মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন (PERIODIC CLASSIFICATION OF ELEMENTS)
- Get link
- X
- Other Apps
মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন
(PERIODIC CLASSIFICATION OF ELEMENTS)
মৌলৰ শ্রেণীবিভাজন
ভিন ভিন মৌল আৱিষ্কাৰ হোৱাৰ পাছত বিজ্ঞানীসকলে মৌলবোৰৰ
ধৰ্মৰ বিষয়ে বহুতো তথ্য আহৰণ কৰিছিল। মৌলবোৰৰ বিষয়ে জ্ঞাত হোৱা এই সকলোবোৰ তথ্যক
একত্ৰিত কৰি উপস্থাপন কৰাটো তেওঁলোকৰ বাবে এক সমস্যা আছিল। তেওঁলোকে মৌলবোৰৰ ধর্মত
থকা কিছুমান সমুহীয়া সাদৃশ্য অনুসন্ধান কৰিছিল যাৰ ওপৰত ভিত্তি কৰি মৌলবোৰৰ ধৰ্ম
সহজে অধ্যয়ন কৰিব পৰা যায়।
বিজ্ঞানীসকলে মৌলবোৰক সিহঁতৰ ধর্ম অনুসৰি
শ্ৰেণীবিভাজন কৰি শৃংখলাবদ্ধভাৱে সজাবলৈ একাধিক প্রচেষ্টা চলালে। আদিতে মৌলবোৰক
ধাতু আৰু অধাতু হিচাপে শ্রেণীবিভাজন কৰা হৈছিল, পাছলৈ মৌলবোৰ আৰু সিহঁতৰ ধৰ্মৰ ওপৰত আমাৰ জ্ঞান বৃদ্ধি হাোৱাৰ লগে লগে মৌলবোৰক
আৰু অধিক ভাগত ভগাবলৈ যত্ন কৰা হৈছিল।
ড’বাৰেইনাৰৰ ট্রায়াড় (Dobereiner's Triads)
1817 চনত জার্মান ৰসায়নবিদ জ’হান ওলফগেং ড’বাৰেইনাৰে (Johann Wolfgang Dobereiner) একে ধর্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত
সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইবোৰ
তেওঁ ট্রায়াড বা ত্রিক বুলিছিল। ড’বাৰেইনাৰে দেখুৱাইছিল যে ট্রায়াড এটাৰ মৌল
তিনিটাক সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ
পাৰমাণৱিক ভৰৰ গড় মানৰ প্রায় সমান হয়।
উদাহৰণস্বৰূপে লিথিয়াম (Li), ছ’ডিয়াম (Na)
আৰু পটেছিয়ামেৰে (K) গঠিত ট্রায়াডটো লোৱা হ'ল। ইহঁতৰ পাৰমাণৱিক ভৰ
ক্ৰমে 6.9,
23.0 আৰু 39.0। Li আৰু Kৰ পাৰমাণৱিক গড় মান 26.4, Na ৰ পাৰমাণৱিক ভৰৰ সৈতে ই প্ৰায় সমান।
ড’বাৰেইনাৰৰ
ট্রায়াড়
Li |
Ca |
Cl |
Na |
Sr |
Br |
K |
Ba |
I |
ড’বাৰেইনাৰৰ ট্রায়াড়ৰ সীমাবদ্ধতাঃ ড’বাৰেইনাৰে
সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্র তিনিটা ট্রায়াডহে চিনাক্ত কৰিব
পাৰিছিল। সেইবাবে ট্রায়াড় হিচাপে শ্রেণীবিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰোপযোগী
নাছিল।
নিউলেন্ডছৰ অষ্টক সূত্র (Newland's law of Octaves)
ড’বাৰেইনাৰৰ প্রচেষ্টাই আন আন ৰসায়নবিদসকলক
মৌলবোৰৰ ধৰ্ম আৰু সিহঁতৰ পাৰমাণৱিক ভৰৰ মাজত এক যোগসূত্র স্থাপন কৰাৰ বাবে
অনুপ্রাণিত কৰিছিল। 1866
চনত ইংৰাজ বিজ্ঞানী জন
নিউলেণ্ডছে (John
Newlands) সেই সময়ৰ আৱিষ্কৃত
মৌলবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজাইছিল। তেওঁ এই কামটো আটাইতকৈ কম
পাৰমাণৱিক ভৰৰ মৌল হাইড্রজেনৰ পৰা আৰম্ভ কৰিছিল আৰু 56 তম মৌল থ’ৰিয়ামত শেষ কৰিছিল। এনেদৰে সজাওঁতে তেওঁ প্ৰতিটো অষ্টম মৌলৰ ধৰ্ম প্ৰথমটো
মৌলৰ লগত একে ধৰণৰ হােৱা লক্ষ্য কৰিছিল। এইটোক তেওঁ সংগীতৰ অষ্টক (Octaves) ৰ সৈতে তুলনা কৰিছিল। ইয়াক ‘নিউলেণ্ডছৰ অষ্টক সুত্র’ নামেৰে (Newland's Law of Octaves) জনা যায়। নিউলেণ্ডৰ অষ্টকত লিথিয়াম আৰু ছ’ডিয়ামৰ ধর্মসমূহ একে হোৱা দেখা গৈছিল।
লিথিয়ামৰ পাছৰ অষ্টম মৌলটো হ’ল
ছ’ডিয়াম। একেদৰে বেৰিলিয়াম আৰু মেগনেছিয়ামৰ
ধৰ্ম পৰম্পৰ মিলে। তলৰ তালিকাত নিউলেণ্ডছ অষ্টকৰ মূল গাঁথনিৰ এটা অংশ দিয়া হৈছে।
সা (ডো) |
ৰে (ৰে) |
গা (মি) |
মা (ফা) |
পা (চো) |
ধা (লা) |
নি (টি) |
H |
Li |
Be |
B |
C |
N |
O |
F |
Na |
Mg |
Al |
Si |
P |
S |
Cl |
K |
Ca |
Cr |
Ti |
Mn |
Fe |
Co আৰু Ni |
Cu |
Zn |
Y |
In |
As |
Se |
Br |
Rb |
Sr |
Ce আৰু La |
Zr |
- |
- |
নিউলেণ্ডছৰ
অষ্টক সুত্রৰ সীমাবদ্ধতা
1.
অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পর্যন্তহে প্রযোজ্য হোৱা পোৱা গৈছিল।
কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধর্মবোৰ প্ৰথমটোৰে সৈতে একেধৰণৰ নাছিল।
2.
নিউলেণ্ডছে প্রকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল। কিন্তু পৰৱৰ্তী কালত অনেক
নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধর্মবোৰ অষ্টক সুত্ৰৰ লগত খাপ খোৱা নাছিল।
3. নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তর্ভূক্তও কৰিছে। যেনে তালিকাত ক’বাল্ট আৰু নিকেলৰ স্থান একেটা আৰু ইহঁতক ফুৰিন, ক্ল’ৰিন আৰু ব্ৰমিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে। অথচ ইহঁতৰ ধর্ম এই কেইটাৰ মৌলৰ পৰা যথেষ্ট পৃথক। আইৰনৰ ধর্ম ক’বাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াক এই মৌল কেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে। এনেদৰে চালে নিউলেণ্ডছৰ অষ্টক সূত্ৰটোক কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্রযোজ্য যেন দেখা গৈছিল।
বিশৃংখলাৰ মাজত শৃংখলা- মেন্ডেলিভৰ পর্যাবৃত্ত তালিকা
নিউলেণ্ডছৰ অষ্টক সূত্ৰটো নাকচ হোৱাৰ পাছত ৰুছ ৰসায়ন
বিজ্ঞানী ডিমিট্রি আইভানোভিচ মেন্ডেলিভক মৌলৰ শ্রেণীবিভাজনৰ বাবে সর্বাধিক কৃতিত্ব
দিয়া হয়। পর্যাবৃত্ত তালিকা এখনৰ প্ৰাৰম্ভিক বিকাশত তেওঁ অতিশয় গুৰুত্বপূৰ্ণ
অৱদান আগবঢ়াইছিল। তালিকাখনত মৌলবোৰক সিহঁতৰ মৌলিক ধর্ম পাৰমানবিক ভৰ আৰু
ৰাসায়নিক ধৰ্মৰ সাদৃশ্য়ৰ ভিত্তিত সজোৱা হৈছিল।
মেণ্ডেলিভে কাম আৰম্ভ কৰোঁতে 63 টা মৌলৰ বিষয়েহে জনা গৈছিল। তেওঁ মৌলসমূহৰ
পাৰমানৱিক ভৰৰ সৈতে সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ সম্পর্ক পৰীক্ষা কৰি চাইছিল।
ৰাসায়নিক ধর্মসমূহৰ ভিতৰত মৌলবোৰৰ অক্সিজেন আৰু হাইড্র'জেনৰে সৈতে গঠন কৰা যৌগবোৰৰ
ওপৰতহে মেণ্ডেলিভে গুৰুত্ব দিছিল। তেওঁ হাইড্র'জেন আৰু অক্সিজেনক এইবাবেই বাচি
লৈছিল যে ইহঁত যথেষ্ট সক্রিয় আৰু অধিকাংশ মৌলৰেই সৈতে ইহঁতে যৌগ গঠন কৰে। মৌল
এটাক শ্রেণীভূক্ত কৰিবলৈ তেওঁ মৌলটোৱে গঠন কৰা হাইড্রাইড আৰু অক্সাইডসমুহৰ সংকেতক
মৌলটোৰ অন্যতম মূল ধর্ম হিচাপে বিবেচনা কৰিছিল। তাৰ পাছত তেওঁ 63 খন কার্ড লৈ মৌল একোটাৰ ধর্মবোৰ একোখন কাৰ্ডত
লিখি গৈছিল। অনুৰূপ ধর্ম প্রদর্শন কৰা মৌলসমূহ ভাগে ভাগে বাচি সেইমতে কার্ডবোৰ
বেৰত গাঁঠি গৈছিল। তেওঁ লক্ষ্য কৰিছিল যে মৌলবোৰৰ অধিকাংশই পর্যাবৃত্ত তালিকা এখনত
ঠাই পাইছিল আৰু সিহঁত পাৰমাণৱিক ভৰৰ বর্ধিত ক্রমত সজ্জিত হৈছিল। এইটোও দেখা গৈছিল
যে এটা নির্দিষ্ট ব্যৱধানৰ অন্তৰত একেধৰণৰ ভৌতিক আৰু ৰাসায়নিক ধর্ম দেখুওৱা মৌলবোৰৰ
পুনৰাবৃত্তি ঘটে। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই মেণ্ডেলিভে এটা পর্যাবৃত্ত সূত্র
প্রতিপাদন কৰিছিল। সুত্ৰটো হ’ল “মৌলবোৰৰ ধর্মবোৰ সিহঁতৰ পাৰমাণৱিক ভৰৰ
পর্যায়ক্রমে সলনি হয়।”
মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত থকা থিয় স্তম্ভবোৰকবর্গ
(Group) আৰু পথালি শাৰীবোৰক পর্যায় (Period) বোলা হয়।
মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সফলতাসমূহ (Achievements of Mendeleev's Periodic table)
1.
মেণ্ডলিভে পর্যাবৃত্ত তালিকাখনত ঠাই বিশেষে বেছি পাৰমাণবিক ভৰৰ মৌল একোটাক
তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল। একে ধৰণৰ ধৰ্ম প্ৰদৰ্শন
কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈকে এইটো কৰা হৈছিল। উদাহৰণস্বৰূপে তালিকাখনত ক'বাল্ট (পাৰমাণৱিক ভৰ 58.9) ক নিকেল (পাৰমাণৱিক ভৰ 58.7) ৰ আগত ঠাই দিয়া হৈছিল।
2.
মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল। এই খালী ঠাইবােৰত
সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী
কৰিছিল। একেটা বৰ্গত থকা পূর্ববর্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা (Eka, অর্থ এক) যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নামো
দিছিল। উদাহৰণস্বৰূপে তেতিয়াৰ অনাবিষ্কৃত মৌল স্কেনডিয়াম, গেলিয়াম আৰু জার্মেনিয়ামক মেন্ডেলিভে ক্রমে
এক একা-এলুমিনিয়াম আৰু একা-ছিলিকন নাম দিছিল। স্কেনডিয়াম, গেলিয়াম আৰু জার্মেনিয়ামৰ, ধর্ম ক্রমে ব’ৰন, এলুমিনিয়াম আৰু ছিলিকনৰ সৈতে একে আছিল। ই
মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন যে শুদ্ধ আৰু ব্যৱহাৰোপযোগী তাক নিশ্চিতভাৱে প্রমাণ কৰিছিল। তদুপৰি মেণ্ডেলিভৰ
ভৱিষ্যতবাণীৰ অসাধাৰণ সাফল্যই তেওঁৰ তালিকা ৰসায়নবিদসকলৰ বাবে গ্রহণযোগ্য কৰাই
নহয়, ই তেওঁক এই ধাৰণাৰ উদ্ভাৱক হিচাপে স্বীকৃতি
দিয়ালে।
3.
হিলিয়াম (He),
নিয়ন (Ne), আৰু আর্গন (Ar), ৰ দৰে সম্ভ্রান্ত গেছবোৰ (noble gases) অতিশয় নিষ্ক্রীয় আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ
নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কৃত হওঁতে বহু পলম হৈছিল। যেতিয়া আৱিষ্কৃত
হ’ল তেতিয়া ইহঁতক তালিকাখনত ইতিপূর্বে থকা
ক্ৰমৰ কোনো সাল-সলনি নকৰাকৈ এটা নতুন বর্গত সংস্থাপিত কৰিব পৰা গৈছিল। ই তালিকাখনৰ
অন্যতম সাফল্য আছিল।
মেণ্ডেলিভৰ শ্রেণীবিভাজনৰ সীমাবদ্ধতা
1.
পর্যাবৃত্ত তালিকাত হাইড্র'জেনক নিশ্চিতভাবে কোনো নির্দিষ্ট স্থান দিব পৰা
নাযায়। এইটো মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল। তেওঁ তেওঁৰ
তালিকাখনত হাইড্র'জেনৰ বাবে এটা সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল।
2.
মেণ্ডেলিভে মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন কৰাৰ বহু পাছত সমস্থানিক (Isotopes) সমূহ আৱিষ্কাৰ কৰা হৈছিল। মৌল এটাৰ সমস্থানিকবোৰৰ
ৰাসায়নিক ধর্মসমুহ একে হয়, কিন্ত ু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ।এতেকে সমস্থানিকবোৰেও মেণ্ডেলিভৰ
পর্যাবৃত্ত সূত্ৰৰ প্রতি এক প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল।
3.
আন এটা সমস্যা আছিল যে এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে ভৰৰ বৃদ্ধি সুষমভাবে
নঘটে। সেইবাবে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব পাৰে তাক পূর্বানুমান কৰাটো সম্ভৱ
নহৈছিল, বিশেষকৈ গধুৰ মৌলবোৰৰ
ক্ষেত্ৰত এই আসোঁৱাহ দেখা গৈছিল।
আধুনিক পর্যাবৃত্ত তালিকা
1913 চনত হেনৰী ম’জলে (Henry Moseley) দেখুৱাইছিল যে মৌল এটাৰ পাৰমাণৱিক সংখ্য়া তাৰ পাৰমাণৱিক ভৰতকৈ অধিকতৰ মৌলিক। এই অনুসৰি মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্ৰটোক সংশোধন কৰা হৈছিল আৰু পাৰমাণৱিক সংখ্যাক আধুনিক পর্যাবৃত্ত তালিকাৰ ভিত্তি হিচাপে লোৱা হৈছিল। আধুনিক পর্যাবৃত্ত সুত্ৰটো হল - “মৌলবোৰৰ ধর্ম সিহঁতৰ পাৰমাণৱিক সংখ্যাৰ পর্যায়ক্রমে সলনি হয়।”
পাৰমাণৱিক সংখ্যাই পৰমাণু এটাৰ নিউক্লিয়াছত থকা প্রটনৰ সংখ্যাক বুজায় আৰু এই সংখ্যাটো এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে এককৈ বাঢ়ে। মৌলবোৰ সিহঁতৰ পাৰমাণৱিক সংখ্যা (Z) ৰ বর্ধিত ক্রম অনুসৰি সজালে মৌলবোৰৰ শ্রেণীবিভাজনৰ এখন তালিকা পোৱা যায়। তাকে আধুনিক পর্যাবৃত্ত তালিকা বোলা হৈছে। মৌলবোৰক বৰ্ধিত পাৰমাণবিক সংখ্যাৰ ভিত্তিত সজাই সিহঁতৰ ধর্মসমূহ অধিক শুদ্ধকৈ পুর্বানুমান কৰিব পৰা গৈছিল।।
আধুনিক পর্যাবৃত্ত তালিকাত মেণ্ডেলিভৰ
পর্যাবৃত্ত তলিকাৰ তিনিওটা সীমাবদ্ধতা নিৰূপণ
কৰা দেখা যায়। আধুনিক পর্যাবৃত্ত তালিকাত হাইড্র'জেনৰ
অসংগত অৱস্থানৰ বিষয়টোও মীমাংসা কৰিব পৰা যায়।
আধুনিক পর্যাবৃত্ত তালিকাত মৌলৰ ধৰ্মৰ পৰিৱর্তনৰ প্ৰৱণতা
1. যোজ্যতা (Valency):
মৌল এটাৰ
যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰতম কক্ষত থকা যোজক ইলেকট্রনে নির্ণয় কৰে। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যোজ্য়তা প্ৰথমে 1 ৰ পৰা 4 লৈ
ক্ৰমান্বয়ে বাঢ়ে তাৰ পিছত আকৌ কমি গৈ শূণ্য় হয়।
2. পাৰমাণৱিক আকাৰ (Atomic
Size) : পাৰমাণৱিক
আকাৰে পৰমাণু এটাৰ ব্যাসার্ধক সূচায়। বিযুক্ত পৰমাণু এটাৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ
আৰু বহিঃস্থতম কক্ষটোৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰিব পাৰি।
পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসার্ধ কমে।
নিউক্লীয় আধান বঢ়াৰ বাবে এনে হয়। বৰ্ধিত নিউক্লীয় আধানে ইলেকট্ৰনবোৰক নিউক্লিয়াছৰ
ওচৰলৈ টানি থাকে আৰু সেইবাবে পৰমাণুৰ আকাৰ কমে।ঠিক তেনেদৰে বর্গত তললৈ গলে পাৰমাণবিক আকাৰ বাঢ়ে। ইয়াৰ
কাৰণ হৈছে বৰ্গ
এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা যোগ হয়। ই বহিঃস্থতম ইলেকট্ৰন আৰু
নিউক্লীয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। সেইবাবেই নিউক্লীয় আধান বঢ়াৰ
লগে লগে পাৰমাণৱিক আকাৰ বাঢ়ে।
3. ধাতৱ
আৰু অধাতৱ ধর্ম(Metallic
and non metallic properties) : পৰ্যায় এটাত সোঁফালে ক্রমান্বয়ে যোজক ইলেকট্রনৰ ওপৰত
আকর্ষণীয় ক্রিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধান (Effective
nuclear charge) ৰ মান বাঢ়ে। সেইবাবে
ইলেকট্রন হেৰুৱাৰ প্রৱণতা কমে। বৰ্গ এটাত তললৈ ক্রমান্বয়ে যোজক ইলেকট্রনৰ ওপৰত
আকর্ষণীয় ক্রিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধানৰ মান কমে। কাৰণ বহিৰতম
ইলেকট্রনসমূহ নিউক্লীয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায়। সেইবাবে এনে অৱস্থাত মৌল এটাই যোজক
ইলেকট্রন সহজে হেৰুৱাব। এই বাবেই পর্যায় এটাত সোঁফালে ক্রমে ধাতৱীয় ধর্ম কমে আৰু
বৰ্গ এটাত তললৈ ই বাঢ়ে ।
আনহাতেদি অধাতুবোৰ বিদুৎ ঋণাত্মক। ইহঁতে সাধাৰণতে
ইলেকট্রন লাভ কৰি বান্ধনি গঠন কৰে। সেয়েহে, পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ'লে ইলেকট্রন লাভ কৰাৰ প্রৱণতা বাঢ়ে আৰু সেয়ে
অধাতৱীয় ধৰ্ম বাঢ়ে। আনহাতে বৰ্গ এটাত ওপৰৰ পৰা তললৈ অধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে কমে।
- Get link
- X
- Other Apps
Comments
Post a Comment
If you have any doubt please let me know