Heredity and Evolution (Question Answer)

GROUP-A / ক—ভাগ
For each question given below, four answers are given. Out of four only one answer is correct. Select the correct answer
তলৰ প্ৰতিটো প্ৰশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। চাৰিটাৰ ভিতৰত এটাহে শুদ্ধ উত্তৰ। শুদ্ধ উত্তৰটো বাছি উলিওৱা :
1. Fe2O3 + 2Al → Al2O3 + 2Fe
ওপৰৰ বিক্রিয়াটো এটা উদাহৰণ 1
(a) এটা সংযোজন বিক্রিয়াৰ
(b) এটা দ্বি-অপসাৰণ বিক্রিয়াৰ ।
(c) এটা বিয়োজন বিক্রিয়াৰ
(d) এটা অপসাৰণ বিক্রিয়াৰ
Answer: (d) এটা অপসাৰণ বিক্রিয়াৰ
2. খাদ্যবস্তু
ভৰাই
ৰখা
পাত্রবোৰত
টিনৰ
প্রলেপ
দিয়া
হয়, জিংকৰ
নহয়।
কিয়নো 1
(a) টিনতকৈ যিংক দামী।
(b) যিংকৰ গলনাংক টিনতকৈ বেছি।
(c) যিংক টিনতকৈ অধিক সক্রিয়।
(d) যিংক টিনতকৈ কম সক্রিয়।
Answer: (c)
যিংক টিনতকৈ অধিক
সক্রিয়।
3. এটা
দ্ৰৱই
ৰঙা
লিটমাছ
নীলা
কৰিছে
। ইয়াত
pH হ'ব
পাৰে। 1
(a)
1
( b) 4 (c) 5 (d)10
Answer: (d)10
4.পর্যাবৃত্ত তালিকাৰ পৰ্যায়বোৰত বাওঁফালৰ পৰা সোঁফাললৈ যাওঁতে ঘটা পৰিৱৰ্তনৰ প্রকৃতিৰ ওপৰত আগবঢ়োৱা তলৰ উক্তিসমূহৰ কোনটো শুদ্ধ উক্তি নহয় ? 1
(a) মৌলবোৰ কম ধাতৱধৰ্মী হৈ পৰে।
(b) যোজক ইলেক্ট্রনৰ সংখ্যা বাঢ়ে।
(c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।
(d)অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে।
Answer: (c) পৰমাণুবোৰে সিহঁতৰ যোজক ইলেক্ট্রন অধিক সহজে হেৰুৱায়।
5. যি প্রক্রিয়াৰ দ্বাৰা এটা স্বপোষী জীৱৰ কার্বন আৰু শক্তিৰ প্রয়োজনীয়তা পূর্ণ কৰা হয় তাক
(a) সালোক সংশ্লেষণ বোলে
(b) বাষ্পমোচন বোলে
(c) স্থানান্তৰণ বোলে
(d) দীপ্তফচফৰিলীকৰণ বোলে
Answer: (a) সালোক সংশ্লেষণ বোলে
6. তেজত চেনীৰ মাত্রা নিয়ন্ত্রণ কৰি থকাত সহায় কৰা অগ্ন্যাশয়ৰ দ্বাৰা উৎপাদিত হৰম'নবিধ 1
(a) এড্ৰিনেলিন
(b) থাইৰক্সিন
(c) ইনচুলিন
(d) টেষ্ট’ষ্টেৰণ
Answer: (c) ইনচুলিন
7. ভোক আৰু পিয়াহ লগাৰ অনুভূতিৰ বাবে পৰিচালিত মস্তিষ্কৰ অংশটো হ'ল 1
(a) প্ৰমস্তিষ্ক
(b) মধ্যমস্তিষ্ক
(c) পশ্চাৎমস্তিষ্ক
(d) হাইপ’থেলামাছ
Answer: (a) প্ৰমস্তিষ্ক
8. এটা বৈদ্যুতিক বাল্ব 220 V আৰু 100 w চিহ্নিত কৰা আছে। যেতিয়া ইয়াক 110 vত ব্যৱহাৰ কৰা হয়, তেতিয়া ইয়াৰ ক্ষমতা হ’ব 1
(a) 75 w (b) 25 w (c) 100 w (d) 50 w
Answer: (b) 25 w
9. তলৰ কোনটো সৌৰশক্তি আধাৰিত নহয় ?
(a) জৈৱ উপাদান (b) নিউক্লীয় শক্তি (c) ভূতাপীয় শক্তি (d) বায়ু শক্তি
Answer: (b) নিউক্লীয় শক্তি
10. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে ? 1
(a) পিঠা, কাঠ আৰু ঘাঁহ
(b) ফল মূলৰ বাকলি, পিঠা আৰু টেঙা ৰস
(c) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(d) ঘাঁহ, ফুল আৰু চামৰা
Answer: (b) ফল মূলৰ বাকলি, পিঠা আৰু টেঙা ৰস
CH3-CH2OH ক্ষাৰকীয় KMnO4+ তাপ→ CH3 COOH
(b) 2H2S + 3O2 → 2H2O + 2SO2
প্ৰাকৃতিক গেছৰ দহনঃ CH4 (g) + 2O2 (g) ---→ CO2 (g) + 2H2O(g) + তাপ
প্ৰাকৃতিক গেছৰ দহনৰ ফলত প্ৰচুৰ পৰিমানে তাপ উত্পন্ন হয় আৰু ই এটা তাপবৰ্জী বিক্ৰিয়া।
আনহাতে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াটো সংঘটিত হবলৈ শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। এই শোষিত শক্তি তাপ, বিদ্য়ুত বা পোহৰ যিকোনো প্ৰকাৰৰ হব পাৰে। যেনে-
2AgCl (s) -----------→ 2Ag(s) + Cl2(g) (সূৰ্যৰ পোহৰৰ উপস্থিতিত)
এই বিক্ৰিয়াটো সূৰ্যৰ পোহৰৰ পৰা শক্তি শোষণ কৰিহে সম্পন্ন হয়। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়া।
NaCl + H2O + CO2 + NH3 → NH4Cl + NaHCO3
(এমনিয়াম ক্ল’ৰাইড) (ছ’ডিয়াম হাইড্র’জেন কাৰ্বনেট)
19. নতুন প্রজাতি এটাৰ উৎপত্তিৰ বাবে কি কি উপাদানে অৰিহণা যোগায়, উল্লেখ কৰা। 2
Answer: নতুন এটা প্ৰজাতিৰ উত্পত্তিৰ কাৰণে তলত দিয়া উপাদান সমূহে অৰিহনা যোগায়---
20. সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয় ? 2
Answer: সাধাৰণ চকুৰ বাবে নিকট বিন্দু হল 25 cm । সেয়েহে সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত
ৰখা বস্তু দেখা নাপায়।
21. পোহৰ বায়ুৰ পৰা 1:5 প্রতিসৰাংকৰ কাঁচৰ মাধ্যমলৈ প্রবেশ কৰিছে। কাঁচত পোহৰৰ
দ্রুতি কিমান হব ? (বায়ুত পোহৰৰ বেগ 3x 108 ms-1) 2
Answer: দিয়া আছে, কাঁচৰ প্ৰতিসৰনাংক, ng = 1.5
বায়ুত পোহৰৰ বেগ, C= 3x 108 ms-1
এতেকে, কাঁচত পোহৰৰ দ্রুতি, V= C/ng
= 3x108/1.5
=2x108 ms-1
22. বৈদ্যুতিক মটৰৰ মূল নীতিটো উল্লেখ কৰা। বৈদ্যুতিক মটৰত ফলা আঙঠিৰ কাম কি? 1+1=2
Answer: বৈদ্যুতিক মটৰ হৈছে বৈদ্যুতিক শক্তিক যান্ত্রিক শক্তিলৈ ৰূপান্তৰ কৰা এটা সঁজুলী।
চৌম্বক ক্ষেত্রত প্রবাহযুক্ত পৰিবাহী এডাল স্থাপন কৰিলে সি এটা বলৰ কবলত পৰিব। যদি চৌম্বক ক্ষেত্ৰৰ দিশ আৰু প্রবাহৰ দিশ পৰস্পৰ লম্ব হয়, তেতিয়া পৰিবাহী ডালৰ ক্রিয়া কৰা বলৰ দিশ ইহঁত দুয়োটাৰে লম্ব হ'ব আৰু ফ্লেমিঙৰ বাওঁহতীয়া নিয়মৰ সহায়েৰে ইয়াক উলিয়াব পাৰি। ইয়েই বৈদ্যুতিক মটৰৰ মূল নীতি।
23. ঘৰুৱা বৈদ্যুতিক বর্তনীত অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা লিখা। 2
Answer: ঘৰুৱা বৈদ্যুতিক বর্তনীত অত্যধিক বোজাৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা হ'ল-
1. ভূমি সংযোগী তাঁৰ
2. ফিউজ তাঁৰ
24. নাইট্র'জেন (পাৰমাণবিক সংখ্যা 7) আৰু ফছফ'ৰাছ (পাৰমাণবিক সংখ্যা 15) পৰ্যাবৃত্ত তালিকাৰ বৰ্গ 15ত থাকে। এই মৌল দুটাৰ ইলেক্ট্রনীয় বিন্যাস লিখা। ইহঁতৰ কোনটো বেছি বিদ্যুৎ ঋণাত্মক হ’ব আৰু কিয় ? 3
Answer: নাইট্র'জেনৰ (পাৰমাণৱিক সংখ্যা 7) ইলেকট্রনীয় বিন্যাস হ'ব- 2,5
ফছফ'ৰাছৰ (পাৰমাণৱিক সংখ্যা 15) ইলেকট্রনীয় বিন্যাস হ'ব- 2,8,5
ইহঁতৰ ভিতৰত নাইট্ৰ'জেন বেছি বিদ্য়ুত ঋণাত্মক হ'ব কাৰণ নাইট্ৰ'জেনৰ বহিৰতম কক্ষ হৈছে দুই নম্বৰ কক্ষ আৰু ই নিউক্লিয়াছৰ পৰা ওচৰত থকা বাবে নাইট্ৰ'জেনে সহজে ইলেকট্ৰন গ্ৰহন কৰিব পাৰিব। সেয়ে ই ফছফ'ৰাছতকৈ অধিক বিদ্য়ুত ঋণাত্মক হ'ব।
Or
(a) গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূর্বেই মেণ্ডেলিভে তেওঁৰ তালিকাত ঠাই ৰাখি থৈ গৈছিল ? (যিকোনো দুটা) 1
(b) মেণ্ডেলিভৰ পর্যাবৃত্ত তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইডৰ সংকেত নির্ণয় কৰা
:
K আৰু
Al 1
(c) সম্রান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে ? 1
Answer: (a) স্কেনডিয়াম আৰু জার্মেনিয়াম।
(b) K2O আৰু Al2O3
(c) সম্ভ্ৰান্ত গেছবোৰ ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰু ইহঁতে একেধৰণৰ ধৰ্ম প্ৰদৰ্শন কৰে। সেয়ে ইহঁতক
এটা সুকীয়া বৰ্গত স্থান দিয়া হৈছে।
25. আমাৰ দেহত স্নায়ু প্ৰেৰণা কেনেদৰে প্রবাহিত হয় ? 3
Answer: স্নায়ু কলা (nervous tissues) আৰু পেশী কলাৰদ্বাৰা প্ৰাণীৰ দেহত নিয়ন্ত্রণ আৰু সমন্বয়
সমাধা হয়। বাহ্যিক পৰিবেশৰ সকলো বার্তা বা উত্তেজনাসমূহ অনুভৱ কৰিবলৈ আমাৰ দেহত
এবিধ বিশেষ কোষ থাকে। ইয়াক সংবেদী স্নায়ুকোষ বোলে। এনেধৰণৰ সংগ্ৰাহী (receptor)
বিলাক আমাৰ দেহৰ সংবেদনশীল অংগ (Sense organ)যেনে- অন্তঃকৰ্ণ ( inner ear), নাক (nose),
জিভা (tongue) আদিত থাকে।সেইকাৰণে কোষবিলাকে খাদ্যৰ স্বাদ আৰু কোষে গোন্ধ অনুভৱ
কৰিব পাৰে।
স্নায়ুকোষবোৰ কোষদেহ (Cell body) আৰু স্নায়ু প্রৱর্ধ (nerve process) ৰে গঠিত।স্নায়ু
প্রৱর্ধ দুই প্ৰকাৰৰ - এক্সন (axon) আৰু ডেনড্রাইট (dendrite)। ডেনড্রাইট (dendrite) বোৰে
নিকটবর্তী কোষৰ পৰা স্নায়ু বার্তা বা উদ্দীপনা সংগ্রহ কৰে।স্নায়ুকোষৰ ক্ষুদ্র স্নায়ু ফাঁকেৰে
এবিধ ৰাসায়নিক পদার্থৰ জৰিয়তে বৈদ্য়ুতিক প্রেৰণা (Electrical impulse) সৃষ্টি কৰে।এই
বৈদ্য়ুতিক প্ৰেৰণা ডেনড্রাইটৰ পৰা দেহকোষলৈ আৰু পিছত এক্সনৰ মাজেদি ইয়াৰ শেষ প্রান্তত
আন এটা স্নায়ুলৈ প্ৰেৰণ কৰে। এক্সনৰ প্রান্তীয় শাখাত বৈদ্য়ুতিক প্ৰেৰণাৰ পৰা কিছুমান ৰাসায়নিক
পদার্থ মুক্ত হয়। এই ৰাসায়নিক পদার্থবোৰ এটা স্নায়ুকোষৰ এক্সন আৰু ইয়াৰ নিকটৱর্তী
কোষৰ ডেনড্রাইটৰ মাজৰ সংযোগী পথ বা ছাইনেপছ (Synapse) ৰ মাজেদি পাৰ হৈ আনটো
স্নায়ু কোষলৈ প্রেৰিত হয়। এনে ধৰণেই আমাৰ দেহত স্নায়ু সংবেদন প্রেৰণ হয়। এনেধৰণৰ
ছাইনেপছৰ পৰা স্নায়ু প্রেৰণা নিকটৱৰ্তী পেশীকোষ বা গ্রন্থীকোষবোৰলৈও প্রেৰিত হ'ব পাৰে।
এনেদৰে স্নায়ুকলাবোৰ স্নায়ুকোষ বা নিউৰন (neuron) ৰ দ্বাৰা গঠিত আৰু নিউৰণবোৰৰ
মাজেদি বৈদ্যুতিক প্ৰেৰণাৰ স্নায়ু অনুভূতি দেহৰ এটা অংশৰ পৰা অন্য এটা অংশলৈ প্ৰেৰণ হয়।
Or/ নাইবা
অন্তঃস্রাৱী গ্রন্থি কি ? এটা অন্তঃস্রাৱী আৰু এটা বহিঃস্রাৱী গ্রন্থিৰ মাজৰ পার্থক্য কি ?
অন্তঃস্রাৱী আৰু বহিঃস্রাৱী দুয়োটা কার্য সম্পাদন কৰা গ্রন্থিটোৰ নাম লিখা।
1+1+1=3
Answer: অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাবিহীন গ্ৰন্থি। এই গ্ৰন্থিবোৰে সাধাৰণতে হ'ৰম'ন
নিঃসৰণ কৰে।অন্তঃস্ৰাৱী গ্ৰন্থিয়ে পোনপটিয়াকৈ তেজত নিঃসৰণ কৰে আৰু তেজে এইবোৰ
বিভিন্ন অংশলৈ কঢ়িয়াই লৈ যায়।
অন্তঃস্রাৱী গ্রন্থি |
বহিঃস্রাৱী গ্রন্থি |
1. অন্তঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাবিহীন গ্ৰন্থি 2.
অন্তঃস্ৰাৱী গ্ৰন্থিয়ে হ'ৰম'ন নিঃসৰণ কৰে 3.
অন্তঃস্ৰাৱী গ্ৰন্থিয়ে পোনপটিয়াকৈ তেজত নিঃসৰণ কৰে 4.
অন্তঃস্ৰাৱী গ্ৰন্থিৰ গঠন সৰল |
1.
বহিঃস্ৰাৱী গ্ৰন্থিবোৰ হৈছে বাহীকাযুক্ত গ্ৰন্থি 2.
বহিঃস্ৰাৱী গ্ৰন্থিয়ে এনজাইম নিঃসৰণ কৰে 3.
বহিঃস্ৰাৱী গ্ৰন্থিয়ে সিহঁতৰ বাহীকাসমূহত নিঃসৰণ কৰে 4.
বহিঃস্ৰাৱী গ্ৰন্থিৰ গঠন জটিল |
26. এমিবাৰ ক্ষেত্ৰত কি প্রক্রিয়াৰ দ্বাৰা প্রজনন সংঘটিত হয় ? অযৌন প্রজননতকৈ যৌ যৌন প্রজনন প্রক্রিয়াৰ সুবিধাসমূহ কি কি ? 1+2=3
Answer: এমিবাৰ ক্ষেত্ৰত দ্বিখন্ডন বা বিভাজন (fission) প্রক্রিয়াৰ দ্বাৰা প্রজনন সংঘটিত হয়।
যৌন প্ৰজননত এটা কোষৰ পৰা দুটা অপত্য় কোষৰ সৃষ্টি হোৱা প্ৰক্ৰিয়াটোত ডি. এন.এ আৰু কোষ অংগাণুসমূহৰ প্ৰতিলিপিকৰণ হয়। ইয়াৰ ফলত জীৱকূলৰ মাজত বৈশাদৃশ্য়তাৰ সৃষ্টি হয়। ই জীৱৰ ক্ৰমবিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়, যিটো অযৌন প্ৰজননত সম্ভব নহয়।
27. প্ৰভাৱী চৰিত্ৰ কি ? এটা জনুৰ পৰা তাৰ পৰৱর্তী জনুৱে বংশানুক্রমে আহৰণ কৰা চৰিত্ৰসমূহ স্বতন্ত্রভাৱে হস্তান্তৰিত হয় বুলি মেণ্ডেলে তেওঁৰ পৰীক্ষাৰ দ্বাৰা
কেনেদৰে প্রমাণিত কৰিছিল ? 1+2=3
Answer: যৌন প্ৰজননকাৰী জীৱবিলাকৰ একেটা চাৰিত্ৰিক বৈশিষ্ট্য়ৰে জিনৰ দুটাকৈ প্ৰতিলিপি থাকে। যদিহে প্ৰতিলিপিবিলাক হুবহু একে নহয় তেতিয়া যিটো প্ৰতিলিপিৰ চৰিত্ৰ প্ৰকাশ পায় তাক প্ৰভাবী (Dominant) চৰিত্ৰ বোলে।
মেন্ডেলে তেখেতৰ পৰীক্ষামূলক অধ্যয়নত মটৰ মাহ গছত দেখা পোৱা কেইবাটাও বিপৰীতধর্মী চৰিত্ৰ-ঘূৰণীয়া/সোঁতোৰা বীজ, ওখ/চাপৰ গছ, বগা/বেঙুণীয়া ফুল আ আৰু বহুতো চৰিত্ৰক আওঁতালৈ আনিছিল। তেখেতে মটৰ মাহ গছৰ উচ্চতাৰ ভিত্তিত ও ওখ আৰু চাপৰ গছৰ পৰিমাণ শতাংশ ৰূপত প্ৰকাশ কৰিছিল। প্ৰথম স্তৰৰ, প্রথম প্রজন্মত কোনোধৰণৰ মধ্যমীয়া বৈশিষ্ট্যপূর্ণ চৰিত্ৰ পোৱা নগৈছিল, বা F1ৰ সন্ততিবিলাক “ মধ্যমীয়া উচ্চতাৰ” নাছিল, সকলোবিলাক মটৰ মাহৰ গছ ওখ পোৱা গৈছিল। ইয়াৰ
পৰা বুজা যায় যে পৈতৃক পুৰুষ (Parental Generation)ৰ যি কোনো এটাহে চাৰিত্রিক বৈশিষ্ট্য দেখা পোৱা হৈছিল, দুয়োটাৰ সংমিশ্রণ ঘটা নাছিল। গতিকে, তাৰ পৰৱর্তী প্রশ্ন হ’ল F1 ৰ এই ওখ চৰিত্র বিশিষ্ট মটৰ মাহৰ গছখিনি পৈতৃক পুৰুষৰ ওখ গছখিনিৰ লগত হুবহু একে আছিলনে? মেণ্ডেলে তেওঁৰ পৰীক্ষাটোত পৈতৃক পুৰুষত দুটা বিপৰীত ধৰ্মী চৰিত্র বিশিষ্ট মটৰ মাহৰ গছ লৈছিল আৰু F1 জনুৰ গছৰ মাজতে স্ব-পৰাগযোগ ঘটাইছিল। পৈতৃক জনুৰ গছবোৰৰ সকলোখিনিয়েই ওখ চৰিত্ৰ সকলোবিলাক ওখ চৰিত্ৰ বিশিষ্ট হৈছিল। কিন্তু দ্বিতীয় প্রজন্ম বা F2 ত অর্থাৎ, F1 জনুৰ সকলোবিলাক ওখ চৰিত্রবিশিষ্ট গছ পোৱা নগৈছিল। তাৰ পৰিৱর্তে এক চতুর্থাংশ চাপৰ চৰিত্র বিশিষ্ট গছ পোৱা হৈছিল। ইয়াৰ পৰাই স্পষ্ট হয় যে মটৰ মাহৰ এই ওখ আৰু চাপৰ দুয়োটা চাৰিত্রিক বৈশিষ্ট্যই F1 লৈ বংশানুক্রমিকভাবে প্রবাহ ঘটিছিল কিন্তু ওখ চাৰিত্রিক বৈশিষ্ট্যটোহে প্রকাশ পাইছিল। সেয়েহে যৌন প্রজনন যোগে বংশ বিস্তাৰ কৰা প্রত্যেকটো জীৱই চাৰিত্রিক বৈশিষ্ট্যবিলাকৰ দুটাকৈ কাৰক বংশানুক্রমিকভাবে প্রবাহিত কৰে। এই দুয়োটা কাৰক হুবহু একেও হব পাৰে বা বেলেগ বেলেগো হব পাৰে আৰু পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে।Or/নাইবা
সমসংস্থ অংগ আৰু সমবৃত্তিক অংগৰ সংজ্ঞা দিয়া । চৰাইৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব পাৰিনে? তোমাৰ উত্তৰটো সাব্যস্ত কৰা। 3
Answer: যিবিলাক অংগৰ গঠন একেধৰণৰ যদিও প্ৰাণীসমূহে সিহঁতৰ দ্বাৰা বেলেগ বেলেগ কাৰ্য সমাধা কৰে, সেইবিলাক অংগক সমসংস্থ অংগ বোলে। যেনে- ভেকুলী আৰু জেঠীৰ অগ্ৰপদ সমসংস্থ অংগ।
আনহাতে যিবিলাক অংগ দেখিবলৈ একে আৰু একে কাৰ্য সমাধা কৰে, কিন্তু উৎপত্তি ভিন্ন হয় সেইবিলাক অংগক সমবৃত্তিক অংগ বোলে। যেনে- বাদুলীৰ ডেউকা আৰু চৰাইৰ ডেউকা।
চৰাইৰ পাখি আৰু বাদুলীৰ পাখিক সমসংস্থ অংগৰূপে গণ্য কৰিব নোৱাৰি কাৰণ ইহঁত দেখিবলৈ একে আৰু একে কাৰ্য সমাধা কৰে যদিও ইহঁতৰ উৎপত্তি বেলেগ।
28. নিকট-দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্মুখত 80 cm দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনচৰ প্রকৃতি কি আৰু ক্ষমতা কিমান? দৃষ্টিৰ বাবে আমাক এটাৰ পৰিৱর্তে দুটা চকুৰ প্রয়োজন কিয় ? 2+1=3
Answer:
ইয়াত, লক্ষ্য়বস্তুৰ দূৰত্ব, u= ∞
প্ৰতিবিম্বৰ দূৰত্ব, v= 80 cm
লেনচৰ সূত্ৰ, 1/f = 1/v - 1/u
= 1/-80 – 1/∞
= 1/-80- 0
= 1/-80
এতেকে, f = -80 cm
এতেকে, লেনচৰ ক্ষমতা, P = 1/f
= 100/-80 = -1.25 D
ক্ষমতা ঋণাত্মক, এতেকে লেনচখন অৱতল হ'ব
দৃষ্টিৰ বাবে দুটা চকু থকাৰ বহুতো সুফল আছে। ই দৃষ্টিক্ষেত্ৰ সম্প্ৰসাৰিত কৰে। এটা চকুৰ বাবে মানুহৰ অনুভূমিক দৃষ্টিক্ষেত্ৰৰ প্ৰসাৰ প্ৰায় 1500 আৰু দুটা চকুৰ বাবে তাৰ প্ৰসাৰ 1800 । তদুপৰি এটাৰ পৰিৱৰ্তে দুটা সংসূচকৰ ব্য়ৱহাৰে কম পোহৰত বস্তু দেখাৰ সামৰ্থ বঢ়ায়।
নাইবা
দৃষ্টিৰ বিকাৰ কি কি ? এজন মানুহৰ দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে তেওঁৰ -5.5 ডায়প্টাৰ ক্ষমতাৰ লেনচৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেনচৰ ক্ষমতা +1.5 ডায়'প্টাৰ হ'লে দূৰ দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেনচৰ
ফ’কাচ দৈর্ঘ্য কিমান ?
Answer: কেতিয়াবা চকুৰ উপযোজন ক্ষমতা লাহে লাহে হ্ৰাস পাব পাৰে। এনে অৱস্থাত মানুহে স্পষ্টভাৱে আৰু অনায়াসে বস্তুবোৰ দেখা নাপায়। চকুৰ প্ৰতিসৰণমূলক বিকাৰৰ বাবে দৃষ্টিৰ অনুভূতি ধূসৰ হৈ পৰে। দৃষ্টিৰ প্ৰতিসৰণমূলক বিকাৰ প্ৰধানকৈ তিনিবিধ। এইকেইটা হল- (i) মায়পিয়া বা নিকটদৃষ্টিগ্ৰস্ততা (Myopia) (ii) হাইপাৰ মেট্ৰপিয়া বা দূৰদৃষ্টিগ্ৰস্ততা (Hypermetropia) (iii) প্ৰেছবায়পিয়া বা জৰাদৃষ্টি (Presbyopia)।
দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে লেনচৰ ক্ষমতা, P= -5.5 ডায়প্টাৰ
এতেকে, লেনচৰ ফকাছ দৈৰ্ঘ, f=
1/P = 1/-5.5 = - 18.2 cm
29. তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো লিখা। যেতিয়া এটা অজ্ঞাত ৰোধ 12 vৰ এটা বেটাৰীৰ লগত সংয়োগ কৰা হয় তাত 2.5 mA প্ৰৱাহ চালিত হয়। ৰোধকটোৰ ৰোধ উলিওৱা । 1+2=3
Answer: তাপীয় ক্ৰিয়াৰ জুলৰ সূত্ৰটো
H= I2Rt
ইয়াত, H= উৎপন্ন হোৱা তাপ, I= প্ৰৱাহ, R= ৰোধ আৰু t= সময়।
ইয়াত, V= 12 V আৰু I= 2.5 mA=
2.5x 10-3 A
∴ ৰোধ, R= V/I
= 12/2.5x 10-3 = 4800 Ω =
4.8x 10-3 Ω
নাইবা
বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক কি ? কোনটোৱে বেছি শক্তি ব্য়ৱহাৰ কৰিব- এটা 250 W ৰ TV চেট এক ঘন্টা চলিলে বা এটা 1200 W ৰ বৈদ্য়ুতিক ইস্ট্ৰি 10 মিনিট চলিলে আৰু কেনেকৈ ? 1+2=3
Answer: বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হৈছে কিল'ৱাট ঘন্টা (kWh)
250 W ৰ TV চেটে এক ঘন্টাত ব্য়ৱহাৰ কৰা শক্তি = 250 W x 1 ঘন্টা = 250 Wh
1200 W ৰ বৈদ্য়ুতিক ইস্ট্ৰিয়ে 10 মিনিটত ব্য়ৱহাৰ কৰা শক্তি = 1200 W x 10 মিনিট
= 1200x 10/60= 200 Wh
এতেকে, TV চেট টোৱে বেছি শক্তি ব্য়ৱহাৰ কৰিব।
30. আমি শক্তিৰ বিকল্প উৎস বিচাৰো কিয় ? এটা অপৰম্পৰাগত শক্তিৰ উৎসৰ নাম লিখা আৰু ইয়াৰ দুটা সুবিধাৰ বিষয়ে উল্লেখ কৰা। 1+2=3
Answer: প্ৰযুক্তিবিদ্য়াৰ বিকাশৰ লগে লগে আমাৰ শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে। মানুহৰ জীৱনশৈলী সলনি হোৱাৰ ফলত যন্ত্ৰৰ দ্বাৰা কৰা কামৰ সংখ্য়া বাঢ়ি আহিছে। যিহেতু আমাৰ শক্তিৰ চাহিদা বাঢ়ি গৈছে গতিকে আমি বিকল্প শক্তিৰ উৎস বিচাৰো।
তাৰোপৰি পৰম্পৰাগতভাবে ব্য়ৱহাৰ কৰা কিছুমান শক্তিৰ উৎস যেনে- জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ নিৰ্গত হয়। এই গেছবিলাকে পৰিবেশ প্ৰদূষণ কৰে। সেইবাবেও অপৰম্পৰাগত আৰু প্ৰদূষণমুক্ত শক্তিৰ উৎসৰ সন্ধান কৰা হয়।এটা বহুলভাৱে ব্য়ৱহৃত অপৰম্পৰাগত শক্তিৰ উৎস হল- সৌৰ শক্তি। সৌৰ শক্তি ব্য়ৱহাৰৰ দুটা সুবিধা হল-
1. ই এটা নৱীকৰণযোগ্য় শক্তিৰ উৎস।
2. ইয়াৰ ব্য়ৱহাৰৰ ফলত পৰিবেশৰ ওপৰত বেয়া প্ৰভাৱ নপৰে।
31. পৰিস্থিতিতন্ত্রত
বিয়োজকৰ ভূমিকা কি?
এটা পৰিস্থিতিতন্ত্রত শক্তিৰ পৰিবহণৰ চিত্র আঁকা। 1+2=3
Answer: পৰিস্থিতিতন্ত্রত বিয়োজকে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ পদাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে। সেইবিলাককে উদ্ভিদে পুণৰ গ্ৰহন কৰে। বিভিন্ন বিয়োজক যেনে বেক্টেৰীয়া, ভেকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰি পৰিবেশ নিকা কৰি ৰখাৰ উপৰিও বিভিন্ন জৈৱ
যৌগসমূহ পুনৰ পৰিবেশত মুকলি কৰে।
উচ্চ স্তৰৰ মাংসহাৰী প্ৰাণী |
মাংসহাৰী প্ৰাণী |
তৃণভোজী প্ৰাণী |
উৎপাদক |
সূৰ্যৰ পোহৰ |
32. (a) ক্ষাৰকীয় KMnO4 বা আম্লিক K2Cr207 ৰ সৈতে ইথানলক উত্তপ্ত কৰিলে কি ঘটে? বিক্রিয়াটোৰ প্ৰয়োজনীয় ৰাসায়নিক সমীকৰণ লিখা 2
(b) এটা উদাহৰণেৰে সৈতে প্রতিস্থাপন বিক্রিয়া ব্যাখ্যা কৰা। 2
(c) তলৰ যৌগবোৰৰ নামবোৰ লিখা :
CH3-CH2OH ক্ষাৰকীয় KMnO4+ তাপ→ CH3 COOH
(b) সংপৃক্ত হাইড্ৰ’কার্বনবোৰ সক্রিয় নহয়। ইহঁত প্ৰায়ভাগ বিকাৰকৰ লগত নিষ্ক্ৰিয়। অৱশ্যে সুর্যৰ পোহৰৰ উপস্থিতিত ক্ল’ৰিনে অতি দ্রুততাৰে হাইড্র’কার্বনৰ লগত বিক্ৰিয়া কৰে। ক্ল'ৰিনে হাইড্ৰ'কার্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্রজেন পৰমাণু প্রতিস্থাপন কৰে। ইয়াকে প্রতিস্থাপন বিক্রিয়া বোলে কাৰণ এটা হাইড্র'জেন পৰমাণুৰ স্থান আন পৰমাণু বা পৰমাণ-গোটে দখল কৰে। এলকেনৰ উচ্চ সমগণবোৰৰ প্রতিস্থাপন বিক্রিয়াৰ ফলত একাধিক উপজাত দ্রব্য (product) পোৱা যায়। যেনে-
CH4 + Cl2 → CH3Cl + HCl (সূৰ্যৰ পোহৰত)
(c) (i) ব্ৰমইথেন (ii) মিথানেল
নাইবা
(a) ছ’ডিয়াম কার্বনেটৰ সৈতে ইথানয়িক এছিডে বিক্রিয়া কৰিলে কি কি বিক্রিয়াজাত
পদার্থ উৎপন্ন হয় ? বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা। 2
(b) চাবোনৰ মলি আঁতৰোৱাৰ প্রক্রিয়া ব্যাখ্যা কৰা। 2
(c) বিউটান’নৰ গঠন চিত্র আঁকা। 1
Answer: (a) ইথানয়িক এছিডে ছডিয়াম কার্বনেটৰ লগত বিক্রিয়া কৰি লৱণ, কার্বন ডাই অক্সাইড
আৰু পানী উৎপন্ন কৰে। উৎপন্ন হোৱা লৱণটোৰ সাধাৰণ নাম ছডিয়াম এছিটেট।2CH3COOH + Na2CO3 → 2CH3COONa + H20+ CO2
(b) বেছিভাগ মলি (dirt) তেলীয়া গুণযুক্ত । তেল পানীত অদ্রবণীয়। চাবোনৰ অণুবোৰ হৈছে দীর্ঘ শৃংখলযুক্ত কার্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটাছিয়াম লৱণ। চাবোনৰ আয়নীয় মেৰু
পানীত দ্ৰৱণীয়; আনহাতে কার্বন শৃংখল তেলত দ্ৰৱণীয়। এনেদৰে চাবোনৰ অনুবোৰে পানীত
সমুচ্ছায় (aggregates) ৰ সৃষ্টি কৰে যাক বা মাইছেল বা কর্ণাপুঞ্জ বোলে। ইয়াত অণুবোৰৰ
অনাধ্ৰ ুবীয় মেৰুটো তেলৰ টোপালৰ ফালে আৰু ধ্ৰ ুবীয় মেৰুটো বাহিৰৰ ফালে থাকে। ইয়ে
পানীত অবদ্ৰৱ বা ইমালচন (emulsion) সৃষ্টি কৰে। চাবোনৰ ফেনে এই ধৰণে কাপোৰৰ মলি
পানীত দ্ৰৱীভূত হোৱাত সহায় কৰে।
মাইছেল
(c)
(b)কাৰণ দর্শোৱা 1+1+1=3
(i) গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম, গ'ল্ড আৰু ছিলভাৰ ব্যৱহাৰ কৰা হয়।
(ii) ছ’ডিয়াম, পটাছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয়।
(iii)এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ
ব্যৱহাৰ কৰা হয়।
Answer: (a) যিংক ধাতু আইৰনতকৈ অধিক সক্ৰিয়। সেয়ে আইৰন (ll) ছালফেট দ্ৰৱণত যিংক ধাতু দিলে যিংকে আইৰণক অপসাৰিত কৰি যিংক ছালফেট উৎপন্ন কৰিব আৰু সেয়ে আইৰন (ll) ছালফেট দ্ৰৱৰ সেউজীয়া ৰং বৰণহীন হৈ পৰিব।
সংঘটিত হোৱা বিক্রিয়াটো হ'ল-
Zn(s) + FeSO4 (aq) → ZnSO4 (aq) + Fe(s)
(b) (i) প্লেটিনাম, গ’ল্ড আৰু ছিলভাৰ আদি ধাতুবোৰ কম সক্ৰিয় হোৱা বাবে ইহঁতে সাধাৰণতে কাৰো লগত বিক্ৰিয়া নকৰে।এই ধাতুবোৰ সহজে ক্ষয় নহয় কাৰণ এই ধাতুসমূহে বায়ুত থকা অক্সিজেন, কাৰ্বন ডাই অক্সাইড, জলীয় বাষ্প আদিৰ লগত সহজে বিক্ৰিয়া নকৰে।তাৰোপৰি এই ধাতুসমূহ অধিক নমনীয়, ঘাতসহনীয় আৰু ধাতব দ্য়ুতি সম্পন্ন। সেইবাবে ইহঁতক গহনা তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়।
(ii) ছডিয়ামৰ পটাছিয়াম আৰু লিথিয়াম ধাতু অধিক সক্ৰিয় হোৱাৰ বাবে ইহঁতে অক্সিজেনৰ লগত ইমান প্ৰৱণতাৰে বিক্রিয়া কৰে যে মুক্ত বায়ুত বিক্রিয়া ঘটিলে জুই জ্বলি উঠে। সেয়েহে দুৰ্ঘটনা ৰোধ কৰিবলৈ সিহঁতক কেৰাচিন তেলত ডুবাই ৰখা হয়।
(iii) এলুমিনিয়াম যথেষ্ট সক্রিয় ধাতু তথাপি ইয়াক ৰন্ধনত ব্যৱহাৰ কৰা বৰ্তন তৈয়াৰ কৰিবলৈ ব্যৱহাৰ ক কৰা হয় কাৰণ এলুমিনিয়ামে বায়ুত থকা অক্সিজেনৰ লগত বিক্ৰিয়া কৰি ইয়াৰ পৃষ্ঠভাগত এলুমিনিয়াম অক্সাইডৰ এটা সুষ্টিৰ আৱৰণৰ সৃষ্টি কৰি পৰৱৰ্তী বিক্ৰিয়া ৰোধ কৰে । তাৰোপৰি, এলুমিনিয়াম ধাতুৰ মূল্য় কম হোৱাৰ উপৰিও ই তাপৰ সুপৰিবাহী তদুপৰি ইয়াৰ গলনাংকও বেছি।
নাইবা
(a) ধাতুৰ শোধন বুলিলে কি বুজা? অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো উল্লেখ কৰা। এন’ড বোকা কাক বোলে ? 3
(b) কিয়, ব্যাখ্যা কৰা 1+1=2
(i) ছিলভাৰ অথাৎ ৰূপৰ পাত্র বা গহনা বতাহৰ সংস্পৰ্শত কিছু সময় থ'লে ক'লা হৈ পৰে।
(ii) কপাৰে বতাহত থকা সেমেকা কার্বন ডাইঅক্সাইডৰ লগত বিক্রিয়া কৰাৰ ফলত তাৰ উজ্জ্বল মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে।
Answer: (a) বিভিন্ন বিজাৰণ পদ্ধতিৰে পোৱা ধাতুবোৰ বিশুদ্ধ নহয়। ইহঁতৰ লগত কিছুমান অশুদ্ধি থাকে। এই অশুদ্ধিবোৰ আঁতৰ কৰিহে বিশুদ্ধ ধাতু পাব পাৰি। এই প্ৰক্ৰিয়াক ধাতুৰ শোধন বোলে। অশুদ্ধিযুক্ত ধাতু শোধন কৰিবলৈ বহুলভাৱে ব্যৱহাৰ হোৱা পদ্ধতিটো হল— বিদ্যুৎ পৰিশোধন
পদ্ধতি (Electrolytic Refining) । কপাৰ, যিংক, টিন, নিকেল ছিলভাৰ, গোল্ড আদি ধাতু এই
পদ্ধতিৰে শোধন কৰা হয়।
(b) (i) ৰূপৰ পাত্ৰ বা গহনা বতাহৰ সংস্পৰ্শত কিছু সময় থলে কলা পৰে। কাৰণ বতাহৰ উপস্থিতিত ছিলভাৰে ছালফাৰৰ সৈতে বিক্ৰিয়া কৰি ছিলভাৰ ছালফাইডৰ এটা আৱৰণ পেলায়।
(ii) কপাৰে বতাহত থকা সেমেকা কাৰ্বন ডাই অক্সাইডৰ লগত বিক্ৰিয়া কৰি সেউজীয়া ৰঙৰ কপাৰ কাৰ্বনেটৰ তৰপ পেলায়। সেয়ে তাৰ উজ্জ্বল মুগা ৰং পাতল হৈ শেষত সামান্য সেউজীয়া হৈ পৰে।
34. মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহৰ নাম লিখা। মূত্র উৎপাদন আৰু বর্জন প্রক্রিয়াৰ
বিষয়ে লিখা। 2+2+1=5
Answer: মানুহৰ ৰেচন তন্ত্ৰৰ অংশসমূহ হল-
1. এযোৰ বৃক্ক (kidney)
2. এযোৰ মূত্ৰনলী (ureters)
3. এটা মূত্ৰথলী (urinary bladder)
4. এটা মূত্ৰ নিষ্কাশন নলী (urethra)
মানুহৰ ৰেচন তন্ত্ৰই পদার্থ যেনে ইউৰিয়া, ইউৰিক এছিড আদি বৃক্কত তেজৰ পৰা আঁতৰ কৰে। বৃক্কত অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ বৃক্কত লগ লাগি কাপ সদৃশ নলীকা গঠন হয়। এনে নলীকাবোৰে তেজ চেকাত সহায় কৰে। প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলীকাৰ একক থাকে । এইবোৰক নেফ্রন (nephron) বোলে। এই নেফ্রনবোৰ ইটো সিটোৰ লগত সংঘবদ্ধ হৈ থাকে। নেফ্রনবোৰে প্ৰাথমিক অৱস্থাত গ্লুক’জ, এমিন’ এছিড, লৱণ আৰু প্ৰচুৰ পৰিমাণৰ পানী
চেকী লোৱাৰ পাছত পাছৰ নলীকা অংশত অধিশোষণ কৰি লয়। দেহত কিছুমান অতিৰিক্ত পানী
থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বর্জিত পদার্থ তেজত থাকে তাৰ ওপৰত নিৰ্ভৰ কৰি
পানীভাগ অধিশোষণ কৰি লয়। প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্র নেফ্রনৰ দীঘল নলীকা
মূত্রনলীলৈ সোমাই আহে। মূত্ৰনলীয়ে বৃক্কদুটা মূত্রথলীৰ লগত সংযুক্ত কৰি ৰাখে। মূত্র মুত্রথলীত
জমা হৈ থাকে। মূত্রথলীৰ চাপৰ ফলত মূত্রনলীৰে মূত্র বাহিৰ ওলাই আহে।
Or/নাইবা
উচ্চ মাপৰ উদ্ভিদৰ পৰিবহণ তন্ত্ৰৰ অংগসমূহ কি কি? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহণ হয়?উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ পৰিবহণত বাষ্পমোচন প্রক্রিয়াৰ ভূমিকা কি ?
1+2+2=5
Answer: উদ্ভিদৰ পৰিবহন তন্ত্ৰই পাতৰ পৰা সঞ্চিত শক্তি আৰু শিপাৰ পৰা কেঁচা সামগ্ৰী সৰবৰাহ কৰে। এই দুয়োটা সৰবৰাহৰ পথ স্বতন্ত্রভাবে সংবহন নলিকাৰে গঠিত আৰু পৰিচালিত।ইয়াৰে এটা জাইলেম কলাৰে গঠিত যিয়ে পানী আৰু খনিজ লৱণ মাটিৰ পৰা পৰিবহন কৰে। আনটো হ'ল ফ্লৱেম কলা যিয়ে সালোক সংশ্লেষণ প্রক্রিয়াত উৎপাদিত দ্ৰৱ্যবিলাক পাতৰ পৰা উদ্ভিদৰ দেহৰ অন্যান্য ঠাইলৈ সৰবৰাহ কৰে।
পানী আৰু খনিজ লৱণৰ পৰিবহন
জাইলেম কলাৰ নলিকা, (টেকাইড) বিলাকে উদ্ভিদৰ শিপা, কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংযোগ হৈ গোটেই দেহটোৰ বিভিন্ন অংশলৈ পানী সৰবৰাহ হব পৰাকৈ এটা সংবহন সুতিৰ সৃষ্টি কৰে।শিপাৰ যিবিলাক কোষ মাটিৰ লগত স্পর্শ কৰি থাকে সেইবিলাকে সক্রিত আয়নবিলাক গ্ৰহণ কৰি থাকে। ইয়ে শিপা আৰু মাটিৰ মাজত আয়নৰ গাঢ়তাৰ তাৰতম্যৰ সৃষ্টি কৰে। সেয়েহে, এনে তাৰতম্য দূৰ কৰিবলৈ শিপাই মাটিৰ পৰা পানী শোষণ কৰে। ইয়াৰ ফলত, শিপাৰ জাইলেমলৈ নিয়মিয়াকৈ পানীৰ প্রবাহ চলি থাকে আৰু ইয়ে পানীৰ স্তম্ভ এটা সৃষ্টি কৰি নিয়মিয়াকৈ ওপৰলৈ ঠেলি থাকে। আমি সচৰাচৰ দেখি থকা উদ্ভিদবিলাকৰ উচ্চতালৈকে পানী গতি কৰিবলৈ এই দৰে সৃষ্টি হোৱা চাপ (pressure) টোৱেই যথেষ্ট।যদিহে উদ্ভিদে পর্যাপ্ত পৰিমাণৰ পানীৰ যোগান পাই থাকে তেতিয়া উদ্ভিদৰ পাতত থকা পত্ৰৰন্ধ্ৰই এৰি দিয়া পানখিনি জাইলেমে পুনৰ পাতত প্রতিস্থাপিত কৰিব পাৰে। আচলতে, পাতৰ কোষবোৰে পানীৰ অণুবিলাক বাষ্পকাৰে এৰি দিয়াৰ ফলত পাতত এটা শোষণ বলৰ সৃষ্টি হয় আৰু ইয়াৰ বাবেই শিপাত থকা জাইলেমে পানী শোষণ কৰিবলৈ বাধ্য হয়।
বাষ্পমোচনৰ ভূমিকাঃ উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পকাৰে এৰি দিয়া প্রক্রিয়াটোকে পত্রমোচন বা বাষ্পমোচন (Transpiration) বোলে। বাষ্পমোচনে পানী আৰু তাত দ্ৰৱীভূত হৈ থকা খনিজ লৱণবিলাক শোষণ আৰু শিপাৰ পৰা পাতলৈ উৰ্ধমুখী গতি লাভ কৰাত সহায় কৰে। ই তাপমাত্রা নিয়ন্ত্রণ কৰি ৰখাতে সহায় কৰে। ৰাতিটোৰ ভাগত পানীৰ পৰিবহনত মূল চাপে (Root Pressure) গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। দিনৰ ভাগত যেতিয়া পত্ৰৰন্ধ্ৰৰ ছিদ্র মুকলি হৈ থাকে তেতিয়া বাষ্পমোচনে জাইলেমৰ মাজেৰে পানী পৰিবাহিত হোৱাত উল্লেখযোগ্য ভূমিকা পালন কৰে।35. উত্তল দাপোনে গঠন কৰা প্রতিবিম্বৰ ৰশ্মিচিত্র আঁকা যেতিয়া লক্ষ্যবস্তু দা দাপোণৰ ভাঁজকেন্দ্ৰত (c) ৰখা হয়। 30 cm ভাঁজ ব্যাসার্ধৰ উত্তল দাপোণ এখনৰ সন্মুখত 20 cm দূৰত্বত 5 cm দৈর্ঘ্যৰ বস্তু এটা ৰখা হৈছে। প্রতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা। 2+3=5
Answer:
দিয়া
আছে,
ভাঁজ ব্য়াসাৰ্ধ, R=
30 cm
∴ ফকাছ দৈৰ্ঘ, f= 15 cm
লক্ষ্য়বস্তুৰ
দূৰত্ব, u=
-20 cm
লক্ষ্য়বস্তুৰ আকাৰ, h = 5 cm
যিহেতু 1/f= 1/v+ 1/u
∴ 1/v = 1/f
– 1/u
=
1/15 – 1/-20
=
7/60
∴ v =
60/7= 8.6 cm
প্ৰতিবিম্বটো দাপোনৰ
পিছফালে 8.6 cm দূৰত্বত গঠন হব।
বিবৰ্ধন, m=
-v/u = h’/h
∴ প্ৰতিবিম্বৰ আকাৰ,h’= - vh/u=
-8.6x 5/-20 = 2.15 cm
প্ৰতিবিম্বটো অসত্, থিয়
আৰু ইয়াৰ আকাৰ 2.15 cm
নাইবা
“হীৰাৰ প্রতিসৰনাংক 2:42.” এই উক্তিটোৰ অর্থ কি? উত্তল লেনচ এখনে বেজী এটাৰ
সৎ আৰু ওলোটা প্রতিবিম্ব তাৰ পৰা 50 cm দূৰত্বত গঠন কৰে। যদি প্রতিবিম্বৰ
আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেনৰ সন্মুখত ক’ত
ৰখা হৈছিল ? তদুপৰি লেন্সখনৰ ক্ষমতা নির্ণয় কৰা। 2 m ফ’কাছ দৈর্ঘ্যৰ অৱতল লেনচ
এখনৰ ক্ষমতা নির্ণয় কৰা। 1+3+1=5
Answer: “হীৰাৰ প্রতিসৰনাংক 2:42 ইয়াৰ অৰ্থ হল বায়ু আৰু হীৰাত পোহৰৰ বেগৰ অনুপাত 2.42 ।
দিয়া আছে, প্ৰতিবিম্বৰ দূৰত্ব, v= 50 cm
আকৌ, h’= h
∴ বিবৰ্ধন, m=
-v/u = h’/h
v/u=
-1
v=-u
∴লক্ষ্য়বস্তুৰ দূৰত্ব, u= -50 cm
যিহেতু 1/f=
1/v- 1/u
= 1/50
+ 1/50 =2/50
∴f = 25 cm = .25 m
∴ ক্ষমতা, P= 1/f = 1/.25=
4 D
2 m ফ’কাছ দৈর্ঘ্যৰ অৱতল লেনচ এখনৰ ক্ষমতা হব-
P= 1/f
= 1/-2 =- 0.5 D
36. আমাৰ প্রাকৃতিক সম্পদসমূহৰ সমবিতৰণৰ বিৰুদ্ধে কি শক্তিয়ে কাম কৰি
আছে ? বনাঞ্চল সংৰক্ষণ সম্পর্কে মতামত আগবঢ়োৱা।
Answer: আমাৰ প্ৰাকৃতিক সম্পদৰাজি অসীমিত নহয়।লগতে মানুহৰ জনসংখ্য়া বৃদ্ধিৰ লগে
লগে সম্পদবোৰৰ চাহিদাও পুৰ্নহাৰত বৃদ্ধি হবলৈ ধৰিছে।সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ
প্ৰয়োজন পুৰণৰ বাবে সম্পদৰ সমবিতৰণ হোৱাটো অতি প্ৰয়োজনীয়। কিন্তু চহকী আৰু
ক্ষমতাশালী মানুহৰ প্ৰভাৱত প্ৰাকৃতিক সম্পদসমূহৰ সমবিতৰণত বাধাৰ সৃষ্টি হয়।
বন আৰু বন্য়প্ৰাণী সংৰক্ষণৰ বাবে আমি তলত দিয়া ব্য়ৱস্থা গ্ৰহন কৰিব পাৰো-
1. অপ্ৰয়োজনীয় ভাৱে বনাঞ্চল ধ্বংস বন্ধ কৰা।
2. বনাঞ্চলক বনজুইৰ
পৰা ৰক্ষা কৰা।
3. বনাঞ্চল ধ্বংসৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়ণ কৰা।
4. বনাঞ্চলক চৰণীয়া পথাৰ হিচাপে ব্য়ৱহাৰ কৰা বন্ধ কৰা।
নাইবা
পৰিবেশ ৰক্ষাৰ ক্ষেত্ৰত হ্রাসকৰণ, পুনঃচক্ৰীয়কৰণ আৰু পুনঃব্যৱহাৰৰ গুৰুত্ব কি
লিখা। পৰিবেশ হিতৈষী হ’বলৈ তোমাৰ কি কি অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰা ? 3+2=5
Answer: মানুহৰ জনসংখ্য়া বৃদ্ধিৰ লগে লগে সম্পদবোৰৰ চাহিদা পুৰ্নহাৰত বৃদ্ধি হবলৈ ধৰিছে। তাৰোপৰি সম্পদ সমূহ অসীমিত নহয়। সেয়েহে এই সম্পদসমূহৰ পৰিকল্পিত ব্য়ৱহাৰ
অতি গুৰুত্বপূৰ্ণ।সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ প্ৰয়োজন পুৰণৰ বাবে সম্পদৰ সমবিতৰণ
হোৱাটো অতি প্ৰয়োজনীয়। পৰিবেশ ৰক্ষা কৰিবৰ বাবে তিনিটা 'R' ব্যৱহাৰ কৰিব পাৰি-
Reduce (হ্রাসকৰণ), Recycle (পুনঃ চক্ৰীয়কৰণ) আৰু Reuse (পুনঃ ব্যৱহাৰ)।
হ্রাসকৰণ (Reduce) ঃ ইয়াৰ অৰ্থ হৈছে তমি নূন্যতম পৰিমান ব্যৱহাৰ কৰা। ব্য়ৱহাৰ নোহোৱা সময়ত ফেন আৰু লাইটৰ বৈদ্য়ুতিক চুইটচ্ অফ কৰি বিদ্যুত সঞ্চয় কৰিব পাৰি। ফুটা পানী পাইপ মেৰামতি কৰি পানী সঞ্চয় কৰিব পাৰি। খাদ্যবস্তুৰ অপচয় কৰিব নালাগে।
পুণঃচক্ৰীয়কৰণ (Recycle) ঃ ইয়াৰ অৰ্থ এয়ে যে এবাৰ ব্য়বহাৰ কৰা প্লাষ্টিক, কাগজ, কাঁচ আৰু ধাতবীয় বস্তু সংগ্রহ কৰি ইয়াৰ পৰা ব্যৱহাৰৰ উপযোগী আন সামগ্রী প্রস্তুত কৰিব পাৰি, যাৰ ফলত নতুনকৈ প্লাষ্টিক, কাগজ, কাঁচ আদিৰ সশ্লেষণ বা ধাতুৰ আহৰণ কৰাটো হ্রাস হবা এনে পদ্ধতিত প্রথমে বর্জিত পদার্থবোৰ পৃথক কৰিব লাগে যাতে পুনঃচক্ৰীয়কৰণ কৰিব পৰা সামগ্রীবোৰ আনবর্জিত পদার্থৰ লগত দম কৰা নহয়।
|পুণঃব্যৱহাৰ (Reuse)ঃ পুণঃব্যৱহাৰ
পুণঃচক্রীয়কৰণতকৈ প্ৰকৃততে উত্তম কিয়নো পুণঃচক্রীয়কৰণত শক্তিৰ অপচয়
হয়। সেইকাৰণে পুণঃব্যৱহাৰ পদ্ধতিত ব্যৱহৃত সামগ্রী প্রত্যক্ষভাৱে পুনঃব্যৱহাৰ কৰা
হয়। ব্যৱহাৰ কৰা লেফাফাবোৰ পেলাই নিদি তাক পুনৰ ব্যৱহাৰযোগ্য কৰি ব্যৱহাৰ কৰিব পাৰা।
জাম, জেলি আৰু
আচাৰ আদি অনা প্লাষ্টিকৰ বটলবিলাক ৰান্ধনিঘৰৰ বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰা
হয়।
পৰিবেশ হিতৈষী হ’বলৈ আমি তলত দিয়া ধৰণে অভ্যাসৰ পৰিৱৰ্তন কৰিব পাৰি-
1. সম্পদৰ সীমিত ব্য়ৱহাৰ কৰিম।
2. পৰিবেশৰ ক্ষতি হ'ব পৰা কাৰ্যকলাপৰ পৰা বিৰত থাকিম।
3. সম্পদ সংৰক্ষণৰ বাবে বিভিন্ন ব্য়ৱস্থা গ্ৰহন কৰিম।
4. পৰিবেশ সংৰক্ষণৰ তিনিটা R মানি চলিম।
5. ইন্ধনৰ সীমিত ব্য়ৱহাৰৰ প্ৰতি লক্ষ্য় ৰাখিম।
Good Step
ReplyDelete