Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ( প্ৰশ্নোত্তৰ) (Chemical reactions and Equations)

ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ( প্ৰশ্নোত্তৰ)

                    প্রশ্নাৱলী

1.    বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয় ?

উত্তৰঃ বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কাৰণ মেগনেছিয়ামে বায়ুমন্ডলীয় অক্সিজেনৰ সৈতে বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড (MgO)ৰ এটা তৰপ সৃষ্টি কৰে। অক্সিজেনৰ লগত পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰিবলৈ ইয়াক পৰিষ্কাৰ কৰি ল'ব লাগে। 

    2. তলৰ ৰাসায়নিক বিক্রিয়াবোৰৰ বাবে সন্তুলিত সমীকৰণ লিখা।

            (i) হাইড্রজেন + ক্ল'ৰিন হাইড্রজেন ক্লৰাইড ।

            (ii) বেৰিয়াম ক্ল'ৰাইড + এলুমিনিয়াম ছালফেট   বেৰিয়াম ছালফেট + এলুমিনিয়াম ক্ল'ৰাইড

            (iii) 'ডিয়াম + পানী ডিয়াম হাইড্রক্সাইড + হাইড্রজেন।

উত্তৰঃ         (i) H2 + Cl2 → 2HCl

                 (ii) 3BaCl2 + Al2(SO4)3 → 3BaSO4 + 2AlCl3

                (iii) 2Na + 2H2O → 2NaOH + H2

 

    3.তলৰ বিক্রিয়াবাৰৰ বাবে অৱস্থা চিহ্ন (State symbols) সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।

(i)  বেৰিয়াম ক্ল'ৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্লৰাইডৰ দ্ৰৱ প্রস্তুত হয়।

(ii) ডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্রক্লৰিক এছিডৰ দ্ৰৱ (পানীত) ৰে সৈতে বিক্রিয়া কৰি ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে।

উত্তৰঃ         (i) BaCl2(aq) + Na2SO4(aq) ---→ BaSO4(s) + 2NaCl(aq)

                            (ii) NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)

 

    4. এটা পদার্থ 'X' ৰ দ্ৰৱক বগা ৰঙ সানিবলৈ (White washing) ব্যৱহাৰ কৰা হয়। |

            (i) পদার্থ 'X' ৰ নাম আৰু সংকেত লিখা।

            (ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্রিয়াটো লিখা।

উত্তৰঃ     (i) পদার্থ 'X' ৰ নাম কেলছিয়াম অক্সাইড আৰু সংকেত CaO.

     (ii) পানীৰে সৈতে পদার্থ 'X' এ কৰা বিক্রিয়াটো হল-

     CaO (s) + H2O (l) → Ca(OH)2(aq)

 

    5. কার্যকলাপ 1.7 ত এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ কিয়? এই গেছটোৰ নাম লিখা।

    উত্তৰঃ কার্যকলাপ 1.7 এছিডযুক্ত পানীৰ বিদ্য়ুত বিশ্লেষণ কৰা হৈছে। পানীৰ মাজেৰে বিদ্য়ুত্ চালিত কৰিলে পানীৰ অণু বিয়োজিত হৈ হাইড্রজেন আৰু অক্সিজেন উৎপন্ন কৰে। এই গেছ দুটাক ক্ৰমে কেথড আৰু এনডত সংগ্ৰহ কৰা হয়। দুটা পানীৰ অণু বিয়োজিত হলে হাইড্রজেনৰ দুটা অণু আৰু অক্সিজেন গেছৰ এটা অণু উৎপন্ন হয়। গতিকে, এটা পৰীক্ষানলত, সংগ্রহ কৰা গেছৰ পৰিমাণ আনটো পৰীক্ষানলত সংগ্রহ কৰা গেছৰ পৰিমানৰ দুগুণ হয়।

     এই গেছটোৰ নাম হাইড্র'জেন  

    6.লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কিয়?

উত্তৰঃ .লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিবর্তন ঘটে কাৰণ লো কপাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ই কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা কপাৰক অপসাৰিত কৰি আইৰণ অক্সাইড উৎপন্ন কৰে। সেয়ে কপাৰ ছালফেটৰ ডাঠ সেউজীয়া ৰং পাতল হৈ পৰে।

Fe(s) + CuSO4 (aq) → FeSO4 (aq) + Cu(s)

    7. কার্যকলাপ 1.10 ত দিয়া বিক্রিয়াটোৰ বাহিৰে আন এটা দ্বিঅপসৰন বিক্রিয়াৰ উদাহৰণ দিয়া।

    উত্তৰঃ বেৰিয়াম ক্ল'ৰাইড এ এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰিলে  বেৰিয়াম ছালফেট আৰু এলুমিনিয়াম ক্ল'ৰাইড উৎপন্ন হয় ।

3BaCl2 + Al2 (SO4)3 → 3BaSO4 + 2AlCl3

8. তলৰ বিক্রিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদার্থসমূহ বাচি উলিওৱা।

(i)            4Na(s) + 02(g) → 2Na2O(s)

(ii)           CuO(s) + H2(g) → Cu(s) + H2O(l)

উত্তৰঃ         (i) এই বিক্রিয়াটোত Na জাৰিত হৈছে

            (ii) এই বিক্রিয়াটোত H2 জাৰিত হৈছে আৰু CuO  বিজাৰিত হৈছে

 

 

অনুশীলনী


            1. তলৰ বিক্রিয়াটোৰ বাবে উক্তিসমুহৰ কোনকেইটা অশুদ্ধ

                    2PbO(s) + C(s) → 2Pb(s) + CO2(g)

                    (a) লেড বিজাৰিত হৈছে।

                    (b) কার্বন ডাইঅক্সাইড জাৰিত হৈছে।

                    (c) কার্বন জাৰিত হৈছে।

                    (d) লেড অক্সাইড বিজাৰিত হৈছে।

            (i) (a) আৰু (b)

            (ii) (a) আৰু (c)

            (iii) (a), (b) আৰু (c)

    (ii)           সকলো

 

    উত্তৰঃ             (ii) (a) আৰু (c) 

        2. Fe203 + 2Al → Al2O3 + 2Fe

                ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ।

                    (a) এটা সংযোজন বিক্রিয়াৰ

                    (b) এটা দ্বিঅপসাৰণ বিক্রিয়া।

                    (c) এটা বিয়োজন বিক্রিয়াৰ

                    (d) এটা অপসৰণ বিক্রিয়াৰ

 

        উত্তৰঃ         (d) এটা অপসৰণ বিক্রিয়াৰ

    3. কি ঘটে যেতিয়া লঘু হাইড্রক্লৰিক এছিড লোৰ গুড়িত যোগ কৰা হয় ? শুদ্ধ উত্তৰটোত টিক্ চিন দিয়া।

        (a) হাইড্রজেন গেছ আৰু আইৰন ক্লৰাইড উৎপন্ন হয়।।

        (b) ক্ল'ৰিন গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয়।

        (c) বিক্রিয়া নঘটে।

        (d) আইন লৱণ আৰু পানী উৎপন্ন হয়।

        উত্তৰঃ     (a) হাইড্রজেন গেছ আৰু আইৰন ক্লৰাইড উৎপন্ন হয়।।

    4. সন্তুলিত ৰাসায়নিক সমীকৰণ কি? ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে ?

    উত্তৰঃ যি ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়া এটাৰ আগত আৰু পাছত প্ৰতিটো মৌলৰে পৰমাণুৰ সংখ্য়া একে থাকে, এনে ৰাসায়নিক সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলা হয়।

ভৰৰ নিত্য়তা সূত্ৰমতে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ হব নোৱাৰে। অৰ্থাত্ ৰাসানিক বিক্ৰিয়া এটাত বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মুঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হব লাগিব। এতেকে, ৰাসায়নিক বিক্ৰিয়া এটাৰ আগত আৰু পাছত প্ৰতিটো মৌলৰে পৰমাণুৰ সংখ্য়া একে হব লাগে। সেয়ে ৰাসায়নিক সমীকৰণসমূহ সন্তুলিত কৰিব লাগে ।  

     

    5. তলৰ উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তলন কৰা।

        (a) হাইড্রজেন গেছে নাইট্রজেনৰে সৈতে লগ হৈ এমনিয়া প্রস্তুত কৰে।

        (b) হাইড্রজেন ছালফাইডে বায়ুত দাহিত হৈ পানী আৰু ছালফাৰ ডাই অক্সাইড উৎপন্ন কৰে।

    (c) বেৰিয়াম ক্লৰাইডে এলুমিনিয়াম ছালফেটৰে সৈতে বিক্রিয়া কৰি এলুমিনিয়াম ক্লৰাইড আৰু বেৰিয়াম ছালফেটৰ অধঃক্ষেপ উৎপন্ন কৰে। |

        (d) পটেছিয়াম ধাতুৱে পানীৰে সৈতে বিক্রিয়া কৰি পটেছিয়াম হাইড্রক্সাইড আৰু হাইড্রজেন গেছ উৎপন্ন কৰে।

 

    উত্তৰঃ         (a) 3H2 + N2 → 2NH3

                        (b) 2H2S + 3O2 → 2H2O + 2SO2

        (c) 3BaCl2 + Al2 (SO4)3 → 3BaSO4 + 2AlCl3

        (d) 2K + 2H2O → 2KOH + H2

 

 

        6. তলৰ ৰাসায়নিক সমীকৰণসমূহ সন্তুলন কৰা।

            (a) HNO3+ Ca (OH)2 → Ca (NO3)2 + H2O

            (b) NaOH + H2SO4 → Na2SO4 + H2O

            (c) NaCl+ AgNO3 → AgCl + NaNO3

            (d) BaCl2+ H2SO4 → BaSO4 + HCI

 

    উত্তৰঃ             (a) 2HNO3+ Ca (OH)2 → Ca (NO3)2 + 2H2O

                            (b) 2NaOH + H2SO4 → Na2SO4 + 2H2O

             (c) NaCl+ AgNO3 → AgCl + NaNO3

            (d) BaCl2+ H2SO4 → BaSO4 + 2HCI

 

        7. তলৰ বিক্রিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণবোৰ লিখা।

            (a) কেলছিয়াম হাইড্রক্সাইড + কার্বন ডাই অস্কাইড কেলছিয়াম কার্বনেট + পানী।

            (b) যিংক + ছিলভাৰ নাইট্রেট যিংক নাইট্রেট + ছিলভাৰ।।

            (c) এলুমিনিয়াম + কপাৰ ক্লৰাইড় এলুমিনিয়াম ক্লৰাইড + কপাৰ।

            (d) বেৰিয়াম ক্লৰাইড + পটেছিয়াম ছালফেট বেৰিয়াম ছালফেট + পটেছিয়াম ক্লৰাইড।।

 

            উত্তৰঃ         (a) Ca(OH)2 + CO2 → CaCO3 + H2O

                                (b) Zn + 2AgNO3 → Zn(NO3)2 +  2Ag

                                (c) 2Al + 3CuCl2 → 2AlCl3 + 3Cu

                                (d) BaCl2 + K2SO4 → BaSO4 + 2KCl

 

        ৪. তলত দিয়াবোৰৰ বাবে সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা আৰু প্ৰতিটো কোন প্রকাৰৰ বিক্রিয়া চিনাক্ত কৰা।

        (a) পটেছিয়াম ব্রমাইড (aq) + বেৰিয়াম আয়ডাইড (aq) → পটেছিয়াম আয়ডাইড (aq) + বেৰিয়াম ব্রমাইড (s)

            (b) যিংক কার্বনেট (s) → যিংক অক্সাইড (s) + কার্বন ডাই অক্সাইড(g)

            (c) হাইড্রজেন (g) +ক্লৰিন (g) – হাইড্রজেন ক্ল'ৰাইড (g)

            (d) মেগনেছিয়াম (s) + হাইড্রক্লৰিক এছিড (aq) → মেগনেছিয়াম ক্লৰাইড (aq) + হাইড্রজেন (g)

 

উত্তৰঃ                 (a) 2KBr(aq) + BaI2(aq) → 2KI(aq) + BaBr2(s) ------- দ্বিঅপসাৰণ বিক্রিয়া

                            (b) ZnCO3(s) → ZnO(s) + CO2(g) ---------- বিয়োজন বিক্রিয়া

                            (c) H2(g) + Cl2(g) → 2HCl(g) ------------ সংযোজন বিক্রিয়াৰ

                            (d) Mg(s) + 2HCl(aq) → MgCl2 (aq) + H2(g) ----------অপসৰণ বিক্রিয়া

 

         9. তাপবর্জী আৰু তাপগ্রাহী বিক্রিয়া বুলিলে কি বুজা? উদাহৰণ দিয়া।

        উত্তৰঃ যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উত্পন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে। যেনে-

         প্ৰাকৃতিক গেছৰ দহনঃ CH4 (g) + 2O2 (g) ---→ CO2 (g) + 2H2O(g) + তাপ

             প্ৰাকৃতিক গেছৰ দহনৰ ফলত প্ৰচুৰ পৰিমানে তাপ উত্পন্ন হয় আৰু ই এটা তাপবৰ্জী বিক্ৰিয়া।

            আনহাতে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াটো সংঘটিত হবলৈ শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।         এই শোষিত শক্তি তাপ, বিদ্য়ুত বা পোহৰ যিকোনো প্ৰকাৰৰ হব পাৰে। যেনে-

2AgCl (s) -----------→ 2Ag(s) + Cl2(g) (সূৰ্যৰ পোহৰৰ উপস্থিতিত)

এই বিক্ৰিয়াটো সূৰ্যৰ পোহৰৰ পৰা শক্তি শোষণ কৰিহে সম্পন্ন হয়। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়া।

        10. শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি কিয় বিবেচনা কৰা হৈছে? ব্যাখ্যা কৰা।।

        উত্তৰঃ আমাক জীয়াই থাকিবলৈ যি শক্তি লাগে, সেয়া আমি খাদ্যৰ পৰা পাওঁ। হজম প্ৰক্ৰিয়াত খাদ্য বস্তু সৰল পদার্থলৈ ভাগি যায়। উদাহৰণস্বৰূপে চাউল, আলু আক, ৰুটিত কার্বহাইড্রেট থাকে। এই কার্বহাইড্রেটবোৰ গ্লুকজলৈ ভাঙি যায়। শ্বসন প্ৰক্ৰিয়াত এই গ্লুকজ আমাৰ দেহৰ কোষত অক্সিজেনৰে সৈতে লগ হয় আৰু শক্তিৰ যোগান ধৰে। যিহেতু, শ্বসন প্ৰক্ৰিয়াত শক্তি উৎপন্ন হয় সেয়ে শ্বসনক এটা তাপবর্জী বিক্রিয়া বুলি বিবেচনা কৰা হয়।

 

        11. বিয়োজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয় কিয় ? এই সমূহ বিক্রিয়াৰ বাবে সমীকৰণ লিখা।

        উত্তৰঃ সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ (মৌল বা যৌগ) লগ হৈ এটা মাত্ৰ বিক্ৰিয়াজাত পদাৰ্থ উত্পন্ন কৰে আনহাতে বিয়োজন  বিক্ৰিয়াত এটা মাত্ৰ বিক্ৰিয়ক পদাৰ্থ একাধিক সৰল বিক্ৰিয়াজাত পদাৰ্থলৈ ভাঙি যায়সেয়ে বিয়োজন বিক্রিয়াক সংযোজন বিক্রিয়াৰ বিপৰীত বোলা হয়

 

        12. তাপ, পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্রিয়াৰ একোটাকৈ সমীকৰণ লিখা।

উত্তৰঃ তাপৰদ্বাৰা কেলছিয়াম কাৰ্বনেটক বিয়োজিত কৰি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উত্পন্ন কৰা হয়।

CaCO3(s) ---তাপ----→ CaO(s) + CO2(g)

(চূণশিল)    (পোৰাচূণ)

পোহৰ শক্তিৰে সংঘটিত বিয়োজন বিক্রিয়া হ'ল

2AgCl (s) -----------→ 2Ag(s) + Cl2(g) (সূৰ্যৰ পোহৰৰ উপস্থিতিত)

বিদ্যুৎ শক্তিৰে সংঘটিত বিয়োজন বিক্রিয়া হ'ল

2H2O (l) → 2H2(g) + O2(g) (বিদ্যুৎৰ দ্বাৰা)


13. অপসৰণ আৰু দ্বিঅপসৰণ বিক্রিয়াৰ মাজত পার্থক্য কি? এই বিক্রিয়াবোৰৰ বাবে সমীকৰণ লিখা।

উত্তৰঃ অপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় আন এটা মৌলক তাৰ যৌগৰ পৰা অপসাৰিত কৰি নিজে তাৰ ঠাইত প্ৰতিস্থাপিত হয় । যেনে-

     Fe(s) + CuSO4(aq) ---→FeSO4 (aq) + Cu(s)

আনহাতে, দ্বিঅপসৰণ বিক্ৰিয়াত দুটা বেলেগ বেলেগ বিক্ৰিয়ক পদাৰ্থৰ মাজত পৰমাণু বা আয়নৰ পৰস্পৰ বিনিময় ঘটে । যেনে-  

Na2SO4(aq) + BaCl2(aq) ---→ BaSO4(s) + 2NaCl(aq)

 

 

14. ছিলভাৰ পৰিশোধনত ছিলভাৰ নাইট্রেট দ্ৰৱৰ পৰা ছিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰদ্বাৰা অপসাৰণ সংঘটিত কৰা হয়। জড়িত বিক্রিয়াটো লিখা।

উত্তৰঃ ছিলভাৰ পৰিশোধনত জড়িত বিক্রিয়াটো হ'ল

     AgNO3(aq) + 2Cu (s)  →2 Cu(NO3)2 (aq)+ Ag(s)

 

15. অধঃক্ষেপণ বিক্রিয়া মানে কি বুজা? উদাহৰণ দি ব্যাখ্যা কৰা।

উত্তৰঃ  কিছুমান বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ হিচাপে কিছুমান পানীত অদ্ৰাৱ্য় পদাৰ্থ গঠন হোৱা দেখা যায় । এই অদ্ৰাৱ্য় পদাৰ্থবোৰক অধঃক্ষেপ বোলে আৰু অধঃক্ষেপ উত্পন্ন হোৱা বিক্ৰিয়াক অধঃক্ষেপন বিক্ৰিয়া বোলে। যেনে-

Na2SO4(aq) + BaCl2(aq) ---→ BaSO4(s) + 2NaCl(aq)

                                                               (অধঃক্ষেপ)

16. অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণসহ ব্যাখ্যা কৰা।

        (a) জাৰণ।

        (b) বিজাৰণ।

উত্তৰঃ (a) যি বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন লাভ কৰে তেনে বিক্ৰিয়াক জাৰণ বিক্ৰিয়া বোলে। যেনে-

2Cu(s) + O2(g) ---→ 2CuO(s)

ইয়াত কপাৰে অক্সিজেন লাভ কৰি জাৰিত হৈছে।

(b) যি বিক্ৰিয়াত এটা পদাৰ্থই অক্সিজেন হেৰুৱাই তেনে বিক্ৰিয়াক বিজাৰণ বিক্ৰিয়া বোলে।

CuO(s) + H2(g) ---→Cu + H2O(l)

এই বিক্ৰিয়াটোত কপাৰ অক্সাইডে অক্সিজেন হেৰুৱাই বিজাৰিত হৈছে।

 

 

17.এটা উজ্জ্বল মুগা ৰঙৰ মৌল 'X'ক বায়ুত গৰম কৰাত কলা হৈ পৰিল। মৌল 'X' আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ যৌগটোৰ নাম লিখা।

উত্তৰঃ মৌল 'X'  ৰ নাম কপাৰ আৰু উৎপন্ন হোৱা ক'লা ৰঙৰ  যৌগটো হল কপাৰ অক্সাইড (CuO)

 

18. লোৰ বস্তুত ৰঙৰ প্রলেপ দিও কিয় ?

উত্তৰঃ যেতিয়া লোৰ বস্তু জলীয় বাষ্প, এছিড আদিৰদ্বাৰা আক্ৰান্ত হয় তেতিয়া লোৰ ওপৰত পৰা ৰঙচুৱা মুগা চামনি (মামৰ)পৰে, যাক ক্ষয়ীভৱন বুলি কোৱা হয়। ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ লোৰ বস্তুত ৰঙৰ প্রলেপ দিয়া হয়।  

 

19. তেল আৰু চর্বি থকা খাদ্যবস্তু নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয় কিয়?

উত্তৰঃ তেল আৰু চর্বি থকা খাদ্যবস্তু জাৰণ নঘটিবলৈ নাইট্রজেনৰ পৰিবেশত পেকেটত ভৰোৱা হয়।

 

20. এটা উদাহৰণৰে সৈতে তলৰ পদসমূহ ব্যাখ্যা কৰা। (a) ক্ষয়ীভৱন। (b) চৰ্বীৰ দুর্গন্ধিতা।

উত্তৰঃ

(a) ক্ষয়ীভৱনঃ যেতিয়া ধাতু এটা তাৰ চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প, এছিড আদিৰদ্বাৰা আক্ৰান্ত হয় তেতিয়া এইবোৰৰ ওপৰত বিভিন্ন ৰঙৰ চামনি পৰা দেখা যায়। এই প্ৰক্ৰিয়াকে ধাতুৰ ক্ষয়ীভৱন বোলে। লোৰ ওপৰত পৰা ৰঙচুৱা মুগা চামনি (মামৰ), কপাৰৰ ওপৰত পৰা সেউজীয়া চামনি আৰু ছিলভাৰৰ ওপৰত পৰা কলা চামনি হল ক্ষয়ীভৱনৰ উদাহৰণ।

(b) চৰ্বীৰ দুর্গন্ধিতাঃ চৰ্বী আৰু তেলজাতীয় বস্তু যেতিয়া বতাহৰ সংস্পৰ্শত ৰখা হয়, তেতিয়া ই জাৰিত হয়। যাৰ ফলত ইহঁতৰ গোন্ধ আৰু স্বাদ সলনি হয়। ইয়াকে চৰ্বীৰ দুৰ্গন্ধিতা বোলে।


Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)