Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye And Colourful World) প্ৰশ্নোত্তৰ

মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী (Human Eye And Colourful World) প্ৰশ্নোত্তৰ 


প্ৰশ্নাৱলী

1. চকুৰ উপযোজন ক্ষমতা কি ?

উত্তৰঃ মানুহৰ চকুৱে চকুৰ লেনছৰ ফ'কাছ দৈৰ্ঘ সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্ত ু ফ'কাছ কৰিব পৰা সামৰ্থ্য়কে চকুৰ উপযোজন ক্ষমতা বোলে।

2. মায়পিয়াগ্রস্ত চকু থকা মানুহ এজনে 1.2 mতকৈ বেছি দুৰৰ বস্ত ু স্পষ্টকৈ দেখা নাপায়।যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেনছ ব্যৱহাৰ কৰিব লাগিব।

উত্তৰঃ অৱতল লেনছ।

3. স্বাভাৱিক দৃষ্টিৰ মানুহ এজনৰ বাবে দুৰ-বিন্দু আৰু নিকটবিন্দুক কি ?

উত্তৰঃ চকুৰ পৰা যি ন্যুনতম দুৰত্বত বস্ত ু এটা স্পষ্টকৈ আৰু কৃচ্ছ্ৰসাধন নকৰাকৈ দেখা পোৱা যায় তাক স্পষ্ট দৃষ্টিৰ ন্যূনতম দুৰত্ব (least distance of distinct vision) বা চকুৰ নিকট বিন্দু (Near point) বুলি কোৱা হয়। প্রাপ্ত বয়স্ক যুৱকযুৱতীৰ সুস্থ চকুৰ বাবে এই নিকট বিন্দু চকুৰ পৰা প্রায় 25 cm। 

            চকুৰে স্পষ্টকৈ দেখা আটাইতকৈ দূৰৰ বিন্দুটোক দূৰ বিন্দু (Far Point) বোলে। সুস্থ চকুৰ বাবে দূৰ বিন্দু অসীমত।

4, ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে ব'ৰ্ডখন চোৱাত অসুবিধা পায়। লৰাজনে ভোগা বিকাৰটো কি হব পাৰে ? ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি ?

উত্তৰঃ ৰাজনে ভোগা বিকাৰটো  হল- মায়পিয়া। উপযুক্ত ফকাছ দৈৰ্ঘৰ অৱতল লেনছ ব্য়ৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি।


অনুশীলনী

1. মানুহৰ চকুৱে চকুৰ লেন্‌ছৰ ফ'কাছ দৈর্ঘ্য সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাছ কৰিব পাৰে। ইয়াৰ কাৰণ হল-

 (a) প্রেছবায় পিয়া

(b) উপযোজন ক্ষমতা।

(c) নিকট দৃষ্টিগ্রস্ততা

(d) দূৰ দৃষ্টিগ্রস্ততা।

উত্তৰঃ (b) উপযোজন ক্ষমতা।

2. মানুহৰ চকুৱে বস্তু এটা প্রতিবিম্ব গঠন কৰাৰ স্থান ।

(a) কর্ণিয়া (Cornea)

(b) চকুৰ পতা (Iris)

(c) চকুৰ মণি (Pupil)

(d) অক্ষিপট (Retina)

উত্তৰঃ (d) অক্ষিপট (Retina)

3. নিয়মীয়া দৃষ্টিৰ সদ্য প্রাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দুৰত্ব 

(a) 25 m (b) 2.5 cm (c) 25 cm (d) 2.5 m

উত্তৰঃ (c) 25 cm

4. চকুৰ কি অঙ্গৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্‌ছৰ ফ'কাছ দৈৰ্ঘ্যৰ পৰিবর্তন হয়।

(a) চকুৰ মণি

 (b) অক্ষিপট

(c) চিলিয়াৰী

(d) চকুৰ পতা।

 উত্তৰঃ (c) চিলিয়াৰী

5. এজন মানুহৰ দুৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে-5.5 ডায়প্টাৰ ক্ষমতাৰ লেন্‌ছৰ আৱশ্য তেওৰ নিকট দৃষ্টিগ্রস্ততাৰ সংশাোধনৰ বাবে আৱশ্যকীয় লেছৰ ক্ষমতা-1.5 ডায়প্টাৰ হ'লে (i) দূৰ দৃষ্টিগ্রস্ততা (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্‌ছৰ ফ'কাছ দৈর্ঘ্য কিমান?

উত্তৰঃ         (i) দূৰ দৃষ্টিগ্রস্ততা সংশোধনৰ বাবে লেনচৰ ক্ষমতা, P= -5.ডায়প্টাৰ 

এতেকে, লেনচৰ ফকাছ দৈৰ্ঘ, f= 1/P = 1/-5.5 = - 18.2 cm

                    (ii) নিকট দৃষ্টিগ্রস্ততাৰ সংশাোধনৰ বাবে আৱশ্যকীয় লেছৰ ক্ষমতা-1.5 ডায়প্টাৰ

                                    এতেকে, লেনচৰ ফকাছ দৈৰ্ঘ, f= 1/P = 1/-1.5 =  0.67 m


6. নিকট দৃষ্টিগ্রস্ত মানুহ এজনৰ দূৰ বিন্দু চকুৰ সন্ম ুখত 80 cm দূৰত্বত।এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনছৰ প্রকৃতি কি আৰু ক্ষমতা কিমান?

উত্তৰঃ ইয়াত, লক্ষ্য়বস্তুৰ দূৰত্ব, u= 

                           প্ৰতিবিম্বৰ দূৰত্ব, v= 80 cm

             লেনচৰ সূত্ৰ,       1/1/1/u

                                              1/-80 – 1/∞

                                                        1/-80- 0

                                               1/-80

                   এতেকে,         f = -80 cm

            এতেকে, লেনচৰ ক্ষমতা, P = 1/f

    = 100/-80 = -1.25 D                     

            ক্ষমতা ঋণাত্মক, এতেকে লেনচখন অৱতল হ'ব


7. দূৰ দৃষ্টিগ্রস্ততাৰ সংশোধন দেখুৱাই ৰশ্মিচিত্র অংকন কৰা। দূৰ দৃষ্টিগ্রস্ত চকু এটাৰ বাবে নিকট বিন্দু 1 m এই বিকাৰৰ সংশোধনৰ বাবে প্রয়োজন হোৱা লেনছৰ ক্ষমতা কিমান? ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 cm

উত্তৰঃ

দূৰদৃষ্টিগ্ৰস্ত চকু


দৃষ্টিগ্রস্ততাৰ সংশোধন


             দ্বিতীয় অংশঃ

              স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25 m = 25 cm    

                        এতেকে লক্ষ্য়বস্তুৰ দূৰত্ব, u= -25 cm

      আকৌ, যিহেতু দূৰদৃষ্টিগ্রস্ত চকুটোৰ  বাবে নিকট বিন্দু 1 m, 

                                 এতেকে প্ৰতিবিম্বৰ দূৰত্ব, V= -1 m= -100 cm

        লেনচৰ সূত্ৰ ব্য়ৱহাৰ কৰি,

                                            1/v-1/u = 1/f

                                        -1/100- 1/-25 =1/f

                                        1/f = 1/25- 1/100

                                        1/f = (4-1)/100

                                        f = 100/3 = 33.3 cm= 0.33m

                            এতেকে, ক্ষমতা, P = 1/f

                                                         P = 1/0.33 = +3.0 D

                এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছৰ ক্ষমতা +3 D


৪. সাধাৰণ চকুৱে এটা 25 cmতকৈ ওচৰত ৰখা বস্তু দেখা নাপায় কিয়?

উত্তৰঃ সাধাৰণ চকুৰ বাবে নিকট বিন্দু হল 25 cm । সেয়েহে সাধাৰণ চকুৱে এটা 25 cm তকৈ ওচৰত

 ৰখা বস্তু দেখা নাপায়।

9. চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়?

উত্তৰঃ চকুৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্ব একে থাকে, কাৰণ চকুৱে নিজৰ ফ'কাছ দৈৰ্ঘৰ পৰিৱৰ্তন কৰি ৰেটিনাত একে স্থানতে প্ৰতিবিম্ব গঠন কৰে। 


10. তৰাই তিৰবিৰাই কিয় ?

উত্তৰঃ বায়ুমন্ডলীয় প্ৰতিসৰণৰ বাবে তৰাৰ পৰা অহা পোহৰৰ ৰশ্মিৰ দিশ  অবিৰতভাৱে পৰিৱৰ্তন হৈ থাকে। সেয়ে তৰাৰ আপাত অৱস্থানৰ পৰিৱৰ্তন হৈ থাকে আৰু তৰাটো তিৰবিৰাই থাকে।

11. গ্রহই তিৰবিৰাই নাথাকে কিয়?

উত্তৰঃ গ্ৰহবোৰ পৃথিৱীৰ নিচেই ওচৰত অৱস্থিত আৰু সেইবাবে সিহঁতক বিস্ত ৃত উত্স হিচাপে গণ্য় কৰিব পাৰি। যদি আমি এটা গ্ৰহক পোহৰৰ বহুটো বিন্দু উত্সৰ সমষ্টি হিচাপে ধৰোঁ তেন্তে সকলো বিন্দু উত্সৰ পৰা আহি আমাৰ চকুত সোমোৱা পোহৰৰ পৰিৱৰ্তনৰ গড় মান শূণ্য় হব। সেয়ে গ্ৰহই তিৰবিৰাই নাথাকে।

12. ৰাতিপুৱা সূর্যক ৰঙচুৱা দেখি কিয়?

উত্তৰঃ ৰাতিপুৱা সূৰ্য উদয় হোৱাৰ সময়ত যেতিয়া সূৰ্য দিগন্তৰ ওচৰত থাকে তেতিয়া সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমন্ডলৰ আপেক্ষিকভাৱে ডাঠ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে। সেইবাবে সূৰ্যৰ পোহৰত থকা চুটি তৰংগ দৈৰ্ঘৰ পোহৰবোৰ বায়ুমন্ডলৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেইবাবে অকল অধিক তৰংগ দৈৰ্ঘৰ পোহৰহে আহি আমাৰ চকুত পৰে আৰু আমি সুৰ্যটো ৰঙচুৱা দেখো।

13. মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিবৰ্তে কলা দেখে কিয়?

উত্তৰঃ আকাশৰ নীলা ৰং বায়ুমন্ডলৰ দ্বাৰা সূৰ্যৰ পোহৰৰ বিক্ষেপনৰ বাবে হয়। যিহেতু মহাকাশত বায়ুমন্ডল নাথাকে সেয়ে তাত পোহৰৰ বিক্ষেপন নঘটে। সেয়ে মহাকাশচাৰী এজনে আকাশখন নীলাৰ পৰিবৰ্তে কলা দেখে।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)