Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ (Chemical Reactions And Equations)

 

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ

Chemical Reactions And Equations


ৰাসায়নিক বিক্ৰিয়া

     ৰাসায়নিক বিক্ৰিয়া হৈছে এক প্ৰক্ৰিয়া য'ত এক বা একাধিক পদাৰ্থৰ ৰাসায়নিক পৰিৱৰ্তন ঘটি নতুন ৰাসায়নিক পদাৰ্থৰ সৃষ্টি হয়।

     এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'লে সাধাৰণতে তলত দিয়া পৰিৱৰ্তন সমূহ হয়-

     (১) অৱস্থাৰ পৰিৱৰ্তন

     (২) ৰঙৰ পৰিৱৰ্তন

     (৩) গেছৰ উদ্ভৱ

     (৪) উষ্ণতাৰ পৰিৱৰ্তন

     (৫) অধঃক্ষেপ সৃষ্টি আদি।

উদাহৰণ- (১) গাখিৰৰ পৰা দৈ হোৱা।

       (২) খাদ্য়বস্তু ৰন্ধন

       (৩) বায়ুত মেগনেছিয়াম ফিটাৰ দহন

       (৪) লোত মামৰে ধৰা আদি।


ৰাসায়নিক সমীকৰণ

     যি সমীকৰণে বিক্ৰিয়ক, বিক্ৰিয়াজাত পদাৰ্থ, সিহঁতৰ ভৌতিক অৱস্থাক সাংকেতিক ৰূপত উপস্থাপন কৰে তাকে ৰাসায়নিক সমীকৰণ বোলে।

যেনে- মেগনেছিয়াম+ অক্সিজেন ----- মেগনেছিয়াম অক্সাইড   (শব্দ সমীকৰণ)

         (বিক্ৰিয়ক)                 (বিক্ৰিয়াজাত পদাৰ্থ)

     ওপৰৰ সমীকৰণটো আমি ৰাসায়নিক সংকেত ব্য়ৱহাৰ কৰি লিখিব পাৰো।

     Mg + O2--------→ MgO

এইটো এটা জঁকা সমীকৰণ।


সন্তুলিত ৰাসায়নিক সমীকৰণ

 ভৰৰ নিত্য়তা সূত্ৰমতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হ'ব নোৱাৰে। অৰ্থাত্ ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হ'ব লাগিব। এতেকে, ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু পাছত প্ৰতিটো মৌলৰে পৰমাণুৰ সংখ্য়া একে থাকে। এনে ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয়।

যেনে- 2Mg + O2--------→ 2MgO এটা সন্তুলিত ৰাসায়নিক সমীকৰণ।

 

ভৌতিক অৱস্থাৰ বাবে লিখন

 ৰাসায়নিক সমীকৰণ এটাক অধিক তথ্য়পূৰ্ণ কৰিবলৈ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থবোৰৰ ভৌতিক অৱস্থা সিহঁতৰ ৰাসায়নিক সংকেতৰ লগতে উল্লেখ কৰা হয়। গোটা,গেছীয়, তৰল, আৰু জলীয় দ্ৰৱ অৱস্থাক ক্ৰমে (s), (g), (l) আৰু (aq) চিহ্নৰে বুজোৱা হয়।

যেনে- 2H2(g) + O2(g) -------→ 2H2O (l)


ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰ

     ৰাসায়নিক বিক্ৰিয়া সাধাৰণতে 5 প্ৰকাৰৰঃ

         (১) সংযোজন বিক্ৰিয়া ( Combination Reaction)

         (২) বিয়োজন বিক্ৰিয়া ( Decomposition Reaction)

         (৩) অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া (Displacement Reaction)

         (৪) দ্বিঅপসৰণ বিক্ৰিয়া ( Double Displacement Reaction)

         (৫) জাৰণ আৰু বিজাৰণ বিক্ৰিয়া ( Oxidation and Reduction)


(১) সংযোজন বিক্ৰিয়া- যি বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ (মৌল বা যৌগ) লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উত্পন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বোলে। যেনে-

    CaO (s) + H2O (l) ---→ Ca(OH)2( aq)

    2H2(g) + O2(g) -------→ 2H2O (l)


(২) বিয়োজন বিক্ৰিয়া- যি বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়, তেনে বিক্ৰিয়াক বিয়োজন বিক্ৰিয়া বোলে। যেনে-

     CaCO3(s) -------→ CaO(s) + CO2(g)

      (চূণশিল)            (পোৰাচূণ)


(৩)অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া- যি বিক্ৰিয়াত মৌল এটাই আন এটা মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰি নিজে তাৰ ঠাইত প্ৰতিস্থাপিত হয় তেনে বিক্ৰিয়াক অপসৰণ বা প্ৰতিস্থাপন বিক্ৰিয়া বোলে। যেনে-

     Fe(s) + CuSO4(aq) ---→FeSO4 (aq) + Cu(s)


(৪) দ্বিঅপসৰণ বিক্ৰিয়া- যি বিক্ৰিয়াত দুটা বিক্ৰিয়ক পদাৰ্থৰ মাজত পৰমাণু বা আয়নৰ পৰস্পৰ বিনিময় ঘটে তেনে বিক্ৰিয়াক দ্বিঅপসৰণ বিক্ৰিয়া বোলে। যেনে-  

Na2SO4(aq) + BaCl2(aq) ---→ BaSO4(s) + 2NaCl(aq)


(৫) জাৰণ আৰু বিজাৰণ বিক্ৰিয়া- যি বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন লাভ কৰে বা হাইড্ৰজেন হেৰুৱাই তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলে। যেনে-

    2Cu(s) + O2(g) ---→ 2CuO(s)

ইয়াত কপাৰে অক্সিজেন লাভ কৰি জাৰিত হৈছে।

    যি বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন হেৰুৱাই বা হাইড্ৰ'জেন লাভ কৰে তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।

    CuO(s) + H2(g) ---→Cu + H2O(l)

এই বিক্ৰিয়াটোত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই কৰি বিজাৰিত হৈছে।


কেইটামান বিশেষ বিক্ৰিয়া

(১) তাপবৰ্জী আৰু তাপগ্ৰাহী বিক্ৰিয়া- যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উত্পন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে। যেনে-

     প্ৰাকৃতিক গেছৰ দহনঃ CH4 (g) + 2O2 (g) ---→ CO2 (g) + 2H2O(g) + তাপ

     প্ৰাকৃতিক গেছৰ দহনৰ ফলত প্ৰচুৰ পৰিমানে তাপ উত্পন্ন হয় আৰু ই এটা তাপবৰ্জী বিক্ৰিয়া।

    আনহাতে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াটো সংঘটিত হবলৈ শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। এই শোষিত শক্তি তাপ, বিদ্য়ুত বা পোহৰ যিকোনো প্ৰকাৰৰ হব পাৰে। যেনে-

2AgCl (s) -----------→ 2Ag(s) + Cl2(g) (সূৰ্যৰ পোহৰৰ উপস্থিতিত)

এই বিক্ৰিয়াটো সূৰ্যৰ পোহৰৰ পৰা শক্তি শোষণ কৰিহে সম্পন্ন হয়। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়া।

(২) তাপীয় বিয়োজন বিক্ৰিয়া- কিছুমান বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি সম্পন্ন কৰা হয়। এনেবোৰ বিক্ৰিয়াক তাপীয় বিয়োজন বিক্ৰিয়া বোলে। যেনে-

তাপৰদ্বাৰা কেলছিয়াম কাৰ্বনেটক বিয়োজিত কৰি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উত্পন্ন কৰা হয়।

    CaCO3(s) -------→ CaO(s) + CO2(g)

    (চূণশিল)               (পোৰাচূণ)

(৩) অধঃক্ষেপন বিক্ৰিয়া- কিছুমান বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ হিচাপে কিছুমান পানীত অদ্ৰাৱ্য় পদাৰ্থ গঠন হোৱা দেখা যায় । এই অদ্ৰাৱ্য় পদাৰ্থবোৰক অধঃক্ষেপ বোলে আৰু অধঃক্ষেপ উত্পন্ন হোৱা বিক্ৰিয়াক অধঃক্ষেপন বিক্ৰিয়া বোলে। যেনে-

Na2SO4(aq) + BaCl2(aq) ---→ BaSO4(s) + 2NaCl(aq)

                                       (অধঃক্ষেপ)

(৪) জাৰণ-বিজাৰণ বিক্ৰিয়া (ৰেডক্স বিক্ৰিয়া)- সাধাৰণতে দেখা যায় যে বিক্ৰিয়া এটাত এটা পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয়। এনেবোৰ বিক্ৰিয়া য'ত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয় তেনে বিক্ৰিয়াক জাৰণ-বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া বোলে। যেনে-

     CuO + H2 ---→ Cu + H2O

    এই বিক্ৰিয়াটোত H2 জাৰিত হৈছে আৰু CuO বিজাৰিত হৈছে।

ক্ষয়ীভৱন (corrosion)

    যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এছিড আদিৰদ্বাৰা আক্ৰান্ত হয় তেতিয়া এইবোৰৰ ওপৰত বিভিন্ন ৰঙৰ চামনি পৰা দেখা যায়। এই প্ৰক্ৰিয়াকে ধাতুৰ ক্ষয়ীভৱন বোলে। লোৰ ওপৰত পৰা ৰঙচুৱা মুগা চামনি (মামৰ), কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি আৰু ছিলভাৰৰ ওপৰত পৰা ক'লা চামনি হ'ল ক্ষয়ীভৱনৰ উদাহৰণ।

দুৰ্গন্ধিতা (Rancidity)

    চৰ্বী আৰু তেলজাতীয় বস্তু যেতিয়া বতাহৰ সংস্পৰ্শত ৰখা হয়, তেতিয়া ই জাৰিত হয়। যাৰ ফলত ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয়। ইয়াকে চৰ্বীৰ দুৰ্গন্ধিতা বোলে।

    প্ৰতিৰোধ- জাৰণ নঘটিবলৈ চৰ্বী আৰু তেলযুক্ত খাদ্য়বস্তুত কিছুমান প্ৰতিজাৰক পদাৰ্থ (antioxidant) যোগ কৰা থাকে। বায়ুৰুদ্ধ পাত্ৰত খাদ্য়বস্তু ৰাখিলে জাৰণ মন্থৰ হয়। চিপ্চ জাতীয় ৰস্তুৰ জাৰণ নঘটিবলৈ চিপ্চৰ পেকেটবোৰৰ ভিতৰত নাইট্ৰজেনৰ দৰে গেছ ভৰাই থোৱা হয়।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)