Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution) প্ৰশ্নোত্তৰ

বংশগতি আৰু ক্ৰমবিকাশ (Heredity and Evolution) প্ৰশ্নোত্তৰ 


প্রশ্নাবলী

1.    যদি অযৌন প্রজনন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা কোনো এটা প্রজাতিৰ জনসংখ্যাৰ A চাৰিত্রিক বৈশিষ্ট্য়ৰ পৰিমাণ 10% আৰু সেই একে জনসংখ্যাৰ মাজত "B" চাৰিত্রিক বৈশিষ্ট্য়ৰ পৰিমাণ 60% হয় তেন্তে কোনটো চাৰিত্রিক বৈশিষ্ট্য আগতীয়াকৈ উৎপত্তি হৈছিল?


Answer: "B" চাৰিত্রিক বৈশিষ্ট্য় আগতীয়াকৈ উৎপত্তি হৈছিল কাৰণ ইয়াক অধিক সংখ্য়ক জনসংখ্য়াৰ মাজত দেখা গৈছিল।


2.    এটা প্রজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে কেনেকৈ জীৱই বর্তাই ৰাখে ?

Answer: এটা প্রজাতিত সৃষ্টি হোৱা বৈসাদৃশ্যতাৰ চৰিত্ৰবিলাকে প্রতিকূল পৰিস্থিতিতো জীৱটো ধ্বংশ হোৱাৰ পৰা বচাই ৰাখে। যাৰ ফলত জীৱটোৱে স্থায়িত্ব লাভ কৰে। প্রাকৃতিক পৰিবেশৰ পৰিবর্তিত পৰিবেশৰ লগত নিজকে খাপ খুৱাই বৰ্তি থকাত সহায় কৰে।

3.    মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক কোনটো প্ৰভাবী (Dominant) আৰু কোনটো অপ্ৰভাবী (Recessive) তাক কেনেকৈ নির্ণয় কৰিছিল?


Answer: মেন্ডেলে বিপৰীত বৈশিষ্ট্যযুক্ত ওখ গছ আৰু চাপৰ মটৰ মাহ গছৰ সংকৰণ ঘটাইছিল। ইহঁতৰ মাজত ইতৰ পৰাগযোগৰ ফলত তেও প্রথম প্রজন্মৰ (F1) সকলো গছ ওখ পাইছিল। কিন্তু F1 ওখ গছ  বিলাকৰ স্ব-পৰাগযোগৰ দ্বাৰা দ্বিতীয় প্রজন্মৰ গছবোৰ 3: 1 অনুপাতত ওখ আৰু চাপৰ পাইছিল। এই পৰীক্ষাবিলাকৰ ভিত্তিত প্রথম প্রজন্মৰ পোৱা বৈশিষ্ট্যবিলাকক প্রভাবী (Dominant)  আৰু যিবিলাক বৈশিষ্ট্য় প্ৰকাশ হোৱা নাই সেইবোৰক অপ্ৰভাৱী (Recessive) ।


4.    মেণ্ডলে তেখেতৰ পৰীক্ষাৰ যোগেদি বংশানুক্ৰমিকভাবে প্ৰবাহিত চৰিত্ৰবিলাক স্বতন্ত্ৰভাবে প্ৰবাহিত হয় বুলি কেনেকৈ নির্ণয় কৰিছিল?


Answer:  মেন্ডেলে তেখেতৰ পৰীক্ষামূলক অধ্যয়নত মটৰ মাহ গছত দেখা পোৱা কেইবাটাও  বিপৰীতধর্মী চৰিত্ৰ-ঘূৰণীয়া/সোঁতোৰা বীজ, ওখ/চাপৰ গছ, বগা/বেঙুণীয়া ফুল আৰু বহুতো চৰিত্ৰক আওঁতালৈ আনিছিল। তেখেতে মটৰ মাহ গছৰ উচ্চতাৰ ভিত্তিত ওখ আৰু চাপৰ গছৰ ৰিমাণ শতাংশ ৰূপত প্ৰকাশ কৰিছিল। প্ৰথম স্তৰৰ, প্রথম প্রজন্মত (F1) কোনোধৰণৰ মধ্যমীয়া বৈশিষ্ট্যপূর্ণ চৰিত্ৰ পোৱা নগৈছিল, বা F1ৰ সন্ততিবিলাক মধ্যমীয়া উচ্চতাৰ” নাছিল,  সকলোবিলাক মটৰ মাহৰ গছ ওখ পোৱা গৈছিল। ইয়াৰ পৰা বুজা যায় যে পৈতৃক পুৰুষ (Parental Generation)ৰ যি কোনো এটাহে চাৰিত্রিক বৈশিষ্ট্য দেখা পোৱা হৈছিলদুয়োটাৰ সংমিশ্রণ ঘটা নাছিল। মেণ্ডেলে তেওঁৰ পৰীক্ষাটোত পৈতৃক পুৰুষত দুটা বিপৰীত ধৰ্মী চৰিত্র বিশিষ্ট মটৰ মাহৰ গছ লৈছিল আৰু F1 জনুৰ গছৰ মাজতে স্ব-পৰাগযোগ ঘটাইছিল। পৈতৃক জনুৰ গছবোৰৰ সকলোখিনিয়েই ওখ চৰিত্ৰ সকলোবিলাক ওখ চৰিত্ৰ বিশিষ্ট হৈছিল। কিন্তু দ্বিতীয় প্রজন্ম বা F2 ত অর্থাৎ, F1 জনুৰ সকলোবিলাক ওখ চৰিত্রবিশিষ্ট গছ পোৱা নগৈছিল। তাৰ পৰিৱর্তে এক চতুর্থাংশ চাপৰ চৰিত্র বিশিষ্ট গছ পোৱা হৈছিল। ইয়াৰ পৰাই স্পষ্ট হয় যে মটৰ মাহৰ এই ওখ আৰু চাপৰ দুয়োটা চাৰিত্রিক বৈশিষ্ট্যই F1 লৈ বংশানুক্রমিকভাবে প্রবাহ ঘটিছিল কিন্তু ওখ চাৰিত্রিক বৈশিষ্ট্যটোহে প্রকাশ পাইছিল। সেয়েহে যৌন প্রজনন যোগে বংশ বিস্তাৰ কৰা প্রত্যেকটো জীৱই চাৰিত্রিক বৈশিষ্ট্যবিলাকৰ দুটাকৈ কাৰক বংশানুক্রমিকভাবে প্রবাহিত কৰে। এই দুয়োটা কাৰক হুবহু একেও হ'ব পাৰে বা বেলেগ বেলেগো হ'ব পাৰে আৰু পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে।


5.    ''A' গ্ৰুপৰ তেজৰ এজন মানুহে 'O' গ্ৰুপৰ মানুহক বিয়া কৰালে আৰু তেখেতসকলৰ ছোৱালীৰ তেজৰ গ্ৰুপ হল "O"| এই তথ্যৰ পৰা তোমালোকে 'A' আৰু 'O' তেজৰ গ্ৰুপৰ কোনটো প্ৰভাবি তাক ঠাৱৰ কৰিব পাৰিবানে? যদি পাৰা কেনেকৈ আৰু যদি নোৱাৰা কিয় নোৱাৰা ?


Answer: এই তথ্য যথেষ্ট নহয়। কাৰণ প্রতিজন ব্যক্তিয়ে দুটা চৰিত্ৰ বহন কৰে। অপ্ৰভাবি বৈশিষ্ট্য কেবল তেতিয়াহে প্ৰকাশ  ঘটিব পাৰে যেতিয়া চৰিত্ৰবোৰ একে ধৰণৰ হয়। যদি A গ্ৰুপ প্রভাবী আৰু গ্ৰুপ অপ্ৰভাবী তেনেহলে ছোৱালীৰ তেজৰ গ্ৰুO কেবল তেতিয়াহে হব পাৰে যেতিয়া দুয়োটা অপ্ৰভাৱী চৰিত্ৰ একেলগে মাকৰ দেহত থাকে আৰু দেউতাকৰ দেহত এটা O ৰ আৰু এটা A ৰ চৰিত্ৰ থাকে।


6.    মানুহৰ সন্তানৰ লিংগ নিৰ্ধাৰণ কিদৰে কৰা হয় ?


Answer: মানুহৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃৰ প্ৰত্য়েকৰে পৰা 22 ডালকৈ ক্ৰম লগ হৈ যোৰা পাতি থাকে। তাৰোপৰি লিংগ নিৰ্ণায়ক ক্ৰম এজোৰো থাকে. মহিলাৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰম যোৰ যোৰা পাতি থাকে আৰু সেয়ে দুয়োডালক X ক্ৰম বোলা হয়। কিন্তু পুৰুষৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰম দুডাল একে জোখৰ নহয় বাবে সঠিকভাৱে যোৰা পাতি নাথাকে, ইয়াৰে এডাল  X আৰু আনডাল অলপ ছুটি যাক Y ক্ৰম বোলা হয়। সেয়ে মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰম যোৰ হল XX  আনহাতে পুৰুষৰ হল XY ।

             লৰা বা ছোৱালীৰ  এডাল ক্ৰম সদায় মাতৃৰ ফালৰ। সেয়েহে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল X ক্ৰম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হয় আৰু আনডাল X ক্ৰম মাতৃৰ ফালৰ পৰা প্ৰৱাহিত হয়। আনহাতে লৰা সন্তানৰ ক্ষেত্ৰত X ক্ৰম ডাল মাতৃৰ ফালৰ আৰু Y ক্ৰ'ম'জ'ম ডাল পিতৃৰ ফালৰ পৰা প্ৰৱাহিত হোৱা।গতিকে যি সন্তানলৈ পিতৃৰ ফালৰ Y ক্ৰম ডাল প্ৰৱাহ ঘটে সেই সন্তানেই লৰা হয়।





7. কি কি প্রকাৰে কোনো এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত ক্রমাগতভাবে বাঢ়ি যায়?


Answer: এটা জীৱৰ নির্দিষ্ট এটা চাৰিত্রিক বৈশিষ্ট্য তাৰ জনসংখ্যাত বিভিন্ন প্রকাৰে ক্রমাগতভাবে বাঢ়ি যায়। সেইবোৰ হল-

                (১) প্রাকৃতিক নির্বাচনঃ  প্রাকৃতিক নির্বাচনৰ দ্বাৰা জীৱৰ জনসংখ্য়া এটাক পৰিবেশত বাচি থকাৰ সুবিধা দিয়ে।

                (২) জীনিয় পথচ্য়ুতঃ জীনিয় সজ্জাৰ পৰিৱৰ্তনে নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে  অৰিহনা যোগায় ।


8.      জীৱৰ জীৱন কালত আর্জিত চৰিত্ৰবিলাকৰ তাৰ সতি সন্ততিলৈ কিয় বংশানুক্রমিক প্রবাহ নঘটে ?

Answer: কোনো জীৱই জীৱনকালত অৰ্জন কৰা চৰিত্ৰবিলাক তাৰ সতি সন্ততিলৈ বংশানুক্ৰমিকভাৱে প্ৰৱাহিত নহয় কাৰণ এই চৰিত্ৰবিলাক জীৱটোৰ ডি এন এত সঞ্চিত নহয় আৰু সেয়ে ই জননকোষৰ ডি এন এ লৈ প্ৰৱাহিত নহয়।


9.      বংশগতি বিজ্ঞানৰ দিশৰ পৰ জীৱিত বাঘৰ সংখ্যা ক্রমে হ্ৰাস পাই গৈ থকাটো কিয় চিন্তিত বিষয় বুলি ভাবা ?


Answer: বংশগতি বিজ্ঞানৰ দিশৰ পৰ জীৱিত বাঘৰ সংখ্যা ক্রমে হ্ৰাস পাই গৈ থকাটো এটা চিন্তাৰ বিষয় কাৰণ বাঘৰ ক্ষেত্ৰত অতি নগণ্য জিনীয় পথচ্য়ুতি দেখা যায়। সেইবাবে দ্রুত পৰিবেশগত পৰিবর্তনবোৰ সিহঁতৰ পক্ষে অনুকূল নহবও পাৰে। যদি এই পৰিবর্তনবোৰ নিয়ন্ত্রণ কৰা নহয় তেনেহলে বাঘবিলাক নিঃশেষ হৈ যাব।


10.      নতুন এটা প্ৰজাতিৰ উৎপত্তিৰ কাৰণে কি কি উপাদানে অৰিহণা যোগায় ?


Answer: নতুন এটা প্ৰজাতিৰ উত্পত্তিৰ কাৰণে তলত দিয়া উপাদান সমূহে অৰিহনা যোগায়---

                (১) বৈসাদৃশ্য়তাঃ কোনো এটা প্ৰজাতিত সৃষ্টি হোৱা বৈসাদৃশ্য়তাই জীৱ এটাক জীয়াই থকাৰ সুযোগ সুবিধা প্ৰদান কৰে আৰু এটা নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে সহায় কৰে।
                (২) জীনিয় পথচ্য়ুতঃ জীনিয় সজ্জাৰ পৰিৱৰ্তনে নতুন প্ৰজাতিৰ উৎপত্তিৰ কাৰণে  অৰিহনা যোগায় ।
                (৩) ভৌগোলিক পৃথকীকৰণঃ প্ৰজাতিকৰণ তেতিয়াহে হ'ব যেতিয়া বৈসাদৃশ্য়তাৰ লগতে ভৌগোলিকভাবে পৃথকীকৃত হ'ব।   


11.  স্ব-পৰাগযোগ ঘটা উদ্ভিদ প্রজাতিকৰণৰ বাবে ভৌগলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাটো প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?


Answer: স্ব-পৰাগযোগ ঘটা উদ্ভিদ প্ৰজাতি এটাৰ বাবে ই প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰণ হ'ব নোৱাৰে কাৰণ স্ব-পৰাগযোগ ঘটা উদ্ভিদে পৰাগযোগ আৰু নিষেচনৰ বাবে অন্য় উদ্ভিদৰ ওপৰত নিৰ্ভৰ নকৰে । যিহেতু স্ব-পৰাগযোগ একেজোপা গছতে সংঘতিত হয় গতিকে  ভৌগোলিক পৃথকীকৰণ এনেকুৱা উদ্ভিদৰ ক্ষেত্ৰত প্ৰজাতিকৰণৰ এটা প্ৰধান কাৰণ হ'ব নোৱাৰে।


12.  অযৌন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্রধান কাৰক হব পাৰেনে? যদি পাৰে কিয় পাৰে আৰু যদি নোৱাৰে কিয় নোৱাৰে?


Answer: অযৌন প্রক্রিয়াৰে বংশ বিস্তাৰ কৰা জীৱৰ মাজত প্ৰজাতিকৰণৰ বাবে ভৌগোলিকভাবে পৃথকীকৰণ হৈ থকা অৱস্থাত প্রধান কাৰক হব নোৱাৰে কাৰণ অযৌন প্ৰজননত দুটা জীৱৰ প্ৰয়োজন নাথাকে।


13.  দুটা প্ৰজাতিৰ মাজত বিবর্তন সম্পর্ক স্থাপন কৰিবলৈ ব্যৱহাৰ হোৱা চাৰিত্রিক বৈশিষ্ট্য এটাৰ উদাহৰণ দিয়া।


Answer: যদি একে ধৰণৰ বৈশিষ্ট্য বিভিন্ন জীৱদেহত প্রদর্শিত হয়, তেনেহলে সেই জীৱবিলাকক একে প্ৰজাতিৰ বুলি বিবেচিত হয়। উদাহৰণ স্বৰূপে, বাদুলীৰ ডেউকা আৰু চৰাইৰ পাখিৰ মাজত মিল দেখা যায়। সেয়ে ইহঁতক  ঘনিষ্ঠভাবে জড়িত বুলি কব পাৰি। কিন্তু জেঠী আৰু কেৰ্কেটুৱাৰ ডেউকা নাথাকে, সেয়ে, ইহঁত বাদুলী বা চৰাইৰ লগত সম্পর্কিত নহয়।


14.  পখিলাৰ পাখি আৰু বাদুলিৰ ডেউকাক সমসংস্থ অংগ বুলি কব পাৰোনে? কিয় পাৰি বা কিয় নোৱাৰি


Answer:  পখিলাৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব নোৱাৰি কাৰণ ইহঁত দেখিবলৈ একে আৰু একে কাৰ্য সমাধা কৰে যদিও ইহঁতৰ উৎপত্তি বেলেগ।


15.  জীৱাশ্মসমূহ কি? বিবর্তন সম্পর্কে জীৱাষ্মসমূহে আমাক কি কয়?


Answer: জীৱৰ মৃত্যু হলে ইহঁতৰ দেহ গেলি পচি নাইকিয়া হয়। কিন্তু কেতিয়াবা জীৱৰ কিছুমান অংগ পৰিবেশত সম্পূর্ণভাৱে গেলি-পচি নাইকিয়া হৈ নাযায়। উদাহৰণস্বৰূপে যদি কেতিয়াবা এটা মৃত পখিলা উত্তপ্ত লাভাত পৰি যায় তেতিয়া ইয়াৰ দেহ সহজে পচি নাযায়, লাভাখিনি কঠিন হৈ যায় আৰু তাত পতংগৰ ছাপ ৰৈ যায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম (Fossil) বুলি কোৱা হয়।

                জীৱাষ্মসমূহে বিবর্তন প্রক্রিয়া সম্পর্কে নিম্নলিখিত তথ্য যোগান ধৰে-

১. ইহঁতে পৃথিবীৰ পৃষ্ঠ আৰু ইয়াৰ সৈতে সম্পর্কিত প্রাণীবিলাকৰ কি পৰিবর্তন আহিছে সেই সম্পৰ্কে আভাস দিয়ে।

২. জীৱাষ্মসমূহে কম বিকশিত সৰল জীৱৰ পৰা অধিক বিকশিত জটিল জীৱলৈ হোৱা ক্ৰমাগত বিবৰ্তন সম্পর্কে তথ্য় দিয়ে।

৩. ইহঁতে মানুহৰ বিবর্তন প্রক্রিয়াটি প্রদর্শন কৰে।


16.  বিভিন্ন মানুহৰ আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তভূক্ত কিয়?


Answer: মানুহৰ জিনীয় গাঠনি বেলেগ বেলেগ হোৱাৰ বাবে আকৃতি, বৰণ আৰু অবয়ব ভিন্ন হয়। কিন্তু ইহঁতৰ কোনো প্রজনন বিচ্ছিন্নতা নাথাকে। প্রজনন বিচ্ছিন্নতাই এটা প্রজাতিক আন প্ৰজাতিৰ পৰা পৃথক কৰে। সেয়েহে আকৃতি, বৰণ আৰু অবয়ব ভিন্ন যদিও একেটা প্রজাতিত অন্তৰ্ভূক্ত। 


17.   বেক্টেৰিয়া, মকৰা, মাছ আৰু চিম্পাঞ্জীৰ ভিতৰত কোন প্রজাতিৰ জীৱৰ দেহৰ গঠন বিবর্তন দিশত অতি উচ্চস্তৰৰ ? কিয় উচ্চ স্তৰৰ?


Answer: বেক্টেৰিয়া এটা আদিম জী, কাৰণ ইহঁত বিবর্তনৰ একেবাৰে প্রথম পৰ্যায়তেই  অস্তিত্ব লাভ কৰিছিল। কিন্তু ইহঁত লক্ষ লক্ষ বছৰ পিছতো বর্তমান পৰিস্থিতিতো বাচি আছে। ইয়াৰ কাৰইহঁতে এই বছৰবিলাকত পৰিবর্তিত পৰিবেশৰ লগক নিজকে ভালদৰে খাপ খুৱাই লৈছে। মকৰা, মাছ আৰু চিম্পাঞ্জীৰ দৰে জীৱবিলাকেও পৰিবর্তিত পৰিবেশৰ লগক নিজকে ভালদৰে খাপ খুৱাই লৈছে আৰু বাচি আছে। গতিকে এই সকলোবিলাক জীৱৰে দেহৰ গঠন বিবর্তনৰ দিশত অতি উচ্চস্তৰৰ। 


 

অনুশীলনী


1.   মেণ্ডেলৰ পৰীক্ষা মতে মটৰ মাহৰ ওখ গছৰ সৈতে বেঙুনীয়া ফুল আৰু চাপৰ গছৰ সৈতে বগা ফুল, এই দুই জোপাৰ মাজত সংকৰণ ঘটোৱা হ'ল। উৎপাদিত গছবোৰৰ বেঙুনীয়া ফুল হল যদিও আধা সংখ্যক মটৰ মাহৰ গছ চাপৰ হ'ল। ইয়াৰ আভাসত পৈতৃক পুৰুষৰ মটৰ মাহ গছ জোপাৰ তলৰ কোনটো জিনীয় সংযুক্তি (Genetic make up) বর্ণনা কৰিব পৰা হব?

                (a) TTWW 

                (b) TTww 

                (c) TtWw

                (d) TtWw

Answer:  (c) TtWw


    2. সমসংস্থ অংগৰ এটা উদাহৰণ হল

            (a) আমাৰ বাহু আৰু কুকুৰৰ আগ ঠেং

            (b) আমাৰ দাঁত আৰু হাতীৰ দাঁত

            (c) আলু আৰু ঘাঁহৰ শিপা।

            (d) ওপৰৰ আটাইকেইটা।

Answer:  (d) ওপৰৰ আটাইকেইটা।


3. বিবর্তনৰ লগত তলৰ কোনটো সাধাৰণভাৱে জড়িত -

        (a) এজন চীনা স্কুলীয়া ছাত্র।

        (b) এটা চিম্পাঞ্জী

        (c) এটা মকৰা

        (d) এটা বেক্টেৰিয়া

Answer: (a) এজন চীনা স্কুলীয়া ছাত্র।


4. এটা অধ্যয়নৰ পৰা দেখা গ'ল যে পাতল বৰণৰ চকুৰ ল'ৰা-ছোৱালীৰ মাক-দেউতাকৰ চকুৰ বৰণও পাতল ৰঙৰ হয়। ইয়াৰ ভিত্তিত চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব পাৰিমনে? যদি পাৰি কিয় আৰু যদি নোৱাৰি কিয় ?

Answer: এই তথ্য সম্পূর্ণ নহয়। ইয়াৰ ভিত্তিত, চকুৰ পাতল ৰঙটো প্ৰভাৱী নে অপ্ৰভাৱী চৰিত্ৰ সেইবিষয়ে মতামত দিব নোৱাৰি। যেতিয়ালৈকে মাক-দেউতাকৰ দেহত থকা এই বৈশিষ্ট্যৰ প্রকৃতি সম্পৰ্কে জনা নাযায়, তেতিয়ালৈকে এই বিষয়ে কোনো মতামত দিব পৰা নাযায়।

5. বিবর্তন আৰু শ্রেণীবিভাজনৰ অধ্যয়ন কেনেকৈ পৰস্পৰে পৰস্পৰৰ লগত সংযোগ হৈ আছে?

Answer: সকলো জীৱৰে কিছুমান সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট থাকে। সকলো জীৱৰে দেহ কোষেৰে গঠিত হোৱাটো ইহঁতৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট । ডাৰউইনৰ ক্ৰমবিকাশৰ সূত্ৰমতে জীৱবিলাক বিবৰ্তনৰ যোগেদি সিঁহতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। ইয়াৰ লগে লগে সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট বিলাকৰো পৰিৱৰ্তন হয়। যিহেতু জীৱবিলাকৰ শ্ৰেণীবিভাজন সিহঁতৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্টৰ ভিত্তিত কৰা হয় গতিকে বিবৰ্তনৰ  লগত শ্ৰেণীবিভাজনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য় থাকিলে সিহঁত পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়। একে পৈতৃক পুৰুষৰ পৰা সৃষ্টি হোৱা প্ৰথম কূল আৰু দ্বিতীয় কূলৰ জীৱৰ মাজত চাৰিত্ৰিক বৈশিষ্টৰ বিভিন্নতা দেখা যায়। ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি যে জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজনত ইহঁতৰ বিবৰ্তনৰ  প্ৰতিফলন ঘটে। 


6. উদাহৰণসহ সমসংস্থ আৰু সমবৃত্তিক অংগৰ বিষয়ে ব্যাখ্যা কৰা।

Answer: সমসংস্থ অংগঃ যিবিলাক অংগৰ উৎপত্তি একে কিন্ত ু ইহঁতে বেলেগ বেলেগ কাৰ্য সমাধা কৰে, তেনে অংগক  সমসংস্থ অংগ বোলে। যেনে- ভেকুলী আৰু জেঠীৰ আগঠেং সমসংস্থ অংগ।

               সমবৃত্তিক অংগঃ যিবিলাক অংগৰ উৎপত্তি ভিন্ন কিন্ত ু ইহঁতে একে কাৰ্য সমাধা কৰে, তেনে অংগক সমবৃত্তিক অংগ বোলে। যেনে- চৰাইৰ ডেউকা আৰু বাদুলীৰ ডেউকাসমবৃত্তিক অংগ।


7. বিবর্তন প্রক্রিয়াত জীৱাষ্মৰ গুৰুত্ব সম্বন্ধে ব্যাখ্যা কৰা।

Answer:  মৃত জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম (Fossil) বুলি কোৱা হয়। বিবর্তন প্রক্রিয়াত জীৱাষ্মৰ যথেষ্ট গুৰুত্ব আছে। জীৱাষ্মসমূহে বিবর্তন প্রক্রিয়া সম্পর্কে বহুতো তথ্য যোগান ধৰে। ইহঁতে পৃথিবীৰ পৃষ্ঠ আৰু ইয়াৰ সৈতে সম্পর্কিত প্রাণীবিলাকৰ কি পৰিবর্তন আহিছে সেই সম্পৰ্কে আভাস দিয়ে। জীৱাষ্মসমূহে কম বিকশিত সৰল জীৱৰ পৰা অধিক বিকশিত জটিল জীৱলৈ হোৱা ক্ৰমাগত বিবৰ্তন সম্পর্কে তথ্য় দিয়ে। ইহঁতে মানুহৰ বিবর্তন প্রক্রিয়াটি প্রদর্শন কৰে।


8. কি স্বাক্ষ্যৰ ওপৰত ভিত্তি কৰি অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছে বুলি ভাবিব পাৰি?

Answer: 1929 চনত ব্ৰিটিচ বিজ্ঞানী জে. বি. এছ হালডেনে কৈছিল যে জীৱৰ উৎপত্তি অজৈৱিক পদাৰ্থৰ পৰা হৈছে।পিছৰ সময়ত 1953 চনত মিলাৰ আৰু ইউৰেই ইয়াৰ সপক্ষে প্ৰমাণ দাঙি ধৰিছিল। তেওঁলোকে এটা সঁজুলী তৈয়াৰ কৰিছিল যত তেওলোকে পূৰ্বৰ পৃথিৱীৰ এটা পৰিবেশ সৃষ্টি কৰিছিল যত অকল মিথেন, এমনিয়া, হাইড্ৰজেন আদি গেছ পানীৰ ওপৰত আছিল। গোটেই মিশ্ৰণটো 1000 C উষ্ণতাতকৈ অলপ কম উষ্ণতাত ৰখা হৈছিল আৰু মিশ্ৰণটোৰ মাজেৰে প্ৰায় এসপ্তাহ ধৰি বিদ্য়ুত তৰংগ পঠোৱা হৈছিল।এসপ্তাহ পিছত দেখা গৈছিল যে  মিথেনৰ প্ৰায় 15% কাৰ্বন কিছুমান সৰল এমাইন' এছিডৰ যৌগলৈ ৰূপান্তৰিত হৈছিল, যি জীৱদেহত প্ৰ'টিন অণু গঠন কৰে। এই পৰীক্ষাটোৱে প্ৰমাণ কৰে যে অজৈৱিক পদাৰ্থৰ পৰা জীৱ উৎপত্তি হৈছিল।   


9. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ দ্বাৰা বেছি বিকাশসহ (viable) ভিন্নতা সৃষ্টি হয় কেনেকৈ ব্যাখ্যা কৰা? ই বিবর্তনত কেনেদৰে প্ৰভাৱ পেলায়?

Answer: যৌন প্রজননৰ ক্ষেত্রত সন্তানবোৰ সিহঁতৰ পিতৃ-মাতৃৰ সৈতে একেধৰণৰ হলেও সম্পূৰ্ণ একে নহয়। ইয়াৰ কাৰণ হ'লসন্তানবোৰে মাতৃৰ পৰা কিছু জিন পায় আৰু পিতৃৰ পৰা কিছু জিন পায়। মাতৃ ও পিতৃৰ বিভিন্ন জিনৰ মিশ্রণৰ কাৰণে সন্তানৰ দেহত জিনগত বিভিন্নতা থাকে। এইদৰে যৌন প্রজননত এটা জনসংখ্যাক বৃহৎ বৈচিত্র্যৰ দিশে লৈ যায়। সেইবাবে এটি প্রজাতি (প্রাণী বা উদ্ভিদ) ইয়াৰ চাৰিওফালৰ পৰিৱর্তনৰ সৈতে দ্রুততাৰে নিজকে খাপ খুৱাই লব পাৰে। ই জিনৰ ক্ৰমবিকাশ আৰু বিৱৰ্তনত অৰিহনা যোগায়।

 10. কেনেকৈ পিতৃপুৰুষ আৰু মাতৃ পুৰুষ সমান জিনীয় অৱদান অপত্যজনুলৈ হস্তান্তৰ কৰে ?

Answer: মানৱদেহত জিনবিলাক একোটা গোট হিচাপে থাকে এইবিলাকৰ পৃথক পৃথক এটুকুৰাক ক্ৰ''জম বুলি কোৱা হয়। সেয়েহে প্রত্যেকটো কোষতে ক্রমজমৰ দুটাকৈ প্রতিলিপি থাকে; তাৰে এটা পিতৃৰ ফালৰ আৰু আনটো মাতৃৰ ফালৰ। প্রত্যেকটো জননকোষত ক্রমজমৰ একোটা যোৰাৰ এডালকৈহে থাকে আৰু সেই ক্রমজম ডালৰ  উৎস হয় পিতৃৰ ফালৰ নহয় মাতৃৰ ফালৰ। যেতিয়া দুটা জননকোষৰ মিলন বা যোজন হয় তেতিয়া সতি সন্ততি বিলাকতো ক্রমজমৰ সংখ্যা পৈতৃক পুৰুষৰ সৈতে সমানভাবে থাকে। এনেদৰেই কোনো এটা প্রজাতিৰ পুৰষানুক্রমে ক্রমজমৰ সংখ্যা সুস্তিৰ হৈ থাকে। যৌন প্রজননকাৰী জীৱবিলাকে এনেদৰেই বংশানুক্রমে চৰিত্ৰবিলাক প্রবাহিত কৰে।


11. ‘কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে এই উক্তিৰ সৈতে একমতনে? যদি হয় কিয় আৰু যদি নহয় কিয় ?

Answer: কোনো এটা প্ৰজাতিৰ জীৱক ভিন্নতাইহে আবাদীত জীয়াই থাকিবৰ বাবে সুবিধা কৰি তুলে এই উক্তিৰ সৈতে একমত। কাৰণ এটা প্রজাতিত সৃষ্টি হোৱা ভিন্নতাই জীৱবিলাকক প্রতিকূল পৰিস্থিতিতো ধ্বংশ হোৱাৰ পৰা বচাই ৰাখে। যাৰ ফলত জীৱটোৱে স্থায়িত্ব লাভ কৰে। প্রাকৃতিক পৰিবেশৰ পৰিবর্তিত পৰিবেশৰ লগত নিজকে খাপ খুৱাই বৰ্তি থকাত সহায় কৰে।

Comments

Post a Comment

If you have any doubt please let me know

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)