Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organism Reproduce) প্ৰশ্নোত্তৰ

 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে (How do Organism Reproduce) প্ৰশ্নোত্তৰ

প্রশ্নাৱলী

1.     প্রজনন প্রক্রিয়াত DNA প্রতিলিপিৰ আৱশ্যক কি ?


Answer: প্রজনন প্রক্রিয়াত DNA প্ৰতিলিপিকৰণে সুনিশ্চিত কৰে যাতে প্ৰতিটো অপত্য় কোষে সমান সংখ্য়ক DNA লাভ কৰে। ইয়াৰ ফলত প্ৰজাতি এটাৰ নিজস্ব বৈশিষ্ট্য় বজায় থাকে। ই জীৱনৰ ধাৰাবাহিকতা বজায় ৰাখে। DNA ৰ প্ৰতিলিপিকৰণত অপত্য় DNA ডাল হুবহু একে নহয়, ফলত জীৱকূলৰ মাজত বৈশাদৃশ্য়তা সৃষ্টি হয় আৰু ই বিৱৰ্তনত সহায় কৰে।


2.      প্রজাতিৰ কাৰণে ভিন্নতা প্রয়াোজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয় ?


Answer: জীৱৰ বিভিন্ন জনগোষ্ঠীয়ে বিভিন্ন ধৰণৰ পৰিবেশগত কাৰকৰ সৈতে যোগাযোগ ৰক্ষা কৰি থাকে। প্রদত্ত পৰিস্থিতিত বৰ্তি থাকিবৰ বাবে  ই অতি গুৰুত্বপূর্ণ। জনসংখ্যাৰ পৰিবেশগত অবস্থাৰ যিকোনো ক্ষয়ক্ষতিৰ ক্ষেত্রত জনসংখ্যাৰ ওপৰত বিৰূপ প্রভাব পৰে। যিবিলাক জীৱই এনে পৰিস্থিতিত বৰ্তি থাকিবলৈ সক্ষম হয় আৰু যিবিলাক জীৱ অবস্থাৰ সৈতে অভিযোজিত বা উপযুক্ত সেইবিলাকেই জনসংখ্যাৰ বিকাশ কৰিব পাৰে। গতিকে ভিন্নতা প্রজাতিৰ কাৰণে প্রয়াোজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়।  


3.         দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ কি কি ?


Answer: দ্বি-খণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ প্রভেদ হ'ল-

দ্বি-খণ্ডন

বহু বিভাজন

১. এই প্ৰক্ৰিয়াত কোষটো সমভাবে দ্বিখন্ডিত হয়

১. এই প্ৰক্ৰিয়াত কোষটো দুটাতকৈ বেছি ভাগত বিভক্ত হয়

২. কোষটোৰ চাৰিওফালে কোনো ধৰণৰ ডাঠ তৰপৰ সৃষ্টি নহয়

. কোষটোৰ চাৰিওফালে এটা ডাঠ তৰপৰ সৃষ্টি হয়

৩. দ্বি-খণ্ডন সাধাৰণতে অনুকূল পৰিস্থিতিতহে সংঘটিত হয়

৩. বহু বিভাজন যিকোনো পৰিস্থিতিত সংঘটিত হ'ব পাৰে


4.         যদি কোনো জীৱই ৰেণুৰদ্বাৰা বংশ বিস্তাৰ কৰে তেতিয়া ই কেনেদৰে লাভাম্বিত হ'?


Answer: ৰেণুৰ দ্ৱাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে  লাভদায়ক হব পাৰে কাৰণঃ

                (১) ৰেণুবিলাক যথেষ্ট ডাঠ আৱৰণৰ দ্ৱাৰা আবৃত হৈ থাকে, সেয়ে ইহঁতে প্ৰতিকূল পৰিবেশতো বহুত দিনলৈ সজীৱ হৈ থাকিব পাৰে।
                (2) ৰেণুৰদ্ৱাৰা অতি কম সময়তে  অসংখ্য় উদ্ভিদ সৃষ্টি হ'ব পাৰে।


5.         উচ্চ খাপৰ জীৱই কিয় পুনর্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে তাৰ কাৰণ দর্শাব পাৰিবানে ?


Answer: উচ্চ খাপৰ বহুকোষী জীৱবোৰৰ দেহৰ গঠন অতি জটিল। এইবিলাক জীৱৰ দেহত কিছুমান বিশেষ কোষ লগ হৈ কলাৰ সৃষ্টি কৰে। এই কলাবোৰে বিভিন্ন অংগ সৃষ্টি কৰে, অংগসমূহে অংগতন্ত্ৰ গঠন কৰে আৰু সকলোবিলাক লগ হৈ গোটেই জীৱদেহ গঠন কৰে।  যিহেতু উচ্চ খাপৰ বহুকোষী জীৱবোৰৰ দেহৰ গঠন অতি জটিল উচ্চ সংগঠন যুক্ত, সেয়েহে পুণর্জীৱন পদ্ধতিৰে নতুন জীৱৰ সৃষ্টি কৰিব নোৱাৰে। কাৰণ শৰীৰৰ যিকোনো এটা অংগৰ পৰা গোটেই জীৱদেহটো পুণৰ গঠন কৰা সম্ভব নহয়। 


6.          বিশেষ কিছুমান উদ্ভিদ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰণ প্ৰয়োগ কৰা হয়?


Answer: কিছুমান উদ্ভিদৰ মূল বা শিপা, কাণ্ড আৰ পাতৰ পৰাই উপযুক্ত পৰিবেশত নতুন উদ্ভিদৰ উৎপত্তি হব পাৰে। যিবিলাক উদ্ভিদত বীজৰ উৎপত্তি নহয় যেনে কুঁহিয়াৰ, গোলাপ, আঙুৰ আদিক এই আংগিক বিস্তাৰণৰ বাবেই কৃষি ক্ষেত্ৰত কলম (Grafting) আৰু তৰপীয়া (Layering) পদ্ধতি প্রয়োগ কৰি নতুন উদ্ভিদৰ সৃষ্টি কৰা হয়। আংগিক বিস্তাৰণৰ যোগেদি উৎপত্তি হোৱা উদ্ভিদবিলাকৰ আগতীয়াকৈ ফুল ফল ধৰে। আংগিক বিস্তাৰণৰ আন এটা সুবিধা হল যে এনে পদ্ধতিৰে উৎপত্তি হোৱা উদ্ভিদবিলাক আনুবংশিকভাৱে একে হোৱাৰ উপৰিও চৰিত্রগত বৈশিষ্ট্যবিলাক পৈতৃক পুৰুষৰ সৈতে একে হয়। 


7.  প্রজনন প্রক্রিয়াৰ এটা অংশ হিচাবে ডি. এন. এ. (DNA) ৰ প্ৰতিলিপিকৰণ কিয় প্রয়োজন?


Answer: প্রজনন প্রক্রিয়াত DNA প্ৰতিলিপিকৰণে সুনিশ্চিত কৰে যাতে প্ৰতিটো অপত্য় কোষে সমান সংখ্য়ক DNA লাভ কৰে। ইয়াৰ ফলত প্ৰজাতি এটাৰ নিজস্ব বৈশিষ্ট্য় বজায় থাকে। ই জীৱনৰ ধাৰাবাহিকতা বজায় ৰাখে। DNA ৰ প্ৰতিলিপিকৰণত অপত্য় DNA ডাল হুবহু একে নহয়, ফলত জীৱকূলৰ মাজত বৈশাদৃশ্য়তা সৃষ্টি হয় আৰু ই বিৱৰ্তনত সহায় কৰে।


8.         নিষেচন আৰু পৰাগযোগৰ পার্থক্য কেনেধৰণৰ ?


Answer: পৰাগযোজন আৰু নিষেচনৰ মাজত পাৰ্থক্য় আছে।পৰাগযোজন এটা বাহ্য়িক প্ৰক্ৰিয়া, নিষেচন এটা আভ্য়ন্তৰিণ প্ৰক্ৰিয়া । পৰাগযোগৰ ফলত পৰাগনলীৰ সৃষ্টি হয়, নিষেচনৰ ফলত যোজন কোষৰ সৃষ্টি হয়।


9.         শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থিৰ ভূমিকা কি?


Answer: শুক্রাশয় আৰু প্ৰষ্টেট গ্ৰন্থি উভয়েই এটা তৰল নিঃসৰণ কৰে যিয়ে বীর্যৰ এটা অংশ গঠন কৰে। শুক্রাশয়ৰ পৰা নিঃসৃত তৰলে বীর্যৰ 60% গঠন কৰে আৰু প্রষ্টেট গ্রন্থিৰপৰা নিঃসৃত তৰলে বীর্যৰ ৩০% গঠন কৰে। এই তৰলে বীৰ্য ভ্ৰমণ কৰা পথটিক মসৃণ কৰি।তাৰোপৰি এই তৰলবিধে মূত্রনলীত থকা এচিডৰ পৰা বীর্যক ৰক্ষা কৰে। এই তৰলে ফ্র ুক্টজ, কেলছিয়াম আৰু কিছুমান এনজাইমৰ দ্বাৰা বীর্যবিলাকক পুষ্টি প্ৰদান কৰে।


10.     কৈশোৰ কালত ছোৱালীৰ দেহত কেনেধৰণৰ পৰিবর্তন দেখা যায়?


Answer: কৈশোৰ কালত ছোৱালীৰ দেহত কিছুমান পৰিৱৰ্তনে দেখা দিয়ে | এই সময় চোৱাত কাষলতি (armpits) আৰু কৰঙন (thighs) , যৌনাংগৰ কাষত চুলি গজা দেখিবলৈ পোৱা যায়। ইয়াৰ ফলত এই অংশ কলা বৰণৰ হয়। ভৰি আৰু হাতৰ লগতে মুখমণ্ডলত পাতল চুলি গজে। মুখৰ ছাল তেলেতিয়া হোৱাৰ ফলত এই অংশত শালমইনা (Pimples) উঠে। ছোৱালীবিলাকৰ স্তন যুগলৰ আকাৰ বাঢ়িবলৈ ধৰে আৰু স্তনাগ্ৰৰ ছালখন কলা হয়। এই সময়ত ছোৱালীবোৰৰ ঋতুচক্র আৰম্ভ হয়।


11.     মাতৃদেহত ভ্ৰূণকোষে কেনেকৈ পুষ্টি লাভ কৰে?


Answer: মাতৃ এগৰাকীৰ দেহৰ আভ্যন্তৰটো এটা শিশু বর্ধন হব পৰাকৈ গঠিত হৈছে। সেইকাৰণে প্রতিমাহতে স্ত্রীৰ গৰ্ভাশয়টোৱে একোটা ভ্ৰূণ বৃদ্ধি আৰু বর্ধন হব পৰাকৈ প্রস্তুত কৰে। ইয়াৰ বাবে জৰায়ুৰ আৱৰণীখন ডাঠ হয় আৰু ৰক্ত কেশিকাৰে গঠিত জালিকাৰদ্বাৰা আৱেষ্টিত হৈ থাকে। জৰায়ুত ভ্ৰূণাৱস্থাৰ শিশুটোৰ বৰ্দ্ধন আৰু পোষণ হয়।গৰ্ভাৱস্থাত ভ্ৰূণটো গর্ভাশয়ৰ অন্তঃআচ্ছাদনৰ লগত এবিধ বিশেষ কলাৰদ্বাৰা বান্ধ খাই থাকে। ইয়াক অমৰা বা প্লেচেণ্টা (Placenta) বোলে। এই প্লেচেণ্টাৰ দ্বাৰা মাতৃদেহৰ তেজৰ যোগেদি ভ্ৰূণটোৱে পুষ্টি লাভ কৰে। প্লেচেণ্টাটো কাঁহী সদৃশ আৰু গৰ্ভাশয়ৰ বেৰত পোত খাই থাকে। ইয়াৰ পৰা কিছুমান ভিলাই ভ্ৰূণটোৰ ফালে বিয়পি থাকে। গর্ভাশয়ৰ অন্তঃআচ্ছাদনৰ ফালে ৰক্ত জালিকা থকাৰ কাৰণে মাতৃদেহৰ পৰা গ্লুজ আৰু অক্সিজেন ভ্ৰূণটোলৈ সৰবৰাহ হৈ থাকে। ভ্ৰূণটোৱে সৃষ্টি কৰা ৰেচন পদার্থবোৰ প্লেচেণ্টাৰ মাধ্যমেদি মাতৃদেহত এৰি দিয়ে। এনেকৈ মাতৃদেহত ভ্ৰূণটো সম্পূর্ণ হবলৈ প্রায় ন মাহ আৱশ্যক হয়। 


12.     যদি মহিলা এগৰাকীয়ে কপাৰ-টি (Copper - T) ব্য়ৱহাৰ কৰে, তেতিয়া ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধী হবনে?


Answer: কপাৰ-টি (Copper - T) হৈছে এবিধ গৰ্ভনিৰোধক পদ্ধতি পদ্ধতি। ইয়াক গৰ্ভাশয়ত স্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয়। কিন্ত ু ই যৌন ৰোগ সঞ্চাৰণ প্ৰতিৰোধ কৰিব নোৱাৰে।

 


অনুশীলনী

1. যৌন প্রজননৰ মুকুলোদ্দগম সংঘটিত হয় -

 (ক) এমিবাত

(খ) ইষ্ট

 (গ) প্লাজমডিয়ামত

(ঙ) লেইচমেনিয়াত

Answer: (খ) ইষ্ট

2. তলৰ কোনটো মানুহৰ দেহৰ স্ত্রীজনন অংগ নহয় ?

(ক) ডিম্বাশয়।

 (খ) জৰায়ু

(গ) শুক্ৰবাহী নলী

(ঘ) ফেলোপিয়ান নলী।

Answer: (গ) শুক্ৰবাহী নলী

3. পৰাগধানীত পাোৱা হয়

(ক) বেটুপাত

(খ) ডিম্বক

(গ) স্ত্রীকেশৰ ।

(ঘ) পৰাগ ৰেণু

Answer: (ঘ) পৰাগ ৰেণু


4. অযৌন প্রজনন প্রক্রিয়াতকৈ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি?


Answer: অযৌন প্রজননত, নতুন প্ৰজন্মৰ জীৱবিলাক সিহঁতৰ পিতৃ-মাতৃৰ লগত প্রায় একে ধৰণৰ হয় কাৰণ সিহঁতৰ দেহত পিতৃ-মাতৃৰ দৰে একে জিন থাকে। গতিকে অযৌন প্রজননত জিনগত ভিন্নতা সম্ভব নহয়। ই জীবৰ বিবর্তনক বাধা দিয়ে।

         যৌন প্রজননৰ ক্ষেত্রত সন্তানবোৰ সিহঁতৰ পিতৃ-মাতৃৰ সৈতে একেধৰণৰ হলেও সম্পূৰ্ণ একে নহয়। ইয়াৰ কাৰণ হ'ল, সন্তানবোৰে মাতৃৰ পৰা কিছু জিন পায় আৰু পিতৃৰ পৰা কিছু জিন পায়। মাতৃ ও পিতৃৰ বিভিন্ন জিনৰ মিশ্রণৰ কাৰণে সন্তানৰ দেহত জিনগত বিভিন্নতা থাকে। এইদৰে যৌন প্রজননত এটা জনসংখ্যাক বৃহত্ বৈচিত্র্যৰ দিশে লৈ যায়। সেইবাবে এটি প্রজাতি (প্রাণী বা উদ্ভিদ) ইয়াৰ চাৰিওফালৰ পৰিৱর্তনৰ সৈতে দ্রুততাৰে নিজকে খাপ খুৱাই লব পাৰে। ই জিনৰ ক্ৰমবিকাশ আৰু বিৱৰ্তনত অৰিহনা যোগায়।


5. মানুহৰ শুক্রাশয় কেইটাই কি কি কাম কৰে ?


Answer: কৈশোৰ কালৰ পিছত শুক্ৰাশয়ে পুৰুষৰ দেহত শুক্ৰাণু সৃষ্টি কৰে। শুক্রাশয় টেষ্ট'ষ্টেৰন নামক এটা হ'ৰম'ন উত্পন্ন হয়। টেষ্ট'ষ্টেৰনে প্রজনন অঙ্গ আৰু গৌণ যৌন চৰিত্রবিলাকৰ বিকাশ নিয়ন্ত্রণ কৰে।


6. ঋতুস্ৰাৱ কিয় হয়?


Answer: ছোৱালীৰ দেহত ডিম্বাশয়ে প্ৰতিমাহে এটাকৈ ডিম্ব নিৰ্গত কৰে।প্ৰতিমাহে জৰায়ুৱে এটা নিষেচিত ডিম্ব গ্ৰহন কৰিবলৈ নিজকে প্ৰস্ত ুত কৰে আৰু জৰায়ুৰ অন্তঃআৱৰণীখন ডাঠ হৈ পৰে। যদি ডিম্বাশয়ে নিৰ্গত কৰা ডিম্বটো নিষেচিত নহয় তেনেহলে জৰায়ুৰ ডাঠ অন্তঃআৱৰণীখন ভাঙি যায় আৰু অনিষিক্ত ডিম্ব আৰু শ্লেশ্মাৰ সৈতে যোনিপথেদি ওলাই আহে। এই প্ৰক্ৰিয়া প্ৰতিমাহে চক্ৰাকাৰে চলি থাকে। এই প্ৰক্ৰিয়াত স্ত্ৰী হ'ৰম'ন বিলাকেও গুৰুত্বপূৰ্ণ ভূমিকা লয়। 


7. দীর্ঘচ্ছেদত এপাহ ফুলৰ চিত্ৰ আঁকি বিভিন্ন অংশসমূহ চিহ্নিত কৰা।


Answer:




৪. বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ কি কি?


Answer: বিভিন্ন প্ৰকাৰৰ গৰ্ভনিৰোধ পদ্ধতিসমূহ হ'ল-

১. কাৰিকৰি প্রতিবন্ধক (mechanical barrier) ইযাৰ সহায়ত শুক্রাণুৰ ডিম্বাণু কোষৰ লগত মিলন নোহোৱাকৈ আবদ্ধ কৰি ৰাখিব পাৰি। এই পদ্ধতিত পুংজনন অংগত (Penis) ত কনডম পিন্ধ লোৱা হয়। স্ত্রী ব্যক্তিৰ ক্ষেত্ৰত তেনে ধৰণৰ আৱৰণী যোনি পথত সংস্থাপিত কৰা হয়।

২. ৰাসায়নিক প্ৰতিবন্ধক ঃ এইবিধ গর্ভনিৰোধক পদ্ধতিত দেহত হ'ৰম'নৰ পৰিমাণ নিয়ন্ত্রণ কৰি ডিম্বক্ষৰণ বন্ধ কৰা হয়। ইয়াৰ ফলত নিষেচন হব নোৱাৰে। এনে প্রক্রিয়াত সাধাৰণতে ব্যৱহৃত ঔষধবোৰ পিল (Pill) বা বড়ি আকাৰে পোৱা যায়। এনেধৰণৰ ঔষধবোৰে হৰম'নৰ ক্ৰিয়া নিয়ন্ত্রণ কৰি ৰাখে কিন্তু ইয়াৰ কিছুমান পার্শ্বক্রিয়া থাকে। ইয়াক অৰেল কন্ট্রাচেপটি (Oral contraceptive) বোলে।

৩. কপাৰ-টি (Copper - T)ঃ অন্য এবিধ গর্ভনিৰোধক পদ্ধতি হল কপাৰ-টি (Copper - T)ইয়াক গর্ভাশয়ত সংস্থাপন কৰি গৰ্ভধাৰণ বন্ধ কৰা হয়। আকৌ এইবিলাকে গর্ভাশয়ৰ প্ৰবাহৰ বাবে কিছুমান পার্শ্বক্রিয়া সৃষ্টি কৰিব পাৰে।

৪. অস্ত্রোপ্রচাৰঃ পুৰুষৰ শুক্ৰবাহী নলী বন্ধ কৰি শুক্ৰ সৰবৰাহ বন্ধ কৰিব পাৰি। একেদৰে স্ত্রীৰ ডিম্ববাহী নলী বন্ধ কৰি ৰাখিলে ডিম্ব গর্ভাশয়ত অৱস্থান কৰিব নোৱাৰে। এই দুয়োটা পদ্ধতিত নিষেচন হব নোৱাৰে। বন্ধ্যাকৰণ (Surgical) পদ্ধতিৰে এনে ক্রিয়া সম্ভৱ হয়।


9. এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্রকাৰৰ অযৌন আৰু যৌন প্রজনন প্রক্রিয়াৰ কৌশলসমূহ কেনেধৰণৰ?

Answer: এককোষী আৰু বহুকোষী জীৱৰ বিভিন্ন প্রকাৰৰ অযৌন  প্রজনন প্রক্রিয়াৰ কৌশলসমূহ হল-

১. দ্বিখন্ডন বা বিভাজনঃ এককোষী জীৱই কোষৰ দ্বিখন্ডন বা বিভাজন প্ৰক্ৰিয়াৰে নতুন প্ৰজন্মৰ সৃষ্টি কৰে। এই প্ৰক্ৰিয়াত কোষটো সমভাবে দ্বিখন্ডিত হৈ এই প্ৰক্ৰিয়া সমাধা কৰে।

২. বিভংগনঃ তুলনামূলকভাৱে সৰল দেহশৈলীৰে গঠিত বহুকোষী জীৱৰ ক্ষেত্ৰত এই পদ্ধতি কাৰ্ষকৰী হয়। এই পদ্ধতিত জীৱটো পূৰ্ণাংগ হোৱাৰ পিছত দেহটো কিছুমান সৰু সৰু খন্ডত টুকুৰা টুকুৰ হৈ নতুন জীৱৰ সৃষ্টি কৰে।

৩. পুনৰ জীৱনঃ ভিন্ন অংগ বিশিষ্ট বহু জীৱই সিহঁতৰ দেহৰ কোনো অংগৰ পৰাই নতুন এটা প্ৰজন্মৰ সৃষ্টি কৰিব পাৰে। এই প্ৰক্ৰিয়াক পুনৰ জীৱন বোলে।

৪. মুকুলোদগমঃ হাইড্রাৰ দৰে জীৱই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে। হাইড্রাৰ এনে প্রক্রিয়াত মুকুলবিলাক দেহৰ কোনো নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষৰ বিভাজন ঘটি টেমুনা বান্ধি বাহিৰলৈ ওলাই আহে। এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্ৰাৰ সৃষ্টি হয় আৰু যেতিয়া সিহঁত পুৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্রাৰ উৎপত্তি কৰে।

৪. আংগিক বিস্তাৰণ (Vegetative Propagation) এনে বহুবিলাক উদ্ভিদ আছে যিবিলাকৰ মূল বা শিপা, কাণ্ড আৰু পাতৰ পৰাই উপযুক্ত পৰিবেশত নতুন উদ্ভিদৰ উৎপত্তি হব পাৰে। এই পদ্ধতিত আংগিক বিস্তাৰণ বোলে। 


10. প্রজনন প্রক্রিয়াই কোনো প্রজাতিৰ জীৱৰ আৱাদীৰ স্থিতি কেনেকৈ ৰক্ষাত সহায় কৰে?

Answer: প্ৰজনন প্ৰক্ৰিয়া হল জীৱ এটাৰ বংশবৃদ্ধি কৰাৰ একমাত্ৰ উপায়। গতিকে কোনো এটা প্ৰজাতিৰ জীৱৰ আবাদিৰ স্থিতি ৰক্ষাৰ কৰাত বিশেষভৱে সহায় কৰে । প্ৰজনন প্ৰক্ৰিয়াই জীৱ এটা পৃথিৱীত বৰ্তি থকাত সহায় কৰে আৰু জীৱটো পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱাত বাধা দিয়ে। ইয়াৰ দ্বাৰাই জীৱ এটাৰ জন্ম আৰু মৃত্য়ুৰ অনুপাতৰ ভাৰসাম্য়তা ৰক্ষা কৰে। প্ৰজনন প্ৰক্ৰিয়াৰ যোগেদিয়েই জীৱকূলত ভিন্নতা আৰু ক্ৰমবিকাশৰ পথ সূচল হয়।  


11. গর্ভনিৰোধ পদ্ধতি অৱলম্বন কৰাৰ কাৰণ কি?

Answer: যৌন ক্রিয়াৰ দ্বাৰা গৰ্ভধাৰণ হয়। এগৰাকী মহিলাৰ গৰ্ভধাৰণ সম্পূর্ণভাৱে নিৰ্ভৰ কৰে মহিলাগৰাকীৰ দৈহিক আৰু মানসিক অৱস্থাৰ ওপৰত।যদি মহিলা গৰাকী গৰ্ভধাৰণৰ বাবে প্রস্তুত নাথাকে তেতিয়া তেওঁৰ স্বাস্থ্যৰ যথেষ্ট ক্ষতি হব। সেইবাবে অবাঞ্চিত গৰ্ভধাৰণৰ পৰা হাত সাৰিবলৈ গর্ভনিৰোধ পদ্ধতি অৱলম্বন কৰা হয়। তদুপৰি জনসংখ্য়া নিয়ন্ত্ৰণ কৰিবলৈ গর্ভনিৰোধ পদ্ধতি অৱলম্বন কৰা হয়।


Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)