Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

এছিড, ক্ষাৰক আৰু লৱণ (প্ৰশ্নোত্তৰ)

 এছিড, ক্ষাৰক আৰু লৱণ (প্ৰশ্নোত্তৰ)



প্ৰশ্নাৱলী

1.    তোমাক তিনিটা পৰীক্ষানল দিয়া হৈছে। সিহঁতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এছিড দ্ৰৱ আৰু এটা ক্ষাৰকীয় দ্ৰৱ আছে। যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয়, তেন্তে প্রতিটো পৰীক্ষানলত থকা দ্ৰৱসমূহ কিদৰে চিনাক্ত কৰিবা?

উত্তৰঃ  ৰঙা লিটমাছ কাগজখন এটাৰ পিছত এটাকৈ তিনিওটা পৰীক্ষানলত থকা দ্ৰৱত ডুবোৱা হ'ল। যিটো দ্ৰৱই ৰঙা লিটমাছ কাগজক নীলা কৰিব সেইটো দ্ৰৱ ক্ষাৰকীয় হ'ব। এতিয়া এই নীলা লিটমাছ কাগজখন এছিডৰ পৰীক্ষাৰ বাবে ব্য়ৱহাৰ কৰিব পৰা যাব। এই নীলা লিটমাছ পেপাৰখন বাকী থকা দুয়োটা পৰীক্ষানলত এটাৰ পিছত এটাকৈ ডুবালে যিটো দ্ৰৱই ইয়াৰ ৰং ৰঙালৈ পৰিৱৰ্তন কৰিব সেই দ্ৰৱটো এছিড হ'ব আৰু যিটো দ্ৰৱই নীলা লিটমাছ পেপাৰখনৰ কোনো পৰিৱৰ্তন কৰিব নোৱাৰে সেইটো দ্ৰৱ হ'ব পাতিত পানী।  

2.    দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় ?

উত্তৰঃ দৈ আৰু টেঙা খাদ্যবস্তু এছিডধৰ্মী।আনহাতে পিতল বা তাম হৈছে ধাতু।দৈ আৰু টেঙা খাদ্যবস্তু   পিতল বা তামৰ পাত্ৰত থলে ইহঁতৰ মাজত বিক্ৰিয়া ঘটি বিষাক্ত লৱণ আৰ্ হাইড্ৰজেন গেছ উৎপন্ন কৰে। এই বিষাক্ত লৱণ বোৰে খাদ্যবস্তুত বিষক্ৰিয়া ঘটাব পাৰে। সেয়ে দৈ আৰু টেঙা খাদ্যবস্তু পিতলৰ আৰু তামৰ পাত্ৰত থোৱা নহয়।   

3.    এছিডে ধাতুৰ সৈতে বিক্রিয়া কৰিলে সাধাৰণতে কোনটো গেছ নির্গত হয় ? এটা উদাহৰণেৰে সৈতে বুজাই লিখা। এই গেছটোৰ উপস্থিতি কিদৰে পৰীক্ষা কৰিবা ?

    উত্তৰঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে হাইড্ৰজেন গেছ নিৰ্গত হয়।উদাহৰণ স্বৰূপে ছডিয়াম ধাতুৱে হাইড্ৰক্লৰিক এছিডৰ লগত বিক্ৰিয়া কৰিলে ছডিয়াম ক্লৰাইড লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে

                                Na(s) + HCl(aq)→ NaCl(aq) + H2(g)

পৰীক্ষাঃ এছিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে উৎপন্ন কৰা গেছক চাবোন পানীৰ মাজেৰে পাৰ হ'ব দিলে চাবোন পানীত বুদবুদৰ সৃষ্টি হ'ব। এতিয়া এডাল জ্বলি থকা ম'ম গেছ ভৰ্তি বদবুদৰ ওচৰত ধৰিলে হাইড্ৰজেন গেছ ফট্ ফট্ শব্দ কৰি জ্বলিব।

 

4.    এটা ধাতৱ যৌগ A লঘু হাইড্রক্লৰিক এছিড়ৰে সৈতে বিক্রিয়া কৰি বুৰবুৰনি সৃষ্টি কৰে। উৎপন্ন হোৱা গেছটোৱে এডাল জ্বলি থকা ম'ম নুমুৱায়। বিক্রিয়াটোত উৎপন্ন হোৱা এটা যৌগ কেলছিয়াম ক্লৰাইড হ'লে বিক্রিয়াটোৰ বাবে সন্তুলিত সমীকৰণটো লিখা।

উত্তৰঃ (a) জ্বলি থকা ম'ম নুমুওৱা গেছটোৰ নাম কাৰ্বন ডাই অক্সাইড।

        (b) বিক্রিয়াটোৰ ন্তুলিত সমীকৰণটো হ'ল-

                        CaCO3 (s) + 2HCl( l) → CaCl2(aq) + H2O (l) + CO2(g)  

 

 

5.    জলীয় দ্ৰৱত HCl, HNO3 ইত্যাদিয়ে কিয় আম্লিক ধর্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুকজৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায়?

উত্তৰঃ HCl, HNO3 ইত্যাদিয়ে জলীয় দ্ৰৱত হাইড্ৰজেন আয়ন (H+)বা হাইড্ৰনিয়াম আয়ন (H3O+)উৎপন্ন কৰে। সেয়ে ইহঁতে জলীয় দ্ৰৱত আম্লিক ধৰ্ম দেখুৱাই। কিন্তু এলকহল আৰু গ্লুকজৰ দৰে যৌগৰ দ্ৰৱই হাইড্ৰজেন আয়ন (H+)বা হাইড্ৰনিয়াম আয়ন (H3O+)উৎপন্ন কৰিব নোৱাৰে। সেয়ে এইবোৰ যৌগৰ দ্ৰৱই আম্লিক ধর্ম নেদেখুৱায়।

6.    এছিড এটাৰ জলীয় দ্ৰৱই কিয় বিদ্যুৎ পৰিবহন কৰে ?

উত্তৰঃ এছিড এটাৰ জলীয় দ্ৰৱই ধনাত্মক হাইড্ৰজেন আয়ন (H+)বা হাইড্ৰনিয়াম আয়ন (H3O+)আৰু ঋণাত্মক আয়ন উৎপন্ন কৰে । যিহেতু আয়নৰ চলাচলৰ ফলতেই এটা দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে সেয়েহে এছিড এটাৰ জলীয় দ্ৰৱই বিদ্যুৎ পৰিবহন কৰে।

 

7.    শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায় ?

উত্তৰঃ এছিড এটাই কেৱল জলীয় দ্ৰৱতহে হাইড্ৰজেন আয়ন (H+)বা হাইড্ৰনিয়াম আয়ন (H3O+)উৎপন্ন কৰে। সেয়েহে শুকান HCl গেছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে।  

 

8.    এছিড এটা লঘু কৰোতে এছিড পানীত যোগ কৰিবলৈ কোৱা হয় কিন্তু পানী এছিডত যোগ কৰিবলৈ কোৱা নহয় কিয়?

উত্তৰঃ পানীত এছিড বা ক্ষাৰক দ্ৰৱীভূত কৰা প্ৰক্ৰিয়াটো এটা অতিশয় তাপবর্জী প্রক্রিয়া। এছিড সদায় পানীতহে লাহে লাহে যোগ কৰিব লাগে আৰু এইটো কৰোঁতে দ্ৰৱটো একেলেথাৰিয়ে লৰাই থাকিব লাগে। যদি পানী গাঢ় এছিডত যোগ কৰা হয় তেতিয়া উৎপন্ন হোৱা তাপৰ বাবে মিশ্রটো বাহিৰলৈ ছিটিকি পৰিব পাৰে আৰু জুই লাগিব পাৰে। অত্যধিক স্থানীয় তাপোৎপাদনৰ বাবে কাঁচৰ পাত্ৰটো ভাগিবও পাৰে।

 

9.    এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে হাইড্র'নিয়াম আয়ন (H3O+) ৰ গাঁঢ়তা কিদৰে পৰিৱর্তিত হয় ?

উত্তৰঃ এছিডৰ দ্ৰৱ এটা লঘু কৰোঁতে প্ৰতি একক আয়তনত হাইড্র'নিয়াম আয়ন (H3O+) ৰ গাঁঢ়তা হ্ৰাস পায় আৰু এছিডৰ তীব্ৰতাও হ্ৰাস পায়।

 

10.  ডিয়াম হাইড্র'ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্র'ক্সাইড আয়ন (OH-) ৰ গাঢ়তা কিদৰে পৰিৱর্তিত হ?

উত্তৰঃ ডিয়াম হাইড্র'ক্সাইডৰ দ্ৰৱ এটাত অধিক ক্ষাৰক দ্ৰৱীভূত কৰিলে হাইড্র'ক্সাইড আয়ন (OH-) ৰ গাঢ়তা বৃদ্ধি পায়। ইয়াৰ লগে লগে ক্ষাৰকৰ তীব্ৰতাও বৃদ্ধি পায়।

 

11.  তোমাৰ হাতত A আৰু B দুটা দ্ৰৱ আছে। দ্ৰৱ A PH ৰ মান 6 আৰু দ্ৰৱ BPH ৰ মান 8 | কোনটো দ্ৰৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছি? কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়?

উত্তৰঃ A দ্ৰৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছিA আম্লিক আৰু B ক্ষাৰকীয়।

12.  দ্ৰৱ এটাৰ প্রকৃতিৰ ওপৰত H+(aq) আয়নৰ গাঢ়তাৰ কি প্রভাৱ থাকে?

উত্তৰঃ যিকোনো দ্ৰৱৰ প্ৰকৃতি দ্ৰৱটোৰ H+ আয়নৰ গাঢ়তাৰ ওপৰত নিৰ্ভৰ কৰে।যিবিলাক দ্ৰৱত হাইড্ৰ'জেন আয়নৰ গাঢ়তা বেছি সেইবোৰ দ্ৰৱ আম্লিক হয়। H+ আয়নৰ গাঢ়তা বৃদ্ধি হলে দ্ৰৱটোৰ আম্লিক গুণ বৃদ্ধি হয়। আনহাতে, H+ আয়নৰ গাঢ়তা কমিলে দ্ৰৱটোৰ আম্লিক গুণ কমে।  

13.  ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকেনে? যদি থাকে, তেন্তে ইহঁত কিয় ক্ষাৰকীয় ?

উত্তৰঃ ক্ষাৰকীয় দ্ৰৱত H+(aq) আয়ন থাকে কিন্তু ইয়াৰ সংখ্য়া OH- আয়নৰ সংখ্য়া কম হোৱা বাবে ই আম্লিক গুণ নেদেখুৱাই ক্ষাৰকীয় গুণহে দেখুৱাই।

14.  মাটিত কি অৱস্থাত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্র'ক্সাইড) বা চক (কেলছিয়াম কার্ব'নেট) প্রয়োগ কৰিব বুলি তোমালোকে ভাবা ?

উত্তৰঃ শস্য়ৰ সুস্থ-সবল বৃদ্ধিৰ বাবে মাটিৰ PH ৰ মান এটা নিৰ্দিষ্ট পৰিসৰৰ ভিতৰত থাকিব লাগে। যদি মাটিৰ PH ৰ মান অত্য়ধিক আম্লিকতাৰ ফালে গতি কৰে তেনে ক্ষেত্ৰত কৃষক এজনে পোৰা চূণ (কেলছিয়াম অক্সাইড) বা শিথিলিত চূণ (কেলছিয়াম হাইড্র'ক্সাইড) বা চক (কেলছিয়াম কার্ব'নেট)আদি মাটিত প্রয়োগ কৰিব লাগিব।  

 

15.  যৌগ CaOCl2 ৰ সাধাৰণ নামটো কি?

উত্তৰঃ CaOCl2 ৰ সাধাৰণ নামটো ব্লিচিং পাউদাৰ ।

 

16.  ক্ল'ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা।

উত্তৰঃ ক্ল'ৰিনৰ সৈতে বিক্রিয়া কৰালে ব্লিচিং পাউদাৰ উৎপন্ন কৰা যৌগটো হল শিথিলিত চূণ [Ca(OH)2]

 

17.  কঠিন পানী কোঁমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম লিখা।

উত্তৰঃ কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম  কাপোৰ ধোৱা ছডা (Na2CO3.10 H2O)

 

18.  'ডিয়াম হাইড্র'জেনকার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে কি হয় ? বিক্রিয়াটোৰ সমীকৰণটো দিয়া।

উত্তৰঃ 'ডিয়াম হাইড্র'জেনকার্বনেটৰ দ্ৰৱ এটা উত্তপ্ত কৰিলে ছডিয়াম কাৰ্বনেট (Na2CO3), কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হয়।

                NaHCO3 তাপ Na2CO3 + H2O + CO2

 

19.  প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্রিয়াটো দেখুৱাবলৈ এটা সমীকৰণ লিখা।

        উত্তৰঃ প্লাষ্টাৰ অব পেৰিছ আৰু পানীৰ মাজৰ বিক্রিয়াটো হল-

                    CaSO4.1 /2 H2O + 11/2 H20→ CaSO4. 2H2



    অনুশীলনী

1. এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰিছে। ইয়াত PH 'ব পাৰে

(a) 1

(b) 4

(c) 5

(d) 10

উত্তৰঃ (d) 10

 

2. এটা দ্ৰৱই গুড়ি কৰি লোৱা কণীৰ খোলাৰে সৈতে বিক্রিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চুণপানী

ঘোলা কৰে। দ্ৰৱটোত থাকে

(a)  NaCl (b) HCI (c) LiCI (d) KCl


উত্তৰঃ     (b) HCI

3. NaOH দ্ৰৱ এটাৰ 10mL HCl দ্ৰৱ এটাৰ 8mL সম্পূৰ্ণৰূপে প্রশমিত কৰে। যদি আমি একেটা NaOH দ্ৰৱৰ 20mL লওঁ তেন্তে এইখিনি প্রশমিত কৰিবলৈ লগা HCl দ্ৰৱৰ (আগৰ সৈতে একেটা দ্ৰৱ) পৰিমাণ হ'

(a) 4mL (b) 8mL  (e) 12mL (d) 16mL

উত্তৰঃ         (d) 16mL

4. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?

(a) এন্টিবায়টিক

 (b) বেদনানাশক (analgesic)

(c) অম্লনাশক

(d) বীজাণুবাৰক (antiseptic)

উত্তৰঃ         (c) অম্লনাশক

5. সংঘটিত বিক্রিয়াৰ বাবে শব্দ সমীকৰণ আৰু সন্তুলিত সমীকৰণ লিখা যেতিয়া

(a) লঘু ছালফিউৰিক এছিডে যিংকৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।।

(b) লঘু হাইড্রক্ল'ৰিক এছিডে মেগনেছিয়াম ফিটাৰে সৈতে বিক্রিয়া কৰে।

(C) লঘূ ছালফিউৰিক এছিডে এলুমিনিয়াম পাউদাৰৰ সৈতে বিক্রিয়া কৰে।

(d) লঘু হাইড্ৰ'ক্ল'ৰিক এছিডে লোৰ গুড়িৰে সৈতে বিক্রিয়া কৰে।

উত্তৰঃ      (a) শব্দ সমীকৰণ-        ছালফিউৰিক এছিড + যিংক যিংক ছালফেট + হাইড্ৰজেন

ন্তুলিত সমীকৰণ-     H2SO4(aq)  + Zn(s)  → ZnSO4 (aq) + H2(g)

(b)   শব্দ সমীকৰণ-             হাইড্রক্ল'ৰিক এছিড + মেগনেছিয়াম মেগনেছিয়াম ক্লৰাইড + হাইড্ৰজেন

ন্তুলিত সমীকৰণ-  2HCl (aq) + Mg (s) → MgCl2(aq)  + H2 (g)

(c)  শব্দ সমীকৰণ-             ছালফিউৰিক এছিড + এলুমিনিয়াম এলুমিনিয়াম ছালফেট + হাইড্ৰজেন

ন্তুলিত সমীকৰণ- 3H2SO4(aq) + 2Al(s) → Al2 (SO4)3 (aq) + 3H2 (g)

(d)  শব্দ সমীকৰণ-             হাইড্ৰ'ক্ল'ৰিক এছিড + লো → আইৰণ ক্লৰাইড + হাইড্ৰজেন

ন্তুলিত সমীকৰণ – HCl(aq) + Fe(s) → FeCl2 (aq) + H2 (g)


1.    পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে কিন্তু বৰষুণৰ পানীয়ে কৰে কিয় ?

উত্তৰঃ আয়নৰ চলনৰ জৰিয়তেহে বিদ্য়ুত পৰিবহন হয়। পাতিত পানীত এছিড ক্ষাৰক লৱণ আদি কোনোধৰণৰ যৌগ দ্ৰৱীভূত হৈ নাথাকে, সেয়েহে কোনোধৰণৰ আয়ন সৃষ্টি নহয়। আনহাতে বৰষুণৰ পানীত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ দ্ৰৱীভূত হৈ থাকে। এই গেছ সমূহে কাৰ্বনিক এছিড, ছালফিউৰিক এছিড  আদি উৎপন্ন কৰে। এই এছিড পানীত দ্ৰৱীভূত হৈ আয়নলৈ বিয়োজিত হয়। এই আয়ন সমূহে বিদ্য়ুত পৰিবহন কৰে।

৪. পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে কিয়?

উত্তৰঃ এছিড সমূহে পানীৰ উপস্থিতিতহে আয়ন উৎপন্ন কৰে। পানীৰ অনুপস্থিতিত এছিডৰ পৰা H+ আয়ন পৃথক হব নোৱাৰে। সেয়েহে পানীৰ অনুপস্থিতিত এছিডে এছিড ধর্ম প্রদর্শন নকৰে

9. পাঁচটা দ্ৰৱ A, B, C, D আৰু E ক সার্বজনীন সূচকেৰে পৰীক্ষা কৰাত pH ৰ মান ক্রমে 4, 1, 11, 7 আৰু

9 দেখুৱাইছিল। কোনটো দ্ৰৱ।

(a) প্রশম।

(b) তীব্র ক্ষাৰকীয় ।

(c) তীব্র আম্লিক

(d) মৃদু আম্লিক

(e) মৃদু ক্ষাৰকীয়

হাইড্রজেন আয়নৰ গাঢ়তাৰ বধিত ক্ৰমত pH মানবোৰ সজোৱা।

উত্তৰঃ         (a) D দ্ৰৱ প্রশম

                    (b) C তীব্র ক্ষাৰকীয়

                    (c) B তীব্র আম্লিক

                    (d) A মৃদু আম্লিক

                    (e) E মৃদু ক্ষাৰকীয়

হাইড্রজেন আয়নৰ গাঢ়তাৰ বধিত ক্ৰমত pH মানবোৰ হল-

                            PH 11< PH 9< PH 7< PH 4< PH 1

10. পৰীক্ষানল A আৰু B ত সমান সমান দৈর্ঘ্যৰ দুডাল মেগনেছিয়ামৰ ফিটা লোৱা হ'ল। পৰীক্ষানল A ত হাইড্রক্লৰিক এছিড (HCl) আৰু পৰীক্ষানল Bত এচেটিক এছিড যোগ কৰা হল। এছিড দুটাৰ গাঢ়তা একে আৰু একে পৰিমাণেই লোৱা হৈছে। কোনটো পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব আৰু কিয়?

উত্তৰঃ হাইড্রক্লৰিক এছিড (HCl)  থকা পৰীক্ষানলত বেছি বেগেৰে বুৰবুৰনি ওলাব কাৰণ হাইড্রক্লৰিক এছিড এচেটিক এছিডতকৈ বেছি তীব্ৰ। সেয়েহে মেগনেছিয়ামৰ ফিটাডালে হাইড্র'ক্লৰিক এছিডৰ লগত বেছি ক্ষীপ্ৰতাৰে বিক্ৰিয়া কৰিব।

11. কেঁচা গাখীৰৰ PH ৰ মান 6ই দৈত পৰিণত হ'লে PH সলনি হ'বনে ? ব্যাখ্যা কৰা।

উত্তৰঃ কেঁচা গাখীৰৰ PH ৰ মান 6অৰ্থাৎ ই মৃদু আম্লিক। ই দৈত পৰিণত হলে ইয়াৰ আম্লিক গুণ বৃদ্ধি পাব আৰু PH ৰ মান 6 তকৈ কমি যাব।

12. এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছডা যোগ কৰিলে।

  (a) কিয় তেওঁ কেঁচা গাখীৰৰ PH ৰ মান 6 ৰ পৰা সামান্যভাৱে ক্ষাৰকীয় কৰি ললে।

    (b)  এই গাখীৰখিনি দৈত পৰিণত হ'বলৈ বেছি সময় লাগে কিয়?

উত্তৰঃ (a) এজন গোৱালে কেঁচা গাখীৰত সামান্য পৰিমাণৰ বেকিং ছডা যোগ কৰি গাখীৰখিনি অলপ ক্ষাৰকীয় কৰি লয় যাতে গাখীৰখিনি সোনকালে টেঙা হৈ নাযায়।

(b) গাখীৰ যেতিয়া দৈত পৰিণত হয় তেতিয়া ইয়াত লেকটিক এছিড উৎপন্ন হয়।এই ক্ষাৰকীয় গাখীৰখিনি দৈত পৰিণত হবলৈ বেছি সময় লাগিব কাৰণ প্ৰথমতে ক্ষাৰখিনি প্ৰশমিত হব লাগিব। অধিক পৰিমাণে লেকটিক এছিড উৎপন্ন হলেহে গাখীৰখিনি দৈত পৰিণত হব।

 13. প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে কিয় ? ব্যাখ্যা কৰা।

উত্তৰঃ প্লাষ্টাৰ অব পেৰিছত পানী মিহলালে ই জিপছামলৈ পৰিৱৰ্তিত হৈ গোটা পদাৰ্থত পৰিণত হয়। সেয়ে প্লাষ্টাৰ অব পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত থব লাগে।

                        CaSO4./2 H2O + 11/2 H20→ CaSO4. 2H2

                                                                    (জিপছাম)

14. প্রশমন বিক্রিয়া কি? দুটা উদাহৰণ দিয়া। কাপোৰ ধোৱা ছ'ডা আৰু বেকিং ছ'ডাৰ দুটাকৈ গুৰুত্বপূর্ণ ব্যৱহাৰ লিখা।

উত্তৰঃ এছিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া হ'লে ইটোৱে আনটোক প্ৰশমিত কৰি লৱণ আৰু পানী উৎপন্ন কৰে। এই বিক্ৰিয়াক প্ৰশমণ বিক্ৰিয়া বোলে।  প্ৰশমণ বিক্ৰিয়াৰ দুটা উদাহৰণ হ'ল-

                NaOH (ক্ষাৰক) + HCl (এছিড)→ NaCl (লৱণ) + H2O (পানী)

                 KOH (ক্ষাৰক) + HCl (এছিড)→ KCl (লৱণ) + H2O (পানী) 

কাপোৰ ধোৱা ছ'ডাৰ দুটা ব্যৱহাৰ হ'ল-

                (i) ডিয়াম কার্বনেট (কাপোৰ ধোৱা ছ'ডা) কাঁচ, চাবোন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয়।

                (iv) পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

বেকিং ছ'ডাৰ দুটা ব্যৱহাৰ হ'ল-

                (i) ইয়াক বেকিং পাউদাৰ প্ৰস্তুত কৰিবলৈ।

            (ii) ছডিয়াম হাইড্রজেনকার্বনেট অম্লনাশক (antacid) বোৰৰ এটা উপাদান। ক্ষাৰকীয় হোৱাৰ বাবে ই পেটৰ অতিৰিক্ত এছিড প্রশমিত কৰি সকাহ দিয়ে।


Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)