Heredity and Evolution (Question Answer)

(a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
(b) ক্ল’ৰিন গেছ আৰু আইৰন হাইড্রক্সাইড উৎপন্ন হয়।
(c) বিক্রিয়া ঘটে।
(d) আইৰন লবণ আৰু পানী উৎপন্ন হয়।
Answer: (a) হাইড্র'জেন গেছ আৰু আইৰন ক্ল'ৰাইড উৎপন্ন হয়।
2. অজীর্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয়?
(a) এন্টিবায়টিক
(b) বেদনানাশক।
(c) অম্লনাশক।
(d)বীজানুবাৰক।
Answer: (c) অম্লনাশক।
3. তলত নাম দিয়া ধাতুবােৰৰ কোনটো ধাতুৱে অক্সিজেনৰ লগত তীব্রভাবে বিক্রিয়া কৰে?
(a) Na (b) Fe . (c) Cu (d) Ag
Answer: (a) Na
4. এটা পৰমাণুৰ ইলেকট্রনীয় বিন্যাস হ’ল 2, 8, 7। তলৰ মৌলবােৰৰ কোনটোৰ ইয়াৰ ৰাসায়নিক সাদৃশ্য থাকিব? (বন্ধনিৰ ভিতৰত পাৰমাণবিক সংখ্যাবােৰ দিয়া
(a) N (7)
(b) F (9)
(c) P (15)
(d) Ar (18)
Answer: (b) F (9)
5. এক মাইক্ৰ'এম্পিয়াৰ বিদ্যুৎপ্রবাহ বৈ যােৱাৰ বাবে এক ছেকেণ্ডত কিমান সংখ্যক ই চালিত হ'ব লাগিব ?
(a) 6.25 x 1015
(b) 6.25 x 109
(c) 6.25 x 1012
(d) 6.25 x 106
Answer: (c) 6.25 x 1012
6. বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে ---------- ক বাধা দিয়ে
(a) অৱলােহিত ৰশ্মি
(b) দৃশ্যমান পােহৰ
(c) অতিবেঙুণীয়া ৰশ্মি
(d) (a) আৰু (c) দুয়োটা
Answer: (c) অতিবেঙুণীয়া ৰশ্মি
7. তলৰ কোনটো নবীকৰণ শক্তিৰ উৎস নহয় ?
(a) সূৰ্য
(b) বায়ু
(c) জীৱাশ্মজাত ইন্ধন
(d) পানী
Answer: (c) জীৱাশ্মজাত ইন্ধন
8. শ্বেতসাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকটোৰ নাম হ'ল
(a) এমাইলেজ
(b) লাইপেজ
(c) পেপচিন
(d) ট্রিপচিন
Answer: (a) এমাইলেজ
9. যি সঞ্জীৱনী পদাৰ্থৰ প্ৰভাৱত গছৰ পাত সৰি পৰে -
(a) অক্সিন
(b) জিবাৰেলিন
(c) এবচাইচিচ এচিড
(d) চাইট’কাইনিন
Answer: (c) এবচাইচিচ এচিড
10. মানুহৰ উৎপত্তি হৈছিল
(a)এচিয়াত
(b) আফ্রিকাত
(c) অষ্ট্রেলিয়াত
(d) ইউৰােপত
Answer: (b) আফ্রিকাত
CaSO4.1 /2 H2O + 11/2 H20→ CaSO4. 2H2O
12. তলত দিয়া কোনবােৰ একে সমগণীয় শ্রেণীৰ অন্তৰ্গত? 1
C3H8, C4H8, C4H6, C3H6
Answer: C4H8, আৰু C3H6 একে সমগণীয় শ্রেণীৰ অন্তৰ্গত।
13. মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ কোনটো লক্ষণ প্ৰভাৱী
Answer: মেণ্ডেলৰ পৰীক্ষাত ব্যৱহৃত ওখ আৰু চাপৰ মটৰ মাহ গছৰ ওখ লক্ষণটো প্ৰভাৱী ।
14. দুই প্রকাৰ প্রান্তীয়
স্নায়ু
কি?
Answer: দুই প্রকাৰ প্রান্তীয় স্নায়ু হল- মস্তিস্কৰ পৰা ওলোৱা কৰোটীয় স্নায়ু আৰু স্নায়ুৰজ্জুৰ পৰা উৎপত্তি হোৱা স্নায়ু।
15. বৈদ্যুতিক বাল্ব ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কেনেদৰে কৰা হয় ? 1
Answer: বৈদ্যুতিক বাল্বৰ ফিলামেন্টৰ জীৱনকাল দীঘলীয়া কৰিবলৈ বাল্ববিলাকত ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন আৰু নাইট্ৰজেন গেছ ভৰাই ৰখা হয়।
16. এটা বিকাৰত 2g কেলছিয়াম অক্সাইড লােৱা। বিকাৰটোত লাহে লাহে পানী যােগ কৰা। তলত দিয়াবােৰৰ উত্তৰ কৰা —
তলৰ বিক্রিয়া দুটাত জাৰিত আৰু বিজাৰিত হােৱা পদার্থ সমূহ বাছি উলিওৱা :
(i) 4Na(s)+O2(g) 2Na2O (s) 1
(ii) CuO(s)+ H2 (g)→Cu(s)+ H2O (l) 1
Answer: (i) Na জাৰিত হৈছে।
(ii) CuO বিজাৰিত হৈছে, H2 জাৰিত হৈছে
17. তলৰ বিক্রিয়াবােৰৰ বাবে অৱস্থা চিহ্ন সহ একোটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা-
বেৰিয়াম ক্লৰাইড আৰু ছডিয়াম ছালফেটৰ জলীয় দ্রৱৰ মাজত বিক্রিয়া ঘটি অদ্রাব্য বেৰিয়াম ছালফেট আৰু ছডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ প্রস্তুত হয়। 2
Answer: BaCl2(aq) + Na2SO4(aq) → BaSO4(s) + 2NaCl(aq)
Or/ নাইবা
ছডিয়াম হাইড্রক্সাইডৰ দ্ৰৱ (পানীত) হাইড্রক্লৰিক
এচিডৰ
দ্ৰৱৰ
(পানীত) সৈতে বিক্রিয়া কৰি ছ'ডিয়াম ক্ল'ৰাইডৰ দ্ৰৱ আৰু পানী উৎপন্ন কৰে। 2
Answer: NaOH(aq) + HCl(aq) → NaCl(aq) + H2O(l)
18. তােমাক দুটা দ্ৰৱ A আৰু B দিয়া হ'ল। দ্ৰৱ A ৰ pH ৰ মান 3 আৰু দ্ৰৱ Bৰ pH ৰ মান ৪। কোনটো দ্ৰৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছি হ'ব? কোনটো দ্ৰৱ আম্লিক আৰু কোনটো ক্ষাৰকীয় ?
Answer: A দ্ৰৱত হাইড্র'জেন আয়নৰ গাঢ়তা বেছি হ'ব । A কোনটো দ্ৰৱ আম্লিক আৰু B ক্ষাৰকীয় ।
19. উদ্ভিদ প্রজননকাৰী সকলে ব্যৱহাৰ কৰা কলাকৰ্ষণৰ কৌশল লিখা। 2
Answer: কলাকৰ্ষণ (Tissue Culture) পদ্ধতিত, নতুন উদ্ভিদ সৃষ্টি কৰিবৰ বাবে প্ৰথমতে উদ্ভিদৰ বাঢ়ি অহা অগ্রস্থ কলা বা কোষ এৰুৱাই লােৱা হয়। সেই এৰুৱাই অনা কলা বা কোষখিনি এটা কৃত্রিম মাধ্যমত (Artificial medium) ৰাখি থলে তাতে কোষবিলাকৰ খৰতকীয়া কোষ বিভাজন ঘটি বহুবােৰ কোষ একেলগে হৈ কেলাচ (Callus) গঠন কৰে। এই কেলাচখিনি অন্য এটা মাধ্যম য'ত উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ বাবে প্রয়ােজনীয় সঞ্জীৱনী পদার্থ (Hormone) থাকে তালৈ স্থানান্তৰ কৰি নতুনকৈ পূর্ণাংগ উদ্ভিদৰ সৃষ্টি কৰিব পাৰি। এই কলা কৰ্ষণ পদ্ধতি প্রয়ােগ কৰি বেমাৰহীন উদ্ভিদৰ সৃষ্টি কৰি লব পাৰি। এই কৌশলটো সাধাৰণতে সৌন্দর্যবর্ধক উদ্ভিদৰ ক্ষেত্ৰত প্ৰয়ােগ কৰা হয়।
Or/ নাইবা
এককোষী জীৱৰ বিভাজন পদ্ধতি বর্ণনা কৰা। 2
Answer: এককোষী জীৱই কোষৰ দ্বিখণ্ডন বা বিভাজন প্রক্রিয়াৰে নতুন প্রজন্মৰ সৃষ্টি কৰে। বিভিন্ন প্রকাৰৰ দ্বি খণ্ডন বা বিভাজন প্রক্রিয়া দেখা যায়। বহুবিলাক বেক্টেৰিয়া আৰু আদ্যপ্ৰাণীৰ দৰে এককোষী জীৱই অতি সৰল ভাবে কোষটো সমভাবে দ্বিখণ্ডিত হৈ এই প্রক্রিয়া সমাধা কৰে। এমিবাৰ দৰে এককোষী আদ্যপ্রাণীয়ে এনে দ্বিখণ্ডন বা বিভাজন কোষটো যি কোনাে এটা সমতলীয় ৰেখাত বিভক্ত হৈ নতুন প্রজন্মৰ সৃষ্টি কৰে।
20. (a) মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে ক’লা দেখে কিয়? 1
(b) ত্রিভুজাকাৰ গ্লাচ প্রিজমৰ মাজেদি পােহৰৰ প্রতিসৰণৰ সময়ত উৎপন্ন হােৱা বিচ্যুতি কোণ আঁকা। 1
Answer: (a) আকাশৰ নীলা ৰং বায়ুমন্ডলৰ দ্বাৰা সূৰ্যৰ পোহৰৰ বিক্ষেপনৰ বাবে হয়। যিহেতু মহাকাশত বায়ুমন্ডল নাথাকে সেয়ে তাত পোহৰৰ বিক্ষেপন নঘটে। সেয়ে মহাকাশচাৰী এজনে আকাশখন নীলাৰ পৰিবৰ্তে কলা দেখে।
(b)
21. (a) যদি মাধ্যম এটাত পােহৰৰ দ্রুতি 2x108 m প্রতি ছেকেণ্ড হয়, মাধ্যমটোৰ প্রতিসৰণাংক কিমান? 2
(b) লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।
Answer: (a) মাধ্যমত পােহৰৰ দ্রুতি, V= 2x108 ms-1
বায়ুত পোহৰৰ দ্রুতি, C= 3x 108 ms-1
এতেকে, মাধ্যমটোৰ প্রতিসৰণাংক, n= C/V = 3x 108 /2x108
= 1.5
(b) 1 মিটাৰ ফকাছ দৈৰ্ঘৰ লেনছ এখনৰ ক্ষমতাক 1 ডায়প্টাৰ (1D) বোলে। 1 D= 1m-1
22. চ’লেনইডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। 2
Answer: চুঙা এটাৰ আকৃতিৰ ঘনকৈ মেৰিয়াই ৰখা অন্তৰিত তামৰ তাঁৰৰ বহুতো বৃত্তাকাৰ পাকৰ কুন্ডলীক চলেনইড বোলে। এডাল চলেনয়ডৰ তাঁৰডালৰ মাজেৰে বিদ্য়ুত প্ৰবাহ চালিত কৰিলে ইয়াৰ কেউকাষে চুম্বক ক্ষেত্ৰ সৃষ্টি হয়। এই চুম্বক ক্ষেত্ৰ দন্ড চুম্বক এডালৰ কেউকাষে সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ সৈতে একে। চলেনইডৰ এটা মূৰে চৌম্বক উত্তৰ মেৰু আৰু আনটো মূৰে দক্ষিণ মেৰুৰ দৰে আচৰণ কৰে। চলেনইডৰ অন্তৰ্ভাগৰ বলৰেখাবিলাক সমান্তৰাল সৰলৰেখা, গতিকে চলেনইডৰ অন্তৰ্ভাগৰ সকলো বিন্দুতে চৌম্বক ক্ষেত্ৰ একে।
23. (a) বিদ্যুৎচুম্বকীয় আৱেশ কি? 1
(b) পৰিবর্তী প্রৱাহ জেনেবেটৰ আৰু প্ৰত্যক্ষ প্ৰৱাহ জেনেৰেটৰৰ মাজৰ মূল পার্থক্য
লিখা। 1
Answer: (a) এডাল পৰিবাহীত হোৱা চৌম্বক ক্ষেত্ৰৰ পৰিৱৰ্তনে আন এডাল পৰিবাহীত প্ৰবাহ আবিষ্ট কৰা প্ৰক্ৰিয়াটোক বিদ্যুৎচুম্বকীয় আৱেশ বোলে।
(b) পৰিবর্তী প্রৱাহ জেনেৰেটৰ আৰু প্ৰত্যক্ষ প্ৰৱাহ জেনেৰেটৰৰ মাজৰ মূল পার্থক্য হল- পৰিবর্তী প্রৱাহ জেনেৰেটৰে পৰিবর্তী প্রৱাহ (AC) উৎপন্ন কৰে আনহাতে প্ৰত্যক্ষ প্ৰৱাহ জেনেৰেটৰে প্ৰত্যক্ষ প্ৰৱাহ (DC) উৎপন্ন কৰে।
24. দুটা মৌল A আৰু Bৰ পাৰমাণৱিক সংখ্যা যথাক্রমে 12 আৰু 17.
(i) A আৰু B ৰ ইলেকট্রনীয় বিন্যাস লিখা।
(ii) A আৰু
Bৰ
মাজত
কোন
প্রকাৰৰ
বান্ধনি
গঠন
হ’ব?
(iii) A আৰু Bৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত লিখা।
Answer: (i) A ৰ ইলেকট্রনীয় বিন্যাস 2,8,2
B ৰ ইলেকট্রনীয় বিন্যাস 2,8,7
(ii) A আৰু Bৰ মাজত আয়নিয় বান্ধনি গঠন হ’ব।
(iii) A আৰু Bৰ মাজত গঠন হোৱা যৌগটোৰ সংকেত হ’ব- AB2
Or/ নাইবা
(i) কোনটো মৌলৰ দুয়ােটা কক্ষই ইলেকট্রন পূর্ণ?
(ii) কোনটো মৌলৰ ইলেকট্রনীয় বিন্যাস 2.8.3?
(iii) কোনটো মৌলৰ যােজক কক্ষত চাৰিটা ইলেকট্রনেৰে সৈতে মুঠ তিনিটা কক্ষ আছে ?
Answer: (i) নিয়ন (Ne) ৰ দুয়ােটা কক্ষই ইলেকট্রন পূর্ণ।
(ii) এলুমিনিয়ামৰ (Al) ইলেকট্রনীয় বিন্যাস 2.8.3 ।
(iii) চিলিকন (Si) ৰ যােজক কক্ষত চাৰিটা ইলেকট্রনেৰে সৈতে মুঠ তিনিটা কক্ষ আছে।
25. এটি আদর্শ ফুলৰ দীর্ঘচ্ছেদৰ চিহ্নিত চিত্র আঁকা। 3
Answer:
Or/ নাইবা
মানুহৰ স্ত্রীজনন তন্ত্ৰৰ এখন চিহ্নিত চিত্র আঁকা।
Answer:
26. প্রতীপ ক্রিয়া কি? প্ৰাণীৰ প্রতীপ ধনু কিয় সৃষ্টি হৈছে? প্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহৰ নাম লিখা। 1+1+1=3
Answer: প্ৰতীপ ক্ৰিয়া হল এক প্ৰকাৰৰ অনৈচ্ছিক ক্ৰিয়া যিবিলাক কিছুমান তাৎক্ষণিক সংবেদকৰ প্ৰতিক্ৰিয়া হিচাপে সংঘটিত হয়। ইয়াক স্নায়ুৰজ্জুৱে নিয়ন্ত্ৰন কৰে।
চিন্তা উদ্ৰেককাৰী প্ৰক্ৰিয়াৰ অবিহনে, ক্ষ্ৰীপ্ৰতাৰে কাৰ্য সমাধা কৰিবলৈ প্রতীপ ধনু সৃষ্টি হৈছে।
প্রতীপ ধনুৰ বিভিন্ন উপাদান সমূহ হল- গ্ৰাহক, সংজ্ঞাবাহী নিউৰণ, কাৰ্যকৰী পেশী, আজ্ঞাবাহী নিউৰণ, আৰু অন্তৰ্বৰ্তী নিউৰণ।
Or/ নাইবা
এড্রিনেলিন হৰম'নৰ কাৰ্য্য সমূহ
লিখা।
Answer: এড্ৰিনেলিন পােনপটীয়াকৈ তেজত নিঃসৰন হয় আৰু দেহৰ বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়।এই হৰম'নবিধে নির্দিষ্ট কার্যকৰী লক্ষ্য অংগ (target organs) বা নির্দিষ্ট কোষকলাত ক্ৰিয়া কৰে। ইয়াৰ ভিতৰত হৃদযন্ত্রও অন্তর্ভুক্ত। ইয়াৰ ফলত আমাৰ হৃদযন্ত্রৰ ধপ ধপনি বাঢ়ি যায় ফলত পেশীসমূহত অক্সিজেনৰ যােগান বৃদ্ধি হয়। ধমনীবােৰক আগুৰি থকা পেশীবােৰৰ সংকোচনৰ ফলত পাচনতন্ত্ৰ আৰু ছালত তেজৰ প্রবাহ কমি যায়। ইয়াৰ কাৰণে কংকাল পেশালৈ তেজ প্রবাহিত হয়। মধ্যচ্ছদা আৰু কামিহাড়ৰ পেশী সংকোচনৰ ফলত শ্বাস-প্রস্বাসৰ হাৰ বৃদ্ধি পায়। এই সকলােবিলাক সহাৰি একেলগ হৈ কোনাে এটা কার্য সম্পাদন হয়।
27. মানুহৰ লিঙ্গ নির্ধাৰণ কি দৰে হয় ব্যাখ্যা কৰা। 3
Answer: মানুহৰ ক্ষেত্ৰত পিতৃ আৰু মাতৃৰ প্ৰত্য়েকৰে পৰা 22 ডালকৈ ক্ৰ’ম’জ’ম লগ হৈ যোৰা পাতি থাকে। তাৰোপৰি লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম এজোৰো থাকে. মহিলাৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ যোৰা পাতি থাকে আৰু সেয়ে দুয়োডালক X ক্ৰ’ম’জ’ম বোলা হয়। কিন্তু পুৰুষৰ ক্ষেত্ৰত এই লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম দুডাল একে জোখৰ নহয় বাবে সঠিকভাৱে যোৰা পাতি নাথাকে, ইয়াৰে এডাল X আৰু আনডাল অলপ ছুটি যাক Y ক্ৰ’ম’জ’ম বোলা হয়। সেয়ে মহিলাৰ ক্ষেত্ৰত লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম যোৰ হল XX আনহাতে পুৰুষৰ হল XY ।
ল’ৰা বা ছোৱালীৰ এডাল X ক্ৰ’ম’জ’ম সদায় মাতৃৰ ফালৰ। সেয়েহে পিতৃৰ ফালৰ পৰা কোনডাল লিংগ নিৰ্ণায়ক ক্ৰ’ম’জ’ম প্ৰবাহিত হয় তাৰ ওপৰতহে নিৰ্ভৰ কৰি সন্তানৰ লিংগ নিৰ্ধাৰণ হয়। ছোৱালী সন্তানৰ ক্ষেত্ৰত এডাল X ক্ৰ’ম’জ’ম তাইৰ পিতৃৰ ফালৰ পৰা প্ৰবাহিত হয় আৰু আনডাল X ক্ৰ’ম’জ’ম মাতৃৰ ফালৰ পৰা প্ৰৱাহিত হয়। আনহাতে ল’ৰা সন্তানৰ ক্ষেত্ৰত X ক্ৰ’ম’জ’ম ডাল মাতৃৰ ফালৰ আৰু Y ক্ৰমজম ডাল পিতৃৰ ফালৰ পৰা প্ৰৱাহিত হোৱা।গতিকে যি সন্তানলৈ পিতৃৰ ফালৰ Y ক্ৰ’ম’জ’ম ডাল প্ৰৱাহ ঘটে সেই সন্তানেই ল’ৰা হয়।
Or/ নাইবা
প্ৰজাতিকৰণৰ কাৰকবোৰ উদাহৰণৰ সৈতে ব্যাখ্যা কৰা। 1+2=3
Answer: প্ৰজাতিকৰণৰ কাৰকবোৰ হল---
28. পৰিস্থিতি তন্ত্ৰৰ উপাদান বিলাক কি কি ব্যাখ্যা কৰা। আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থ এটা উল্লেখ কৰা। 2+1=3
Answer: পৰিস্থিতি তন্ত্ৰৰ উপাদান বিলাকক বহলভাবে দুটা ভাগত ভাগ কৰিব পাৰি-
১. অজৈৱিক উপাদান আৰু
২. জৈৱিক উপাদান
অজৈৱিক উপাদান হল ভৌতিক কাৰকসমূহ যেনে- উষ্ণতা, বৰষুণ, বতাহ, আৰ্দ্ৰতা, মাটি আৰু খনিজ লৱণসমূহ।
জৈৱিক উপাদানসমূহ হল জীৱবিলাক। ইহঁতক উৎপাদক, উপভোক্তা আৰু বিয়োজক বুলি তিনিটা ভাগত ভগাব পাৰি। উৎপাদকবোৰ হল সেউজীয়া উদ্ভিদ, যিবিলাকে সূৰ্যৰ পোহৰৰ উপস্থিতিত জৈৱ যৌগ যেনে শৰ্কৰা আৰু শ্বেতসাৰ প্ৰস্তুত কৰিব পাৰে।যিবিলাক জীৱই সিহঁতৰ আহাৰ প্ৰত্যক্ষ বা পৰোক্ষভাবে উৎপাদকৰ পৰা গ্ৰহন কৰে সেইবিলাক জীৱ হল উপভোক্তা। এনে উপভোক্তাবোৰক তৃণভোজী, মাংসভোজী আৰু পৰজীৱী হিচাপে বিভক্ত কৰিব পাৰি। কিছুমান জীৱ যেনে বেক্টেৰীয়া, ভেঁকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল আৰু বৰ্জিত পদাৰ্থবিলাক সৰল পদাৰ্থলৈ পৰিৱৰ্তন কৰিব পাৰে। এইবিলাককে বিয়োজক বোলে।
আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদাৰ্থ এটা হল- প্লাষ্টিক।
Or/ নাইবা
পৌষ্টিক স্তৰ কি? খাদ্য শৃংখল এটাৰ পৌষ্টিক স্তৰ সমূহ বর্ণনা কৰা। 1+2=3
Answer: জীৱবিলাকক ইটোৱে সিটোক ভক্ষণ কৰাৰ ওপৰত ভিত্তি কৰি সিহঁতক শৃংখলিতভাবে সজোৱা হৈছে। সেইজীৱবিলাকেই বিভিন্ন জীৱীয় স্তৰত ভাগ লৈ খাদ্য শৃংখল গঠন কৰে। খাদ্য শৃংখলৰ প্রত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাবে গণ্য কৰা হয়। স্ব-পোষী জীৱ বা উৎপাদকসমূহ হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ। ইহঁতে সৌৰশক্তিক স্থিৰীকৰণ কৰি সেই শক্তিক খাদ্য শৃংখলৰ পৌষ্টিক স্তৰৰ উপভোক্তা বা পৰপোষী জীৱবিলাকলৈ বন্টন কৰে। খাদ্য শৃংখলৰ পৌষ্টিক স্তৰবিলাকৰ অন্তৰ্গত তৃণভোজী প্রাণী বা প্ৰাথমিক উপভোক্তাখিনি হ’ল দ্বিতীয় স্তৰৰ; সৰু সৰু প্রাণী বা দ্বিতীয়ক উপভোক্তাবিলাক তৃতীয় স্তৰৰ আৰু ডাঙৰ প্রাণী বা তৃতীয়ক উপভোক্তাবিলাক চতুর্থ পৌষ্টিক স্তৰৰ জীৱ।
উদাহৰণ হিচাপে ঘাঁহ, ফৰিং, ভেকুলী আৰু চৰাইৰ খাদ্য় শৃংখলটোত ঘাঁহ হৈছে প্ৰথম পৌষ্টিক স্তৰ, ফৰিং হৈছে দ্বিতীয় পৌষ্টিক স্তৰ, ভেকুলী হৈছে তৃতীয় পৌষ্টিক স্তৰ আৰু চৰাই হৈছে হৈছে চতুৰ্থ পৌষ্টিক স্তৰ।
29. জীৱাশ্মজাত ইন্ধনবিলাক কি ? এইবিলাক ইন্ধনৰ দহনৰ ফলত হােৱা অসুবিধা এটা উল্লেখ কৰা। 2+1=3
Answer: যিবিলাক ইন্ধন গছ গছনি আৰু মৃত জীৱৰ অৱশিষ্ট বা জীৱাশ্মৰ পৰা সৃষ্টি হয় সেইবোৰকে জীৱাশ্মজাত ইন্ধন বোলে। কয়লা, পেট্ৰলিয়াম আদি জীৱাশ্মজাত ইন্ধন।
জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হ'ল-
১. ই এক অনৱীকৰণযোগ্য় শক্তিৰ উৎস গতিকে ইয়াৰ ভঁৰাল সীমিত
২. জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ নিৰ্গত হয়। এই গেছবিলাকে পৰিবেশ প্ৰদূষণ কৰে।
30. টিণ্ডেল পৰিঘটনা কি? বগাপােহৰ অতিসুক্ষকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গলে কোন তৰংগদৈর্ঘ্যৰ পােহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব উল্লেখ কৰা। 2+1=3
Answer: পৃথিৱীৰ বায়ুমণ্ডলত থকা ক্ষুদ্র ক্ষুদ্র কণাবােৰৰ পােহৰৰ কিৰণ এটাই খুন্দা মাৰিলে ইয়াৰ গতিপথ দৃশ্যমান হৈ পৰে। এই পৰিঘটনাক টিণ্ডেল পৰিঘটনা বোলে।
বগাপােহৰ অতিসুক্ষকণা থকা মাধ্যমৰ মাজেদি পাৰ হৈ গলে কম তৰংগদৈর্ঘ্যৰ নীলা পােহৰ আটাইতকৈ বেছি বিক্ষিপ্ত হ’ব ।
31. 11 W ৰে চিহ্নিত বৈদ্যুতিক হিটাৰ এটা 220 V লাইনত ব্যবহাৰৰ বাবে তৈয়াৰ কৰা হৈছে। যদি উৎসৰ পৰা সৰ্ব্বোচ্চ প্রবাহ 5 A হয়, কিমানটা বৈদ্যুতিক হিটাৰ সমান্তৰালভাৱে 220 V লাইনৰ লগত সংযােগ কৰিব পৰা যায় আৰু 20 মিনিটত মুঠ কিমান শক্তি ব্যয় হ’ব? 2+1=3
Answer: ইয়াত , প্রবাহ, I = 5 A
বিভবভেদ, V = 220 V
∴ সৰ্বোচ্চ ক্ষমতা, P = I x V = 5 x 220 = 1100W32. (a) ইথানলৰ লগত ছ'ডিয়াম ধাতু যােগ কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্রয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা। 2
(b) হাইড্র’জেনেছন বিক্রিয়া কি? এটা উদাহৰণ দিয়া। 2
(c) চাইক্ল’পেন্টেনৰ সংকেত আৰু ইলেকট্রন বিন্দু গঠন লিখা। 1
Answer: (a) ইথানলে ছ’ডিয়াম ধাতুৰ লগত বিক্রিয়া কৰি হাইড্রজেন গেছ উৎপন্ন কৰে। ইথানলৰ লগত প্রস্ত ুত কৰা আনটো পদার্থ হ’ল ছ’ডিয়াম ইথ’ক্সাইড।
2Na + 2CHCH2OH → 2CH3CH20-Na+ + H2
Or/ নাইবা
(a) পৰীক্ষাৰ সহায়ত এলকহল আৰু কার্বক্সিলিক এছিডৰ মাজৰ পার্থক্য কেনেদৰে দেখুৱাবা ? ৰাসায়নিক সমীকৰণ লিখা। 2
(b) বিউটেনৰ (C4H10) বাবে কিমানটা গঠন সমযােগী আঁকিব পাৰিবা ? প্ৰতিটোৰ নাম লিখা।
(c) ব্রম’পেন্টেনৰ গঠন চিত্র আঁকা। 1
Answer: (a) এলক'হল আৰু কাৰ্বক্সিলিক এছিডৰ মাজৰ প্ৰভেদ তলত দিয়া ধৰণে দেখুৱাব পাৰি
33. (a) সাধাৰণ উষ্ণতাত জুলীয়া, অৱস্থাত থকা ধাতু এটাৰ নাম লিখা। 1
(b) মণিক আৰু আকৰৰ পাৰ্থক্য এটা উদাহৰণ সহ লিখা। 1
(c) এজন ছাত্ৰই চামুচ এখনত ছালফাৰ গুড়ি লৈ উত্তপ্ত কৰিলে। এটা পৰীক্ষা নলী গেছটোৰ ওপৰত ওভােটাকৈ ধৰি নিৰ্গত হােৱা গেছটো সংগ্রহ কৰিলে।
A. সংঘটিত হােৱা বিক্রিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা।
B. গেছটোৰ ক্রিয়া কেন হ’ব
(i) শুকান লিটমাছ কাগজৰ লগত?
(ii) সিক্ত লিটমাছ কাগজৰ লগত?
(d) আয়নীয় যৌগৰ গলনাংক কিয় বেছি?
Answer: (a) সাধাৰণ উষ্ণতাত জুলীয়া, অৱস্থাত থকা এটা ধাতু হল- পাৰা।
(b) পৃথিৱীত মৌল বা যৌগ অৱস্থাত ভূত্বকত পোৱা পদার্থবোৰক খনিজ পদার্থ বা মণিক (minerals) বুলি কোৱা হয়। যেনে- সোন, ৰূপ, লৱণ আদি।
কিছুমান খনিজ পদার্থত কোনো এবিধ ধাতুৰ পৰিমাণ অধিক থাকে আৰু তাৰ পৰা ধাতুবিধ লাভজনকভাৱে আহৰণ কৰিব পাৰি। এই ধৰণৰ খনিজ পদার্থবিধক ধাতুটোৰ আকৰিক বা আকৰ (ore) বুলি কোৱা হয়। যেনে- মাৰকিউৰিক অক্সাইড (HgO)আৰু চিনাবাৰ (HgS)পাৰাৰ আকৰ, যিংক ছালফাইড (ZnS) যিংকৰ আকৰ আদি ।
(c) ছালফাৰৰ গুড়ি বায়ুত উত্তাপিত কৰিলে ছালফাৰ ডাই অক্সাইড উৎপন্ন হয়।
A. বিক্রিয়াটোৰ সন্ত ুলিত সমীকৰণ হল-
S (s) + O2 (g) → SO2 (g)
B. (i) ছালফাৰ ডাই অক্সাইডে শুষ্ক লিটমাছ কাগজৰ লগত কোনো ধৰণৰ বিক্ৰিয়া নকৰে।
(ii) ছালফাৰ ডাই অক্সাইডে সিক্ত লিটমাছ কাগজৰ লগত বিক্ৰিয়া কৰি নীলা লিটমাছ কাগজক ৰঙালৈ পৰিৱৰ্তন কৰে, কাৰণ ছালফাৰ ডাই অক্সাইড পানীৰ সংস্পৰ্শলৈ আহিলে ছালফিউৰিক এছিড উৎপন্ন হয়।
(d) আয়নীয় যৌগবোৰ ধনাত্মক আৰু ঋণাত্মক আয়নৰ মাজত বিদ্যুৎস্থিতীয় আকর্ষণ বলৰ ফলত সৃষ্টি হয়। এই আন্তঃ আয়নীয় বিদ্যুৎস্থিতীয় আকর্ষণ বল অতি প্রবল হোৱা বাবে আয়নীয় যৌগবোৰ ভাঙি আয়নবোৰ পৃথক কৰিবলৈ ভালেখিনি তাপশক্তিৰ প্ৰয়োজন হয়, সেয়ে আয়নীয় যৌগৰ গলনাংক আৰু উতলাংক অতি বেছি হয়।
Or/ নাইবা
(a) অধাতু আৰু অক্সিজেনৰ মাজত যােজন হ'লে কোন প্রকাৰৰ অক্সাইড উৎপন্ন হয়? 1
(b) প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা এটা ধাতুৰ নাম লিখা। 1
(c) মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে কি ঘটে? ৰাসায়নিক সমীকৰণ লিখা। 1
(d) এটা পৰীক্ষা নলীত তুমি CuSO4 ৰ এটা জলীয় দ্রৱ (নীলা বৰণ) লােৱা। CuSO4 ৰ দ্ৰৱটোত এটা পৰিষ্কাৰ লােৰ গজাল ডুবাই দিয়া। প্রাই 20 মিনিট লক্ষ্য কৰাৰ পাছত - 2
(i) গজালটোত হােৱা পৰিবৰ্তন উল্লেখ কৰা।
(ii) বিক্রিয়াটোৰ এটা সন্তুলিত সমীকৰণ লিখা।
Answer: (a) অধাতু আৰু অক্সিজেনৰ মাজত যােজন হ'লে আম্লিক অক্সাইড উৎপন্ন হয়।
(b) প্ৰকৃতিত মুক্ত অৱস্থাত পােৱা এটা ধাতু হল সোন।
(c) মাৰকিউৰিক অক্সাইড (HgO) উত্তপ্ত কৰিলে ই মাৰকিউৰিলৈ বিজাৰিত হয়।
2HgO (s) → 2Hg (l) + O2 (g)
(d) (i) লোৰ গজালটোৰ ওপৰত এটা বাদামী ৰঙৰ প্ৰলেপ পৰিব। এই বাদামী ৰঙৰ প্ৰলেপটো কপাৰ ধাতুৰ প্ৰলেপ। আইৰণ কপাৰতকৈ অধিক সক্ৰিয় হোৱা বাবে ই কপাৰক কপাৰ ছালফেটৰ দ্ৰৱৰ পৰা প্ৰতিস্থাপিত কৰে। ইয়াৰ ফলত কপাৰ ছালফেটৰ নীলা ৰং পাতল সেউজীয়া ৰঙলৈ পৰিৱৰ্তন হয়।
(ii) বিক্রিয়াটোৰ সন্তুলিত সমীকৰণটো হল-
Fe (s) + CuSO4 (aq) → FeSO4 (aq) + Cu (s)
34. মানুহৰ উশাহ-নিশাহ প্রক্রিয়া বর্ণনা কৰা। জলচৰ প্ৰাণীৰ শ্বাস প্রশ্বাস হাৰ স্থলচৰ প্রাণীতকৈ কিয় বেছি? 4+1=5
Answer: মানুহৰ ক্ষেত্ৰত নাসাৰন্ধ্ৰইদি (nostril) দেহৰ ভিতৰলৈ বায়ু সেৱন কৰি লােৱা হয় । নাকৰ বিন্ধাত থকা নােমবােৰে ভিতৰলৈ অহা বায়ু ছেকী (Filtration) লয়। নাসাৰন্ধ্ৰত থকা শ্লেস্মাই এনে কার্যত সহায় কৰে। ইয়াৰ পাছত টেটু হৈ শ্বাসনলীয়েদি হাঁওফাঁওলৈ বায়ুৰ প্রৱেশ ঘটে। টেটুৰ বায়ু নলীকা ডালত কিছুমান উপাস্থি (Cartilase) ৰে গঠিত আঙুঠি থাকে। সেইকাৰণে শ্বাসনলীৰ মাজেদি বায়ু চলাচল কৰোঁতে ই চেপেটা হৈ লাগি নধৰে।
হাঁওফাওঁৰ ভিতৰত শ্বাসনলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্র ক্ষুদ্র বেলুন সদৃশ অংগৰ সৃষ্টি হয়। এই বেলুন সদৃশ অংগবােৰক বায়ুকুপ (alveoli) বুলি কোৱা হয়। বায়ুকূপ বিলাকত অসংখ্য ক্ষুদ্র ক্ষুদ্ৰ ৰক্ত কেশিকাই জালিকা গঠন কৰে। উশাহ লােৱাৰ সময়ত আমাৰ কামি হাড়বােৰ ওপৰলৈ তুলি দিয়াৰ বাবে মধ্যচ্ছদা (diaphragm) খন নিম্নগামী হৈ গতি কৰে আৰু তেতিয়াই বক্ষ গহ্বৰটো ডাঙৰ হৈ পৰে। ইয়াৰ ফলত হাঁওফাঁওৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকূপবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ পৰে। দেহৰ বিভিন্ন অংশৰ পৰা তেজে কঢ়িয়াই অনা কার্বন ডাই অক্সাইড বায়ু কোষবােৰত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তজালিকাই শােষণ কৰি লয় আৰু পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে। উশাহৰ সময়ত বায়ু গ্রহণ আৰু নিশাহত এৰি দিওঁতে হাঁওফাওঁত অৱশিষ্ট বায়ুৰ আয়তন যথেষ্ট থাকে। সেইকাৰণে নির্দিষ্ট পৰিমাণৰ অক্সিজেন গ্রহণ আৰু কার্বন ডাই অক্সাইড এৰি দিব পাৰে।
প্রাণীসমুহে বায়ুমণ্ডলৰ পৰা অক্সিজেন গ্রহন কৰা আৰু দেহত উৎপন্ন হোৱা কার্বন ডাই অক্সাইড নির্গত কৰাৰ বাবে বিভিন্ন ধৰণৰ অংগ ব্যৱহাৰ কৰে। স্থলচৰ (terrestrial) প্রাণীবোৰে বায়ুমণ্ডলৰ পৰা পোনপটিয়াকৈ অক্সিজেন গ্ৰহণ কৰিব পাৰে কিন্তু জলচৰ প্ৰাণীবোৰে পানীত দ্রবীভূত অক্সিজেনহে শোষণ কৰে। যিহেতু পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণতকৈ তুলনামূলকভাৱে কম, সেইকাৰণে জলচৰ প্ৰাণীয়ে স্থলচৰ প্রাণীতকৈ খৰকৈ উশাহ লয়।
Or/ নাইবা
সালোক সংশ্লেষণ কি? সালােক সংশ্লেষণৰ সময়ত হােৱা মুখ্য ঘটনা সমূহ কি? উদ্ভিদে কেনেকৈ CO2 শােষণ কৰে লিখা। 1+3+1=5
Answer: স্বপােষীয় জীৱই প্রয়ােজনীয় কার্বন আৰু শক্তি সালােক সংশ্লেষণ প্রক্রিয়াৰদ্বাৰা সংগ্রহ কৰে। ই এনে এটা প্রক্রিয়া যাৰ সহায়ত স্বপােষীয় জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লােৱা কিছুমান দ্রব্যক পৰিৱৰ্তন ঘটাই সিহঁতে নিজৰ দেহত শক্তি হিচাপে সঞ্চিত কৰিব পাৰে। এনেবােৰ জীৱই বহিঃ পৰিবেশৰ পৰা আহৰণ কৰি লােৱা কার্বন ডাই অক্সাইড আৰু পানী সূর্যৰ পােহৰৰ উপস্থিতিত পত্রহৰিৎ (Chlorophyll) ৰ সহায়ত কার্বহাইড্রেটলৈ পৰিৱৰ্তন কৰে। এই কার্বহাইড্রেট বিলাকেই কামত লাগি উদ্ভিদক শক্তিৰ যােগান ধৰে। যিখিনি কার্বহাইড্রেট লগে লগে ব্যৱহাৰ নহয় সেইখিনি শ্বেতসাৰ হিচাপে সঞ্চিত হৈ থাকে আৰু এই সঞ্চিত শ্বেতসাৰৰ পৰা প্রয়ােজন সাপেক্ষে উদ্ভিদে শক্তি আহৰণ কৰি লয়।
সালােক সংশ্লেষণ প্রক্রিয়া তলত দিয়া ধৰণে সংঘটিত হয়।
(i) পােহৰ শক্তিক পত্ৰহৰিতৰদ্বাৰা শােষণ।
(ii) পােহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন আৰু পানীৰ অণুক হাইড্রজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ।
(iii) কার্বন ডাই অক্সাইড বিজাৰণৰদ্বাৰা কাৰ্বহাইড্রেট উৎপন্ন।
উদ্ভিদে পত্ৰৰন্ধ্ৰইদি বায়ু শােষণ
কৰি আন্তঃকোষীয় ঠাইত মজুত ৰাখে যাতে ইয়াৰ চাৰিওফালে স্পর্শ কৰি থকা কোষবিলাকে
ব্যাপন প্রক্রিয়াৰে কার্বন ডাই অক্সাইড আৰু অক্সিজেন গেছৰ বিনিময় সংঘটিত কৰিব পাৰে। ইয়াৰ পৰা
অক্সিজেন কোষলৈ যায় আৰু কোষৰ পৰা কার্বন ডাই অক্সাইড পত্ৰৰন্ধ্ৰইদি বায়ুমণ্ডললৈ এৰি
দিয়ে।ব্যাপনৰ দিশ নির্ভৰ কৰে পৰিবেশৰ অৱস্থা আৰু উদ্ভিদৰ প্ৰয়ােজনীয়তাৰ ওপৰত।
35. যদি মুখ্য অক্ষ OO' ৰ ওপৰত A1B1, A2B2, লক্ষ্যবস্তু আৰু প্রতিবিম্বৰ অৱস্থান হয়, অংকণ কৰি লেনছৰ অবস্থান আৰু মুখ্য অক্ষত থকা ফ'কাছ দুটাৰ অৱস্থান নির্ণয় কৰা। লেন্ছটোৰ প্ৰকাৰ কি?
(-2.0) D ক্ষমতাযুক্ত লেনছৰ ফকাছ দৈৰ্ঘ নিৰ্ণয় কৰা।
2+1+1+1=5
Answer:
লেনছখন উত্তল লেনছ।
দিয়া আছে, লেনছৰ ক্ষমতা, P= -2.0 D
এতেকে ফকাছ দৈৰ্ঘ, f= 1/P= 1/-2= - 0.5 m
Or/ নাইবা
15 cm ফোকাছদৈর্ঘ্য যুক্ত উত্তল দাপােণ ব্যবহাৰ কৰি অসৎ, থিয়, সংকুচিত (বিন্দু আকাৰৰ নহয়) প্রতিবিম্ব প্রত্যক্ষ কৰিবলৈ প্রয়ােজনীয় ৰেখচিত্র অংকণ কৰা।
উত্তল দাপােণ এখনৰ বিবর্ধন 1/n । যদি ফোকাছদৈর্ঘ্য f হয়, বস্তুৰ স্থান, প্রতিবিম্বৰ স্থান ভাজব্যাসার্ধ r ত প্ৰকাশ কৰা। 2+2+1=5
Answer:
আমি জানো, বিৱৰ্ধন, m= - v/u
=> 1/n = -v/u ---------- 1
ð u = -nv
ð u = -n (uf/u-f) ( 1/u+1/v = 1/f সমীকৰণৰ পৰা)
ð u-f = -nf
ð u = f(1-n)
ð u = r/2
এতেকে,
v = - u/n
ð
v = - r/2n
36. প্ৰাকৃতিক সম্পদবােৰৰ বহনক্ষম ব্যৱস্থাপনা কৰিৱলৈ তুমি কি কৰিবা 5
Answer: প্ৰাকৃতিক সম্পদবােৰৰ বহনক্ষম ব্যৱস্থাপনা কৰিৱলৈ -
1. সম্পদৰ সীমিত ব্য়ৱহাৰ কৰিম।
2. পৰিবেশৰ ক্ষতি হ'ব পৰা কাৰ্যকলাপৰ পৰা বিৰত থাকিম।
3. সম্পদ সংৰক্ষণৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহন কৰিম।
4. পৰিবেশ সংৰক্ষণৰ তিনিটা R মানি চলিম।
5. ইন্ধনৰ সীমিত ব্য়ৱহাৰৰ প্ৰতি লক্ষ্য় ৰাখিম।
Or/ নাইবা
আমি বনাঞ্চল আৰু বন্যপ্রাণী সংৰক্ষণ কিয় কৰিব লাগে ? অৰণ্য ব্যবস্থাপনাত মানুহৰ ভুমিকাৰ এটা উদাহৰণ দিয়া। 5
Answer: বনাঞ্চল সমূহ হৈছে জৈৱ বৈচিত্ৰ্য়ৰ অঞ্চল।এই জৈৱ বৈচিত্ৰ্য়ৰ প্ৰতিটো জীৱ অতি প্ৰয়োজনীয়। এই জৈৱ বৈচিত্ৰ্য়সমূহ সংৰক্ষণৰ প্ৰধান লক্ষ্য় হল ইহঁতক বিলুপ্ত বা বিনাশ হোৱাৰ পৰা ৰক্ষা কৰা।বন আৰু বন্য়প্ৰাণী সমূহ সংৰক্ষণ কৰাটো অতি গুৰুত্বপূৰ্ণ কাৰণ দেখা গৈছে যে জৈৱবৈচিত্ৰ্য় বিনাশৰ ফলত প্ৰাকৃতিক ভাৰসাম্য় বিনষ্ট হৈছে।তাৰোপৰি বনাঞ্চল সমূহে আমাক অতি লাগতীয়াল বহুতো সম্পদ প্ৰদান কৰে।স্থানীয় বাসিন্দা সকলে বিভিন্ন প্ৰয়োজনীয় সম্পদ যেনেঃ ঘাঁহৰ কাৰণে গছৰ পাত, ঔষধৰ কাৰণে শাক-বন, খাদ্য়ৰ কাৰণে গছৰ ফলমূল আদিৰ বাবে অৰণ্য়ৰ ওপৰত নিৰ্ভৰ কৰে।আনহাতে বিভিন্ন উদ্য়োগবোৰে কাৰখানাৰ কেঁচা সামগ্ৰীৰ কাৰণে বণাঞ্চলৰ ওপৰতেই নিৰ্ভৰশীল।এই সকলো বিলাক দিশ পৰ্যবেক্ষণ কৰিলে দেখা যায় যে মানৱজাতিৰ সৰ্বাংগীণ কল্য়াণ আৰু উন্নতি সাধনৰ বাবে বনাঞ্চল সংৰক্ষণৰ অতিৱ প্ৰয়োজন।
অৰণ্য ব্যৱস্থাপনাত মানুহৰ ভূমিকাৰ এটা উদাহৰণ হল-
1972 চনত পশ্চিমবংগ বনবিভাগে ৰাজ্যখনৰ দক্ষিণ পশ্চিম জিলাসমূহৰ শাল গছৰ বনাঞ্চল (Sal forest) ৰ অৱশয়ৰ দায়িত্ব স্বীকাৰ কৰিছিল। পৰম্পৰাগত তদাৰক আৰু পৰিচালন ব্যৱস্থাই স্থানীয় লােকক প্রশাসনৰপৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন কৰিছিল। যাৰ কাৰণে বন বিভাগ আৰু গাঁওবাসীৰ মাজত সংঘর্ষ হৈছিল। অৰণ্য আৰু মাটি-বাৰী সংক্রান্তীয় সংঘৰ্ষৰ ফলত নক্সালপন্থীৰ সামৰিক কৃষক আন্দোলন গঢ়ি উঠিছিল।
সেইমর্মে বনবিভাগে কৌশল সলনি কৰি মিডনাপুৰ জিলাৰ আৰাবাৰি ফৰেষ্ট (Arabari Forest) অঞ্চল গঢ়ি তুলিছিল। এজন দুৰদৃষ্টিসম্পন্ন বন বিষয়া A.K. Banerjee আৰু গাঁওবাসী লগ লাগি 1.272 হেক্টৰৰ অতিকৈ অবক্ষয়প্রাপ্ত শাল গছৰ বনাঞ্চল ৰক্ষা কৰিছিল। ইয়াৰ কাৰণে গাঁওবাসীক বৃক্ষৰােপন (Silviculture) আৰু সম্পদ চপােৱাৰ কাৰণে নিয়ােগ কৰিছিল, চপােৱা সম্পদৰ 25% তেওঁলােকক দিছিল আৰু নুন্যতম খৰচৰ বিনিময়ত খৰি, গৰু-ম'হৰ খাদ্য আদিৰ যােগান ধৰিছিল।স্থানীয় ৰাইজৰ সক্রিয় আৰু পূর্ণ সহযােগিতাৰ ফলত 1983 চনত আৰাবাৰীৰ শাল বনাঞ্চল পুনৰুদ্ধাৰ হ’ল। পােনতে মূল্যহীন বুলি ভবা এই বনাঞ্চলৰ মূল্য প্রায় 12.5 কোটি টকা হ'লগৈ।
Excellent 👌. Thank you.
ReplyDelete