Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে( অতিৰিক্ত প্ৰশ্নোত্তৰ)

 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে( অতিৰিক্ত প্ৰশ্নোত্তৰ)


1. হাইদ্রাৰ মুকুলদগম পদ্ধতি বর্ণনা কৰা                 (HSLC 2016)

Answer: হাইড্রাই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে। হাইড্ৰাৰ এনে প্ৰক্ৰিয়া মুকুলবিলাক দেহৰ কোনো এক নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষ বিভাজন ঘটি টেমুনা বান্ধি চিত্রত দেখুওৱাৰ দৰে বাহিৰলৈ ওলাই আহে । এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্রা সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্রাৰ উৎপত্তি কৰে।




2.  উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলাকৰ্ষণৰ কৌশল লিখা         (HSLC 2017)

Answer: কলাকৰ্ষণ (Tissue Culture) পদ্ধতিতনতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ কলা বা কোষ এৰুৱাই লােৱা হয়। সেই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্রিম মাধ্যমত (Artificial medium) ৰাখি থলে তাতে কোষবিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি বহুবােৰ কোষ একেলগে হৈ কেলাচ (Callus) গঠন কৰে। এই কেলাচখিনি অন্য এটা মাধ্যম য'ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্রয়ােজনীয় সঞ্জীৱনী পদার্থ (Hormone) থাকে তালৈ স্থানান্তৰ কৰি নতুনকৈ পূর্ণাংগ উদ্ভিদৰ সৃষ্টি কৰিব পাৰি। এই কলা কৰ্ষণ পদ্ধতি প্রয়ােগ কৰি বেমাৰহীন উদ্ভিদৰ সৃষ্টি কৰি লব পাৰি। এই কৌশলটো সাধাৰণতে সৌন্দর্যবর্ধক উদ্ভিদৰ ক্ষেত্ৰত প্ৰয়ােগ কৰা হয়।


3. এককোষী জীৱৰ বিভাজন পদ্ধতি বর্ণনা কৰা            (HSLC 2017)

Answer: এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্রক্রিয়াৰে নতুন প্রজন্মৰ সৃষ্টি কৰে। বিভিন্ন প্রকাৰৰ দ্বি খণ্ডন বা বিভাজন প্রক্রিয়া দেখা যায়। বহুবিলাক বেক্টেৰিয়া আৰু আদ্যপ্ৰাণীৰ দৰে এককোষী জীৱই অতি সৰল ভাবে কোষটো সমভাবে দ্বিখণ্ডিত হৈ এই প্রক্রিয়া সমাধা কৰে। এমিবাৰ দৰে এককোষী আদ্যপ্রাণীয়ে এনে দ্বিখণ্ডন বা বিভাজন কোষটো যি কোনাে এটা সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্রজন্মৰ সৃষ্টি কৰে।



        4. সপুষ্পক উদ্ভিদত যৌন প্রজনন প্রক্রিয়া বর্ণনা কৰা                                              (HSLC 2019)

       Answer: উদ্ভিদে যৌন আৰু অযৌন দুয়োটা প্ৰক্ৰিয়াৰে প্ৰজনন কৰিব পাৰে। সপুষ্পক উদ্ভিদবোৰে সাধাৰণতে যৌন প্ৰজনন প্ৰক্ৰিয়াৰে বংশবিস্তাৰ কৰে। উদ্ভিদৰ ফুল হৈছে ইয়াৰ প্ৰজনন অংগ। ফুলত থকা পুংকেশৰ আৰু স্ত্ৰীকেশৰেই হল প্ৰজনন অংগ যত জননকোষ বিলাক থাকে।পুংকেশৰ হল পুং জনন অংগ যত পৰাগৰেণুৰ উত্পত্তি হয়। স্ত্ৰীকেশৰ বিলাক ফুলৰ কেন্দ্ৰীয় স্থানত অৱস্থিত আৰু ইয়েই হল ফুলৰ স্ত্ৰীজনন অংগ। ইয়াত প্ৰধানকৈ তিনিটা অংগ থাকে-


       গৰ্ভাশয় (Ovary), গৰ্ভদন্ড (Style) আৰু গৰ্ভমুন্ড(Stigma) ।গৰ্ভাশয়ত ডিম্বক (Ovule) বিলাক থাকে আৰু ইয়াৰ প্ৰত্য়েকটোত একোটাকৈ ডিম্ব (egg) থাকে।পুংজনন কোষ (Male gamete) বিলাক পৰাগ ৰেণুৰ(pollen grain) ভিতৰত উত্পন্ন হয় আৰু এইবিলাকৰ লগত ডিম্বকৰ ভিতৰত অৱস্থিত ডিম্ব যাক স্ত্ৰীজনন কোষ (Female germ cell/ Female gamete ) বুলি কোৱা হয় তাৰ মিলন বা যোজন হয়। এই প্ৰক্ৰিয়াক নিষেচন (Fertilization) বোলে। দুই জনন কোষৰ যোজনৰ ফলত সৃষ্টি হোৱা কোষটোক যোজন কোষ (Zygote) বুলি কোৱা হয় আৰু ইয়াৰ পৰাই পৰৱৰ্তী কালত নতুন উদ্ভিদৰ জন্ম হয়।  


    5. ৰেণুৰ দ্ৱাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে কেনেদৰে লাভদায়ক হব পাৰে ?            `               (HSLC 2020)


Answer: ৰেণুৰ দ্ৱাৰা বংশবিস্তাৰ কৰাটো কোনো এক জীৱৰ বাবে  লাভদায়ক হব পাৰে কাৰণঃ
                (১) ৰেণুবিলাক যথেষ্ট ডাঠ আৱৰণৰ দ্ৱাৰা আবৃত হৈ থাকে, সেয়ে ইহঁতে প্ৰতিকূল পৰিবেশতো বহুত দিনলৈ সজীৱ হৈ থাকিব পাৰে।
                (2) ৰেণুৰদ্ৱাৰা অতি কম সময়তে  অসংখ্য় উদ্ভিদ সৃষ্টি হ'ব পাৰে।
                                                                                               
    6. স্পাইৰ'গাইৰাই কেনেকৈ বংশবিস্তাৰ কৰে  ?                                                                                                            (HSLC 2020)

Answer:  স্পাইৰ'গাইৰাই বিভংগন প্ৰক্ৰিয়াৰদ্ৱাৰা বংশবিস্তাৰ কৰে। পূৰ্ণাঙ্গ হোৱাৰ পিছত স্পাইৰগাইৰাৰ দেহটো কিছুমান সৰু সৰু খন্ডত বিভক্ত হয় আৰু এই সৰু সৰু খন্ডিত টুকুৰাবোৰৰ পৰাই নতুন প্ৰজন্মৰ সৃষ্টি হয়।

7. পৰাগযোজন কি ? পৰাগযোজন আৰু নিষেচনৰ মাজত কিবা পাৰ্থক্য় আছেনে ? স্ব-পৰাগযোগ ইতৰ-পৰাগযোগৰ পৰা কেনেদৰে বিসদৃশ ?                                                                                                                      (HSLC 2020)

Answer: সপুষ্পক উদ্ভিদৰ যৌন প্ৰজননত পৰাগধানীৰ পৰা পৰাগ ৰেণু গৈ গৰ্ভমুন্ডত পৰা পৰিঘটনাক পৰাগযোগ বোলে ।
    পৰাগযোজন আৰু নিষেচনৰ মাজত পাৰ্থক্য় আছে।পৰাগযোজন এটা বাহ্য়িক প্ৰক্ৰিয়া, নিষেচন এটা আভ্য়ন্তৰিণ প্ৰক্ৰিয়া । পৰাগযোগৰ ফলত পৰাগনলীৰ সৃষ্টি হয়, নিষেচনৰ ফলত যোজন কোষৰ সৃষ্টি হয়।
    স্ব-পৰাগযোগত পৰাগৰেণু বিলাক একেপাহ ফুলৰে পুংকেশৰৰ পৰা স্ত্ৰীকেশৰৰ গৰ্ভমুন্ডলৈ স্থানান্তৰিত হয়, আনহাতে ইতৰ পৰাগযোগত এপাহ ফুলৰ পৰাগৰেণু  আন এপাহ ফুলৰ স্ত্ৰীকেশৰৰ গৰ্ভমুন্ডলৈ স্থানান্তৰিত হয়।

                                                                                                       
8. ঋতুচক্ৰ কেনেদৰে সংঘটিত হয় ?                                                                                                                                           (HSLC 2020)

Answer: ছোৱালীৰ দেহত ডিম্বাশয়ে প্ৰতিমাহে এটাকৈ ডিম্ব নিৰ্গত কৰে।প্ৰতিমাহে জৰায়ুৱে এটা নিষেচিত ডিম্ব গ্ৰহন কৰিবলৈ নিজকে প্ৰস্ত ুত কৰে আৰু জৰায়ুৰ অন্তঃআৱৰণীখন ডাঠ হৈ পৰে। যদি ডিম্বাশয়ে নিৰ্গত কৰা ডিম্বটো নিষেচিত নহয় তেনেহলে জৰায়ুৰ ডাঠ অন্তঃআৱৰণীখন ভাঙি যায় আৰু অনিষিক্ত ডিম্ব আৰু শ্লেশ্মাৰ সৈতে যোনিপথেদি ওলাই আহে। এই প্ৰক্ৰিয়া প্ৰতিমাহে চক্ৰাকাৰে চলি থাকে। এই প্ৰক্ৰিয়াত স্ত্ৰী হৰমন বিলাকেও গুৰুত্বপূৰ্ণ ভূমিকা লয়। 

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)