Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

বিদ্য়ুত (Electricity) প্ৰশ্নোত্তৰ

বিদ্য়ুত (Electricity) প্ৰশ্নোত্তৰ 


প্ৰশ্নাৱলী

1.      এটা বৈদ্যুতিক বর্তনী বুলিলে কি বুজা ?


উত্তৰঃ বিদ্য়ুত প্ৰবাহৰ নিৰবিচ্ছিন্ন আৰু বন্ধ পথ এটাক বৈদ্য়ুতিক বৰ্তনী বোলে।


2. প্রবাহৰ এককৰ সংজ্ঞা দিয়া।


উত্তৰঃ প্রবাহৰ এছ আই একক হল কুলম্ব। প্ৰতি ছেকেন্ডত এক কুলম্ব আধানৰ প্ৰবাহক এক এম্পিয়াৰ বুলি কোৱা হয়।

অৰ্থাত্, 1A =1C/1s


3. এক কুলম্ব আধান হবলৈ প্রয়োজন হোৱা ইলেকট্রন সংখ্যা গণনা কৰা।


উত্তৰঃ আমি জানো যে Q=ne

Q- আধান = 1C

n- ইলেকট্ৰণৰ সংখ্য়া 

e- ইলেকট্ৰণৰ আধান= 1.6x10-19C

এতেকে, n=Q/e = 1/1.6x10-19 = 6.25x 1018


4. পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা। 


উত্তৰঃ পৰিবাহীত বিভৱভেদ বৰ্তাই ৰখা সঁজুলি হল- বেটেৰী। 


5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি কলে কি বুজায় 


উত্তৰঃ দুটা বিন্দুৰ মাজৰ বিভৱভেদ 1V বুলি কোৱা হয় যদিহে 1 কুলম্ব আধান তাৰে এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ চালিত কৰিবলৈ 1 জুল কাৰ্য কৰিব লগা হয়।


6. 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক কিমান শক্তি দিয়া হয়।


উত্তৰঃ বেটেৰীটোৱে দিয়া শক্তি W= QV= 1Cx6V= 6 J

এতেকে, 6V বেটেৰী এটাৰ মাজেৰে চালিত হওঁতে প্রতি কুলম্ব আধানক 6 জুল শক্তি দিয়া হয়।


7.    পৰিবাহৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ?


উত্তৰঃ পৰিবাহৰ ৰোধ ইয়াৰ- (i) দৈৰ্ঘ্য় (ii) প্ৰস্থচ্ছেদ আৰু (iii) পৰিবাহীডালৰ পদাৰ্থটোৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰে।


8.    একেটা উত্সৰ লগত সংযোজিত, একে পদার্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাঁৰৰ কোনডালত বেছি সহজে প্ৰৱাহ চালিত হয় ? আৰু কিয় ?


উত্তৰঃ শকত তাঁৰ ডালত বেছি সহজে প্ৰবাহ চালিত হ'ব। কাৰণ প্ৰস্থচ্ছেদ বেছি হলে ৰোধ কম হ'ব।


9.     ধৰা হওঁক বৈদ্য়ুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভবভেদ আগৰ মানৰ আধালৈ কমাওতে ৰোধৰ মান একে থাকে। ইয়াৰ মাজেৰে চালিত প্রবাহ কি পৰিবর্তন হব?


উত্তৰঃ  ওমৰ সূত্ৰ মতে, বিভবভেদ  ∝ প্রবাহ।  অৰ্থাত্ VI । বৈদ্য়ুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভবভেদ আগৰ মানৰ আধালৈ কমালে ইয়াৰ মাজেৰে চালিত প্রবাহো আধালৈ কমি যাব।


10.  পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্রিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গঢ়া হয় কিয় ?


উত্তৰঃ পাউৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্রিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰে গঢ়াৰ পৰিৱৰ্তে সংকৰ ধাতুৰে গঢ়া হয় কাৰণ সংকৰ ধাতুবোৰৰ ৰোধকতা বেছি আৰু উচ্চ উষ্ণতালৈ উত্তপ্ত কৰিলেও ইহঁত সহজে জাৰিত নহয়।


11.  তালিকা 12.2 ত দিয়া তথ্য ব্যৱহাৰ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া-

(a) লো আৰু পাৰাৰ ভিতৰত কোনটো অধিক ভাল পৰিবাহী?

(b) কোনটো পদার্থ আটাইতকৈ ভাল পৰিবাহী


উত্তৰঃ (a) লো আৰু পাৰাৰ ভিতৰত লো অধিক ভাল পৰিবাহী কাৰণ লোৰ ৰোধকতা

 (10.0 x 10-8 Ω m) পাৰাৰ ৰোধকতা (94.0 x 10-8 Ω m.) তকৈ কম।

(b) ৰূপৰ ৰোধকতা আটাইতকৈ কম (1.60 x 10-8 Ω m) । সেয়ে ই আটাইতকৈ ভাল পৰিবাহী।


12.   প্রতিটোৰে 2V কৈ তিনিটা কোষৰ এটা যেন এটা বেটেৰি, এটা 5 Ω ৰোধক, এটা 8 Ω ৰোধক, এটা 12 Ω ৰোধক আৰু এটা প্লাগ চাবি শ্রেণীবদ্ধভাবে সংযোগ কৰি এটা বর্তনীৰ নক্সা অংকন কৰা।


উত্তৰঃ

NCERT Solutions for Class 10 Science Chapter 12 Intext Questions 2013 Q1



13.   ৰোধক কেইটাৰ মাজেৰে যোৱা প্রবাহ জুখিবৰ বাবে এটা এমিটাৰ আৰু 12 Ω ৰোধকটোৰ দুই মুৰৰ মাজৰ বিভৱভেদ জুখিবৰ বাবে এটা ভল্টমিটাৰ সংযোগ কৰি 1 নং প্রশ্নত দিয়া বর্তনীটো পুনৰ অংকন কৰা। এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠ কি হ?


উত্তৰঃ

NCERT Solutions for Class 10 Science Chapter 12 Intext Questions 2013 Q2a


        মুঠ বিভব, V = 3 x 2 = 6 V
মুঠ ৰোধ, R = 5Ω + 8Ω + 12Ω = 25Ω

    এতেকে, এমিটাৰৰ পাঠ, I= V/R= 6/25= 0.24 A

                আৰু ভল্টমিটাৰৰ পাঠ,V=IR= 0.24x12= 2.88V


14.  নিম্নোক্তবোৰৰ সমান্তৰাল সংযোজন ৰোধ নির্ণয় কৰা। – (a) 1 Ω আৰু 106 (b) 1 Ω, 103 আৰু  106 


উত্তৰঃ (a) 1 Ω আৰু 106 Ω সমান্তৰাল সংযোজন ৰোধ হ'ব-


                             NCERT Solutions for Class 10 Chapter 12 Image 5



(b) 1 Ω, 103 Ω  আৰু  106 Ω  সমান্তৰাল সংযোজন ৰোধ হ'ব-


 

1/R = 1/1 + 1/103 + 1/106

1/R = 1+103+ 106/106 =

R= 1000000/1000001= 0.999 Ω


15.  100 Ω ৰ এটা বৈদ্য়ুতিক বাল্ব, 50 Ω ৰ এটা পাউৰুটি সেকা সঁজুলি আৰু 500 Ω ৰোধৰ এটা পানীৰ ফিল্টাৰ 220 V উৎসৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি এটা বৈদ্যুতিক ইস্ত্ৰি একেটা উৎসৰ লগত সংযোগ কৰা হয় আৰু যদি ই আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় তেন্তে ইস্ত্ৰিটোৰ ৰোধ কিমান হ'ব আৰু ইয়াৰ মাজেৰে চালিত প্রবাহ কিমান হব?


উত্তৰঃ  বৈদ্য়ুতিক বাল্বৰ ৰোধ, R1 100 Ω

            পাউৰুটি সেকা সঁজুলিৰ ৰোধ, R250 Ω

            পানীৰ ফিল্টাৰৰ ৰোধ, R3500 Ω

        এতেকে, এই তিনিওটা সঁজুলীৰ সমতূল্য় ৰোধ হ'ব-


NCERT Solutions for Class 10 Science Chapter 12 Intext Questions 216 Q2


যিহেতু, বৈদ্যুতিক ইস্ত্ৰিটোৱে  আন তিনিওটাই লোৱাৰ সমান প্রবাহ লয় সেয়ে ইস্ত্ৰিটোৰ ৰোধ  হ'ব = 31.25 

 যিহেতু, 220 V উৎসৰ বিভবভেদ, V= 220 V

এতেকে, প্ৰবাহ, I= V/R= 220/31.25= 7.04 A


16.  এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজূলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে কি কি সুবিধা হয় ?


উত্তৰঃ এটা বেটাৰীৰ লগত বৈদ্যুতিক সঁজূলিবোৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাতকৈ সমান্তৰাল সজ্জাত সংযোগ কৰিলে হোৱা সুবিধাসমূহ হল-

1. বৈদ্যুতিক সঁজূলিবোৰ সমান্তৰাল সজ্জাত সংযোগ কৰিলে যদিহে কোনো ত্রুটিৰ কাৰণে কোনো বৈদ্যুতিক সঁজুলীয়ে কাৰ্য কৰা বন্ধ কৰে, তেনেহলেও আন সকলো সঁজুলীয়ে স্বাভাবিকভাবে কাৰ্য কৰি থাকে।

2. সমান্তৰাল সজ্জাত প্রতিটো বৈদ্যুতিক সঁজুলীৰ নিজস্ব চুইচ থাকে যাৰ বাবে আন সঁজুলীবোৰক প্রভাবিত নকৰাকৈ স্বাধীনভাবে চলাব পৰা যায়।

3. সমান্তৰাল সজ্জাত প্রতিটো বৈদ্যুতিক সঁজুলীয়ে উৎসৰ পৰা একে ভোল্টেজ (220 V) পায়।

4. সমান্তৰাল সজ্জাত মুঠ ৰোধ হ্ৰাস হয় গতিকে উৎসৰ পৰা পোৱা বিদ্যুৎ প্ৰৱাহ বৃদ্ধি হয়।


17.  2 Ω, 3 Ω আৰু 6 Ω ৰ তিনিটা ৰোধক কেনেকৈ সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ (a) 4 Ω (b) 1 Ω পোৱা যাব ?


উত্তৰঃ  (a) 3 Ω আৰু 6 Ω  ৰোধক সমান্তৰাল সজ্জাত সংযোগ কৰি 2 Ω ৰোধৰ লগত শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰিলে মুঠ ৰোধ 4 Ω পোৱা যাব।





                (b) 2 Ω, 3 Ω আৰু 6 Ω ৰ তিনিওটা ৰোধক 
সমান্তৰাল সজ্জাত  সংযোগ কৰিলে সিহঁতৰ মুঠ ৰোধ  1 Ω পোৱা যাব ।

                                    1/R = 1/R1 + 1/R2 + 1/R3
                                                                    = 1/2 + 1/3+1/6
                                            = 1/1= 1 


18.  5 Ω, 8 Ω, 12 Ω আৰু 24 Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা (a) সৰ্বোচ্চ আৰু (b)  সর্বনিম্ন মুঠ ৰোধৰ মান কিমান হ'?


উত্তৰঃ (a) ৰোধকক শ্ৰেণীবন্ধ সজ্জাত সংযোগ কৰিলে মুঠ ৰোধ সৰ্ব্বোচ্চ হয়।

            এতেকে, 5 Ω, 8 Ω, 12 Ω আৰু 24 Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা সৰ্বোচ্চ ৰোধ হব-

                    R = 5+8+12+24= 49 


        (b) ৰোধকক সমান্তৰাল সজ্জাত সংযোগ কৰিলে মুঠ ৰোধ সৰ্বনিম্ন হয়। 

        এতেকে, 5 Ω, 8 Ω, 12 Ω আৰু 24 Ω ৰোধৰ চাৰিটা কুণ্ডলী লগ লগাই পাব পৰা সৰ্বনিম্ন ৰোধ হব-

                1/R= 1/5+ 1/8+1/12+1/24 =12/24=1/2

                এতেকে, R= 2  



19.  বৈদ্য়ুতিক হিটাৰৰ তাপ উপাদানডাল (heating element) দীপ্ত হয়; কিন্ত ু সংযোগী তাঁৰবোৰ এনে নহয়, কিয়?


উত্তৰঃ বৰ্তনীৰ মাজেৰে বিদ্য়ুত প্ৰবাহিত হলে উত্পন্ন হোৱা তাপৰ পৰিমাণ I2Rt বৈদ্যুতিক হিটাৰৰ তাপ উপাদানডাল নিক্রোমেৰে বনোৱা হয়, যাৰ ৰোধ অতি বেছি। সেয়েহে ইয়াৰ মাজেৰে বিদ্য়ুত প্রবাহিত হলে প্রচুৰ পৰিমাণে তাপ উৎপন্ন হয়। সেয়ে ই দীপ্ত হয়। কিন্ত ু বৈদ্য়ুতিক হিটাৰৰ সংযোগী তাঁৰবোৰ কপাৰেৰে গঠিত, যাৰ ৰোধ অতি কম। সেয়ে একে পৰিমাণৰ বিদ্য়ুত প্ৰবাহিত হলেও সংযোগী তাঁৰবোৰ দীপ্ত নহয়   


20.  9600 কুলম্ব আধান 1 ঘন্টাত 50 V বিভৱভেদৰ মাজেৰে সঞ্চালিত হলে, উৎপাদিত তাপৰ পৰিমাণ উলিওৱা।


উত্তৰঃ     ইয়াত, Q = 9600 C, 

                            t =1 ঘন্টা = 1 x 60 x 60 sec = 3600 s, 

                            V = 50 V


                        উৎপাদিত তাপ, H = VQ 
                                                        = 50Vx 96,00 C 
                                                        = 48,00,00 J 
                                                        = 4.8 x 105 J


21.  20 Ω ৰোধৰ এটা বৈদ্যুতিক ইস্ত্ৰিয়ে 5 A প্রবাহ লয়। 30 ছেকেণ্ডতত উৎপন্ন হোৱা তাপৰ পৰিমাণ গণনা কৰা।


উত্তৰঃ                     দিয়া আছে , R = 20 Ω 

                                                     I = 5 A 

                                                     t = 30 s

                                উৎপন্ন হোৱা তাপৰ পৰিমাণ,  H = I2 R t 
                                                                                    = 25 x 20 x 30 
                                                                                    = 15,000 J
                                                                                     = 1.5 x 104 J


22.  এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ কিহে নিৰূপণ কৰে?


উত্তৰঃ এটা বৈদ্যুতিক প্রবাহে যোগান ধৰা শক্তিৰ হাৰ বৈদ্য়ুতিক ক্ষমতাই নিৰূপন কৰে।


23.    এটা বৈদ্যুতিক মটৰে 220 V লাইনৰ পৰা 5 A প্রবাহ লয়। মটৰটোৰ ক্ষমতা আৰু 2 ঘন্টাত ই ব্যয় কৰা শক্তি উলিওৱা।


উত্তৰঃ    ইয়াত, I = 5 A

                        V = 220 V 

                        t = 2 ঘন্টা = 7,200 s

                        এতেকে, ক্ষমতা, P = V I 
                                                        = 220 x 5 = 1100 W

                ব্যয় কৰা শক্তি = P x t = 1100 W x 7200 s = 7920,000 J = 7.92 x 106 J




অনুশীলনী

1.    R  ৰোধৰ এডাল তাৰ পাঁচটা সমান ভাগলৈ বিভক্ত কৰা হ'ল। এই অংশবোৰ সমান্তৰালভাৱে সংযোগ কৰা হল। যদি সজ্জাটোৰ সমতুল্য ৰোধ R' হয়, তেতিয়া R/R' অনুপাত হ'ব -

(a)          1/25 (b) 1/5 (c) 5 (d) 25 


উত্তৰঃ (d) 25 


2.    তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নির্দেশ নকৰে?

 (a) I2R (b) IR2 (c) VI (d) V2/R


উত্তৰঃ (b) IR2


3. এটা বৈদ্য়ুতিক বাল্ব 220V আৰু 100w চিহ্নিত কৰা আছে যেতিয়া 110V ত ইয়াক ব্যৱহাৰ কৰা হয়, ই লোৱা ক্ষমতা হ

(a) 100 W  (b) 75 w (c) 50 w  (d) 25 w


উত্তৰঃ (d) 25 w


4.  একে পদাৰ্থৰ দুডাল একে দৈর্ঘ্যৰ আৰু একে ব্যাসৰ পৰিবাহী তাঁৰ প্রথমে শ্রেণীবদ্ধ সজ্জাত আৰু পিছত সমান্তৰাল সজ্জাত এটা বর্তনীৰ একেটা বিভৱভেদত সংযোগ কৰা হ'ল। শ্রেণীবদ্ধ আৰু সমান্তৰাল সজ্জাত সৃষ্টিত সৃষ্টি হোৱা তাপৰ অনুপাত

 (a) 1:2  (b) 2:1 (c) 1:4  (d) 4:1


উত্তৰঃ (c) 1:4


5. দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ কেনেকৈ সংযোগ কৰিবা ?


উত্তৰঃ দুটা বিন্দুৰ মাজৰ বিভৱভেদ জুখিবলৈ বর্তনী এটাত ভল্টমিটাৰ সমান্তৰালকৈ সংযোগ কৰিব লাগিব।


6. এডাল তামৰ তাঁৰৰ ব্যাস 0.5 mm আৰু ৰোধকতা 1.6 x 10-8 Ω m. 10 Ω ৰোধ পাবৰ বাবে এই তাঁৰডালৰ দৈৰ্ঘ্য কিমান হব লাগিব ? যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হ', ৰোধৰ পৰিবর্তন কিমান হ'?


উত্তৰঃ     দিয়া আছে, ব্যাস = 0.5 mm

            এতেকে ব্য়াসাৰ্ধ, r = 0.5/2 = 0.25 mm= 0.25/1000 m = 0.25x10-3 m

            ৰোধকতা, ρ = 1.6x10-8 Ω m

            ৰোধ R=10 Ω

                L=?

            যিহেতু, R= ρl/A = ρ l/πr2

                l = πr2R/ρ = 3.14x 0.025x0.025x10/1.6x10-8 = 12265.625 cm = 122.6 m

 

        আকৌ, যিহেতু, R= ρl/A = ρ l/πd2/4

                       R∞ 1/d2

        এতেকে, যদি তাঁৰডালৰ ব্যাস দুগুণ কৰা হয় তেন্তে তাঁৰডালৰ প্ৰস্থচ্ছেদ চাৰিগুণ হব।

        এতেকে নতুন ৰোধ হব = 10/4 = 2.5

        এতেকে,  ৰোধৰ পৰিবর্তন = 10- 2.5 = 7.5


7. এটা প্রদত্ত ৰোধকৰ মাজেৰে প্রবাহিত প্রবাহ I ৰ মান আৰু পাৰস্পৰিক বিভৱভেদ vৰ মান তলত দিয়া হল

I (এম্পিয়াৰ)   0.5    1.0    2.0    3.0    4.0

V (ভল্ট)          1.6     3.4    6.7   10.2   13.2

V আৰু I ৰ মাজৰ লেখ এটা অংকন কৰা আৰু ৰোধকটোৰ ৰোধ উলিওৱা।


উত্তৰঃ 






                এতেকে, ৰোধকটোৰ ৰোধ, R= V/I= 6.7/2= 3.35 Ω


৪. যেতিয়া এটা অজ্ঞাত ৰোধ 12V ৰ এটা বেটেৰীৰ লগত সংযোগ কৰা হয় তাত 2.5 mA প্রবাহ চালিত হয় ৰোধকটোৰ ৰোধ উলিওৱা।


উত্তৰঃ 

ইয়াত, H= ৎপন্ন হোৱা তাপ, I= প্ৰৱাহ, R= ৰোধ আৰু t= সময়।

ইয়াত, V= 12 V আৰু  I= 2.5 mA= 2.5x 10-3 A

∴ ৰোধR= V/I = 12/2.5x 10-3 = 4800 Ω = 4.8x 10-3 Ω


9. এটা 9 V বেটাৰীৰ লগত 0.2 Ω, 0.3 Ω , 0.4 Ω , 0.5 Ω আৰু 12 Ω, ৰোধক কেইটা শ্রেণীৱদ্ধভাৱে সংযোগ কৰা হৈছে। 12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে কিমান প্রবাহ চালিত হৈছে?


উত্তৰঃ মুঠ ৰোধ, R = 0.2 Ω + 0.3 Ω + 0.4 Ω + 0.5 Ω + 12 Ω = 13.4 Ω

                            বিভবভেদ, V = 9 V
                    এতেকে ৰোধকটোৰ মাজেৰে চালিত প্ৰবাহ, I = V/R = 9/13.4 = 0.67 A
                ∵ যিহেতু শ্ৰেণীবদ্ধ সজ্জাত প্ৰবাহৰ বিভাজন নঘটে
                এতেকে  12 Ω ৰোধৰ ৰোধকটোৰ মাজেৰে চালিত প্রবাহ = 0.67 A.


10. 176 Ω ৰ কিমানটা ৰোধক হলে 220v ৰ লাইন এটাত 5 A প্রবাহ পোৱা যাব?


উত্তৰঃ ধৰা হল,176 Ωn টা ৰোধক সমান্তৰালকৈ সজালে 220v ৰ লাইন এটাত 5 A প্রবাহ পোৱা যাব।

এতেকে, 1/R = 1/176 + 1/176+...... n লৈকে

        1/R = n/176

                        R= 176/n

ওমৰ সূত্ৰ মতে, R= V/I

                  => 176/n= 220/5

                  => n= 176x5/220 = 4

এতেকে 4 টা ৰোধক লাগিব।


11. প্ৰতিটো 6 Ω ৰোধৰ তিনিটা ৰোধক কেনেদৰে সংযোগ কৰিলে সজ্জাটোৰ সমতুল্য ৰোধ (1) 9 Ω, আৰু (i) 4 Ω ?


উত্তৰঃ ইয়াত, R1 = R2 = R3 = 6 Ω

(i)           যদি  চিত্ৰত দেখুওৱাৰ দৰে R2 আৰু R3 ক সমান্তৰালভাবে সংয়োগ কৰি  R1  ৰ লগত শ্ৰেণীবদ্ধভাবে সংযোগ কৰা হয় তেন্তে সমতুল্য় ৰোধ 9 Ω হব

R= R1 + R2R3/R2+ R3 = 6+ 6x6/6+6 = 6+3 = 9




(ii)          যদি  চিত্ৰত দেখুওৱাৰ দৰে Rআৰু R শ্ৰেণীবদ্ধভাবে সংযোগ কৰি R3  ৰ লগত সমান্তৰালভাবে সংয়োগ কৰা হয় তেন্তে সমতুল্য় ৰোধ 4 হব

R= 12x6/12+6 = 72/18 = 4





12. বহুকেইটা বৈদ্যুতিক বাল্ব 220 V লাইনত ব্যৱহাৰৰ বাবে তৈয়াৰ কৰা হৈছে আৰু 10 W ৰে চিহ্নিত কৰা হৈছে। যদি চালিত হোৱা সর্বোচ্চ প্রবাহ 5A হয় কিমানটা বাল্ব সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযোগ কৰিব লাগিব?


উত্তৰঃ    ইয়াত প্রবাহ, I = 5 A

                     বিভবভেদ, V = 220 V

                            ∴ সৰ্বোচ্চ ক্ষমতা, P = I x V = 5 x 220 = 1100W

                            
                        এতেকে, বাল্বৰ মুঠ সংখ্য়া হ'ব, =  সৰ্বোচ্চ ক্ষমতা/ এটা বাল্বৰ ক্ষমতা
                                                                          =1100/10 = 110 টা



13. 220 V লাইনৰ লগত সংযোগ কৰা এটা বৈদ্যুতিক চুলাৰ গৰম ফলিখনৰ দুটা ৰোধ কুণ্ডলী A আৰু B আছে আৰু প্রত্যেকৰে ৰোধৰ মান 24 Ω , যিকেইটা পৃথকে পৃথকে শ্রেণীবদ্ধভাৱে আৰু আৰু সমান্তৰালভাৱে সংযোগ কৰিব পাৰি। এই তিনিও ক্ষেত্রত প্রবাহ কি হ'?


উত্তৰঃ       (i) যেতিয়া দুয়োটা কুণ্ডলী A আৰু B পৃথকে পৃথকে ব্য়ৱহাৰ কৰা হয়, তেতিয়া,

                        R= 24 Ω, V= 220 V

        এতেকে, প্ৰবাহ, I= V/R= 220/24= 9.167 A

(ii)           যেতিয়া দুয়োটা কুণ্ডলী শ্রেণীবদ্ধভাৱে সংযোগ কৰা হয়,

R= 24+24= 48

V=220 V

প্ৰবাহ, I= V/R= 220/48= 4.58 A

(iii)          যেতিয়া দুয়োটা কুণ্ডলী সমান্তৰালভাৱে সংযোগ কৰা হয়,

R= 24x24/24+24 = 12

V= 220V

            প্ৰবাহ, I= V/R= 220/12 = 18.33 A  


14. 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিওৱা (i) 1 Ω আৰু 2 Ω ৰ দুটা ৰোধক 6V ৰ বেটেৰী এটাৰ লগত শ্রেণীবদ্ধভাৱে, আৰু (ii) 12 Ω আৰু 2 Ω ৰ ৰোধক এটা 4 V ৰ বেটেৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে।


উত্তৰঃ         (i)       মুঠ ৰোধ,R= 1 Ω + 2 Ω= 3 Ω

                        V= 6 V

এতেকে, 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা = I2R = 22 x 2 = 8 W

    (ii)           ইয়াত, ৰোধ, R= 2 Ω

                        V= 4 V

     যিহেতু, সমান্তৰাল সজ্জাত ৰোধকৰ মাজেৰে চালিত প্ৰবাহ বেলেগ বেলেগ হয়,

    এতেকে, 2 Ω ৰোধকৰ মাজেৰে চালিত প্ৰবাহ I= V/R= 4/2 = 2 A

    এতেকে, 2 Ω ৰোধক এটাত ব্যৱহৃত ক্ষমতা = I2R= 22x 2= 8 Ω


15. এটা 220V 100 w চিহ্নিত আৰু অন্যটো 220 v 60 w চিহ্নিত দুটা বৈদ্যুতিক চাকি বৈদ্যুতিক যোগানৰ লগত সমান্তৰালভাৱে সংযোগ কৰা হৈছে। যদি যোগান বিভৱ 220v হয়, কিমান প্রবাহ ই লব।


উত্তৰঃ দিয়া আছে, বিভবভেদ, V= 220V

প্ৰথমটো বৈদ্যুতিক চাকিৰ ক্ষমতা  P1= 100 W

দ্বিতিয়টো বৈদ্যুতিক চাকিৰ ক্ষমতা P2 = 60 W

I= ?

যিহেতু, I= P/V

প্ৰথমটো বৈদ্যুতিক চাকিয়ে লোৱা প্ৰবাহ, I1= P1/V= 100/220= 10/22 A

দ্বিতিয়টো বৈদ্যুতিক চাকিয়ে লোৱা প্ৰবাহ, I2 = P2/V= 60/220= 6/22

এতেকে, দুয়োটা বৈদ্যুতিক চাকিয়ে লোৱা মুঠ প্ৰবাহ, I= I1+ I2 = 10/20 + 6/20 = 16/22= 0.727 A


16. কোনটোৱে বেছি শক্তি ব্যৱহাৰ কৰিব, এটা 25OwT V চেট 1 ঘণ্টা চলিলে বা এটা 1200w ৰ ৰুটিসেকা সঁজুলি 10 মিনিটত চলিলে?


উত্তৰঃ 

    250 W ৰ TV চেটে এক ঘন্টাত ব্য়ৱহাৰ কৰা শক্তি = 250 W x 1 ঘন্টা  = 250 Wh

    1200 W ৰ ৰুটিসেকা সঁজুলিয়ে 10 মিনিটত ব্য়ৱহাৰ কৰা শক্তি = 1200 W x 10 মিনিট 

                                                                                                = 1200x 10/60= 200 Wh

    এতেকে, TV চেট টোৱে বেছি শক্তি ব্য়ৱহাৰ কৰিব।


17. ৰোধৰ এটা বৈদ্যুতিক চুলাই 2 ঘন্টা চলোতে মেইনৰ পৰা 15 A প্রবাহ লয়। চুলাটোত তাপ উৎপন্ন হোৱা হাৰ উলিওৱা।


উত্তৰঃ দিয়া আছে, 

                            R= 8 
                             I= 15 A
                              t= 2 ঘন্টা= 7200 s
                            H=I2Rt
                        ð  H/t= I2R
                                   = 152*8 
                                   = 1800 
                এতেকে, তাপ উৎপন্ন হোৱা হাৰ= 1800J/s= 1800 W



18. ব্যাখ্যা কৰা ঃ

(a) বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট কিয় ব্যৱহাৰ হয় ?

(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু কিয় ব্যৱহাৰ কৰা হয়?

(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা কিয় ব্যৱহাৰ কৰা নহয় ?

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ লগত কিদৰে পৰিবর্তন হয় ?

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ কিয় ব্যৱহাৰ কৰা হয়?


উত্তৰঃ (a)  বৈদ্যুতিক চাকিত বেছিভাগ টাংষ্টেনৰ ফিলামেন্ট ব্যৱহাৰ হয় কাৰণ-

(i)             টাংষ্টেনৰ ৰোধকতা উচ্চ হোৱা বাবে ইয়াত অত্য়ধিক তাপ উত্পন্ন হয় ফলত পোহৰ নিৰ্গত হয়।

(ii)           টাংষ্টেনৰ গলনাংক অতি বেছি (33000C)। বিদ্য়ুত প্ৰবাহিত কৰিলে টাংষ্টেনৰ ফিলামেন্ট  27000C পৰ্যন্ত গৰম হব পাৰে আৰূ তাপ আৰু পোহৰ দিয়ে, কিন্তু গলি নাযায়।


(b) বিদ্যুত তাপীয় সঁজুলি যেনে ৰুটি সেকা সঁজুলি আৰু ইস্ত্ৰিৰ বিশুদ্ধ ধাতুৰ পৰিবৰ্তে সংকৰধাতু ব্যৱহাৰ কৰা হয় কাৰণ-

(ii) সংকৰ ধাতুৰ ৰোধকতা বেছি হোৱা বাবে ইয়াৰ মাজেৰে বিদ্য়ুত চালিত হলে অত্য়ধিক তাপ উত্পন্ন হয়। 

(ii) তাৰোপৰি সংকৰ ধাতুৰ গলনাংকও বেছি।

(iii) সংকৰ ধাতুবোৰ অত্য়ধিক উষ্ণতাতো জাৰিত নহয়।

(c) ঘৰুৱা বর্তনীবিলাকত শ্রেণীবদ্ধ সজ্জা ব্যৱহাৰ কৰা নহয় কাৰণ-

(i) শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ মাজেৰে যোৱা প্ৰবাহৰ মান গোটেই বৰ্তনীটোতে একে থাকে। এতেকে এটা বৈদ্য়ুতিক বাল্ব আৰু এটা বৈদ্য়ুতিক হিটাৰ শ্ৰেণীবদ্ধ সজ্জাত সংযোগ কৰাটো অবাস্তৱ, কাৰণ সিহঁতক সঠিকভাৱে চলাবলৈ যথেষ্ট পৃথক মানৰ প্ৰবাহৰ প্ৰয়োজন।

(ii) শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনীটোৰ কোনো এটা উপাদান বিকল হলে বৰ্তনীটো মুক্ত হৈ যায়, ফলত বাকী উপাদানবোৰেও কাম নকৰে।

(d) এডাল পৰিবাহীৰ ৰোধ ইয়াৰ প্রস্থচ্ছেদৰ কালিৰ সৈতে ব্য়স্তানুপাতিক, অৰ্থাত্ প্ৰস্থচ্ছেদ বাঢ়িলে ৰোধ কমে আৰু প্ৰস্থচ্ছেদ কমিলে ৰোধ বাঢ়ে।

(e) বৈদ্যুতিক সৰবৰাহৰ বাবে সাধাৰণতে তাম আৰু এলুমিনিয়াম তাঁৰ ব্যৱহাৰ কৰা হয় কাৰণ তাম আৰু এলুমিনিয়াম বিদ্য়ুতৰ ভাল পৰিবাহী আৰু ইহঁতৰ ৰোধ কম।


 

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)