Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-2)

 নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ- 2) 


1. নিলাজী বনৰ পাতে স্পৰ্শৰ প্ৰতি কেনেদৰে সঁহাৰি জনায়?

Answer: নিলাজী বনৰ উদ্ভিদত  স্পৰ্শ কৰা আৰু চলন লাভ কৰা অংশটো পৃথক। স্পৰ্শ কৰা অংশৰ পৰা গতি কৰা অংশলৈ উদ্ভিদে বৈদ্য়ুতিক-ৰাসায়নিক মাধ্য়মৰ যোগেদি এটা কোষৰ পৰা আন এটা কোষলৈ সংযোগ ৰক্ষা কৰি থাকে।চলন প্ৰক্ৰিয়াত উদ্ভিদে কোষত থকা পানীৰ তাৰতম্য়ৰ যোগেদি সম্পন্ন কৰে, ফলত কোষবিলাক স্ফিত বা শ্লথ হৈ পৰে আৰু সেইবাবেই কোষৰ আকাৰৰ সাল-সলনি হয়। 

2. এটা স্নায়ুকোষৰ চিহ্নিত চিত্ৰ আঁকা আৰু ইয়াৰ কাৰ্য বৰ্ণনা কৰা ।

Answer:



        স্নায়ুকোষবোৰে বৈদ্য়ুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰপৰা আন এটা অংশলৈ প্ৰেৰণ কৰে।



3. থাইৰয়ড গ্ৰন্থিয়ে নিঃসৰণ কৰা এটা হ'ৰম'নৰ নাম লিখা।

Answer: থাইৰ'ক্সিন।

4. শৰীৰৰ বিভিন্ন সংগ্ৰাহী ইন্দ্ৰিয়ৰ পৰা অহা স্নায়ু প্ৰেৰণা গ্ৰহণ কৰা মস্তিষ্কৰ অংশটোৰ নাম কি ?

Answer:  প্ৰমস্তিস্ক।

5. দুটা নিউৰণৰ মাজৰ খালী ঠাইক কি বুলি কোৱা হয় ?

Answer: ছাইনেপছ।

6. কিছুমান ডায়বেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় কিয় ?

Answer: অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰমন নিঃসৰণ কৰে। যদি যথোপযুক্ত পৰিনাণৰ ইনচুলিন নিঃসৰণ নহয় তেন্তে তেজত গ্লুকজৰ পৰিমাণ যথেষ্ট পৰিমাণে বাঢ়ি যায়। ইয়াৰ ফলত দেহৰ যথেষ্ট ক্ষতি হয়। তেজত ইনচুলিনৰ যথোপযুক্ত পৰিমাণ বৰ্তাই ৰাখিবলৈ  কিছুমান ডায়বেটিছ ৰোগীক ইনচুলিনৰ বেজী দিয়া হয় ।

7. মানৱ দেহত ইনচুলিন হ'ৰম'ন কত উত্পন্ন হয় ?

Answer: অগ্নাশয় গ্ৰন্থিত ইনচুলিন হৰম'ন উতপন্ন হয়।

8. উদ্ভিদত এবচাইচিক এচিডৰ ভূমিকা কি ?

Answer: এবচাইচিক এচিডে উদ্ভিদৰ বৃদ্ধিত বাধা দিয়ে। ইয়াৰ প্ৰভাবতেই গছৰ পাত সৰি পৰে।

9. উদ্ভিদৰ কেম'ট্ৰ'পিজমৰ এটা উদাহৰণ দিয়া।

Answer: উদ্ভিদৰ কেম'ট্ৰ'পিজমৰ এটা উদাহৰণ হ'ল- ডিম্বকৰ দিশে পৰাগ নলীকাৰ গতি।

10. উদ্ভিদৰ দেহত অক্সিন আৰু জিবাৰেলিনৰ কাৰ্য কি ?

Answer: অক্সিন আৰু জিবাৰেলিন দুয়োটাই উদ্ভিদৰ বৃদ্ধিত অৰিহনা যোগাই।

11. মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশই কি কি কাৰ্য নিয়ন্ত্ৰন কৰে লিখা।

Answer: মানুহৰ মস্তিষ্কৰ বিভিন্ন অংশসমূহৰ হ'ল--- প্ৰমস্তিষ্ক, মধ্য় মস্তিষ্ক আৰু পশ্চাত্ মস্তিষ্ক

        প্রমস্তিস্ক হল মস্তিস্কৰ মুখ্য চিন্তা-ভাৱনাৰ অংগ।ইয়াৰ অংশই শৰীৰৰ বিভিন্ন সংগ্রাহী ইন্দ্ৰিয়ৰ পৰা অহা সংবেদী স্নায়ু প্রেৰণা গ্রহণ কৰে।

         সাধাৰণ প্রতীপ ক্রিয়া যেনে- চকুৰ মণিআকাৰ সলনি কৰা, চকীখন ঘূৰাই দিওঁতে চিন্তাৰ অনুভূতি, এনেধৰণৰ অনৈচ্ছিক কার্য মধ্য মস্তিস্ক আৰু পশ্চাৎ মস্তিস্কই নিয়ন্ত্রণ কৰে

              চেৰিবেলামৰ দ্বাৰা নিয়ন্ত্ৰিত ক্ৰিয়াকলাপসমূহ হ'ল-  বিভিন্ন ঐচ্ছিক ক্ৰিয়া কলাপ সমূহ, শৰীৰৰ ভংগিমা আৰু সমতা ৰক্ষা কৰা ।

12. উদ্ভিদৰ বৃদ্ধিৰ বাবে হোৱা চলনৰ এটা উদাহৰণ দিয়া।

Answer: উদ্ভিদৰ বৃদ্ধিৰ বাবে হোৱা চলনৰ এটা উদাহৰণ হ'ল- উদ্ভিদৰ আকৰ্ষৰ চলন।

13. ছোৱালী ঋতুমতী হোৱাৰ সময়ত শৰীৰত ঘটা পৰিৱৰ্তনৰ সৈতে জড়িত হৰম'নটোৰ নাম কি ?

Answer: এষ্ট্ৰজেন।

14. এক্সন আৰু ডেনড্ৰাইটৰ কাম লিখা।

Answer: স্নায়ুকোষবোৰ কোষদেহ (Cell body) আৰু স্নায়ু প্রৱর্ধ (nerve process) ৰে গঠিত।স্নায়ু প্রৱর্ধ দুই প্ৰকাৰৰ - এক্সন (axon) আৰু ডেনড্রাইট (dendrite) ডেনড্রাইট (dendrite) বোৰে নিকটবর্তী কোষৰ পৰা স্নায়ু বার্তা বা উদ্দীপনা সংগ্রহ কৰে।স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদার্থৰ জৰিয়তে বৈদ্য়ুতিক প্রেৰণা (Electrical impulse) সৃষ্টি কৰে।                    এই বৈদ্য়ুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ আৰু পিছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আন এটা স্নায়ুলৈ 
প্ৰেৰণ কৰে। 


15. টেষ্ট'ষ্টেৰণ হৰম'নৰ ভূমিকা কি ?

Answer: কৈশোৰ কালত লৰাৰ শৰীৰত ঘটা পৰিৱৰ্তনবোৰ টেষ্টষ্টেৰণ হৰম'নে নিয়ন্ত্ৰণ কৰে।

16. স্নায়ুপ্ৰবাহ কিদৰে ছাইনেপছৰ মাজেদি পাৰ হয় ?

Answer: স্নায়ুকোষবোৰ কোষদেহ (Cell body) আৰু স্নায়ু প্রৱর্ধ (nerve process) ৰে গঠিত।স্নায়ু প্রৱর্ধ দুই প্ৰকাৰৰ - এক্সন (axon) আৰু ডেনড্রাইট (dendrite) ডেনড্রাইট (dendrite) বোৰে নিকটবর্তী কোষৰ পৰা স্নায়ু বার্তা বা উদ্দীপনা সংগ্রহ কৰে।স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে এবিধ ৰাসায়নিক পদার্থৰ জৰিয়তে বৈদ্য়ুতিক প্রেৰণা (Electrical impulse) সৃষ্টি কৰে।এই বৈদ্য়ুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ আৰু পিছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত আনএটা স্নায়ুলৈ প্ৰেৰণ কৰে। এক্সনৰ প্রান্তীয় শাখাত বৈদ্য়ুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক পদার্থ মুক্ত  হয়।  এই ৰাসায়নিক পদার্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী কোষৰ ডেনড্রাইটৰ মাজৰ  সংযোগী পথ বা ছাইনেপছ (Synapse)  মাজেদি পাৰ হৈ আনটো স্নায়ু কোষলৈ প্রেৰিত হয়। এনে ধৰণেই  আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়। এনেধৰণৰ ছাইনেপছৰ পৰা স্নায়ু প্রেৰণা নিকটৱৰ্তী পেশীকোষ বা  গ্রন্থীকোষবোৰলৈও প্রেৰিত ' পাৰে।


17. জীৱদেহ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে কি কি তন্ত্ৰৰ প্ৰয়োজন হয় ? ইয়াৰে কোনটো উদ্ভিদ দেহত পোৱা নাযায় ?

Answer: জীৱদেহ নিয়ন্ত্ৰণ আৰু সমন্বয়ৰ বাবে স্নায়ুতন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ প্ৰয়োজন হয়। স্নায়ুতন্ত্ৰ উদ্ভিদ দেহত পোৱা নাযায়।

18. পোহৰানুবেগী চলন কি?

Answer: উদ্ভিদৰ কান্ডৰ পোহৰৰ দিশত বা তাৰ বিপৰীত দিশত সংঘটিত হোৱা চলনক পোহৰানুবেগী চলন বোলে। ই দুই প্ৰকাৰৰ- কান্ডৰ অগ্ৰ অংশ পোহৰৰ দিশত ধাবিত হয় আনহাতে শিপা পোহৰৰ বিপৰীত দিশত ধাবিত হয়।

19. উদ্ভিদৰ কোষ বিভাজনত কোনবিধ সজ্ঞীৱনী পদাৰ্থই সহায় কৰে ?

Answer: চাইট'কাইনিন।

20. আমাৰ দেহত থাইৰ'ক্সিন হৰম'নৰ কাম লিখা ।

Answer: থাইৰক্সিন হৰম'নে আমাৰ দেহত কাৰ্বহাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে।

21. এক্সন আৰু ডেনড্ৰাইটৰ মাজৰ সংযোগী পথক কি বোলে ?

Answer: ছাইনেপছ।

22. মানৱ দেহৰ আটাইতকৈ ডাঙৰ  অন্তঃস্ৰাবী গ্ৰন্থিটোৰ নাম লিখা। এই গ্ৰন্থিয়ে ক্ষৰণ কৰা হৰম'নবিধৰ প্ৰধান কাৰ্য লিখা।

Answer: মানৱ দেহৰ আটাইতকৈ ডাঙৰ  অন্তঃস্ৰাবী গ্ৰন্থিটো  অগ্নাশয় গ্ৰন্থি (Pancreas)। 
    অগ্নাশয় গ্ৰন্থিয়ে ইনচুলিন হৰম'ন নিঃসৰণ কৰে। ইনচুলিনে  তেজত গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰন কৰে।

23. এড্ৰিনেলিন আৰু ইনচুলিন নিঃসৰণৰ দ্বায়িত্ব বহন কৰা গ্ৰন্থিকেইটাৰ নাম লিখা।এই হ'ৰম'ন দুটাৰ প্ৰধান কাৰ্য উল্লেখ কৰা। 

Answer: এড্ৰিনেলিন বা অধিবৃক্ক গ্ৰন্ত্ৰিয়ে এড্ৰিনেলিন হৰম'ন নিঃসৰণ কৰে, আনহাতে অগ্নাশয় গ্ৰন্থি (Pancreas) য়ে ইনচুলিন হৰম'ন নিঃসৰণ কৰে।
         এড্ৰিনেলিন হৰম'নবিধে নির্দিষ্ট কার্যকৰী লক্ষ্য অংগ (target organs) বা নির্দিষ্ট কোষকলাত ক্ৰিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্রও অন্তর্ভুক্ত। ইয়াৰ ফলত আমাৰ হৃদযন্ত্রৰ ধপ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যােগান বৃদ্ধি হয়। ধমনীবােৰক আগুৰি থকা পেশীবােৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্রবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশালৈ তেজ প্রবাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্রস্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলােবিলাক সহাৰি একেলগ হৈ কোনাে এটা কার্য সম্পাদন হয়। 
        ইনচুলিনে  তেজত গ্লুকজৰ পৰিমাণ নিয়ন্ত্ৰন কৰে।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)