Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

বিদ্য়ুত প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current) প্ৰশ্নোত্তৰ

 বিদ্য়ুত প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া (Magnetic Effects of Electric Current) প্ৰশ্নোত্তৰ


প্ৰশ্নাৱলী

         1.    ন্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল কিয় বিক্ষেপিত হয়?


            Answer: দিগদর্শন যন্ত্ৰৰ কাঁটাডালো এডাল চুম্বক। সেয়ে দন্ডচুম্বকৰ কাষলৈ আনিলে দিগদর্শন যন্ত্ৰৰ কাঁটাডাল বিক্ষেপিত হয়।


         2.    এডাল দণ্ড চুম্বকৰ কেউকাষৰ চৌম্বক বলৰেখবোৰ অংকন কৰা।

            Answer:



        3.    চৌম্বক বলৰেখাৰ ধর্মসমূহ তালিকাভূক্ত কৰা।

            Answer: চৌম্বক বলৰেখাৰ ধর্মসমূহ হল-

                        ১. পৰম্পৰাগত চৌম্বক বলৰেখাবিলাক উত্তৰ মেৰুৰ পৰা ওলায় আৰু দক্ষিণ মেৰুত সোমায়।

                        ২. চুম্বকৰ অৰ্ন্তৰভাগত বলৰেখাৰ দিশ ইয়াৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়।

                        ৩. চৌম্বক ক্ষেত্ৰৰ আপেক্ষিক প্ৰাৱল্য় বলৰেখাবিলাক ওচৰা ওচৰিকৈ থকাৰ মাত্ৰাৰ দ্বাৰা প্ৰদৰ্শিত হয়।

                            ৪. দুডাল চুম্বকীয় বলৰেখাই কেতিয়াও কটাকটি নকৰে।


        4.    দুডাল চৌম্বক বলৰেখাই কিয় পৰম্পৰ কটাকটি কৰিব নোৱাৰে?

            Answer: দুডাল চুম্বকীয় বলৰেখাই কেতিয়াও কটাকটি নকৰে। যদি কৰিলেহেঁতেন তেন্তে তাৰ অৰ্থ হ'ব যে কটাকটি কৰা বিন্দুত দিগদৰ্শন যন্ত্ৰৰ কাঁটাই দুটা দিশ নিৰ্দেশ কৰিব, যিটো সম্ভব নহয়।


        5.    এটা প্রদত্ত অঞ্চলত চৌম্বক ক্ষেত্ৰৰ প্রকৃতি সুষম। ইয়াক প্রদর্শন কৰি চিত্র অংকন কৰা।

            Answer:




        6.    শুদ্ধ উত্তৰ বাছি উলিওৱা।

  প্রবাহযুক্ত দীঘল চলেনইড এটাৰ ভিতৰত চৌম্বক ক্ষেত্র 

(a) শূন্য

(b) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে কমি যায়।

(c) ইয়াৰ প্ৰান্তৰ ফালে ক্রমে বাঢ়ি যায়।

(d) সকলো বিন্দুতে একে থাকে।

    Answer: (d) সকলো বিন্দুতে একে থাকে।


7. চৌম্বক ক্ষেত্ৰত মুক্তভাৱে গতি কৰা অৱস্থাত প্ৰটন এটাৰ নিজে কোনটো নিম্নোক্ত কোনটো ধৰ্ম সলনি হব পাৰে? (ইয়াত এটাতকৈ বেছি শুদ্ধ উত্তৰ থাকিব পাৰে )

(a) ভৰ                          (b) দ্রুতি  

(c) বেগ                          (d) ভৰবেগ।

Answer: (c) বেগ             আৰু             (d) ভৰবেগ।


8. কার্যকলাপ 13.7 AB দণ্ডৰ সৰন কেনেদৰে প্রভাবিত হব যদি

(i) AB ন্ডত প্রবাহ বৃদ্ধি কৰা হয় (ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্য়ৱহাৰ কৰা হয়, আৰু (iii) AB দন্ডৰ দৈৰ্ঘ্য় বৃদ্ধি কৰা হয়।

Answer:  (i) যদি AB ন্ডত প্রবাহ বৃদ্ধি কৰা হয়, তেন্তে ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলৰ পৰিমাণো বেছি হ'ব। ফলত দন্ডডালৰ সৰণ বেছি হ'ব।

(ii) পূৰ্বতকৈ অধিক শক্তিশালী অশ্ব-খুৰা চুম্বক ব্য়ৱহাৰ কৰিলে চৌম্বক ক্ষেত্ৰ অধিক  শক্তিশালী হ'ব। ফলত  AB ন্ডৰ ওপৰত ক্ৰিয়া কৰা বলৰ পৰিমাণো বৃদ্ধি হব আৰু দন্ডডালৰ সৰণ বেছি হ'ব।

(iii) যদি AB দন্ডৰ দৈৰ্ঘ্য় বৃদ্ধি কৰা হয়, তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ পৰিমাণো বৃদ্ধি হ'ব আৰু দন্ডডালৰ সৰণ বেছি হ'ব।


9. পশ্চিম দিশলৈ উক্ষেপিত ধনাত্মক আধানেৰে আহিত কণা এটা (আলফা কণা)চৌম্বক ক্ষেত্ৰ এখনত উত্তৰ দিশলৈ বিচ্য়ুত হ'ল। চুম্বক ক্ষেত্ৰৰ দিশ হ'ব-  

(a) দক্ষিণমুৱা            (b) পূৱমুৱা

(c) নিম্নমুখী।                  (d) উর্ধ্বমুখী

Answer: (d) উর্ধ্বমুখী


10. ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো লিখা।

Answer: ফ্লেমিঙৰ বাওঁহতীয়া নিয়মটো হ'ল- বাওঁহাতৰ বুঢ়া আঙুলী, তৰ্জনী আঙুলী আৰু মধ্য়মা আঙুলী পৰস্পৰ লম্বভাৱে মেলি দিলে যদি তৰ্জনী আঙুলীয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্য়মা আঙুলীয়ে প্ৰবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙুলীয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্ৰিয়াশীল বলৰ দিশ সূচাব।

        




11. বৈদ্যুতিক মটৰৰ মূলনীতিটো কি ?

Answer: চৌম্বক ক্ষেত্রত প্রবাহযুক্ত পৰিবাহী এডাল স্থাপন কৰিলে সি এটা বলৰ কবলত পৰিব। যদি চৌম্বক ক্ষেত্ৰৰ দিশ আৰু প্রবাহৰ দিশ পৰস্পৰ লম্ব হয়তেতিয়া পৰিবাহী ডালৰ ক্রিয়া কৰা বলৰ দিশ ইহঁত দুয়োটাৰে লম্ব হ'ব আৰু ফ্লেমিঙৰ বাওঁহতীয়া নিয়মৰ সহায়েৰে ইয়াক উলিয়াব পাৰি। ইয়েই বৈদ্যুতিক মটৰৰ মূল নীতি। 


12. বৈদ্যুতিক মটৰত ফলা আঙঠিৰ ভূমিকা কি ?

Answer: বৈদ্য়ুতিক মটৰত ফলা আঙুঠিটোৱে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে । ই কুন্ডলীটোৰ বাহু দুটাৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে যাৰ ফলত বাহু দুটাত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখি হয় আৰু কুন্ডলীটো একেটা দিশত ঘূৰি থাকে।


13.     কুণ্ডলীত প্রবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ ব্যাখ্যা কৰা।

Answer: কুণ্ডলীত প্রবাহ আৱিষ্ট কৰা বিভিন্ন উপায়বোৰ হ'ল-

            ১. এডাল চুম্বক কুন্ডলীৰ ওচৰলৈ অনা নিয়া কৰা বা কুন্ডলীডাল চুম্বকৰ কাষলৈ অনা নিয়া কৰা।

            ২. কুন্ডলীডালৰ কাষৰ আন এটা কুন্ডলীত প্ৰবাহৰ পৰিৱৰ্তন কৰা।


14.     এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি লিখা।

Answer: বৈদ্য়ুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে। বৈদ্য়ুতিক জেনেৰেটত চৌম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বৈদ্য়ুতিক শক্তি উৎপাদন কৰা হয়। ই বিদ্য়ুত চুম্বকীয় আবেশৰ নীতিৰ ভিত্তিত কাম কৰে।


15.        প্রত্যক্ষ প্রবাহৰ উৎস কেইটামানৰ নাম লিখা

Answer: প্রত্যক্ষ প্রবাহৰ কেইটামান উৎস হ'ল- কোষ, DC জেনেৰেটৰ আদি। 


16.        পৰিৱৰ্তী প্রবাহ কোনবিলাক উৎসই উৎপাদন কৰে।

Answer: পৰিৱৰ্তী প্রবাহ  উৎপাদন কৰা কেইটামান উৎস হ'ল- AC জেনেৰেটৰ, নিউক্লীয় শক্তি কেন্দ্ৰ, জলশক্তি প্ৰকল্প আদি।


17.        শুদ্ধটো বাছি উলিওৱা।

তামৰ তাৰৰ আয়তাকাৰ কুণ্ডলী এটা চৌম্বক ক্ষেত্র এখনত ঘূৰোৱা হৈছে। দিশ প্রতি-

(a) দুপাকত সলনি হ

 (b) এপাকত সলনি হব।

(c) আধা পাকত সলনি হব 

(d) এপাকৰ চাৰি ভাগৰ এভাগত সলনি হ'


Answer: (c) আধা পাকত সলনি হব 


18.         বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থাৰ নাম লিখা। 


Answer: বৈদ্যুতিক বর্তনী আৰু সঁজুলিত সাধাৰণতে ব্যৱহাৰ হোৱা দুটা নিৰাপত্তা ব্যৱস্থা হ'ল- ফিউজ তাঁৰ আৰু ভূমি সংযোগী তাঁৰ।


19.         এটা বৈদ্যুতিক ওভেনৰ ক্ষমতা 2 KW আৰু ইয়াক 5 A প্রবাহ ক্ষমতাৰ ঘৰুৱা বর্তনী এটাৰ (220V ৰ) লগত সংযোগ কৰা হৈছে। কি ফলাফল তুমি আশা কৰিবা ? আলোচনা কৰা।


Answer: বৈদ্যুতিক ওভেনটোৱে লোৱা প্ৰবাহ হ'ব-

                I= P/V= 2kW/ 220V= 2000W/220= 9.09 A

        এতেকে, ই ঘৰুৱা বৰ্তনীৰ ক্ষমতাতকৈ বেছি প্ৰবাহ লয়। সেয়ে, ঘৰুৱা বৰ্তনীত অত্য়ধিক বোজা হ'ব পাৰে আৰু ফিউজ তাৰ চিঙি যোৱাৰ ফলত বিদ্য়ুত প্ৰবাহ বিচ্ছিন্ন কৰিব পাৰে।


20.         ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ কি সাৱধানতা লবা?

Answer: ঘৰুৱা বৈদ্যুতিক বর্তনীবিলাক অত্যাধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লব পৰা সাৱধানতা হ'ল-

            ১. বৰ্তনীত ব্য়ৱহাৰ কৰা তাঁৰবিলাক উপযুক্ত অন্তৰক পদাৰ্থৰে অন্তৰিত কৰা।

            ২. ফিউজ তাঁৰ ব্য়ৱহাৰ কৰা।

            ৩. বেছি ক্ষমতাৰ সঁজুলী যেনে- ফ্ৰিজ, AC, পানী হিটাৰ আদি একেলগে ব্য়ৱহাৰ নকৰা।

 

অনুশীলনী


1.    তলৰ কোনটোৱে এডাল পোন দীঘল পৰিবাহীৰ ওচৰৰ চৌম্বক ক্ষেত্র শুদ্ধভাৱে বৰ্ণনা কৰে ?

         (a) ক্ষেত্ৰখন তাঁৰডালৰ লম্ব সৰল ৰেখাৰে গঠিত।

        (b) ক্ষেত্ৰখন তাঁৰডালৰ সমান্তৰাল সৰল ৰেখাৰে গঠিত।

        (c) ক্ষেত্ৰখন তাঁৰডালৰ পৰা ওলোৱা কিছুমান পৰিধিমুখী (radial) ৰেখাৰে গঠিত।

        (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।

    

    Answer: (d) ক্ষেত্ৰখন তাঁৰডালত কেন্দ্ৰ থকা এককেন্দ্ৰীক বৃত্তৰে গঠিত।


    2. বিদ্যুৎ আৱেশৰ পৰিঘটনা হৈছে

     (a) বন্ধ আহিতকৰণৰ প্রক্রিয়া

     (b) কুণ্ডলীত চালিত প্রবাহে চৌম্বক ক্ষেত্র সৃষ্টি কৰা প্রক্রিয়া।

    (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া

        (d) বৈদ্যুতিক মটৰৰ কুণ্ডলীৰ ঘূর্ণন প্রক্রিয়া।


    Answer: (c) চুম্বক আৰু কুণ্ডলীৰ মাজৰ আপেক্ষিক গতিৰ বাবে এটা কুণ্ডলীত আৱিষ্ট প্রবাহ সৃষ্টি হোৱাৰ প্রক্রিয়া


    3. বৈদ্যুতিক প্রবাহ উৎপন্ন সঁজুলিক

     (a) জেনেৰেটৰ বোলা হয়। 

    (b) গেলভেনমিটাৰ বোলা হয়।

    (c) এমিটাৰ বোলা হয়।

        (d) মটৰ বোলা হয়।


    Answer: (a) জেনেৰেটৰ বোলা হয়। 


    4. পৰিৱর্তী প্রবাহ জেনেৰেটৰ আৰু প্রত্যক্ষ প্রবাহ জেনেৰেটৰৰ মাজৰ আৱশ্যকীয় পার্থক্যটো হৈছে।

        (a) পৰিবর্তী প্রবাহ জেনেৰেটৰত বিদ্যুৎ চুম্বক থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত স্থায়ী চুম্বক থাকে

      (b) প্রত্যক্ষ প্রবাহ জেনেৰেটৰে উচ্চ বিভৱ ভেদ উৎপন্ন কৰে। 

    (c) পৰিৱর্তী প্রবাহ জেনেৰেটৰে উচ্চ বিভৱভেদ উৎপন্ন কৰে। 

        (d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।


Answer: (d) পৰিৱর্তী প্রবাহ জেনেৰেটৰত ফলা আঙঠি থাকে কিন্তু প্রত্যক্ষ প্রবাহ জেনেৰেটৰত এটা দিক পৰিবৰ্ত্তক থাকে।


5. হ্রস্ববর্তনী (Short Circuit) হোৱাৰ সময়ত বৰ্ত্তনীটোত প্রবাহ 

        (a) বুজন পৰিমানে কমি যায়।

    (b) সলনি নহয়।

    (c) বুজন পৰিমাণে বৃদ্ধি পায়।

       (d) অবিৰতভাৱে সলনি হয়।


Answer: (c) বুজন পৰিমাণে বৃদ্ধি পায়।


 6. তলৰ উক্তিসমূহ শুদ্ধ নে ভুল কোৱা

    (a) এটা বৈদ্যুতিক মটৰে যান্ত্রিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰে।

     (b) এটা বৈদ্যুতিক জেনেৰেটৰে বিদ্যুৎ চুম্বকীয় আৱেশৰ মূলনীতি অনুসৰি কার্য সম্পাদন কৰে।

    (c) এডাল দীঘল বৃত্তাকাৰ প্রবাহযুক্ত পৰিবাহীৰ কেন্দ্ৰত ক্ষেত্ৰখন সমান্তৰাল সৰল ৰেখা হব।

     (d) সেউজীয়া অন্তৰকৰ তাঁৰক সাধাৰণতে বৈদ্যুতিক যোগানৰ সজীৱ তাঁৰ বোলে।

Answer: (a) ভুল

                (b) শুদ্ধ

                (c) শুদ্ধ

                 (d) ভুল


7. চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি উল্লেখ কৰা।

Answer: চৌম্বক ক্ষেত্র উৎপন্ন কৰা দুটা পদ্ধতি হ'ল-

                ১. স্থায়ী চুম্বক বা বিদ্য়ুত চুম্বক

                ২. প্ৰবাহযুক্ত কুন্ডলী


৪. চলেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এডাল দণ্ড চুম্বকৰ সহায়ত তুমি প্রবাহযুক্ত চলেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰিবানে? ব্যাখ্যা কৰা।

Answer: চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুন্ডলীক চলেনইড বোলে। এডাল চলেনয়ডৰ তাঁৰডালৰ মাজেৰে বিদ্য়ুত প্ৰবাহ চালিত কৰিলে ইয়াৰ কেউকাষে চুম্বক ক্ষেত্ৰ সৃষ্টি হয়। এই চুম্বক ক্ষেত্ৰ দন্ড চুম্বক এডালৰ কেউকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ সৈতে একে। চলেনইডৰ এটা মূৰে চৌম্বক উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। চলেনইডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা, গতিকে চলেনইডৰ অন্তৰ্ভাগৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্ৰ একে।



            এডাল দণ্ড চুম্বকৰ সহায়ত  প্রবাহযুক্ত  চলেনইড এটাৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰু নির্ণয় কৰিব পাৰি। দন্ড চুম্বক এডালৰ উত্তৰ মেৰু  চলেনয়ডৰ এটা মেৰুৰ কাষলৈ আনিলে যদি বিকৰ্ষণ ঘটে তেন্তে চলেনয়ডৰ সেই মেৰুটো উত্তৰ মেৰু হব আৰু আনটো মূৰ দক্ষিণ মেৰু হ'ব।

9. চৌম্বক ক্ষেত্ৰত স্থাপন কৰা প্রবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়।

Answer: পৰিবাহীৰ মাজেৰে প্ৰবাহিত হোৱা প্ৰবাহৰ দিশ চৌম্বক ক্ষেত্ৰৰ দিশৰ লগত লম্ব হলে পৰীবাহিডালে অনুভৱ কৰা বল সৰ্বোচ্চ হয়।  


10. ধৰা হওঁক তুমি কোঠা এটাত বেৰৰ ফালে পিঠি দি বহি আছ। ইলেকট্রনৰ কিৰণ এটা পিছফালৰ বেৰৰ পৰা সমুখৰ বেৰলৈ অনুভূমিকভাৱে আহিছে। এই কিৰণ ডাল শক্তিশালী চুম্বকৰ দ্বাৰা সোঁফাললৈ বিচ্য়ুত হৈছেচৌম্বক ক্ষেত্ৰৰ দিশ কি হ'?

Answer: চৌম্বক ক্ষেত্ৰৰ দিশ নিম্নমূখী হ'ব।

11. বৈদ্যুতিক মটৰৰ চিহ্নিত চিত্র অংকন কৰা। ইয়াৰ মূলনীতি আৰু কাৰ্ষপ্ৰণালী ব্য়াখ্য়া কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি?

Answer: চৌম্বক ক্ষেত্রত প্রবাহযুক্ত পৰিবাহী এডাল স্থাপন কৰিলে সি এটা বলৰ কবলত পৰিব। যদি চৌম্বক ক্ষেত্ৰৰ দিশ আৰু প্রবাহৰ দিশ পৰস্পৰ লম্ব হয়তেতিয়া পৰিবাহী ডালৰ ক্রিয়া কৰা বলৰ দিশ ইহঁত দুয়োটাৰে লম্ব হ'ব আৰু ফ্লেমিঙৰ বাওঁহতীয়া নিয়মৰ সহায়েৰে ইয়াক উলিয়াব পাৰি। ইয়েই বৈদ্যুতিক মটৰৰ মূল নীতি। 

            বৈদ্য়ুতিক মটৰ হৈছে বৈদ্য়ুতিক শক্তিক যান্ত্ৰিক শক্তিলৈ ৰূপান্তৰ কৰা এটা আবৰ্ত সজুঁলি।কাপোৰ ধোৱা মেচিন, বৈদ্য়ুতিক পাংখা আদিৰ দৰে ঘূৰ্ণায়মান বৈদ্য়ুতিক সজুঁলিবোৰৰ মূখ্য় উপাদান হিচাপে ইয়াক ব্য়ৱহাৰ কৰা হয়।  


    

ই অন্তৰিত তাঁমৰ তাঁৰৰ আয়তাকাৰ কুন্ডলী (coil), ABCD ৰে গঠিত। চৌম্বক ক্ষেত্ৰৰ দুটা মেৰুৰ মাজত কুন্ডলীটো এনেদৰে ৰখা হয় যাতে ইয়াৰ AB আৰু CD বাহু চৌম্বক ক্ষেত্ৰৰ দিশৰ লম্ব হয়।ভিতৰভাগ অন্তৰিত কৰি ৰখা আৰু অক্ষদন্দৰ (axle)লগত সংলগ্ন কৰি ৰখা এটা ফলা আঙঠিৰ (split ring) দুটা অৰ্ধাংশ P আৰু Q ৰ লগত কুন্ডলীটোৰ প্ৰান্ত দুটা সংযোগ কৰা হয়। P আৰু Q ৰ বৰ্হিভাগৰ পৰিবাহী ফাল দুটাই লৰচৰ কৰিব নোৱাৰা ব্ৰাচ (brassআৰু ৰ লগত চিত্ৰত দেখুওৱাৰ দৰে স্পৰ্শ কৰি থাকে। ABCD কুন্ডলীটোৰ মাজেৰে বিদ্য়ুত চালিত কৰিলে AB আৰু CD বাহুত প্ৰবাহ বিপৰীত দিশত চালিত হয়। ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম অনুসৰি, চৌম্বক ক্ষেত্ৰৰ বাবে AB আৰু CD বাহুত ক্ৰিয়া কৰা বলও বিপৰীতমূখী হ'ব।ইয়াৰ ফলত কুন্ডলীটো ঘড়ীৰ কাটাৰ বিপৰীত দিশত ঘূৰিব। আধা পাক ঘূৰাৰ পিছত য়ে X ব্ৰাচক আৰু P য়ে  Y ব্ৰাচক স্পৰ্শ কৰিব। ফলত কুন্ডলীটোত প্ৰবাহ বিপৰীতমূখী হৈ DCBA পথেৰে প্ৰবাহিত হব আৰু ইয়াৰ ফলত AB আৰু CD বাহুত ক্ৰিয়া কৰা বলও বিপৰীতমূখী হ'ব আৰু কুন্ডলীটো আকৌ আধাপাক ঘূৰিব।এনেদৰে প্ৰতি আধাপাক ঘূৰ্ণনত প্ৰবাহৰ দিশ বাৰে বাৰে বিপৰীতমূখী হৈ থাকিব আৰু তাৰ ফলশ্ৰুতিত কুন্ডলী অক্ষদন্ড একে দিশত অবিৰতভাৱে ঘূৰি থাকিব।
                    বৈদ্য়ুতিক মটৰত ফলা আঙুঠিটোৱে দিক্ পৰিবৰ্তক হিচাপে কাম কৰে । ই কুন্ডলীটোৰ বাহু দুটাৰ মাজেৰে যোৱা প্ৰবাহৰ দিশ সলনি কৰে যাৰ ফলত বাহু দুটাত প্ৰয়োগ হোৱা বলৰ দিশো বিপৰীতমুখি হয় আৰু কুন্ডলীটো একেটা দিশত ঘূৰি থাকে।
            

12. বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলীৰ নাম লিখা।

Answer: বৈদ্যুতিক মটৰ ব্যৱহৃত হোৱা কেইবিধমান সঁজুলী হ'ল- কাপোৰ ধোৱা মেচিন, বৈদ্য়ুতিক পাংখা, মিক্সাৰ গ্ৰাইন্ডাৰ, কম্পিউটাৰ, এম. পি. থ্ৰি প্লেয়াৰ আদি।

13. অন্তৰিত তামৰ তাঁৰৰ কুণ্ডলী এটা গেলভেনমিটাৰৰ এটাৰ লগত সংযোগ কৰা হৈছে। যদি এডাল দণ্ড চুম্বক

(i) কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে (ii) কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে (iii) কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে কি হব।

Answer: (i) এডাল দণ্ড চুম্বক কুণ্ডলীৰ ভিতৰলৈ ঠেলি দিলে গেলভেনমিটাৰৰ কাঁটাডাল  এটা নিৰ্দিষ্ট দিশত বিক্ষেপিত হৈ বৈদ্য়ুতিক প্ৰবাহ উৎপন্ন হোৱাটো সূচাব।

                (ii) দণ্ড চুম্বকডাল কুণ্ডলীৰ ভিতৰৰ পৰা আঁতৰাই আনিলে গেলভেনমিটাৰৰ কাঁটাডাল  আগৰবাৰৰ বিপৰীত দিশত বিক্ষেপিত হ'ব, কাৰণ উৎপন্ন হোৱা প্ৰবাহৰ দিশ আগৰবাৰৰ বিপৰীত হ'ব। 

                        (iii) দণ্ড চুম্বকডাল কুণ্ডলীৰ অন্তভাগত স্থিতিশীল অৱস্থাত ৰাখিলে গেলভেনমিটাৰৰ কাঁটাডাল বিক্ষেপিত নহয়, যিহেতু এই ক্ষেত্ৰত কোনো বিদ্য়ুত উৎপন্ন নহ'ব।


14. দুটা বৃত্তাকাৰ কুণ্ডলী A আৰু B পৰম্পৰ ওচৰা ওচৰিকৈ ৰখা হৈছে। A কুণ্ডলীত প্রবাহ পৰিবৰ্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হবনে? কাৰণ দর্শোৱা।

Answer: কুণ্ডলীত প্রবাহ পৰিবৰ্তন হলে B কুণ্ডলীত প্রবাহ আৱিষ্ট হব, কাৰণ কুণ্ডলীত প্রবাহৰ পৰিবৰ্তনে কুণ্ডলী তথা B কুণ্ডলীৰ লগত জড়িত চৌম্বক বলৰেখাবোৰো সলনি হ'ব। যাৰ ফলত B কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'ব।

 

15. (i) প্রবাহযুক্ত পোন পৰিবাহীৰ কেউকাষে সৃষ্টি হোৱা চৌম্বক ক্ষেত্ৰৰ, (ii) চৌম্বক ক্ষেত্র এখনৰ লম্বভাবে স্থাপন কৰা প্ৰবাহযুক্ত পোন পৰিবাহী এডালে অনুভৱ কৰা বল আৰু (ii) চৌম্বক ক্ষেত্র এখনত ঘূৰাওঁতে কুণ্ডলীত আৱিষ্ট হোৱা প্ৰবাহৰ দিশ নির্ণয় কৰাৰ নিয়ম উল্লেখ কৰা।

Answer: (i) সোঁহাতৰ বুঢ়া-আঙুলি নীতি (Right-Hand Thumb Rule) : এই নীতি হ'ল প্রবাহযুক্ত পৰিবাহীৰ লগত সংযোগী চৌম্বক ক্ষেত্ৰৰ দিশ নিৰ্দ্ধাৰণৰ এটা সুবিধাজনক উপায়। প্রবাহযুক্ত পোন পৰিবাহী এডাল সোঁহাতৰে যদি এনেদৰে ধৰা হয় যাতে আঙুলিটো প্রবাহৰ দিশত মূৰ কৰি থাকে। তেনে অবস্থাত বাকী আঙুলিকেইটাই সেই ক্ষেত্ৰৰ বলৰেখাৰ দিশত পৰিবাহীডাল মেৰিয়াই ৰাখিব।

(ii) ফ্লেমিঙৰ বাওঁহতীয়া নীতি (Fleming's Left Hand Rule): বাওঁহাতৰ বুঢ়া আঙুলি, তর্জনী আঙুলি আৰু মধ্যমা আঙুলি, পৰম্পৰ লম্বভাৱে মেলি দিলে যদি তর্জনী আঙুলিয়ে চৌম্বক ক্ষেত্ৰৰ দিশ আৰু মধ্যমা আঙুলিয়ে প্রবাহৰ দিশ সূচায় তেন্তে বুঢ়া আঙলিয়ে পৰিবাহীৰ গতিৰ দিশ অথবা তাৰ ওপৰত ক্রিয়াশীল বলৰ দিশ সূচাব।।

(iii) ফ্লেমিঙৰ সোঁহতীয়া নিয়ম (Fleming's Right Hand Rule): বুঢ়া আঙুলি তর্জনি আঙুলি, আৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্বভাৱে মেলি ধৰিলে তর্জনি আঙুলিয়ে চৌম্বক ক্ষেত্রৰ দিশ দিলে, আৰু বুঢ়া আঙুলি পৰিবাহীডালৰ গতিৰ দিশ দিলে মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্রৱাহৰ দিশ দেখুৱাব। 


 16. চিহ্নিত চিত্ৰৰ সহায়ত এটা বৈদ্যুতিক জেনেৰেটৰৰ মূলনীতি আৰু কার্যপ্রণালী বর্ণনা কৰা। ইয়াত ব্রাচদুডালৰ কাম কি?  

Answer: মূলনীতিঃ বৈদ্য়ুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে। বৈদ্য়ুতিক জেনেৰেটত চৌম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বৈদ্য়ুতিক শক্তি উত্পাদন কৰা হয়। ই বিদ্য়ুত চুম্বকীয় আবেশৰ নীতিৰ ভিত্তিত কাম কৰে।

             গঠন আৰু কাৰ্যপ্ৰণালীঃ বৈদ্য়ুতিক জেনেৰেটৰৰ মূল অংশ হ'ল এটা ঘূৰ্ণায়মান আয়তাকাৰ কুন্ডলী ABCD যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত ৰখা হয়। এই কুন্ডলীৰ দুয়োটা মূৰ দুটা R1 আৰু Rআঙঠি দুটাৰ লগত সংযোগ কৰা হয়। দুডাল স্থিতিশীল পৰিবাহী ব্ৰাচ  B1  আৰু  B2ক যথাক্ৰমে R1আৰু R2ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয়। R1 আৰু  Rআঙঠি দুটা ভিতৰেৰে অক্ষদন্ডৰ লগত সংলগ্ন কৰা থাকে। 
        অক্ষদন্ডদাল যেতিয়া ঘড়ীৰ কাটাৰ দিশত ঘূৰোৱা  হয়, তেতিয়া ফ্লেমিঙৰ সোঁহতীয়া নিয়ম অনুসৰি আবিষ্ট প্ৰবাহ ABCD ৰ দিশত চালিত হ'ব। আধাপাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাব। ফলত বাহু দুটাত আবিষ্ট প্ৰবাহৰ দিশ সলনি হৈ DCBA ৰ দিশত চালিত হ'ব । এনেকুৱাকৈ এক নিৰ্দিষ্ট সময়ৰ ব্য়ৱধানত প্ৰবাহৰ দিশ সলনি হ'ব আৰু আমি পৰিবৰ্তী প্ৰবাহ পাম। প্ৰত্য়ক্ষ প্ৰবাহ পাবলৈ হ'লে এটা ফলা আঙঠিৰ দৰে দিক পৰিবৰ্তক ব্য়ৱহাৰ কৰিব লাগিব।



 


17.এটা বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) কেতিয়া সংঘটিত হয়?

Answer: ঘৰুৱা বৰ্তনীত সজীৱ আৰু উদাসীন তাঁৰৰ অবাঞ্চিত সংযোগ ঘটিলে বোজা অত্য়ধিক হয়। এনে অৱস্থাত বৰ্তনীৰ প্ৰবাহ হঠাতে বহুত বাঢ়ি যায়। ইয়াকে বৈদ্যুতিক হ্রস্ববর্তনী (Short Circuit) বোলে।


18. ভূমি সংলগ্ন তাঁৰৰ কাম কি? ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন কিয় ?

Answer: ভূমি সংলগ্ন তাঁৰে ঘৰুৱা বৰ্তনী এটাক অত্য়ধিক বোজাৰ পৰা ৰক্ষা কৰে। ইয়াক মাটিৰ বহু তলত ধাতুৰ পাত এখনৰ লগত সংযোগ কৰা হয়। 

                ধাতুৰ সঁজুলিবোৰ ভূমি সংলগ্ন কৰাৰ প্রয়োজন যাতে ধাতুৰ শৰীৰলৈ অত্য়ধিক প্ৰবাহৰ নিঃসৰণে ব্য়ৱহাৰকাৰী এজনক বৈদ্য়ুতিক আঘাত দিব নোৱাৰে। 

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)