Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন ( অতিৰিক্ত প্ৰশ্নোত্তৰ)


 মৌলৰ পৰ্যাবৃত্ত শ্ৰেণীবিভাজন ( অতিৰিক্ত প্ৰশ্নোত্তৰ)


1. দুটা মৌল আৰু B পাৰমাণৱিক সংখ্যা যথাক্রমে 12 আৰু 17. 

(i) A আৰু  ইলেকট্রনীয় বিন্যাস লিখা 

(ii) A আৰু B মাজত কোন প্রকাৰৰ বান্ধনি গঠন 

(iii) A আৰু B মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা। (HSLC 2017)


Answer: (i)  ইলেকট্রনীয় বিন্যাস 2,8,2

 ইলেকট্রনীয়  বিন্যাস 2,8,7

(ii) আৰু B মাজত আয়নিয় বান্ধনি গঠন ব।

(iii) আৰু B মাজত গঠন হোৱা যৌগটোৰ সংকেত ব- AB2


2. বাৰেইনাৰৰ ট্রায়াড় কি ?

 Answer: 1817 চনত জার্মান ৰসায়নবিদ জহান ওলফগেং ডবাৰেইনাৰে (Johann Wolfgang Dobereiner) একে ধর্মবিশিষ্ট মৌলবোৰক একো একোটা গোটত সজাবলৈ যত্ন কৰিছিল। তেওঁ তিনিটা তিনিটা মৌল থকা কেইটামান গোট চিনাক্ত কৰিছিল। এইবোৰ তেওঁ ট্রায়াড বা ত্রিক বুলিছিল। ডবাৰেইনাৰে দেখুৱাইছিল যে ট্রায়াড এটাৰ মৌল তিনিটাক সিহঁতৰ পাৰমাণবিক ভৰৰ বৰ্দ্ধিত ক্ৰমত সজালে মাজৰটোৰ পাৰমাণৱিক ভৰ আন দুটা মৌলৰ পাৰমাণৱিক ভৰৰ গড় মানৰ প্রায় সমান হয়।

        উদাহৰণস্বৰূপে লিথিয়াম (Li), ডিয়াম (Na) আৰু পটেছিয়ামেৰে (K) গঠিত ট্রায়াডটো লোৱা হ'ল। ইহঁতৰ পাৰমাণৱিক ভৰ ক্ৰমে 6.9, 23.0 আৰু 39.0। Li আৰু Kৰ পাৰমাণৱিক গড় মান 26.4,  Na ৰ পাৰমাণৱিক ভৰৰ সৈতে ই প্ৰায় সমান।

বাৰেইনাৰৰ ট্রায়াড়

Li

Ca

Cl

Na

Sr

Br

K

Ba

I





3. নিউলেন্ডছৰ অষ্টক সূত্ৰটো কি ? 

Answer: নিউলেন্ডছৰ অষ্টক সূত্ৰটো হ'ল-- মৌলবোৰক সিহঁতৰ পাৰমানবিক ভৰৰ বৰ্ধিত ক্ৰমত সজাওঁতে প্ৰতিটো  অষ্টম মৌলৰ ধৰ্ম প্ৰথমটোৰ লগত একে হয়। 

4. মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সফলতাসমূহ কি কি ?

Answer: মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাৰ সফলতাসমূহ হ'ল-

1.    মেণ্ডলিভে পর্যাবৃত্ত তালিকাখনত ঠাই বিশেষে বেছি পাৰমাণবিক ভৰৰ মৌল একোটাক তাতকৈ সামান্য কম পাৰমাণৱিক ভৰৰ মৌল এটাতকৈ আগত ঠাই দিছিল। একে ধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰা মৌলবোৰক একেটা বৰ্গতে ৰাখিবলৈকে এইটো কৰা হৈছিল। উদাহৰণস্বৰূপে তালিকাখনত ক'বাল্ট (পাৰমাণৱিক ভৰ 58.9) ক নিকেল (পাৰমাণৱিক ভৰ 58.7) ৰ আগত ঠাই দিয়া হৈছিল।

2.     মেণ্ডেলিভে তেওঁৰ তালিকাখনত কিছুমান খালী ঠাই এৰি গৈছিল। এই খালী ঠাইবােৰত সেই সময়ত আৱিষ্কাৰ নোহোৱা কিছুমান মৌলৰ অৱস্থিতিৰ বিষয়ে মেণ্ডেলিভে ভৱিষ্যতবাণী কৰিছিল। একেটা বৰ্গত থকা পূর্ববর্তী মৌলটোৰ নামৰ আগত সংস্কৃত শব্দ একা (Eka, অর্থ এক) যোগ কৰি মেণ্ডেলিভে এই মৌলবোৰৰ নামো দিছিল। উদাহৰণস্বৰূপে তেতিয়াৰ অনাবিষ্কৃত মৌল স্কেনডিয়ামগেলিয়াম আৰু জার্মেনিয়ামক মেন্ডেলিভে ক্রমে এক একা-এলুমিনিয়াম আৰু একা-ছিলিকন নাম দিছিল। স্কেনডিয়ামগেলিয়াম আৰু জার্মেনিয়ামৰধর্ম ক্রমে বৰন, এলুমিনিয়াম আৰু ছিলিকনৰ সৈতে একে আছিল। ই মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন যে শুদ্ধ আৰু ব্যৱহাৰোপযোগী তাক নিশ্চিতভাৱে প্রমাণ কৰিছিল। তদুপৰি মেণ্ডেলিভৰ ভৱিষ্যতবাণীৰ অসাধাৰণ সাফল্যই তেওঁৰ তালিকা ৰসায়নবিদসকলৰ বাবে গ্রহণযোগ্য কৰাই নহয়ই তেওঁক এই ধাৰণাৰ উদ্ভাৱক হিচাপে স্বীকৃতি দিয়ালে।

3.    হিলিয়াম (He), নিয়ন (Ne), আৰু আর্গন (Ar), ৰ দৰে সম্ভ্রান্ত গেছবোৰ (noble gases) অতিশয় নিষ্ক্রীয় আৰু আমাৰ বায়ুমণ্ডলত এইবোৰ নিচেই কম মাত্ৰাত থাকে বাবে এইবোৰ আৱিষ্কৃত হওঁতে বহু পলম হৈছিল। যেতিয়া আৱিষ্কৃত হল তেতিয়া ইহঁতক তালিকাখনত ইতিপূর্বে থকা ক্ৰমৰ কোনো সাল-সলনি নকৰাকৈ এটা নতুন বর্গত সংস্থাপিত কৰিব পৰা গৈছিল। ই তালিকাখনৰ অন্যতম সাফল্য আছিল।



5. মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা সমূহ কি কি ?

 Answer:  মেন্ডেলিভৰ পৰ্যাবৃত্ত তালিকাৰ সীমাবদ্ধতা সমূহ হ'ল-

       1.  পর্যাবৃত্ত তালিকাত হাইড্র'জেনক নিশ্চিতভাবে কোনো নির্দিষ্ট স্থান দিব পৰা নাযায়। এইটো মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখনৰ মুখ্য সীমাবদ্ধতা আছিল। তেওঁ তেওঁৰ তালিকাখনত হাইড্র'জেনৰ বাবে এটা সঠিক স্থান নিৰূপণ কৰিব পৰা নাছিল।
2.    মেণ্ডেলিভে মৌলৰ পর্যাবৃত্ত শ্রেণীবিভাজন কৰাৰ বহু পাছত সমস্থানিক (Isotopes) সমূহ আৱিষ্কাৰ কৰা হৈছিল। মৌল এটাৰ সমস্থানিকবোৰৰ ৰাসায়নিক ধর্মসমুহ একে হয়কিন্ত ু পাৰমাণৱিক ভৰসমূহ বেলেগ বেলেগ।এতেকে সমস্থানিকবোৰেও মেণ্ডেলিভৰ পর্যাবৃত্ত সূত্ৰৰ প্রতি এক প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল।
3.     আন এটা সমস্যা আছিল যে এটা মৌলৰ পৰা পাছৰটো মৌললৈ যাওঁতে ভৰৰ বৃদ্ধি সুষমভাবে নঘটে। সেইবাবে দুটা মৌলৰ মাজত কিমানটা মৌল আৱিষ্কাৰ হ'ব পাৰে তাক পূর্বানুমান কৰাটো সম্ভৱ নহৈছিল, বিশেষকৈ গধুৰ মৌলবোৰৰ ক্ষেত্ৰত এই আসোঁৱাহ দেখা গৈছিল।


6. আধূনিক পৰ্যাবৃত্ত সূত্ৰটো লিখা । 

Answer: আধূনিক পৰ্যাবৃত্ত সূত্ৰটো হ'ল-----"মৌলবোৰৰ ধৰ্ম সিহঁতৰ পাৰমানৱিক সংখ্য়াৰ পৰ্যায়ক্ৰমে সলনি হয় ।" 

7.  আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায় কি ?  আধুনিক পৰ্যাবৃত্ত তালিকাত মুঠ কেইটা বৰ্গ আৰু পৰ্যায় আছে ?


Answer: আধুনিক পৰ্যাবৃত্ত তালিকাত থিয় স্তম্ভবোৰক বৰ্গ আৰু অনুভূমিক শাৰীবোৰক পৰ্যায় বোলে। আধুনিক পৰ্যাবৃত্ত তালিকাত 18 টা বৰ্গ আৰু 7 টা  পৰ্যায় আছে।


8. আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায় এটাত মৌল এটাৰ যোজ্যতা (Valency) কেনেকৈ সলনি হয় ?

Answer: মৌল এটাৰ যোজ্যতা মৌলটোৰ পৰমাণুৰ বহিৰতম কক্ষত থকা যোজক ইলেকট্রনে নির্ণয় কৰে। পৰ্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ যোজ্য়তা প্ৰথমে 1 ৰ পৰা 4 লৈ ক্ৰমান্বয়ে বাঢ়ে তাৰ পিছত আকৌ কমি গৈ শূণ্য় হয়।


9. আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায় এটাত মৌলৰ পাৰমাণৱিক আকাৰ (Atomic Size)  কেনেকৈ সলনি হয় ?

Answer: পাৰমাণৱিক আকাৰে পৰমাণু এটাৰ ব্যাসার্ধক সূচায়। বিযুক্ত পৰমাণু এটাৰ নিউক্লিয়াছটোৰ কেন্দ্ৰ আৰু বহিঃস্থতম কক্ষটোৰ মাজৰ দূৰত্বক পাৰমাণৱিক আকাৰ হিচাপে গণ্য কৰিব পাৰি।

        পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ'লে পাৰমাণৱিক ব্যাসার্ধ কমে। নিউক্লীয় আধান বঢ়াৰ বাবে এনে হয়। বৰ্ধিত নিউক্লীয় আধানে ইলেকট্ৰনবোৰক নিউক্লিয়াছৰ ওচৰলৈ টানি থাকে আৰু সেইবাবে পৰমাণুৰ আকাৰ কমে।ঠিক তেনেদৰে বর্গত তললৈ গলে পাৰমাণবিক আকাৰ বাঢ়ে। ইয়াৰ কাৰণ হৈছে বৰ্গ এটাত তললৈ যোৱাৰ লগে লগে নতুন কক্ষ একোটা যোগ হয়। ই বহিঃস্থতম ইলেকট্ৰন আৰু নিউক্লীয়াছৰ মাজৰ দূৰত্ব বঢ়ায়। সেইবাবেই নিউক্লীয় আধান বঢ়াৰ লগে লগে পাৰমাণৱিক আকাৰ বাঢ়ে।

10. আধুনিক পৰ্যাবৃত্ত তালিকাত বৰ্গ আৰু পৰ্যায় এটাত মৌলৰ ধাতৱ আৰু অধাতৱ ধর্ম (Metallic and non -metallic properties)  কেনেকৈ সলনি হয় ?

Answer: পৰ্যায় এটাত সোঁফালে ক্রমান্বয়ে যোজক ইলেকট্রনৰ ওপৰত আকর্ষণীয় ক্রিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধান (Effective nuclear charge) ৰ মান বাঢ়ে। সেইবাবে ইলেকট্রন হেৰুৱাৰ প্রৱণতা কমে। বৰ্গ এটাত তললৈ ক্রমান্বয়ে যোজক ইলেকট্রনৰ ওপৰত আকর্ষণীয় ক্রিয়া কৰা কাৰ্যকৰী নিউক্লীয় আধানৰ মান কমে। কাৰণ বহিৰতম ইলেকট্রনসমূহ নিউক্লীয়াছৰ পৰা অধিক দূৰলৈ আঁতৰি যায়। সেইবাবে এনে অৱস্থাত মৌল এটাই যোজক ইলেকট্রন সহজে হেৰুৱাব। এই বাবেই পর্যায় এটাত সোঁফালে ক্রমে ধাতৱীয় ধর্ম কমে আৰু বৰ্গ এটাত তললৈ ই বাঢ়ে ।

        আনহাতেদি অধাতুবোৰ বিদুৎ ঋণাত্মক। ইহঁতে সাধাৰণতে ইলেকট্রন লাভ কৰি বান্ধনি গঠন কৰে। সেয়েহে, পর্যায় এটাত বাঁওফালৰ পৰা সোঁফাললৈ গ'লে ইলেকট্রন লাভ কৰাৰ প্রৱণতা বাঢ়ে আৰু সেয়ে অধাতৱীয় ধৰ্ম বাঢ়ে। আনহাতে বৰ্গ এটাত ওপৰৰ পৰা তললৈ অধাতৱীয় ধৰ্ম ক্ৰমান্বয়ে কমে।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)