Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

ধাতু আৰু অধাতু ( প্ৰশ্নোত্তৰ)

ধাতু আৰু অধাতু ( প্ৰশ্নোত্তৰ) 

প্রশ্নাৱলী

1.ধাতু একোটাৰ উদাহৰণ দিয়া যি ধাতু

 (i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া।

(ii) কটাৰিৰে সহজে কাটিব পাৰি।।

(iii) তাপৰ আটাইতকৈ সুপৰিবাহী।

(iv) তাপৰ কম পৰিবাহী।

Answer: (i) সাধাৰণ উষ্ণতাত (room temperature) জুলীয়া ধাতু হ'ল- পাৰা

 (ii) কটাৰিৰে সহজে কাটিব পৰা ধাতু হ'ল- ছডিয়াম

 (iii) তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু হ'ল- তাম

(iv) তাপৰ কম পৰিবাহী ধাতু হ'ল- পাৰা।

2.ধাতুৰ ঘাত সহনীয়তা আৰু নমনীয়তাৰ অর্থ বহলাই আলোচনা কৰা।

Answer: ঘাতসহনীয়তা (malleability)- ধাতুবোৰক হাতুৰিৰে মৰিয়ালে ই ভাঙি নাযায়, চেপেটা হৈ যায়। ধাতুক হাতুৰিৰে মৰিয়াই পাতল পাত এচটা বনাব পাৰি। ধাতুৰ এই গুণক ঘাতসহনীয়তা বোলে। সোন আৰু ৰূপ আটাইতকৈ ঘাতসহনীয় ধাতু। সেয়ে ইহঁতক ইচ্ছানুযায়ী যিকোনো আকৃতি দিব পাৰি।

নমনীয়তা (ductility)- ধাতুৰ পাত দীঘল কৰি তাঁৰলৈ পৰিৱৰ্তন কৰিব পাৰি। ধাতুৰ এই গুণক নমনীয়তা বোলে। সোন আটাইতকৈ নমনীয় ধাতু। সেইবাবে এক গ্ৰাম সোনৰ পৰা দুই কিলোমিটাৰ দৈৰ্ঘৰ তাঁৰ বনাব পাৰি।

3.ছডিয়াম ধাতু কিয় কেৰাচিন তেলত ডুৱাই ৰখা হয় ?

Answer: ছডিয়ামৰ দৰে অধিক সক্ৰিয় ধাতুৱে অক্সিজেনৰ লগত ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।

4. তলৰ বিক্রিয়াবিলাকৰ ৰাসায়নিক সমীকৰণ লিখা

(i) উত্তপ্ত জলীয় বাষ্পৰ লগত আইৰনৰ বিক্রিয়া।

(ii) পানীৰ লগত কেলছিয়াম আৰু পটাছিয়ামৰ বিক্রিয়া।

Answer:     (i) 3Fe (s) + 4H2O   → Fe3O4 + 4H2

    (ii) Ca(s) + 2 H2O (l) → Ca(OH)2(aq) + H2 (g) + তাপশক্তি

         2K(s) + 2 H2O (l) → 2KOH (aq) + H2 (g) + তাপশক্তি


5. A, B, C, D চাৰিটা ধাতু লৈ তলৰ দ্ৰৱণ বিলাকত এটা এটাকৈ দিয়া হৈছিল। ফলাফলবিলাক তলৰ তালিকাত লিপিবদ্ধ কৰা হৈছে।

 

ধাতু

আইৰন(II) ছালফেট

 

কপাৰ (II) ছালফেট

জিংক ছালফেট

 

ছিলভাৰ নাইট্ৰেট

A

বিক্ৰিয়া নহয়

প্ৰতিষ্ঠাপন

 

 

B

প্ৰতিষ্ঠাপন

 

বিক্ৰিয়া নহয়

 

C

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

প্ৰতিষ্ঠাপন

D

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

বিক্ৰিয়া নহয়

 

ওপৰৰ তালিকা ব্যৱহাৰ কৰি A B C D ধাতু সম্বন্ধে তলৰ প্রশ্নবিলাকৰ উত্তৰ দিয়া।

(i) আটাইতকৈ সক্রিয় ধাতু কোনটো?

 (ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে কি হ?

(iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রমত সজোৱা।

Answer: (i)  আটাইতকৈ সক্রিয় ধাতুটো হৈছে B

                (ii) কপাৰ (ll) ছালফেট লৱণত B ধাতু দিলে ই দ্ৰৱৰপৰা কপাৰক অপসাৰণ কৰিব।

                 (iii) A B C D ধাতুক সক্রিয়তাৰ নিম্নক্রম হব-

                                                     B>A>C>D

6.  লঘু হাইড্রক্লৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে কি গেছ উৎপন্ন হয়? আইৰণে লঘু H2SO4 ৰ লগত কৰা বিক্রিয়াটোৰ সমীকৰণ লিখা।

Answer: ধাতুৱে এছিডৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ উৎপন্ন হয়। গতিকে লঘু হাইড্রক্লৰিক এছিডত (HCl) এটা সক্রিয় ধাতু দিলে ধাতৱ লৱণৰ লগতে হাইড্ৰজেন গেছ উৎপন্ন হয়।

        আইৰণে লঘু H2SO4 ৰ লগত কৰা বিক্রিয়া কৰি আইৰণ (II) ছালফেট আৰু হাইড্ৰ'জেন গেছ উৎপন্ন  কৰে। বিক্রিয়াটোৰ সমীকৰণটো হল-

                                Fe(s) + H2SO4 (aq) → FeSO4(aq) + H2(g)

7. আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে কি দেখিবা? সংঘটিত হোৱা বিক্রিয়াটো লিখা

Answer: যিংক ধাতু আইৰনতকৈ অধিক সক্ৰিয়। সেয়ে আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংকে আইৰণক অপসাৰিত কৰি যিংক ছালফেট উৎপন্ন কৰিব আৰু সেয়ে আইৰন (ll) ছালফেট দ্ৰৱৰ সেউজীয়া ৰং বৰণহীন হৈ পৰিব।

সংঘটিত হোৱা বিক্রিয়াটো হ'ল-

Zn(s) + FeSO4 (aq)  → ZnSO4 (aq) + Fe(s)

 

8. (i) 'ডিয়াম, অক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন (electron dot structure) লিখা।

(ii) ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে Na2O আৰু MgO ৰ গঠন লিখা ।

(iii) এই যৌগটোত থকা আয়নসমূহ কি কি?

Answer: (i)  'ডিয়ামঅক্সিজেন আৰু মেগনেছিয়ামৰ ইলেক্ট্রন বিন্দু গঠন হ'ল-


 

(ii)  

(iii)  Na2O ত থকা আয়ন কেইটা হ'ল- ছডিয়াম কেটায়ন (Na+) আৰু অক্সাইড এনায়ন (O2-)আনহাতে MgO ত থকা আয়ন কেইটা হ'ল- মেগনেছিয়াম কেটায়ন (Mg+) আৰু অক্সাইড এনায়ন (O2-)

9. আয়নীয় যৌগৰ গলনাংক কিয় বেছি ?

Answer: আয়নীয় যৌগবোৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত বিদ্যুৎস্থিতীয় আকর্ষণ বলৰ ফলত সৃষ্টি হয়। এই আন্তঃ আয়নীয় বিদ্যুৎস্থিতীয় আকর্ষণ বল অতি প্রবল হোৱা বাবে আয়নীয় যৌগবোৰ  ভাঙি আয়নবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপশক্তিৰ প্ৰয়োজন হয়, সেয়ে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি বেছি হয়।

10. তলত দিয়াবোৰৰ সংজ্ঞা লিখা।

(i) মণিক (mineral) (ii) আকৰ (ore) (iii) খনিজমল (gangue)

Answer: 

(i) মণিক (mineral)- পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদার্থবোৰক খনিজ পদার্থ বা মণিক (minerals) বুলি কোৱা হয়। যেনে- সোন, ৰূপ, লৱণ আদি।

 (ii) আকৰ (ore)- কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদার্থবিধক ধাতুটোৰ আকৰিক বা আকৰ (ore) বুলি কোৱা হয়। যেনে- মাৰকিউৰিক অক্সাইড (HgO)আৰু চিনাবাৰ (HgS)পাৰাৰ আকৰ, যিংক ছালফাইড (ZnS) যিংকৰ আকৰ আদি  

(iii) খনিজমল (gangue)- খনিৰ পৰা আহৰণ কৰা সময়ত আকৰৰ লগত বহুতো অশুদ্ধি যেনে মাটি, বালি আদি মিহলি হৈ থাকে। এই অশুদ্ধি বা অপদ্ৰব্যবোৰক খনিজ মল (gangue) বোলে।

11.    প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতুৰ নাম লিখা।

Answer: প্ৰকৃতিত মুক্ত অৱস্থাত পোৱা দুটা ধাতু হ'ল- সোন আৰু প্লেটিনাম।

12.    অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ কি ৰাসায়নিক পদ্ধতি প্রয়োগ কৰা হয়?

Answer:  অক্সাইডৰ পৰা ধাতু উৎপন্ন কৰিবলৈ বিজাৰণ পদ্ধতি প্ৰয়োগ কৰা হয়। সক্ৰিয়তা শ্ৰেণীৰ তলত অৱস্থিত ধাতুবোৰৰ আকৰক অকল তাপ দিলেই ধাতুলৈ বিজাৰিত হয়।

2HgO (s) তাপ → 2Hg(l) + O2 (g)

সক্ৰিয়তা শ্ৰেণীৰ মাজত অৱস্থিত ধাতুবোৰৰ আকৰক কাৰ্বনৰ লগত উত্তপ্ত কৰিলে ধাতুটো পাব পাৰি।

ZnO (s) + C(s)  তাপ → Zn(s) + CO (g)

 

13. যিংক, মেগনেছিয়াম আৰু কপাৰৰ ধাতৱ অক্সাইড তলত দিয়া ধাতুবোৰৰ লগত উত্তপ্ত কৰা হ'ল।

ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

 

 

 

মেগনেছিয়াম অক্সাইড

 

 

 

কপাৰ অক্সাইড

 

 

 

 

কোনবিলাক ক্ষেত্রত প্রতিস্থাপন বিক্রিয়া ঘটিব?

Answer: যিংক, মেগনেছিয়াম আৰু কপাৰ ধাতুক সক্ৰিয়তা উৰ্ধক্ৰমত এনেদৰে সজাব পাৰি- Cu< Zn< Mg

যিহেতু অধিক সক্ৰিয় ধাতুৱে কম সক্ৰিয় ধাতুক তাৰ লৱণৰ পৰা অপসাৰিত কৰিব পাৰে সেয়ে তালিকাখনত তলত দিয়া ধৰণেৰে বিক্ৰিয়া ঘটিব-

 

ধাতু

যিংক

মেগনেছিয়াম

কপাৰ

যিংক অক্সাইড

 

প্ৰতিস্থাপন

বিক্ৰিয়া নহয়

মেগনেছিয়াম অক্সাইড

বিক্ৰিয়া নহয়

 

বিক্ৰিয়া নহয়

কপাৰ অক্সাইড

প্ৰতিস্থাপন

প্ৰতিস্থাপন

 

 

14.কোনবোৰ ধাতু সহজে ক্ষয় নহয় ?

Answer: সক্ৰিয়তা শ্ৰেণীৰ একেবাৰে তলৰফালে থকা ধাতু যেনে- সোন, ৰূপ আদি অতি কম সক্ৰিয় ধাতু আৰু ইহঁতে সাধাৰণতে কাৰো লগত বিক্ৰিয়া নকৰে।এই ধাতুবোৰ সহজে ক্ষয় নহয় কাৰণ এই ধাতুসমূহে বায়ুত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদিৰ লগত সহজে বিক্ৰিয়া নকৰে। 

 15.  সংকৰ ধাতু কি?

Answer: দুই বা ততোধিক ধাতু নাইবা ধাতু আৰু অধাতুৰ সমসত্ব মিশ্ৰণেই হৈছে সংকৰ ধাতু। সংকৰ ধাতু প্ৰস্ত ুত কৰি ধাতৱ গুণাগুণ উন্নত কৰা হয়। উদাহৰণ হিচাপে- ষ্টেইনলেচ ষ্টিল হৈছে লো, নিকেল আৰু ক্ৰমিয়ামৰ সংকৰ ধাতু, পিতল হ'ল কপাৰ আৰু যিংকৰ সংকৰ ধাতু।

 

অনুশীলনী

1. তলৰ কোনবোৰ ক্ষেত্ৰত প্রতিস্থাপন বিক্রিয়া ঘটিব ?

(a) NaCl ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

(b) MgCI2 ৰ দ্ৰৱ আৰু এলুমিনিয়াম ধাতু।

(c) FeSO4 ৰ দ্ৰৱ আৰু ছিলভাৰ ধাতু।

(d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

Answer: (d) AgNO3 ৰ দ্ৰৱ আৰু কপাৰ ধাতু।

2. লোৰ টাৱা (iron frying pan) এখন মামৰে ধৰাৰ পৰা বচাই ৰাখিবলৈ তলৰ কোনটো পদ্ধতি উপযুক্ত হব?

(a) গ্রীজ ব্যৱহাৰ কৰি ।

 (b) ৰং ব্যৱহাৰ কৰি

(c) যিংকৰ প্রলেপ দি

(d) ওপৰৰ সকলো

Answer: (c) যিংকৰ প্রলেপ দি 

3. এটা মৌলই অক্সিজেনৰ লগত বিক্রিয়া কৰি উচ্চ গলনাংকৰ যৌগ উৎপন্ন কৰে। যৌগটো পানীত দ্ৰৱণীয়। সম্ভৱপৰ মৌলটো

(a) কেলছিয়াম

(b) কার্বন ।

(c) ছিলিকন

(d) আইৰণ

Answer: (a) কেলছিয়াম

4. খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্রলেপ দিয়া হয়; যিংকৰ নহয়। কিয়নো

(a) টিনতকৈ যিংক দামী।

(b) যিংকৰ গলনাংক টিনতকৈ বেছি।

(c) যিংক টিনতকৈ অধিক সক্রিয়।

(d) যিংক টিনতকৈ কম সক্রিয়।

Answer:  (c) যিংক টিনতকৈ অধিক সক্রিয়।

5. তোমাক এটা হাতুৰী, এটা বেটাৰী, অলপ তাঁৰ আৰু এটা ছুইচ দিয়া হল।

(a) এই বস্তুবোৰ ব্যৱহাৰ কৰি ধাতু আৰু অধাতু কেনেকৈ চিনাক্ত কৰিবা?

 (b) ধাতু/অধাতুৰ চিনাক্তকৰণত এই পৰীক্ষাবোৰৰ উপযোগিতা মূল্যাঙ্কন কৰা।

Answer: (a)  ধাতুবোৰ ঘাতসহনীয়। গতিকে হাতুৰিৰে মৰিয়ালে পাতল পাট এচটা বনাব পাৰি। কিন্ত ু অধাতুক হাতুৰিৰে মৰিয়ালে ই ভাঙি গুৰি হৈ যাব। আনহাতে ধাতুবোৰে বিদ্য়ুত পৰিবহন কৰিব পাৰে। গতিকে তাঁৰৰ সহায়ত বেটেৰী আৰু বাল্ব সংযোগ কৰিলে বাল্বটো জ্বলি উঠিব। কিন্ত ু অধাতুৱে বিদ্য়ুত পৰিবহন কৰিব নোৱাৰে।

             (b) এই পৰীক্ষাবোৰে ধাতু আৰু অধাতু চিনাক্তকৰণত বিশেষভাবে সহায় কৰে যদিও যিহেতু কিছুমান ধাতু আৰু অধাতুৱে ব্য়তিক্ৰমী ধৰ্ম দেখুৱাই সেয়ে সকলো ক্ষেত্ৰত এই পৰীক্ষাবোৰ উপযোগী নহয়। 

6. উভধর্মী অক্সাইড কাক বোলে ? দুটা উভধর্মী অক্সাইডৰ উদাহৰণ দিয়া।

Answer: যিবিলাক ধাতৱ অক্সাইডে অম্ল আৰু ক্ষাৰ উভয়ৰে লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন কৰে সিহঁতক উভধৰ্মী অক্সাইড বোলে। উভধৰ্মী অক্সাইডৰ দুটা উদাহৰণ হল- যিংক অক্সাইড (ZnO) আৰু এলুমিনিয়াম অক্সাইড(Al2O3)

7. দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰে আৰু যিয়ে নকৰে।

Answer: সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনৰ ওপৰত থকা ধাতুবোৰে লঘূ এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰে, আনহাতে সক্ৰিয়তা শ্ৰেণীত হাইড্ৰজেনৰ তলত থকা ধাতুবোৰে লঘূ এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰিব নোৱাৰে। উদাহৰণ হিচাপে ছডিয়াম. মেগনেছিয়াম আদি ধাতুৱে লঘূ এছিডৰ পৰা হাইড্রজেন অপসাৰণ কৰিব পাৰে কিন্ত ু কপাৰ, চিলভাৰ আদিয়ে নোৱাৰে।

8. M ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড, কেথড আৰু বিদ্যুৎবিশ্লেষ্য কি ল'ব লাগিব ?

Answer: ধাতুৰ বৈদ্যুতিক শোধনৰ বেলিকা এনড হ'ব অশুদ্ধ ধাতু Mকেথড হব বিশুদ্ধ M ধাতুৰ পাতল পাত আৰু বিদ্যুৎবিশ্লেষ্য হব M ধাতুৰ লৱণৰ দ্ৰৱ।

9. প্রত্যুষে সৰু চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তাপিত কৰিলে। উদ্ভৱ হোৱা গেছটো

এটা পৰীক্ষানলী ওভোটাকৈ ধৰি সংগ্ৰহ কৰিলে।

(a) (i) শুষ্ক লিটমাচ কাগজৰ লগত (ii) সিক্ত লিটমাচ কাগজৰ লগত গেছটোৰ বিক্রিয়া কেনে হ'?

(b) ইয়াত বিক্রিয়াটোৰ সন্ত ুলিত সমীকৰণ লিখা।

Answer:  ছালফাৰৰ গুড়ি বায়ুত উত্তাপিত কৰিলে ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়।

            (i) ছালফাৰ ডাই অক্সাইডে শুষ্ক লিটমাছ কাগজৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে।                                      

        (ii) ছালফাৰ ডাই অক্সাইডে সিক্ত লিটমাছ কাগজৰ লগত বিক্ৰিয়া কৰি নীলা লিটমাছ কাগজক ৰঙালৈ পৰিৱৰ্তন কৰে, কাৰণ ছালফাৰ ডাই অক্সাইড পানীৰ সংস্পৰ্শলৈ আহিলে ছালফিউৰিক এছিড উৎপন্ন হয়।

    (b)  বিক্রিয়াটোৰ সন্ত ুলিত সমীকৰণ হল-

            S (s) + O(g)  SO2 (g)


10. লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় বর্ণনা কৰা।

Answer:  লোত মামৰ ধৰা ৰোধ কৰিবলৈ দুটা উপায় হ'ল-

1.    ৰং কৰা (painting) ক্ষয়ীভবন ৰোধ কৰিবলৈ লোৰ বস্তুৰ পৃষ্ঠভাগত ৰং কৰি দিয়া হয় যাতে ধাতুটো পোনপটীয়াকৈ জলীয় বাষ্প আদিৰ সংস্পৰ্শলৈ আহিব নোৱাৰে।

2.      দস্তালেপন (galvanising) দস্তালেপন হল ষ্টিল আৰু লোত মামৰ নধৰিবৰ বাবে যিংকৰ আৱৰণ দিয়া এটা পদ্ধতি। দস্তালেপিত বস্তুবোত দস্তাৰ প্রলেপ আঁতৰি যোৱাৰ পিছতো মামৰে নধৰে।

 

11. অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে কেনে অক্সাইড উৎপন্ন কৰে ?

Answer: অক্সিজেনৰ লগত বিক্রিয়া কৰি অধাতুবিলাকে আম্লিক অক্সাইড উৎপন্ন কৰে। যেনে - কাৰ্বনে অক্সিজেনৰ লগত বিক্রিয়া কৰি কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে।

    C (s) + O(g)  CO2 (g)

12. কাৰণ দর্শোৱা ।

(a) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।

(b) ছ'ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয়।

হয়।

Answer: 

(a) প্লেটিনামল্ড আৰু ছিলভাৰ আদি ধাতুবোৰ কম সক্ৰিয় হোৱা বাবে ইহঁতে সাধাৰণতে কাৰো লগত বিক্ৰিয়া নকৰে।এই ধাতুবোৰ সহজে ক্ষয় নহয় কাৰণ এই ধাতুসমূহে বায়ুত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদিৰ লগত সহজে বিক্ৰিয়া নকৰে।তাৰোপৰি এই ধাতুসমূহ অধিক নমনীয়, ঘাতসহনীয় আৰু ধাতব দ্য়ুতি সম্পন্ন। সেইবাবে ইহঁতক গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।

(b) ছডিয়ামৰ পটাছিয়াম আৰু লিথিয়াম ধাতু অধিক সক্ৰিয় হোৱাৰ বাবে ইহঁতে অক্সিজেনৰ লগত ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।

(c) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় কাৰণ এলুমিনিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ এটা সুষ্টিৰ আৱৰণৰ সৃষ্টি কৰি পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰে । তাৰোপৰি, এলুমিনিয়াম ধাতুৰ মূল্য় কম হোৱাৰ উপৰিও ই তাপৰ সুপৰিবাহী তদুপৰি ইয়াৰ গলনাংকও বেছি।

(d) ধাতু নিষ্কাশনৰ সময়ত কার্বনেট আৰু ছালফাইড আকৰ অক্সাইডলৈ ৰূপান্তৰ কৰা হয় কাৰণ ছালফাইড আৰু কার্বনেট আকৰৰ তুলনাত অক্সাইড আকৰৰ পৰা ধাতু নিষ্কাশন সহজ। সেইকাৰণে বিজাৰণ কৰাৰ আগেয়ে ধাতৱ ছালফাইড আৰু কার্বনেট আকৰ ধাতৱ অক্সাইডলৈ পৰিৱর্তিত কৰা হয়।ধাতৱ অক্সাইডবোৰ পিছত উপযুক্ত বিজাৰক যেনে কার্বন ব্যৱহাৰ কৰি যথাযথ ধাতুলৈ বিজাৰিত কৰা হয়। 

13. চেকা লগা কপাৰৰ পাত্র নেমু বা তেতেলী (tamarind) ৰসেৰে পৰিষ্কাৰ কৰা দেখিছানে ? পাত্রবিলাক পৰিষ্কাৰ কৰিবলৈ টেঙাজাতীয় বস্তু কিয় ব্যৱহাৰ কৰে?

Answer: কপাৰৰ পাত্ৰ বহুদিন বতাহৰ সংস্পৰ্শত থাকিলে ইয়াৰ ওপৰত সেউজীয়া ৰঙৰ কপাৰ কাৰ্বনেটৰ চামনি পৰে। নেমু ৰসত চাইট্ৰিক এছিড আৰু তেতেলী ৰসত টাৰটাৰিক এছিড থাকে। এই এছিড সমূহে কপাৰৰ পাত্ৰত লগা সেউজীয়া ৰঙৰ চেকা অৰ্থাত্ কপাৰ কাৰ্বনেটক দ্ৰৱীভূত কৰি পাত্ৰটো পৰিষ্কাৰ কৰিব পাৰে।

14. ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য লিখা ?

Answer: ৰাসায়নিক ধৰ্মৰ ভিত্তিত ধাতু আৰু অধাতু পার্থক্য হল-

1. ধাতুবোৰে বিদ্য়ুত ধনাত্মক আয়ন গঠন কৰে আনহাতে অধাতুৱে বিদ্য়ুত ঋণাত্মক আয়ন গঠন কৰে।

2. ধাতুৰ অক্সাইডবোৰ ক্ষাৰকীয়, অধাতুৰ অক্সাইডবোৰ আম্লিক।

3.ধাতুৱে লঘূ এছিডৰ পৰা হাইড্ৰজেন অপসাৰিত কৰিব পাৰে, অধাতুৱে নোৱাৰে।

4. ধাতুৱে পানীৰ লগত বিক্ৰিয়া কৰি অক্সাইড আৰু হাইড্ৰক্সাইড  উৎপন্ন কৰে। অধাতুৱে পানীৰ লগত বিক্ৰিয়া নকৰে।


15. এজন ভণ্ড মানুহ স্বর্ণকাৰৰ ভাও ধৰি ঘৰে ঘৰে ঘূৰি ফুৰিছিল। তেওঁ ম্লান পৰি যোৱা অলঙ্কাৰৰ চিকমিকনি পুনৰ ঘূৰাই অনাৰ প্রতিশ্রুতি দি ফুৰিছিল। এগৰাকী মহিলাই কোনো সন্দেহ নকৰি হাতৰ খাৰুযোৰ খুলি তেওঁক দিছিল। মানুহজনে খাৰুযোৰ এটা বিশেষ দ্রাৱকত ডুবাই ধৰিছিল। খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিল; পিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল। মহিলাগৰাকী অপ্রস্তুত হৈ পৰিছিল আৰু অনর্থক বাকবিতণ্ডাৰ মূৰকত মানুহজন সেই ঠাইৰ পৰা পলাইছিল। মানুহজনে ব্যৱহাৰ কৰা দ্ৰাৱকটো কি আছিলে অনুমান কৰি ক'ব পাৰিবা নে?

Answer: ভণ্ড  স্বর্ণকাৰজনে ব্য়ৱহাৰ কৰা দ্ৰাৱকবিধ হল- অম্লৰাজ (aqua regia) । ই হ'ল 3:1 অনুপাতত গাঢ় হাইড্ৰক্লৰিক এছিড (HCl) আৰু গাঢ় নাইট্ৰিক এছিডৰ ( NHO3) সদ্য়প্ৰস্ত ুত মিশ্ৰণ। অম্লৰাজে সোন দ্ৰৱীভূত কৰিন পাৰে। সেয়ে খাৰুযোৰ নতুনৰ লেখিয়াকৈ উজ্জ্বল হৈ পৰিছিলপিছে খাৰুযোৰৰ ওজন বহুখিনি কমি গৈছিল।

16. গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয়। কিয় ?

Answer: গৰম পানীৰ জলাধাৰ (hot water tanks) তৈয়াৰ কৰিবলৈ কপাৰ ব্যৱহাৰ কৰা হয় কিন্ত ু ষ্টিল (আইৰনৰ সংকৰ ধাতু) ব্যৱহাৰ কৰা নহয় কাৰণ- তীখাতকৈ কপাৰ তাপৰ সুপৰিবাহী । তীখাত থকা আইৰণে গৰম পানীৰ ভাপৰ লগত বিক্ৰিয়া কৰি আইৰণৰ অক্সাইড  উৎপন্ন কৰে । ইয়াৰ ফলত তীখাত মামৰে ধৰে।

Comments

  1. গৰম পানীৰ লগত বিক্ৰিয়া কৰা ধাতুবোৰৰ নাম কি কি?

    ReplyDelete
  2. সাধাৰণ উষ্ণতাত কোনটো অধাতু তৰল অৱস্থাত থাকে?

    ReplyDelete
  3. সাধাৰণ উষ্ণতা ত থকা ধাতু টোৰ নাম কি

    ReplyDelete
  4. পানীয়া ধাতু কি?

    ReplyDelete
  5. সক্ৰিয়তা শ্ৰেণীৰ ওপৰৰ ধাতু সমুহ কি

    ReplyDelete

Post a Comment

If you have any doubt please let me know

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)