতীয় কক্ষ (L) আৰু ই সুস্থিৰ অষ্টক (2.8) লাভ কৰি কেটায়ন (Na+) গঠন কৰিব। আনহাতে ক্লৰিনৰ বহিৰতম কক্ষত 7 টা ইলেকট্ৰন
আছে।ই এটা ইলেকট্ৰন গ্ৰহন কৰি সুস্থিৰ অষ্টক বিন্য়াস লাভ কৰে। ছডিয়াম আৰু ক্লৰিনৰ
মাজত বিক্ৰিয়া ঘটিলে ছডায়ামে এৰি দিয়া ইলেকট্ৰনটো ক্লৰিনে গ্ৰহন কৰে আৰু এনায়ন (Cl-)গঠন কৰে। ইলেকট্ৰন আদান
প্ৰদান প্ৰক্ৰিয়াটো চিত্ৰত দেখুওৱা হ'ল।
ছডিয়াম আৰু ক্লৰাইড আয়ন দুটা
বিপৰীত আধানযুক্ত হোৱা হেতুকে পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰে আৰু দৃঢ় বিদ্য়ুত
আকৰ্ষণীয় বলৰদ্বাৰা বান্ধ খাই ছডিয়াম ক্লৰাইড গঠন হয়।
(b) NaCl ত থকা আয়নসমূহ হল ছডিয়াম
আয়ন (Na+) আৰু ক্লৰিন আয়ন (Cl-)
(c) যিবিলাক ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে
লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উত্পন্ন কৰে সিহঁতক উভধৰ্মী অক্সাইড বোলে। উভধৰ্মী
অক্সাইডৰ দুটা উদাহৰণ হল- যিংক অক্সাইড (ZnO) আৰু এলুমিনিয়াম অক্সাইড(Al2O3)
28. (a) লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয় ইথাইন আৰু বায়ুৰ মিশ্রণ কিয় ব্যৱহাৰ কৰা নহয় ? ব্যাখ্যা কৰা। 2
(b) এষ্টাৰিভৱন বিক্রিয়া কি পদাৰ্থটোৰ নাম আৰু গঠন লিখা । 1+1=3
(c) তলৰ যৌগসমূহৰ নাম লিখা :
(i) (ii)
উত্তৰঃ(a) লোহা জোৰা দিয়া সময়ত উত্পন্ন হোৱা তাপৰ পৰিমাণ অতি গুৰুত্বপূৰ্ণ। যেতিয়া ইথাইন আৰু অক্সিজেনৰ মিশ্ৰণ দহন কৰা হয়, ই সম্পূৰ্ণৰূপে দহন হয় আৰু ই ইথাইন আৰু বায়ুৰ মিশ্ৰণতকৈ বেছি তাপ উত্পন্ন কৰে। সেয়ে লােহা জোৰা দিয়া সময়ত (welding) অক্সিজেন আৰু ইথাইনৰ মিশ্রণ দহন কৰা হয়। ইথাইন আৰু বায়ুৰ মিশ্রণ ব্যৱহাৰ কৰা নহয়
(b) এছিড আৰু এলকহলৰ মাজত
বিক্ৰিয়া ঘটিলে এষ্টাৰ উত্পন্ন হয়। এই বিক্ৰিয়াক এষ্টাৰিভৱন বিক্ৰিয়া বোলে।
এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিডে
ইথানলৰ লগত বিক্ৰিয়া কৰিলে উত্পন্ন হোৱা পদাৰ্থটো হল ইথাইল এচিটেট। ইয়াৰ গঠন তলত দেখুওৱা হল-
(c) (i) পেন্টাইন (ii) প্ৰপানেল
নাইবা
(a) সমগণীয় শ্রেণী কাক বােলে? উদাহৰণ দি বুজাই লিখা। 1+1=2
(b) তলত দিয়া যৌগবােবৰ গঠন-চিত্র আঁকা : 1+1=2
(i) হেক্সানেল (ii) প্র’পান’ন |
(c) যােগাত্মক বিক্রিয়া দেখুওৱা দুটা হাইড্ৰ'কার্বনৰ নাম লিখা। 1
উত্তৰঃ (a) যিবিলাক কাৰ্বন যৌগত একে কাৰ্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্ৰেণী বোলে। উদাহৰণ হিচাপে CH3OH, C2H5OH, C3H7OH, আৰু C4H9OH যৌগবোৰৰ কা্ৰ্যকৰী মূলক হল OH আৰু এই শ্ৰেণীৰ যৌগক এলকহল বোলে।
(b) (i)
হেক্সানেল প্ৰপান'ন
(c) যােগাত্মক বিক্রিয়া দেখুওৱা দুটা হাই’কার্বনৰ হল- C2H2(ইথাইন) C3H6(প্ৰপাইন)
সালোক
সংশ্লেষণ প্ৰক্ৰিয়াত সংঘটিত হোৱা বিভিন্ন পৰিঘটনাবোৰ হ'ল-
(১) পোহৰ শক্তিক পত্ৰহৰিতৰদ্বাৰা শোষণ
(২)
পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ
পৃথকীকৰণ।
(৩)
কাৰ্বন ডাই অক্সাইড বিজাৰণৰদ্বাৰা কাৰ্ব'হাইড্ৰেটৰ উত্পাদন।
উদ্ভিদে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় বিশাল পৰিমাণৰ কাৰ্বন ডাই অক্সাইড গেছৰ অবশোষণ উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰৰ যোগেদি হয়।
30. (a) 10 cm ফকাছ দৈৰ্ঘৰ উত্তল লেনছ এখনৰ মূক্য় অক্ষত লম্বভাৱে 20 mm উচ্চতাৰ বস্তু এটা ৰখা হল। যদি লেনছ আৰু লক্ষ্য়বস্তুৰ মাজৰ দূৰত্ব 15 cm হয়, তেন্তে
(a) প্রতিবিম্বৰ প্রকৃতি, অৱস্থান আৰু আকাৰ নির্ণয় কৰা ।
3
(b)
প্ৰতিবিম্বৰ বিবর্ধন উলিওৱা । 2
উত্তৰঃ (a)
দিয়া আছে, ফকাছ দৈৰ্ঘ, f= 10
cm
লক্ষ্য়বস্তুৰ উচ্চতা, h=
20 mm= 2 cm
লক্ষ্য়বস্তুৰ দূৰত্ব, u=
-15 cm
প্ৰতিবিম্বৰ উচ্চতা, h/=
?
যিহেতু, 1/v-1/u=
1/f
1/v= 1/u+1/f
= 1/(-15)+ 1/10
=
1/30
v= 30 cm
যিহেতু v ধনাত্মক এতেকে প্ৰতিবিম্বটো সত্ আৰু ওলোটা আৰু আলোক কেন্দ্ৰৰ আনটো ফালে 30 cm দূৰত্বত গঠন হব।
(b) বিবৰ্ধন,m= h//h= v/u
প্ৰতিবিম্বৰ উচ্চতা,h/= h(v/u)
= 2(30/-15)= -4 cm
এতেকে বিবৰ্ধন, m =
30/-15= -2
নাইবা
2 m ফ’কাছ দৈর্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নির্ণয় কৰা। 15 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনৰ পৰা কিমান দূৰত্বত লক্ষ্যবস্তু এটা ৰাখিলে তাৰ পৰা 10 cm দূৰত্বত লেছে প্রতিবিম্ব এটা গঠন কৰিব ? তদুপৰি লেছত হােৱা বিবর্ধন আৰু প্ৰতিবিম্বৰ প্রকৃতি নির্ণয় কৰা। 1+2+1+1=5
উত্তৰঃ দিয়া আছে, f = 2 m
যিহেতু P=1/f
= ½ D = 0.5 D
দ্বিতীয় অংশঃ
দিয়া
আছে, প্ৰতিবিম্বৰ দূৰত্ব, v = -10 cm
f
= -15 cm
u =
?
যিহেতু, 1/v-1/u=
1/f
1/u= 1/v - 1/f
= 1/(-10) – 1/(-15)
= 1/(-30)
u =
-30 cm
এতেকে লক্ষ্য়বস্তুৰ দূৰত্ব 30 cm
বিবৰ্ধন m =
u/v= -10/-30= 0.33 cm
31. বন আৰু বন্যপ্রাণীসমূহ কিয় সংৰক্ষণ কৰিব লাগে? বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্রধান সমস্যাৰ বিষয়ে উল্লেখ কৰা। 2+3=5
উত্তৰঃ বনাঞ্চল সমূহ হৈছে জৈৱ বৈচিত্ৰ্য়ৰ অঞ্চল।এই জৈৱ বৈচিত্ৰ্য়ৰ প্ৰতিটো জীৱ অতি প্ৰয়োজনীয়। এই জৈৱ বৈচিত্ৰ্য়সমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য় হল ইহঁতক বিলুপ্ত বা বিনাশ হোৱাৰ পৰা ৰক্ষা কৰা।বন আৰু বন্য়প্ৰাণী সমূহ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ দেখা গৈছে যে জৈৱবৈচিত্ৰ্য় বিনাশৰ ফলত প্ৰাকৃতিক ভাৰসাম্য় বিনষ্ট হৈছে।
বৃহৎ নদীবান্ধ নিৰ্মাণৰ ক্ষেত্ৰত থকা তিনিটা প্রধান সমস্যা হল-
(১) সামাজিক সমস্য়াঃ
নদীবান্ধ নিৰ্মাণৰ ফলত কৃষক আৰু জনজাতীয় লোকক স্থানান্তৰিত কৰা হয়। তেওঁলোকে
যথোপযুক্ত ক্ষতিপূৰণ নাইবা পুণঃসংস্থাপনৰ পৰা বঞ্চিত হৈ থাকে।
(২) অৰ্থনৈতিক সমস্য়াঃ বৃহত্ নদীবান্ধ নিৰ্মাণত যথেষ্ট অৰ্থৰ
আৱশ্য়ক হয়। এই অৰ্থভাগ ৰাজহুৱা অৰ্থ। উপযুক্ত লাভ নোহোৱাৰ কাৰণে জনসাধাৰণৰ
অৰ্থনৈতিকভাৱে ক্ষতি হয়।
(৩) পৰিবেশৰ সমস্য়াঃ নদীবান্ধ নিৰ্মাণস্থলীত যথেষ্ট অৰণ্য় ধ্বংশ কৰাৰ লগতে ইয়াৰ প্ৰচুৰ জৈৱবৈচিত্ৰ্য়ৰ বিস্তৰ ক্ষতি হয়।
আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰিব লাগে ? বনাঞ্চল সংৰক্ষণৰ ক্ষেত্ৰত তােমাৰ মতামত লিখা 2+3=5
উত্তৰঃ আমাৰ সমাজত সম্পদৰাজিৰ অবিবেচিত ব্য়ৱহাৰৰ পৰা সৃষ্টি হোৱা সমস্য়াৱলীৰ বিষয়ে আমি সকলোৱে অবগত।প্ৰকৃতিয়ে আমাক দিয়া সম্পদসমূহ ব্য়ৱহাৰ কৰাৰ সময়ত মানুহে পৰিবেশ অনুকূল সিদ্ধান্ত বাচি লোৱাটো অতি প্ৰয়োজন।এনে কৰোঁতে আমাৰ সিদ্ধান্তবোৰে পৰিবেশৰ ওপৰত ক্ষন্তেকীয়া, দীৰ্ঘম্য়াদী নে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় সেই বিষয়ে গুৰুত্ব দিব লাগিব।সম্পদৰ বহনক্ষম ব্য়ৱস্থাপনাৰ ধাৰণাটোৱে সম্পদ সমূহৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰয়োজন পূৰাইও ভবিষ্য়ত প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।পৰিবেশ সংৰক্ষণৰ লগত আমাৰ অৰ্থনৈতিক বিকাশ আৰু ভবিষ্য়ত জড়িত হৈ আছে।
আমি আমাৰ সম্পদৰাজিৰ ব্য়ৱস্থাপনা কৰিব লাগে কাৰণ এই সম্পদৰাজি সীমিত।তাৰোপৰি মানুহৰ জনস্বাস্থ্য় উন্নতিৰ কাৰণে জনসংখ্য়া বৃদ্ধি হৈছে ফলত সম্পদবোৰৰ চাহিদা পূৰ্ণহাৰত বৃদ্ধি হব ধৰিছে। সেই কাৰণে এই প্ৰাকৃতিক সম্পদসমূহ কম সময়ত অপৰিকল্পিতভাৱে ব্য়ৱহাৰ নকৰি মানৱজাতিৰ বৰ্তমান তথা ভবিষ্য়ত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ অৰ্থে ইয়াৰ ব্য়ৱস্থাপনা গ্ৰহন কৰিব লাগে।
দ্বিতীয় অংশঃ বনাঞ্চল সমূহ হৈছে জৈৱ বৈচিত্ৰ্য়ৰ অঞ্চল।এই জৈৱ বৈচিত্ৰ্য়ৰ প্ৰতিটো জীৱ অতি প্ৰয়োজনীয়। এই জৈৱ বৈচিত্ৰ্য়সমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য় হল ইহঁতক বিলুপ্ত বা বিনাশ হোৱাৰ পৰা ৰক্ষা কৰা।বন আৰু বন্য়প্ৰাণী সমূহ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ দেখা গৈছে যে জৈৱবৈচিত্ৰ্য় বিনাশৰ ফলত প্ৰাকৃতিক ভাৰসাম্য় বিনষ্ট হৈছে।তাৰোপৰি বনাঞ্চল সমূহে আমাক অতি লাগতীয়াল বহুতো সম্পদ প্ৰদান কৰে।স্থানীয় বাসিন্দা সকলে বিভিন্ন প্ৰয়োজনীয় সম্পদ যেনেঃ ঘাঁহৰ কাৰণে গছৰ পাত, ঔষধৰ কাৰণে শাক-বন, খাদ্য়ৰ কাৰণে গছৰ ফলমূল আদিৰ বাবে অৰণ্য়ৰ ওপৰত নিৰ্ভৰ কৰে।আনহাতে বিভিন্ন উদ্য়োগবোৰে কাৰখানাৰ কেঁচা সামগ্ৰীৰ কাৰণে বণাঞ্চলৰ ওপৰতেই নিৰ্ভৰশীল।এই সকলো বিলাক দিশ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে মানৱজাতিৰ সৰ্বাংগীণ কল্য়াণ আৰু উন্নতি সাধনৰ বাবে বনাঞ্চল সংৰক্ষণৰ অতিৱ প্ৰয়োজন।
- Get link
- X
- Other Apps
Comments
Dhunia Hoise Baa
ReplyDeleteOi Hello friends me
DeleteTHANK YOU BA....APUNAR KARONE MUR BOHUT HELO HL😌❤
ReplyDeleteHSLC 2019 and 2020 r bahira baleg upload kora nai naki. 2015/2016/2017/2018 aibilako upload koribo
ReplyDelete2016, 2017,2018 o ase.
DeleteSir powa nai
Deletethanks 🙂
ReplyDeleteThanks❤❤
ReplyDelete