Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন (প্ৰশ্নোত্তৰ)

মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন (প্ৰশ্নোত্তৰ)


প্রশ্নাবলী

1. নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্রায়াড আছিলনে? তুলনা কৰা আৰু বিচাৰি উলিওৱা। 


Answer: নিউলেণ্ডছ অষ্টকৰ স্তম্ভবোৰত ডবাৰেইনাৰৰ ট্রায়াড আছিল । যেনে- Li, Na, K । যদি Li ক প্ৰথম মৌল বুলি ধৰা হয় তেনেহলে Na  অষ্টম মৌল হ'ব  আৰু ইহঁতৰ ধৰ্ম একে। ঠিক তেনেদৰে যদি Na ক প্ৰথম মৌল বুলি ধৰা হয় তেনেহলে K মৌলটো হ'ব অষ্টম মৌল।


2. বাৰেইনাৰৰ শ্রেণীবিভাজনৰ সীমাবদ্ধতাবোৰ কি কি আছিল


Answer: বাৰেইনাৰে সেইসময়লৈকে জ্ঞাত হোৱা মৌলবোৰৰ মাজৰ পৰা মাত্র তিনিটা ট্রায়াডহে চিনাক্ত কৰিব পাৰিছিল। সেইবাবে ট্রায়াড হিচাপে শ্রেণীবিভাজনৰ এই পদ্ধতিটো ব্যৱহাৰোপযোগী নাছিল।


3. নিউলেণ্ডছৰ অষ্টক সূত্ৰৰ সীমাবদ্ধতাবোৰ কি কি আছিল ?


Answer: নিউলেণ্ডছৰ অষ্টক সুত্রৰ সীমাবদ্ধতাবোৰ হ'ল-


1.    অষ্টক সূত্ৰটো কেৱল কেলছিয়াম পর্যন্তহে প্রযোজ্য হোৱা পোৱা গৈছিল। কেলছিয়ামৰ পাছত অষ্টম মৌল একোটাৰ ধর্মবোৰ প্ৰথমটোৰে সৈতে একেধৰণৰ নাছিল।

2.     নিউলেণ্ডছে প্রকৃতিত কেৱল 56 টা মৌল থকা বুলিহে জানিছিল আৰু ভৱিষ্যতেও আৰু অধিক মৌল আৱিষ্কাৰ নহ'ব বুলিয়েই ধৰিছিল। কিন্তু পৰৱৰ্তী কালত অনেক নতুন মৌল আৱিষ্কাৰ হোৱাত এইবোৰৰ ধর্মবোৰ অষ্টক সুত্ৰৰ লগত খাপ খোৱা নাছিল।

3.     নিউলেণ্ডছে তেওঁৰ তালিকাখনত মৌলবোৰ সজাওঁতে কেৱল একেটা স্থানতে দুটাকে মৌলক স্থান দিয়াই নহয় ধৰ্মৰ মিল নথকা কিছুমান মৌলকো একেটা স্তম্ভতে অন্তর্ভূক্তও কৰিছে। যেনে তালিকাত কবাল্ট আৰু নিকেলৰ স্থান একেটা আৰু ইহঁতক ফ্ল ুৰিন, ক্লৰিন আৰু ব্ৰমিনৰ সৈতে একেটা স্তম্ভতে ৰখা হৈছে। অথচ ইহঁতৰ ধর্ম এই কেইটাৰ মৌলৰ পৰা যথেষ্ট পৃথক। আইৰনৰ ধর্ম কবাল্ট আৰু নিকেলৰ লগত মিলে যদিও ইয়াক এই মৌল কেইটাৰ পৰা আঁতৰত ঠাই দিয়া হৈছে। এনেদৰে চালে নিউলেণ্ডছৰ অষ্টক সূত্ৰটোক কেৱল পাতল মৌলবোৰৰ ক্ষেত্ৰতহে ভালদৰে প্রযোজ্য যেন দেখা গৈছিল।


4. মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা- K, C, Al, Si, Ba.


Answer: K2O, CO2, Al2O3, SiO2, BaO


5. গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কৰ হােৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল? (যিকোনাে দুটা) 


Answer: স্কেনডিয়াম আৰু জার্মেনিয়াম।



      6. মেণ্ডলিভে তেওঁৰ পৰ্য্যাবৃত্ত তালিকাখন যুগুতাওঁতে মানি চলা নীতিবােৰ (Criteria) কি কি আছিল?

 

        Answer: মেন্ডেলিভে মৌলবোৰৰ পাৰমাণবিক ভৰ আৰু সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মৰ মাজৰ সম্পৰ্কৰ ওপৰত ভিত্তি কৰি পৰ্যাবৃত্ত তালিকাখন যুগুতাইছিল। তাৰোপৰি মৌলবোৰৰ অক্সাইড আৰু হাইড্ৰাইড গঠনৰ প্ৰবণতাৰ ওপৰতো তেওঁ গুৰুত্ব দিছিল। 


      7. সম্ভ্ৰান্ত গেছবােৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে।


    Answer: সম্ভ্ৰান্ত গেছবোৰ ৰাসায়নিকভাৱে নিষ্ক্ৰয় আৰু ইহঁতে একেধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। সেয়ে ইহঁতক এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।


    8. আধুনিক পৰ্য্যাবৃত্ত তালিকাই মেণ্ডেলিভৰ পৰ্য্যাবৃত্ত তালিকাত থকা আঁসােৱাহবােৰ কি দৰে দূৰ কৰিছিল


Answer:  আধূনিক পৰ্যাবৃত্ত তালিকাই মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাত থকা আঁসোৱাহসমূহ তলত দিয়া ধৰণে দূৰ কৰিছিল--

            (১) মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাই হাইড্ৰ'জেনক সঠিক স্থান দিব পৰা নাছিল। কিন্ত ু আধূনিক পৰ্যাবৃত্ত তালিকাই এই আসোঁৱাহ দূৰ কৰি হাইড্ৰ'জেনক এক নিৰ্দিষ্ট স্থান দিছিল।
            (২) মৌলবোৰৰ সমস্থানিক সমূহ মেন্ডেলিভৰ শ্ৰেণীবিভাজনৰ পিছত আবিষ্কাৰ হৈছিল আৰু মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকা প্ৰতি প্ৰত্য়াহ্বানৰ সৃষ্টি কৰিছিল । কিন্ত ু  আধূনিক পৰ্যাবৃত্ত তালিকাই এই সমস্য়া দূৰ কৰি সমস্থানিক সমূহক একেটা স্থান দিছিল ।
            (৩)  আধূনিক পৰ্যাবৃত্ত তালিকাত মৌল এটাৰ স্থান নিৰ্ণয়ৰ ভিত্তি হল পাৰমানৱিক সংখ্য়া। সেয়ে মৌলবোৰৰ স্থান নিৰূপণৰ সমস্য়াটো সমাধান হৈছিল।


    9. মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুৱাব বুলি ভবা দুটা মৌলৰ নাম লিখা। তােমাৰ এই বাচনিৰ ভিত্তি কি


Answer: মেগনেছিয়ামৰ দৰে ৰাসায়নিক বিক্রিয়া দেখুওৱা দুটা মৌল হ'ল-  বেৰিলিয়াম (Be) আৰু কেলছিয়াম (Ca) । কাৰণ ইহঁতৰ ইলেকট্ৰনীয় বিন্য়াস  মেগনেছিয়ামৰ সৈতে একে [ Mg(12)- 2,8,2 ; Be(4)- 2,2; Ca(20)- 2,8,8,2 ) আৰু ইহঁতৰ প্ৰত্য়েকৰে বহিঃকক্ষত দুটাকৈ ইলেকট্ৰন আছে। সেয়ে ইহঁতে একে ৰাসায়নিক ধৰ্ম দেখুৱায়।


    10. নাম লিখা।

        (a) বহিৰতম কক্ষত এটাকৈ ইলেকট্রন থকা তিনিটা মৌলৰ।

         (b) বহিৰতম কক্ষত দুটাকৈ ইলেকট্রন থকা দুটা মৌলৰ।

        (c) পৰিপূৰ্ণ বহিৰতম কক্ষ থকা তিনিটা মৌলৰ।


Answer: (a) লিথিয়াম [Li(3)- 2,1], ছ'ডিয়াম [Na(11)- 2,8,1] আৰু পটাছিয়াম [K(19)- 2,8,8,1]

                (b) বেৰিলিয়াম [Be (4)- 2,2] আৰু মেগনেছিয়াম [Mg(12)- 2,8,2]

                (c) হিলিয়াম [He(2)- 2], নিয়ন [Ne(10)- 2,8], আৰ্গন [Ar(18)- 2,8,8]


    11. (a) লিথিয়াম, ছ'ডিয়াম, পটেছিয়াম এই আটাইকেইটা ধাতু। ইহঁতে পানীৰে সৈতে বিক্রিয়া কৰি হাইড্র'জেন গেছ মুক্ত কৰে। এই মৌলকেইটাৰ পৰমাণুৰ কিবা সাদৃশ্য আছেনে?


Answer: এই মৌলকেইটাৰ পৰমাণুৰ সাদৃশ্য আছে । ইহঁতৰ প্ৰত্য়েকৰে বহিৰতম কক্ষত এটাকৈ ইলেকট্ৰন আছে।


         (b) হিলিয়াম এটা নিষ্ক্রিয় গেছ আৰু নিয়নাে এটা প্রায় নিষ্ক্রিয় গেছ। ইহঁতৰ পৰমাণুবােৰৰ মাজত কি মিল থকা দেখা যায়


Answer: হিলিয়াম আৰু নিয়নৰ পৰমাণুৰ বহিৰতম কক্ষ দুটা ইলেকট্ৰনেৰে পৰিপূৰ্ণ । সেয়েহে ইহঁত নিষ্ক্ৰিয়।


    12. আধুনিক পৰ্য্যাবৃত্ত তালিকাত থকা প্রথম দহােটা মৌলৰ ভিতৰত কোনকেইটা ধাতু


Answer: লিথিয়াম, বেৰিলিয়াম আৰু বৰণ ধাতু


   13. পৰ্য্যাবৃত্ত তালিকাত স্থান বিবেচনা কৰি তলৰ মৌলকেইটাৰ কোনটো আটাইতকৈ বেছি ধাতৱধর্মী 'ব বুলি অনুমান কৰিবা ?

            Ga, Ge, As, Se, Be 


Answer: Be আটাইতকৈ বেছি ধাতবধৰ্মী হ'ব।


অনুশীলনী


1. পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাঁওফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্ৰকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তি সমূহৰ কোনটো উক্তি শুদ্ধ নহয় ?

(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।

(b) যোজক ইলেকট্রন সংখ্যা বাঢ়ে।

(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।

(d) অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।


Answer: (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেকট্রন অধিক সহজে হেৰুৱায়।


2. মৌল X য়ে XCl, সংকেতৰ ক্লৰাইড গঠন কৰে। ই উচ্চ গলনাংকযুক্ত এটা গোটা পদার্থ। মৌল X তলৰ কোনটোৰে সৈতে একেটা বৰ্গতে থকাৰ সম্ভাৱনা সবাতোকৈ বেছি ?

 (a) Na                 (b) Mg                 (c) Al                 (d) Si


 Answer:  (b) Mg   


 3. কোনটো মৌলৰ আছে

(a) ইলেকট্রনপূর্ণ দুটা কক্ষ?

 (b) 2, 8, 2 ইলেকট্রনীয় বিন্যাস?

 (c) যোজক কক্ষত চাৰিটা ইলেকট্রনৰে সৈতে মুঠ তিনিটা কক্ষ

(d) যোজক কক্ষত তিনিটা ইলেকট্রনৰে সৈতে মুঠ দুটা কক্ষ?

(e) দ্বিতীয় কক্ষত প্রথম কক্ষৰ দুগুণ ইলেকট্রন ?


Answer: (a) নিয়ন [Ne(10)- 2,8]

                (b) মেগনেছিয়াম [ Mg (12)- 2,8,2]

                (c) চিলিকন [Si(14)-2,8,4]

                (d) বৰণ [B( 5)- 2,3]

                (e) কাৰ্বন [C (2,4)]


 4. a. পর্যাবৃত্ত তালিকাত বৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধর্ম আছে?

b. পর্যাবৃত্ত তালিকাত ফ্ল ুৰিণৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ কি কি সাধাৰণ ধর্ম আছে?


Answer: (a) পর্যাবৃত্ত তালিকাত বৰনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ প্ৰত্য়েকৰে বহিৰতম কক্ষত তিনিটা ইলেকট্ৰন থাকে আৰু সেয়ে ইহঁতৰ ৰাসায়নিক ধৰ্ম একে।

             (b) পর্যাবৃত্ত তালিকাত ফ্ল ুৰিনৰ সৈতে একেটা স্তম্ভতে থকা মৌলবোৰৰ প্ৰত্য়েকৰে বহিৰতম কক্ষত সাটতা ইলেকট্ৰন থাকে আৰু সেয়ে ইহঁতৰ ৰাসায়নিক ধৰ্ম একে।


5. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ2, 8, 7

a. এই মৌলটোৰ পাৰমাণৱিক সংখ্যা কি?

b, তলৰ মৌলবোৰৰ কোনটোৰে সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বান্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবোৰ দিয়া হৈছে)

N (7) F (9) P (15) Ar (18)


Answer: (a) মৌলটোৰ পাৰমাণৱিক সংখ্যা 17 ।

                (b) F (9) সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব।


6. পর্যাবৃত্ত তালিকাত তিনিটা মৌল A, B আৰু C ৰ স্থানসমূহ তলত দেখুওৱা হৈছে।

                16 বৰ্গ                                          17  বৰ্গ

                     -                                                    -

                     -                                                    A

                     -                                                    -

                    B                                                   C

(a) মৌল A ধাতুনে অধাতু?

(b) C মৌলটো A তকৈ বেছি সক্রিয়নে কম সক্রিয়?

(c) C মৌলটো আকাৰত B তকৈ ডাঙৰনে সৰু?

(d) মৌল A এ কেনে ধৰণৰ আয়ন, কেটায়ন বা এনায়ন গঠন কৰিব?


Answer: (a) মৌল  অধাতু 

                (b) মৌলটো তকৈ  কম সক্রিয়

                (c) মৌলটো আকাৰত B তকৈ  সৰু

                 (d) মৌল  এনায়ন গঠন কৰিব


7. নাইট্র'জেন (পাৰমাণৱিক সংখ্যা 7) আৰু ফছফ'ৰাছ (পাৰমাণৱিক সংখ্যা 15) পৰ্য্যাবৃত্ত তালিকাৰ বৰ্গ 15 ত থাকে। এই মৌল দুটাৰ ইলেকট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হব আৰু কিয় ?

Answer: নাইট্র'জেনৰ (পাৰমাণৱিক সংখ্যা 7) ইলেকট্রনীয় বিন্যাস হ'ব- 2,5

                ফছফ'ৰাছৰ (পাৰমাণৱিক সংখ্যা 15) ইলেকট্রনীয় বিন্যাস হ'ব- 2,8,5

                ইহঁতৰ ভিতৰত নাইট্ৰ'জেন বেছি বিদ্য়ুত ঋণাত্মক হ'ব কাৰণ নাইট্ৰ'জেনৰ বহিৰতম কক্ষ হৈছে দুই নম্বৰ কক্ষ আৰু ই নিউক্লিয়াছৰ পৰা ওচৰত থকা বাবে নাইট্ৰ'জেনে সহজে ইলেকট্ৰন গ্ৰহন কৰিব পাৰিব। সেয়ে ই ফছফ'ৰাছতকৈ অধিক বিদ্য়ুত ঋণাত্মক হ'ব।


৪. পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে কিদৰে জড়িত হৈ আছে?

Answer: পৰমাণু এটাৰ ইলেকট্রনীয় বিন্যাস আধুনিক পর্যাবৃত্ত তালিকাত তাৰ স্থানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত হৈ আছে । যিকোনো মৌলৰ ইলেকট্ৰনীয় বিন্য়াসৰ পৰা পৰ্যাবৃত্ত তালিকাত মৌলটোৰ স্থান নিৰূপন কৰিব পাৰি। পৰমাণুৰ ইলেকট্ৰনীয় বিন্য়াসত ইয়াৰ বহিৰতম কক্ষত থকা ইলেকট্ৰনৰ সংখ্য়াই মৌলটোৰ বৰ্গৰ সংখ্য়া সূচায়। আনহাতে, মৌলটোত থকা মুঠ কক্ষৰ সংখ্য়াই মৌলটো কোন পৰ্যায়ত থাকিব সেইটো সূচায়। উদাহৰণ হিচাপে ছডিয়ামৰ ইলেকট্ৰনীয় বিন্য়াস 2,8,1; এতেকে পৰ্যাবৃত্ত তালিকাত ই 1 নং বৰ্গত থাকিব আৰু যিহেতু মৌলটোৰ তিনিটা কক্ষপথ আছে সেয়ে ই তৃতীয় পৰ্যায়ত থাকিব।


9. আধুনিক পর্যাবৃত্ত তালিকাত কেলছিয়াম (পাৰমাণৱিক সংখ্যা 20) 12, 19, 21 আৰু 38 পাৰমাণৱিক সংখ্যা বিশিষ্ট মৌলকেইটাৰদ্বাৰা পৰিবেষ্টিত হৈ আছে। এইকেইটাৰ কাৰ কাৰ ভৌতিক আৰু ৰাসায়নিক ধর্মসমূহ কেলছিয়ামৰ সৈতে মিলে?

Answer: মৌলবোৰৰ ইলেকট্ৰনীয় বিন্য়াসবোৰ হ'ব-

                কেলছিয়াম (20)- 2,8,8,2

                পাৰমাণৱিক সংখ্যা (12)- 2,8,2

                পাৰমাণৱিক সংখ্যা (19)- 2,8,8,1

                পাৰমাণৱিক সংখ্যা (21)- 2,8,8,3

                পাৰমাণৱিক সংখ্যা (38)- 2,8,18,8, 2

এতেকে, পাৰমাণবিক সংখ্য়া 12 (মেগনেছিয়াম) আৰু পাৰমাণবিক সংখ্য়া 38 (স্ট্ৰ'নচিয়াম) ৰ লগত কেলছিয়ামৰ ভৌতিক আৰু ৰাসায়নিক ধৰ্মসমূহ মিলিব।


10. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা আৰু আধুনিক পর্যাবৃত্ত তালিকাৰ মৌলৰ শ্ৰেণীবিভাজন (arrangement) ৰ তুলনা কৰা।

Answer:

মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকা

আধুনিক পর্যাবৃত্ত তালিকা

1.      মৌলসমূহক সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছে

2.      মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাত 9 টা বৰ্গ আছে।

3.      সম্ভ্ৰান্ত গেছৰ বাবে কোনো স্থান নাই।

4.      হাইড্ৰজেনক কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল।

5.      সমস্থানিকবোৰক কোনো নিৰ্দিষ্ট স্থান দিব পৰা নাছিল।

1.      মৌলসমূহক সিহঁতৰ পাৰমাণবিক সংখ্যাৰ বৰ্ধিত ক্ৰমত সজোৱা হৈছে।

2.      আধুনিক পর্যাবৃত্ত তালিকাত 18 টা বৰ্গ আছে।

3.      সম্ভ্ৰান্ত গেছৰ বাবে নিৰ্দিষ্ট স্থান আছে।


4.      হাইড্ৰজেনৰ সুনিশ্চিত স্থান আছে।

 

5.      সমস্থানিকবোৰৰ নিৰ্দিষ্ট স্থান আছে।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)