Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

নিয়ন্ত্ৰণ আৰু সমন্বয়( Control and Coordination) প্ৰশ্নোত্তৰ

নিয়ন্ত্ৰণ আৰু সমন্বয়( Control and Coordination) প্ৰশ্নোত্তৰ



প্রশ্নাৱলী

1. প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য় কি ?

Answer: প্ৰতীপ ক্ৰিয়া আৰু খোজ কঢ়াৰ মাজত পাৰ্থক্য় হ'ল-


প্ৰতীপ ক্ৰিয়া

খোজ কঢ়া

১. ই এক অনৈচ্ছিক ক্ৰিয়া

১. ই এক ঐচ্ছিক ক্ৰিয়া

২. ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে

২. ইয়াক মগজুৱে নিয়ন্ত্ৰণ কৰে

৩. প্ৰতীপ ক্ৰিয়া স্বয়ংক্ৰিয় ভাৱে সংঘটিত হয়

৩. খোজকঢ়া কাৰ্য চিন্তাৰ ওপৰত ভিত্তি কৰি সংঘটিত হয়



2. দুটা নিউৰনৰ মাজৰ সংযোগী পথ বা চাইনেপছত কি ঘটে?

Answer: এক্সনৰ প্রান্তীয় শাখাত বৈদ্য়ুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত হয় এই ৰাসায়নিক পদার্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছ (Synapse)  মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয়।এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়। এনেধৰণৰ ছাইনেপছৰ পৰা স্নায়ু প্রেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্রন্থীকোষবোৰলৈও প্রেৰিত ' পাৰে।

3. মগজুৰ কোন অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয় ?

Answer: মগজুৰ চেৰিবেলাম অংশই দেহ লৰচৰ আৰু সমতা ৰক্ষা কৰাত অংশ লয়

4. আমি ধূপকাঠিৰ গোন্ধ কেনেকৈ লওঁ ?

Answer: ধূপকাঠিৰ গোন্ধ বতাহত ব্য়াপন প্ৰক্ৰিয়াৰে বিয়পি পৰে। আমাৰ নাকত থকা ঘ্ৰাণসংগ্ৰাহী কোষবিলাকে এই সংবেদন সংগ্ৰহ কৰে আৰু সংবেদী স্নায়ুবিলাকে এই সংবেদন মগজুলৈ প্ৰেৰণ কৰে। যাৰ ফলত আমি ধূপৰ গোন্ধ পাওঁ।

5. প্রতীপ ক্রিয়াত মগজুৰ ভূমিকা কি?

Answer: প্রতীপ ক্রিয়াত মগজুৰ কোনো ভূমিকা নাথাকে। ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰন কৰে।

6. উদ্ভিদৰ সঞ্জীৱনী পদার্থ (Plant Hormone) বিলাক কি কি ?

Answer: উদ্ভিদৰ সঞ্জীৱনী পদার্থই উদ্ভিদৰ বৃদ্ধি বিকাশ আৰু পৰিবেশৰ লগত সমন্বয় ৰক্ষাত সহায় কৰে। উদ্ভিদ দেহত পোৱা কেইটামান সঞ্জীৱনী পদার্থ হল- অক্সিন, জিবাৰেলিন, চাইট'কাইনিন আৰু এবচাইচিক এছিড।

7. নীলাজী বনৰ পাতৰ চলন পৰিঘটনাটো কাণ্ডৰ কুমলীয়া আগৰ পোহৰৰ দিশত গতি কৰা পৰিঘটনাটোৰ মাজত কি পার্থক্য আছে?

Answer: নীলাজী বন এজোপাৰ পাতৰ চলন হল স্পৰ্শ উদ্দীপনাৰ ফলত হোৱা চলন, ই উদ্দীপকৰ দিশৰ ওপৰত নিৰ্ভৰ নকৰে। এই চলন খুব ক্ষীপ্ৰতাৰে হয়। আনহাতে, কাণ্ডই পোহৰৰ দিশত কৰা চলন পোহৰ উদ্দীপনাৰ ফলত হয়, ই উদ্দীপনাৰ দিশ অৰ্থাত্ পোহৰৰ দিশৰ ওপৰত নিৰ্ভৰ কৰে। এই চলন খুব লাহে লাহে হয়। 

8. উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ উদাহৰণ দিয়া।

Answer: উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগোৱা এবিধ সঞ্জীৱনী পদার্থৰ হ'ল- অক্সিন

9. কোনো এক আধাৰত চাৰিওপাশে আকৰ্ষৰ বৃদ্ধিত অক্সিনে কেনেকৈ সহায় কৰে?

Answer: যেতিয়া আকৰ্ষ এডালৰ অগ্ৰ অংশই আধাৰ এডালক স্পৰ্শ কৰে, তেতিয়া ইয়াত থকা অক্সিন হ'ৰম'ন আধাৰৰ পৰা আতঁৰত থকা আকৰ্ষৰ অংশলৈ গতি কৰিব। আকৰ্ষৰ পৰা দূৰত থকা আকৰ্ষৰ অংশত অক্সিনৰ গাঢ়তা বেছি হোৱা বাবে ইয়াৰ অতি ক্ষীপ্ৰতাৰে বৃদ্ধি হব আৰু ইয়াৰ ফলত আকৰ্ষডালে আধাৰক চাৰিওফালে মেৰিয়াই ধৰিব। 

10. জলানুবেগী (Hydrotropism) ৰ পৰীক্ষা মূলক আৰ্হি এটা প্রস্তুত কৰা।

Answer: উদ্ভিদৰ শিপাৰ পানীৰ দিশত হোৱা চলনকে জলানুবেগ বা জলানুবেগী চলন বোলে।

                            এটা পাত্ৰত অলপ মাটি লৈ তাত যিকোনো উদ্ভিদৰ এটা পুলি ৰোৱা হল। পুলিটোৰ পৰা অলপ আঁতৰত এটা ৰন্ধ্ৰযুক্ত পাএত অলপ পানী থোৱা হল। এনেদৰে পাত্ৰটো কেইদিনমানৰ বাবে থৈ দিলে দেখা যাব যে উদ্ভিদজোপাৰ শিপা পানীৰ পাত্ৰটোৰ দিশলৈ চিত্ৰত দেখুওৱাৰ দৰে বেঁকা হৈ যাব ।


 পানী


11. প্রাণীদেহৰ ৰাসায়নিক সমন্বয় কেনেকৈ সংঘটিত হয়?

Answer: প্রাণীদেহৰ ৰাসায়নিক সমন্বয় অন্তঃশ্ৰাৱী গ্ৰন্থিৰ দ্বাৰা নিঃসৰিত হোৱা হ'ৰম'ন সমূহৰ দ্বাৰা সংঘটিত হয়।হ'ৰম'ন আৰু স্নায়ুতন্ত্ৰ লগ হৈ অন্তঃশ্ৰাৱী তন্ত্ৰ গঠন কৰে আৰু এই অন্তঃশ্ৰাৱী তন্ত্ৰই প্রাণীদেহৰ ৰাসায়নিক সমন্বয় স্থাপন কৰে। অন্তঃশ্ৰাৱী গ্ৰন্থিবোৰে তেজত পোনপটিয়াকৈ হ'ৰম'ন নিঃসৰণ কৰে। তেজে এই হ'ৰম'ন সমূহ নিৰ্দিষ্ট কোষলৈ লৈ যায়।এই কোষবোৰে হ'ৰম'ন সমূহক চিনাক্ত কৰে আৰু হ'ৰম'ন সমূহে দিয়া নিৰ্দেশ অনুসৰি কাৰ্য কৰে। 

12. আয়'ডিন পুষ্ট লৱণ খোৱাটো কিয় আৱশ্যক?

Answer: আমাৰ শৰীৰত থাইৰয়ড গ্ৰন্থিৰদ্ৱাৰা থাইৰ'ক্সিন হৰম'নৰ নিঃসৰণৰ বাবে আয়'ডিনৰ প্ৰয়োজন। থাইৰ'ক্সিন হৰম'নে আমাৰ দেহত কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। তাৰোপৰি শৰীৰত আয়'ডিনৰ অভাৱ হলে গৰলৰোগ হব পাৰে। সেয়েহে আয়'ডিন পুষ্ট লৱণ খোৱাটো  আৱশ্যক।

13. আমাৰ দেহৰ তেজত এড্ৰিনেলিনৰ নিঃসৰন ঘটিলে দেহত কেনে প্রতিক্রিয়া হয়?

Answer: এড্রিনেলিনে পোনপটীয়াকৈ তেজত নিঃসৰন কৰে আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়। এই হৰম'নবিধে নির্দিষ্ট কার্যকৰী লক্ষ্য অংগ (target organs) বা নির্দিষ্ট কোষকলাত ক্রিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্রও অন্তর্ভুক্ত। ইয়াৰ ফলত আমাৰ হৃদযন্ত্রৰ ধপ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যোগান বৃদ্ধি হয়। ধমনীবোৰক আগুৰি থকা পেশীবোৰৰ সংকোচনৰ ফলত পাচনতন্ত্র আৰু ছালত তেজৰ প্রবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশীলৈ তেজ প্রবাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্রস্বাসৰ হাৰ বৃদ্ধি পায়।

14. কিছুমান ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?

Answer: ইনচুলিন হ'ৰম'নে তেজত শৰ্কৰাৰ (গ্লুক'জ) মাত্ৰা নিয়ন্ত্ৰন কৰে। সেয়ে ইনচুলিনৰ মাত্ৰা তেজত কমি গলে তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়ি যায়। ইয়াৰ ফলতেই মানুহৰ শৰীৰত ডায়েবেটিচ ৰোগৰ সৃষ্টি হয়। সেয়ে তেজত শৰ্কৰাৰ (গ্লুক'জ) মাত্ৰা নিয়ন্ত্ৰন কৰিবলৈ ডায়েবেটিচ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় ।  

 

অনুশীলনী

1. তলত উল্লেখ কৰা কোনবিধ উদ্ভিদৰ সঞ্জীৱনী পদার্থ ?

(a) ইনচুলিন  

(b) থাইৰ'ক্সিন।

 (c) 'ৱেষ্ট্রজেন

(d) চাইটকাইনিন

Answer: (d) চাইটকাইনিন

2. দুটা নিউৰণৰ খালী ঠাইক কি বুলি কয়--

(a) ডেনড্রাইট

(b) চাইনেপচ্

(c) এক্সন।

(d) প্রেৰণা

Answer: (b) চাইনেপচ্

3. মগজুৱে কি কাম কৰে

(a) ভাৱ আৰু চিন্তা কৰা ।

(b) হৃদপিন্দ স্পন্দন নিয়ন্ত্রণ।

(c) দেহৰ সমতা ৰক্ষা

(d) ওপৰৰ আটাইকেইটা

 Answer: (d) ওপৰৰ আটাইকেইটা

4. আমাৰ দেহৰ গ্রাহক অংগৰ কাম কি? গ্রাহক অংগই যথোপযুক্তভাৱে কাম নকৰিলে কেনে পৰিস্থিতি হ'ব ভাবাচোন। ইয়াৰ ফলত কি সমস্যা হ'ব পাৰে?

Answer: গ্রাহক অংগবোৰ হৈছে কিছুমান বিশেষ কোষ যিবিলাক আমাৰ শৰীৰৰ সংবেদনশীল অংগ যেনে- অন্তঃকৰ্ণ, নাক, জিভা আদিত থাকে। এই অংগসমূহে বাহ্য়িক পৰিবেশৰ সকলো বাৰ্তা বা উত্তেজনাসমূহ অনূভৱ কৰাত সহায় কৰে।

     যদি গ্রাহক অংগই যথোপযুক্তভাৱে কাম কৰিব নোৱাৰে তেনেহ'লে বাহ্য়িক পৰিবেশৰ সকলো বাৰ্তা স্নায়ুৰজ্জু আৰু মগজুলৈ সময়মতে সৰবৰাহ নহ'ব।ইয়াৰ ফলত আমাৰ শৰীৰে অতি গুৰুত্বপূৰ্ণ বাহ্য়িক অনুভূতি বা বাৰ্তা সময়মতে লাভ কৰাৰ পৰা বঞ্চিত হ'ব।

 5. নিউৰন গঠনৰ এটা চিত্র আঁকা। ইয়াৰ কার্য বর্ণনা কৰা।

Answer: নিউৰন (স্নায়ুকোষ) কোষদেহ (Cell body) আৰু স্নায়ু প্রৱর্ধ (nerve process) ৰে গঠিত।স্নায়ু প্রৱর্ধ দুই প্ৰকাৰৰ - এক্সন (axon) আৰু ডেনড্রাইট (dendrite) ডেনড্রাইট (dendrite) বোৰে নিকটবর্তী কোষৰ পৰা স্নায়ু বার্তা বা উদ্দীপনা সংগ্রহ কৰে।স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদার্থৰ জৰিয়তে বৈদ্য়ুতিক প্রেৰণা (Electrical impulse) সৃষ্টি কৰে।এই বৈদ্য়ুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ আৰু পিছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ুলৈ প্ৰেৰণ কৰে। এক্সনৰ প্রান্তীয় শাখাত বৈদ্য়ুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত হয়।  এই ৰাসায়নিক পদার্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী কোষৰ ডেনড্রাইটৰ মাজৰ 

সংযোগী পথ বা ছাইনেপছ (Synapse)  মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয়।এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়। এনেধৰণৰ ছাইনেপছৰ পৰা স্নায়ু প্রেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্রন্থীকোষবোৰলৈও প্রেৰিত ' পাৰেএনেদৰে স্নায়ুকলাবোৰ স্নায়ুকোষ বা নিউৰন (neuron)  দ্বাৰা গঠিত আৰু নিউৰণবোৰৰ মাজেদি 

বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয়।




6. উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া কেনেকৈ সংঘটিত হয় ?

Answer: উদ্ভিদৰ কোনো অংগৰ পোহৰৰ দিশত কৰা গতিক উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া বা পোহৰানুবেগ বোলে। উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া দূই ধৰণৰ হয়- পোহৰৰ দিশত গতি আৰু পোহৰৰ বিপৰীত দিশত গতি।

     উদ্ভিদৰ দীপ্তিকাল প্রতিক্রিয়া অক্সিন হ'ৰম'নৰ বাবে সংঘটিত হয়।যেতিয়া উদ্ভিদ জোপালৈ মাত্ৰ এটা ফালৰ পৰাহে পোহৰ উপলব্ধ হয় তেতিয়া অক্সিনৰ পোহৰ নপৰা কান্ডৰ অংশলৈ ব্য়াপন ঘটে। পোহৰ নপৰা কান্ডৰ অংশত অক্সিনৰ গাঢ়তাই তাত থকা কোষবিলাক দীঘল হোৱাৰ বাবে উদ্দীপনা যোগায়। ইয়াৰ ফলতেই উদ্ভিদৰ কান্ড পোহৰৰ ফালে গতি কৰে।

7. স্নায়ুৰজ্জুত আঘাট হ'লে কেনে বাৰ্তাত ব্যাঘাট ঘটে?

Answer: স্নায়ুৰজ্জুত আঘাট হলে অনৈচ্ছিক ক্ৰিয়াবোৰত ব্যাঘাট জন্মে।তাৰোপৰি প্ৰতীপ ক্ৰিয়াবোৰত ব্যাঘাট জন্মে কাৰণ এইবোৰ পৰিঘটনা স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে।

৪. উদ্ভিদৰ ৰাসায়নিক সমন্বয় কেনেদৰে সংঘটিত হয় ?

Answer: উদ্ভিদৰ ৰাসায়নিক সমন্বয় হ'ৰম'নৰ দ্বাৰা সংঘটিত হয়। উদ্ভিদৰ দেহৰ যিবিলাক অংশত কোষবিভাজন সংঘটিত হয়, সেই অংশবোৰত কিছুমান উদ্দীপক কোষে হ'ৰম'ন নিঃসৰণ কৰে।এই হ'ৰম'নহিলাকে বাৰ্তাবিলাক চিনাক্ত কৰে আৰু ওচৰৰ বিভিন্ন কোষলৈ প্ৰবাহিত কৰে।

9. জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে কি প্রয়োজন?

Answer: জীৱদেহৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ কাৰণে স্নায়ুতন্ত্ৰ আৰু হ'ৰম'নৰ প্ৰয়োজন হয়।

10. ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য কেনেকৈ উলিয়াবা। 

Answer: ঐচ্ছিক ক্রিয়া আৰু প্রতীপ ক্রিয়াৰ মাজত পার্থক্য


ঐচ্ছিক ক্রিয়া

প্রতীপ ক্রিয়া

১.ঐচ্ছিক ক্রিয়াবোৰ ভাবনা চিন্তা কৰি মগজুৰ সন্মতি সাপেক্ষে সংঘটিত হয়।

১.প্ৰতীপ ক্ৰিয়া হৈছে কিছুমান তাত্ক্ষণিক ক্ৰিয়াৰ প্ৰতিক্ৰিয়া যিবিলাক মগজুৰ অজ্ঞাতেই সংঘটিত হয়।

২.ঐচ্ছিক ক্রিয়াবোৰ মগজুৰ চেৰিবেলামে নিয়ন্ত্ৰণ কৰে

২. প্ৰতীপ ক্ৰিয়া স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে


11. প্রাণীৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্রৰ আৰু হৰম'নৰ ক্ৰিয়াৰ মাজত তুলনামূলক আলোকপাত কৰা।

Answer: প্রাণীৰ নিয়ন্ত্রণ আৰু সমন্বয়ৰ স্নায়ুতন্ত্রৰ আৰু হৰম'নৰ ক্ৰিয়াৰ মাজত পাৰ্থক্য় হ'ল-


স্নায়ুতন্ত্রৰ ক্ৰিয়া

হৰম'নৰ ক্ৰিয়া

১. ই অতি ক্ষীপ্ৰ প্ৰক্ৰিয়া

১. ই এটা লেহেম প্ৰক্ৰিয়া

২. স্নায়ুতন্ত্রৰ ক্ৰিয়া বৈদ্য়ুতিক-ৰাসায়নিক মাধ্য়মৰ জৰিয়তে প্ৰবাহিত হয়

২. ই ৰাসায়নিক মাধ্য়মৰ জৰিয়তে প্ৰবাহিত হয়

৩. ই জীৱদেহৰ বিপাক ক্ৰিয়াক প্ৰভাবিত নকৰে

৩. ই জীৱদেহৰ বিপাক ক্ৰিয়াক প্ৰভাবিত কৰে

৪. জীৱদেহৰ বৃদ্ধিক প্ৰভাবিত নকৰে

৪. জীৱদেহৰ বৃদ্ধিক প্ৰভাবিত কৰে



 12. নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য় কি?

Answer: নিলাজী বনৰ পাতৰ চলনৰ লগত আমাৰ ভৰিৰ চলনৰ আচৰণৰ মাজত পাৰ্থক্য় হল-


নিলাজী বনৰ পাতৰ চলন

আমাৰ ভৰিৰ চলন

১. নিলাজী বনৰ পাতৰ চলন এক স্পৰ্শ সংবেদী চলন

১. আমাৰ ভৰিৰ চলন পেশীকোষৰ দ্বাৰা নিয়ন্ত্ৰিত চলন

২. এই চলন উদ্ভিদৰ কোনো অংগই নিয়ন্ত্ৰণ নকৰে

২. এই চলন মগজু আৰু স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰণ কৰে

৩. এই চলন উদ্ভিদৰ কোষত পানীৰ পৰিমাণৰ তাৰতম্য়ৰ ফলত হয়

৩. এই চলনত কোষৰ পানীৰ পৰিমাণৰ কোনো ভূমিকা নাথাকে

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)