Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

জীৱন প্ৰক্ৰিয়া (অতিৰিক্ত প্ৰশ্নোত্তৰ)

জীৱন প্ৰক্ৰিয়া (অতিৰিক্ত প্ৰশ্নোত্তৰ) 


1.মানুহৰ উশাহ-নিশাহ প্রক্রিয়া বর্ণনা কৰা                      (HSLC 2017)

Answer: মানুহৰ ক্ষেত্ৰত নাসাৰন্ধ্ৰইদি (nostril) দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লােৱা হয় । নাকৰ বিন্ধাত থকা নােমবােৰে ভিতৰলৈ অহা বায়ু ছেকী (Filtration) লয়। নাসাৰন্ধ্ৰত থকা শ্লেস্মাই এনে কার্যত সহায় কৰে। ইয়াৰ পাছত টেটু হৈ শ্বাসনলীয়েদি হাঁওফাঁওলৈ বায়ুৰ প্রৱেশ ঘটে। টেটুৰ বায়ু নলীকা ডালত কিছুমান উপাস্থি (Cartilase) ৰে গঠিত আঙুঠি থাকে। সেইকাৰণে শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে ই চেপেটা হৈ লাগি নধৰে।

হাঁওফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবােৰক বায়ুকুপ (alveoli) বুলি কোৱা হয়। বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে। উশাহ লােৱাৰ সময়ত আমাৰ কামি হাড়বােৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদা (diaphragm) খন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কার্বন ডাই অক্সাইড বায়ু কোষবােৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শােষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। উশাহৰ সময়ত বায়ু গ্রহণ আৰু নিশাহত এৰি দিওঁতে হাঁফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে। সেইকাৰণে নির্দিষ্ট পৰিমাণৰ অক্সিজেন গ্রহণ আৰু কার্বন ডাই অক্সাইড এৰি দিব পাৰে।

2. জলচৰ প্ৰাণীৰ শ্বাস প্রশ্বাস হাৰ স্থলচৰ প্রাণীতকৈ কিয় বেছি     (HSLC 2017)                                                                          

Answer: প্রাণীসমুহে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্রহন কৰা আৰু দেহত উৎপন্ন হোৱা কার্বন ডাই অক্সাইড নির্গত কৰাৰ বাবে বিভিন্ন ধৰণৰ অংগ ব্যৱহাৰ কৰে। স্থলচৰ (terrestrial) প্রাণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপটিয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্রবীভূত অক্সিজেনহে শোষণ কৰে। যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম, সেইকাৰণে জলচৰ প্ৰাণীয়ে স্থলচৰ প্রাণীতকৈ খৰকৈ উশাহ লয়।


3. সালোক সংশ্লেষণ কিসালােক সংশ্লেষণৰ সময়ত হােৱা মুখ্য ঘটনা সমূহ কি?  (HSLC 2017)


Answer: স্বপােষীয় জীৱই প্রয়ােজনীয় কার্বন আৰু শক্তি সালােক সংশ্লেষণ প্রক্রিয়াৰদ্বাৰা সংগ্রহ কৰে। ই এনে এটা প্রক্রিয়া যাৰ সহায়ত স্বপােষীয় জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লােৱা কিছুমান দ্রব্যক পৰিৱৰ্তন ঘটাই সিহঁতে নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰিব পাৰে। এনেবােৰ জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লােৱা কার্বন ডাই অক্সাইড আৰু পানী সূর্য পােহৰৰ উপস্থিতিত পত্রহৰিৎ (Chlorophyll) ৰ সহায়ত কার্বহাইড্রেটলৈ পৰিৱৰ্তন কৰে। এই কার্বহাইড্রেট বিলাকেই কামত লাগি উদ্ভিদক শক্তিৰ যােগান ধৰে। যিখিনি কার্বহাইড্রেট লগে লগে ব্যৱহাৰ নহয় সেইখিনি শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে আৰু এই সঞ্চিত শ্বেতসাৰৰ পৰা প্রয়ােজন সাপেক্ষে উদ্ভিদে শক্তি আহৰণ কৰি লয়

সালােক সংশ্লেষণ প্রক্রিয়া তলত দিয়া ধৰণে সংঘটিত হয়।

(i) পােহৰ শক্তিক পত্ৰহৰিতৰদ্বাৰা শােষণ।

(ii) পােহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্রজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ।

(iii) কার্বন ডাই অক্সাইড বিজাৰণৰদ্বাৰা কাৰ্বহাইড্রেট উৎপন্ন।

 4. উদ্ভিদে কেনেকৈ COশােষণ কৰে লিখা                                   (HSLC 2017)   

       Answer: উদ্ভিদে পত্ৰৰন্ধ্ৰইদি বায়ু শােষণ কৰি আন্তঃকোষীয় ঠাইত মজুত ৰাখে যাতে ইয়াৰ চাৰিওফালে স্পর্শ কৰি থকা কোষবিলাকে ব্যাপন প্রক্রিয়াৰে কার্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় সংঘটিত কৰিব পাৰে ইয়াৰ পৰা অক্সিজেন কোষলৈ যায় আৰু কোষৰ পৰা কার্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰইদি বায়ুমণ্ডললৈ এৰি দিয়ে।ব্যাপনৰ দিশ নির্ভৰ কৰে পৰিবেশৰ অৱস্থা আৰু উদ্ভিদৰ প্ৰয়ােজনীয়তাৰ ওপৰত।


                                     5. মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা মূত্র উৎপাদন আৰু বর্জন প্রক্রিয়াৰ 

                            বিষয়ে লিখা                            (HSLC 2018)

 

                            Answer: মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহ হ'ল-

                                    1. এযোৰ বৃক্ক (kidney)

                                    2. এযোৰ মূত্ৰনলী (ureters)

                                    3. এটা মূত্ৰথলী (urinary bladder)

                                    4. এটা মূত্ৰ নিষ্কাশন নলী (urethra)

 

মানুহৰ ৰেচন তন্ত্ৰই পদার্থ যেনে ইউৰিয়াইউৰিক এছিড আদি বৃক্কত তেজৰ পৰা আঁতৰ কৰে। বৃক্কত  অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয়। এনে নলীকাবোৰে তেজ চেকাত সহায় কৰে। প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে। এইবোৰক নেফ্রন (nephron) বোলে। এই নেফ্রনবোৰ ইটো সিটোৰ লগত সংঘবদ্ধ হৈ  থাকে। নেফ্রনবোৰে প্ৰাথমিক  অৱস্থাত গ্লুক’জএমিন’ এছিডলৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী চেকী লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিছুমান অতিৰিক্ত পানী থাকে আৰু  কিমান পৰিমাণৰ দ্ৰৱীভূত বর্জিত পদার্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিশোষণ কৰি লয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্র নেফ্রনৰ দীঘল নলীকা মূত্রনলীলৈ সোমাই  আহে। মূত্ৰনলীয়ে বৃক্কদুটা মূত্রথলীৰ লগত সংযুক্ত কৰি ৰাখে। মূত্র মুত্রথলীত জমা হৈ থাকে। মূত্রথলীৰ চাপৰ ফলত মূত্রনলীৰে মূত্র বাহিৰ ওলাই আহে।


6. আমাৰ তেজত থকা শ্বাসকণাবিধৰ নাম লিখা কণাবিধৰ কাৰ্য উল্লেখ কৰা।   (HSLC 2019)

Answer:    আমাৰ  তেজত থকা স্বাস কণাবিধৰ নাম হিম'গ্ল'বিন।  হিম'গ্ল'বিনে হাওঁফাওঁৰ পৰা অক্সিজেন লৈ শৰীৰৰ বিভিন্ন অংশলৈ লৈ গৈ বিতৰণ কৰে। 

7. মানুহৰ হৃদযন্ত্রৰ এটা পৰিষ্কাৰ চিহ্নিত দৈর্ঘ্যচ্ছেদৰ চিত্ৰ আকাঁ আৰু ইয়াৰ বিভিন্ন কোঠালিৰ মাজেৰে প্ৰৱাহিত হােৱা তেজৰ ধাৰাৰ দিশ কাঁড় চিনৰ দ্বাৰা দেখুওঁৱা আৰু হৃদযন্ত্ৰটোৰ মাজেৰে হােৱা তেজ সংবহনৰ এটি চমু বিৱৰণ দিয়া                 (HSLC 2019)
  
  Answer: মানুহৰ হৃদযন্ত্ৰটো হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত অংগ যিয়ে মানুহৰ গোটেই দেহতে তেজ পৰিবহন কৰাত মূখ্য় ভূমিকা লয়। অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ পৃথক কৰি ৰাখিবলৈ মানুহৰ হৃদযন্ত্ৰটো পৃথক কোঠালিত বিভক্ত।


      হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাঁও কোঠালীত আহি পৰেহি। ইয়াক বাঁও অলিন্দ (left atrium) বোলে। এই অৱস্থাত বাঁও অলিন্দটো শিথিল হৈ যায়। বাঁও অলিন্দই তেজ সংগ্ৰহ কৰাৰ পিছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাত্ অংশত থকা কোঠালিলৈ পঠাই দিয়ে। এই কোঠালিক বাঁও নিলয়(left ventricle) বোলে।সোঁ অলিন্দটো সংকুচিত হোৱাৰ সময়ত ইয়াৰ পশ্চাত্ দেশত অৱস্থিত কোঠালিটোৰ দুৱাৰ মুকলি হৈ যায় আৰু তেতিয়া সোঁ অলিন্দৰ পৰা তেজ আহি ইয়াত সোমাই পৰে। এই কোঠালিটোক সোঁ নিলয় (right ventricle) বোলে। যেতিয়া সোঁ নিলয়টো সংকুচিত হয় তেতিয়া ইয়াৰপৰা তেজ হাওঁফাওঁলৈ যায়। হাওঁফাওঁত এই তেজ শোধন হয়। নিলয়ৰপৰা তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহন কৰিব লগা হোৱাৰ কাৰণে আন্তঃনিলয় বেৰখন আন্তঃঅলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ হয়। সোঁ অলিন্দ আৰু সোঁ নিলয় আৰু বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত কপাট (valve) থাকে। সেই কাৰণে নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যাব নোৱাৰে।   

8. পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম লিখা । এইবোৰে কি কাৰ্য প্ৰদৰ্শন কৰে ?                                            (HSLC 2020)

Answer: পাতত থকা সেউজীয়া বিন্দুবোৰৰ নাম হ'ল- হৰিত্কণা। হৰিত্কণাত থকা পত্ৰহৰিত্ বিলাকে সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য় প্ৰস্ত ুত কৰা প্ৰক্ৰিয়াত উদ্ভিদক সহায় কৰে।

9. জৈৱ অনুঘটকবোৰ কি ? এনে দুটা অনুঘটকৰ নাম লিখা। আমাৰ শৰীৰত এইবোৰে গ্ৰহন কৰা ভূমিকাৰ আলোচনা কৰা। পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰ'ক্লৰিক এছিডৰ কাৰ্য কি ?        (HSLC 2020)

Answer: যিবিলাক পদাৰ্থই খাদ্য়ৰ জটিল  অণুবোৰক ভাঙি সৰল অৱস্থালৈ পৰিৱৰ্তন কৰিব পাৰে সেইবিলাককে জৈৱ অনুঘটক বোলে। জৈৱ অনুঘটকৰ  উদাহৰণ হ'ল- পেপছিন, ট্ৰিপছিন, এমাইলেজ আদি।
            আমি খাদ্য় গ্ৰহণ কৰাৰ পিছত খাদ্য়ভাগ সুক্ষ্মতম কণালৈ পৰিবৰ্তিত হোৱাটো নিতান্তই প্ৰয়োজন। আমি খোৱা আহাৰ অতি জটিল প্ৰকৃতিৰ। এই জটিল প্ৰকৃতিৰ আহাৰ পাচন নলীত পাচন হ'বলৈ হ'লে জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাটো প্ৰয়োজন। আমাৰ শৰীৰত এই কাৰ্য জৈৱ অণুঘটক বিলাকে সমাধা কৰে। এই জৈৱ অণুঘটক বিলাকে কাৰ্ব'হাইড্ৰেট, প্ৰটিন, স্নেহ পদাৰ্থ আদিৰ জটিল অণুবোৰক ভাঙি সৰলতম অণুলৈ ৰূপান্তৰ কৰে যাতে ইহঁতক তেজে সহজতে শোষণ কৰি ল'ব পাৰে। 
            পাকগ্ৰন্থিৰ দ্বাৰা পাকস্থলীত নিঃসৰিত হোৱা হাইড্ৰ'ক্লৰিক এছিডৰ মুখ্য় কাম হ'ল- হাইড্ৰ'ক্লৰিক এছিডে পাকস্থলীৰ খাদ্য়ক আম্লিক কৰি তোলে যাতে পেপছিনৰ কাৰ্য তীব্ৰতৰ হৈ উঠে। তাৰোপৰি ই খাদ্য়ত থকা বিজাণু ধ্বংশ কৰে।

 10উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ   পৰিবহণত বাষ্পমোচন প্রক্রিয়াৰ  ভূমিকা কি ? 

(HSLC 2018)

 Answer: উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্রক্রিয়াটোকে পত্রমোচন বা বাষ্পমোচন (Transpiration) বোলে। বাষ্পমোচনে পানী আৰু তাত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ আৰু শিপাৰ পৰা পাতলৈ উৰ্ধমুখী গতি লাভ কৰাত সহায় কৰে। ই তাপমাত্রা নিয়ন্ত্রণ কৰি ৰখাতে সহায় কৰে। ৰাতিটোৰ ভাগত পানীৰ পৰিবহনত মূল চাপে (Root Pressure) গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। দিনৰ ভাগত যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্র মুকলি হৈ থাকে তেতিয়া বাষ্পমোচনে জাইলেমৰ মাজেৰে পানী পৰিবাহিত হোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰে।

11. মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত হােৱা পাচন প্রক্রিয়া বর্ণনা কৰা               (HSLC 2016)

Answer: আমি বিভিন্ন প্রকাৰৰ আহাৰ খাওঁ। এই বিভিন্ন প্ৰকাৰৰ আহাৰবােৰ একেডাল পাচন নলীয়েদি পাৰ হৈ যায়। মুখেৰে আহাৰ খােৱাৰ পাছত দাঁতৰ সহায়ত খাদ্যভাগ প্রথমে গুড়ি কৰি লােৱা হয়। খাদ্য গ্রহণ কৰাৰ পিচত খাদ্যভাগ সুক্ষ্মতম কণালৈ পৰিবৰ্তিত হােৱাটো নিতান্তই প্রয়ােজন। খাদ্যবস্তুৰ এনে পৰিৱৰ্তন দাঁতেৰে চোৱাই কৰা হয়। মুখগহ্বৰৰ বেৰখন কোমল আৰু য়াৰ পৰা নিঃসৰণ কৰা পাচক ৰসে আহাৰখিনি তিয়াই পিচল কৰি ৰাখে। ইয়াৰ ফলত নলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহজ হয়। আমি যেতিয়া আহাৰ খাও ,তেতিয়া আমাৰ মুখগহ্বৰত থকা পানীৰ লগতে মুখগহ্বৰৰ বেৰত থকা লালটি গ্রন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত খাদ্য মিহলি হয়। আমি খােৱা আহাৰ অতি জটিল প্রকৃতিৰ। এই জটিল প্রকৃতিৰ আহাৰ পাচন নলীত পাচন হবলৈ হলে জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাটো প্রয়ােজন। কিছুমান জৈৱ অনুঘটকৰ সহায়ত এই জটিল আহাৰক সৰলীকৰণ কৰা হয়। এনে জৈৱ অনুঘটক (biocatalyst) বিলাকক উৎসেচক (enzyme) বুলি কোৱা হয়। লালটিত থকা এনে এবিধ উৎসেচক হল লালটি এমাইলেজ। ইয়াৰ সহায়ত মুখগহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱর্তিত হয়। আহাৰ চোবাই থাকোঁতে জিভাৰ সহায়ত লালটিৰ লগত মিহলাই দিয়া হয়।অপাচিত খাদ্যখিনি পাচন নলীৰ নির্দিষ্ট লয়যুক্ত সংকোচনৰ দ্বাৰা পাচন নলীৰ পশ্চাৎ অংশলৈ গতি কৰে। এনেধৰণে গােটেই পাচন নলীতেই পেৰিচটেলটিক নামৰ বিশেষ গতিৰে খাদ্যাংশ পশ্চাৎ দিশলৈ গতি কৰে।
        মুখগহৰৰ পৰা খাদ্যৰ মিশ্রন গ্রাসনলীয়েদি পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলী পাচন নলীৰ এটা ডাঙৰ অংশ। খাদ্যবস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰন ঘটে। পাকস্থলীৰ পেশীয় বেৰৰ সংকোচনে অধিক পাচন ৰসৰ লগত মিহলি হৈ যােৱাত সহয় কৰে। পাকস্থলীত পাচক ৰস নিঃসৰন কৰা গ্রন্থিবােৰক পাকগ্রন্থি বুলি কোৱা হয়। পাকগ্রন্থিৰ পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু প্ৰটিন বিশ্লেষিত উৎসেচক যেনে-পেপচিন আৰু শ্লেষ্মা (mucus) আদি থাকে। হাইড্রক্লৰিক এছিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধর্মীয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্র হৈ উঠে।

শ্লেষ্মাই পাকস্থলী বেৰখনৰ অন্তঃ আৱৰণখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুক্ষা দিয়ে। পাকস্থলীৰ পৰা অপাচিত হােৱা খাদ্য স্ফিনক্টাৰ (Sphincter) পেশীৰ সংকোচ দ্বাৰা পাচক নলীৰ পাছৰ অংশ ক্ষুদ্ৰান্তলৈ প্ৰেৰণ হয়। ক্ষুদ্ৰান্তটো পাচক নলীৰ আটাইতকৈ দীঘল অংশ আৰু বেছিকৈ পাক খাই থকাৰ বাবে ইয়াৰ অন্তস্থল অতি ঠেক।

        পাচন নলীৰ ক্ষুদ্রান্ত অংশতেই খাদ্যৰ শৰ্কৰা, প্রটিন আৰু চৰ্বীসমূহৰ সম্পূর্ণভাবে পাচন হয়। এই অংশতে পাচক গ্রন্থি যকৃত (liver) আৰু অগ্নাশয় (Pancreas) য়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি।এই পাচক ৰসত থকা উৎসেচকসমূহে খাদ্য পাচত সহায় কৰে। পাকস্থলীৰ পৰা অহা অর্ধপাচিত খাদ্য আম্লি; এইবােৰ ক্ষাৰকীয় হোৱাটো দৰকাৰ যাতে অগ্নাশয় উৎসেচকে ক্রিয়া কৰিব পাৰে। এতিয়া যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে এই কার্য কৰাৰ লগতে খাদ্যৰ ৰ্বী অংশত ক্রিয়া কৰে। ক্ষুদ্রান্তৰ খাদ্যাংশৰ চৰ্বী অণুৰ আকাৰ বৃহৎ আৰ খণ্ডযুক্ত (globules) আৰু ইয়াক উৎসেচকে সহজে ত্ৰিয়া কৰি নােৱাৰে। পিত্ত লৱণৰ উপস্থিতিত চর্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়। এই সৰল অণুসমূহৰ ওপৰত উৎসেচকে সহজে ক্রিয়া কৰিব পাৰে। অগ্নাশয় গ্রন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত প্রটিন বিশ্লেষী উৎসেচক ট্রিপচিন (trypsin) আৰু ইতিমধ্যে সৰলীকৃত চর্বী বিশ্লেষী উৎসেচক লাইপেজ (lipase) থাকে। ক্ষুদ্রান্তৰ বেৰত থকা সৰু গ্রন্থিবােৰে আন্ত্রিক ৰস (Intestinal juice) নিঃসৰণ কৰে। ইয়াত থকা উৎসেচকে অৱশিষ্ট প্রটিন অংশ সৰল এমিনএছিডলৈ, শর্কৰাসমূহক গ্লুজলৈ, চর্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়। |

        সম্পূর্ণ পাচিত হােৱা খাদ্য ক্ষুদ্রান্ত বেৰত থকা ভিলাই (Villi) বোৰে শোষণ কৰি লয়। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবােৰে শােষিত আহাৰ দেহৰ সকলাে কোষলৈ পৰিবহন কৰে। কোষে ইয়াৰ পৰা শক্তি আহৰন কৰি কলা গঠন কৰে আৰু পুৰণা কলাবােৰ মেৰামতি কৰে। এতিয়া শােষণ নােহােৱা খাদ্যভাগ ক্ষুদ্রান্তৰ পশ্চাৎ অংশ বৃহদান্ত্রত প্রবেশ কৰে। বৃহদান্ত্রত প্রৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰৰ ভিলাইবােৰে খাদ্যংশৰ পৰা অতিৰিক্ত পানীভাগ শােষণ কৰি লয়। ইয়াৰ পাছত শােষণ নােহােৱাকৈ ৰৈ যােৱা পদার্থখিনি পায়ুয়েদি দেহৰ পৰা মল (focal matter) হিচাপে নিষ্কাশিত হয়। মলত্যাগ কার্যকস্মিনক্টাৰ পেশী (Sphinecter muscle) বােৰে নিয়ন্ত্রণ কৰে।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)