Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percent...

আমাৰ পৰিবেশ (Our Environment) প্ৰশ্নোত্তৰ

আমাৰ পৰিবেশ (Our Environment) প্ৰশ্নোত্তৰ 


প্ৰশ্নাৱলী


1.    কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ কিয় হয় ?


উত্তৰঃ আমাৰ পৰিবেশত থকা বেক্টেৰিয়াবোৰ আৰু অন্যান্য বিয়োজক জীবসমূহ সিহঁতৰ ক্রিয়াত নির্দিষ্ট। এইবিলাকে প্রাকৃতিক উপকৰণ (যেনে কাগজ)পৰা তৈয়াৰী বস্তুবোৰক পচন ঘটাব পাৰে কিন্তু প্লাষ্টিক জাতীয় পদাৰ্থৰে মানৱ নির্মিত বস্তুবোৰ পচন ঘটাব নোৱাৰে সেইবাবে কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিম্নিকৰণ হয়।


2.    জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।


উত্তৰঃ জীৱ নিম্নিকৰণ পদার্থবিলাক অণুজীবৰ ক্রিয়াৰ দ্বাৰা পচন ঘটে আৰু এই পদার্থবিলাক ভূ-ৰাসায়নিক চক্রৰ মাধ্যমেৰে পুনর্ব্যবহৃত হয়।এই পদার্থবিলাকে পৰিবেশক পৰিষ্কাৰ কৰি ৰাখে।


3.     জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনো দুটা সম্ভাৱনাৰ বিষয়ে লিখা।


উত্তৰঃ জীৱ অনিম্নিকৰণ পদাৰ্থই পৰিবেশত কিছুমান বিৰূপ প্ৰভাৱ পেলাব পাৰে। যেনেঃ

                        1. এই পদাৰ্থ বিলাকে পৰিবেশত নিষ্ক্ৰিয় বা সাধাৰণভাবে বহুত দিনলৈ থাকি যাব পাৰে আৰু ই পৰিবেশ তন্ত্ৰৰ জীৱবিলাকক বা কাৰকবিলাকক বিভিন্ন প্ৰকাৰে ক্ষতি কৰে।

                        2. প্লাষ্টিক আদিৰ দৰে অজৈৱ নিম্নিকৰণ পদাৰ্থবোৰ বহুদিনলৈকে পানী, বতাহ আৰু সূৰ্য্য়ৰ পোহৰ আদিৰ প্ৰভাৱত থাকিলে কিছুমান বিষাক্ত গেছ নিৰ্গত হয়। এই গেছবোৰে জীৱ সমূহৰ বিপাক ক্ৰিয়াৰ (metabolism) চূড়ান্ত ক্ষতিসাধন কৰি বিভিন্ন ৰোগ যেনে কেন্সাৰ আদিও সৃষ্টি কৰিব পাৰে। তাৰোপৰি এই গেছবোৰে বায়ু, মাটি আৰু ভূগৰ্ভৰ পানীও প্ৰদূষিত কৰিব পাৰে।


4.     পৌষ্টিক স্তৰ কি? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।


উত্তৰঃ জীৱবিলাকক ইটোৱে সিটোক ভক্ষণ কৰাৰ ওপৰত ভিত্তি কাৰ সিহঁতক শৃংখলিতভাবে সজোৱা হৈছে। সেইজীৱবিলাকেই বিভিন্ন জীৱীয় স্তৰত ভাগ লৈ খাদ্য শৃংখল গঠন কৰে। খাদ্য শৃংখলৰ প্রত্যেকটো স্তৰকেই একোটা পৌষ্টিক স্তৰ হিচাবে গণ্য কৰা হয়। স্ব-পোষী জীৱ বা উৎপাদকসমূহ হল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ। ইহঁতে সৌৰশক্তিক স্থিৰীকৰণ কৰি সেই শক্তিক খাদ্য শৃংখলৰ পৌষ্টিক স্তৰৰ উপভোক্তা বা পৰপোষী জীৱবিলাকলৈ বন্টন কৰে। খাদ্য শৃংখলৰ পৌষ্টিক স্তৰবিলাকৰ অন্তৰ্গত তৃণভোজী প্রাণী বা প্ৰাথমিক উপভোক্তাখিনি হল দ্বিতীয় স্তৰৰ; সৰু সৰু প্রাণী বা দ্বিতীয়ক উপভোক্তাবিলাক তৃতীয় স্তৰৰ আৰু ডাঙৰ প্রাণী বা তৃতীয়ক উপভোক্তাবিলাক চতুর্থ পৌষ্টিক স্তৰৰ জীৱ

            উদাহৰণ হিচাপে ঘাঁহ, ফৰিং, ভেকুলী আৰু চৰাইৰ খাদ্য় শৃংখলটোত ঘাঁহ হৈছে প্ৰথম পৌষ্টিক স্তৰ, ফৰিং  হৈছে দ্বিতীয় পৌষ্টিক স্তৰ, ভেকুলী হৈছে তৃতীয় পৌষ্টিক স্তৰ আৰু চৰাই হৈছে হৈছে চতুৰ্থ পৌষ্টিক স্তৰ।


5.    পৰিস্থিতি তন্ত্রত বিয়োজকৰ ভূমিকা কি?


উত্তৰঃ পৰিস্থিতিতন্ত্রত বিয়োজকে জটিল জৈৱ যৌগবিলাকক বিয়োজন ঘটাই সৰল অজৈৱ দাৰ্থলৈ পৰিৱৰ্তন কৰি মাটিৰ লগত মিহলি কৰি দিয়ে। সেইবিলাককে উদ্ভিদে পুণৰ গ্ৰহন কৰে। বিভিন্ন    বিয়োজক যেনে বেক্টেৰীয়া, ভেকুৰ আদিয়ে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থবিলাক সৰল পৰ্যায়লৈ পৰিৱৰ্তন কৰি পৰিবেশ নিকা কৰি ৰখাৰ উপৰিও বিভিন্ন জৈৱ যৌগসমূহ পুনৰ পৰিবেশত মুকলি কৰে। 


6.    'জন কি আৰু ই কোনো পৰিস্থিতি তন্ত্রত কেনেদৰে প্রভাব পেলায় ?


উত্তৰঃ অ'জ'ন হৈছে অক্সিজেনৰ ত্ৰিপাৰমানবিক অণু । ই এবিধ বিষাক্ত গেছ যদিও বায়ুমন্ডলৰ উচ্চ স্তৰত এই অনে এক বিশেষ প্ৰয়োজনীয় ভূমিকা পালন কৰে। এই অন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া (UV) ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে। 


7.     পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ? ইয়াৰ যিকোনো দুটা পদ্ধতিৰ বিষয়ে লিখা।


উত্তৰঃ পেলনীয়া আবৰ্জনাৰ সমস্য়া হ্ৰাস কৰিবলৈ তলত দিয়া পদক্ষেপ গ্ৰহন কৰিব পাৰি ঃ

                ১) জীৱ নিম্নিকৰণ পেলনীয়া আবৰ্জনাৰ পৰা পচন সাৰ তৈয়াৰ কৰিব পাৰি ।
                ২) জীৱ ্নিম্নিকৰণ আবৰ্জনাবোৰৰ ব্য়ৱহাৰ হ্ৰাসকৰণৰ দ্বাৰা ইয়াৰ পৰিমান কমাব পাৰি।
                ৩) প্লাষ্টিক, কাগজ কাঁচ আৰু ধাতবীয় পেলনীয়া বস্ত ুবোৰৰ পুণঃচক্ৰিয়কৰণ কৰি ইয়াৰ পৰা ব্য়ৱহাৰৰ উপযোগী আন সামগ্ৰী প্ৰস্ত ুত কৰি ল'ব পাৰি।
                 ৪) কিছুমান পেলনীয়া বস্ত ু যেনে জাম, জেলি, আচাৰ আদি অনা বটলবিলাক ৰান্ধনিঘৰত বিভিন্ন বস্ত ু ৰাখিবলৈ পুণঃব্য়ৱহাৰ কৰিব পাৰি।


অ নু শী ল নী

    1. তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিন্নিকৰণ পদার্থ আছে?

            (a) ঘাঁহ, ফুল আৰু চামৰা

            (b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক

            (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস

            (d) পিঠা, কাঠ আৰু ঘাঁহ

        উত্তৰঃ (a) ঘাঁহ, ফুল আৰু চামৰা

                    (c) ফল-মূলৰ বাকলিপিঠা আৰু টেঙাৰ ৰস

                    (d) পিঠা, কাঠ আৰু ঘাঁহ


    2. তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?

            (a) ঘাঁহ, ঘেঁহু আৰু আম

            (b) ঘাঁহ, ছাগলী আৰু মানুহ

            (c) ছাগলী, গৰু আৰু হাতী

            (d) ঘাঁহ, মাছ আৰু ছাগলী

    উত্তৰঃ (b) ঘাঁহছাগলী আৰু মানুহ


    3. তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত?

            (a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপোৰৰ মোনা লৈ যোৱা অভ্যাস

        (b) অপ্রয়াোজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।

        (c) তোমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খোজ কাঢ়ি যােৱা অভ্যাস।

        (d) ওপৰৰ আটাইকেইটা অভ্যাস।

    উত্তৰঃ   (d) ওপৰৰ আটাইকেইটা অভ্যাস।


    4. কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব?  

    উত্তৰঃ কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱকে ধ্বংস কৰি পেলালে খাদ্য শৃঙ্খল শেষ হৈ যাব আৰু পৰিবেশৰ ভাৰসাম্য প্রভাবিত হ'ব। যদি তৃণভোজী প্রাণীবিলাক ধ্বংশ হৈ যায় তেনেহলে মাংসভোজী প্ৰাণীবোৰে খাদ্য নাপাব আৰু মৃত্য়ু বৰণ কৰিব।যদি মাংসভোজী প্ৰাণীবোৰ ধ্বংশ কৰা হয়, তেনেহলে তৃণভোজী প্রাণীবিলাকৰ সংখ্যা অভাৱনীয় ভাবে বৃদ্ধি পাব যদি উত্পাদকক হত্যা কৰা হয়, তেনেহলে খাদ্য় শৃংখলটো সম্পূৰ্ণ নহ'ব।


    5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ  সকলোবিলাক জীৱক আঁতৰাব পাৰিমনে?

    

উত্তৰঃ বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলোবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে বেলেগ বেলেগ প্রভাব পৰিব। যদি তৃণভোজী প্রাণীবিলাক ধ্বংশ হৈ যায় তেনেহলে মাংসভোজী প্ৰাণীবোৰে খাদ্য নাপাব আৰু মৃত্য়ু বৰণ কৰিব।যদি মাংসভোজী প্ৰাণীবোৰ ধ্বংশ কৰা হয়তেনেহলে তৃণভোজী প্রাণীবিলাকৰ সংখ্যা অভাৱনীয় ভাবে বৃদ্ধি পাব যদি উত্পাদকক হত্যা কৰা হয়তেনেহলে খাদ্য় শৃংখলটো সম্পূৰ্ণ নহ'ব। যদিহে বিয়োজক বিলাক ধ্বংস হৈ যায় তেন্তে পৰিবেশ মৃত আৰু বৰ্জিত পদাৰ্থৰে ভৰি পৰিব।

        পৰিস্থিতি তন্ত্ৰৰ কোনো হানি নোহোৱাকৈ যি কোনো এটা পৌষ্টিক স্তৰৰ  সকলোবিলাক জীৱক আঁতৰাব নোৱাৰি।


    6. জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা? পৰিস্থিতিতন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে?

    উত্তৰঃ আমাৰ অজ্ঞাতেই কিছু ৰাসায়নিক পদার্থ খাদ্য শৃংখলৰ যোগেদি আমাৰ দেহত প্রবেশ ঘটে। খেতি পথাৰৰ শস্যৰ বেমাৰ আৰু কীট পতংগৰ পৰা ৰক্ষা পাবলৈ প্রয়োগ কৰা ৰাসায়নিক পদার্থবিলাকৰ কিছু অংশ হয় মাটিতে থাকি যায় বা কিছু পৰিমাণে পানীলৈ গুচি যায়। মাটিত থাকি যোৱাখিনিক উদ্ভিদে পানী আৰু খনিজ লৱণ শোষণৰ প্ৰক্ৰিয়াৰ লগতে সিহঁতৰ দেহত প্ৰবেশ ঘটে আৰু পানীত থাকি যোৱাখিনি জলজ উদ্ভিদ বা জলজ প্রাণীৰ দেহত প্রবেশ ঘটে।

        যিহেতু এনে ৰাসায়নিক পদার্থবিলাক ক্ষয়িষ্ণু নহয়, সেইবাবে এইবিলাকৰ অৱশিষ্টখিনি ক্রমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত গোট খাই থাকে। যিকোনো খাদ্য শৃংখলত মানুহখিনিয়ে একেবাৰে শীর্ষ স্থানত থাকে, সেইবাবে এনে ৰাসায়নিক পদার্থবিলাক আমাৰ শৰীৰতে আটাইতকে বেছি পৰিমাণে মজুত হয়। এই পৰিঘটনাটোকে জৈবিক বিবর্ধক (Biological Magnification) বুলি কোৱা হয়। এইটো কাৰণেই আমাৰ খাদ্য শস্য যেনে ঘেঁহু, ধান, শাক-পাচলি, ফল-মূল আৰু আনকি মাছ-মাংস, কণী, গাখীৰ আদিত কম বেচি পৰিমাণে কীটনাশক পদাৰ্থৰ অৱশিষ্ট থাকি যায়। এইবিলাক ধুই-পখালি বা অন্য কোনো প্রক্রিয়াৰেও আতঁৰ কৰিব নোৱাৰি।

     7.  আমি সৃষ্টি কৰা জীৱ অনিম্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?

    উত্তৰঃ আমি সৃষ্টি  কৰা জীৱ নিম্নিকৰণ পদাৰ্থবিলাকৰ পৰা হোৱা  সমস্য়াবোৰ হ'ল- 

                ১) মাটি, পানী আৰু বায়ু প্ৰদূষণ
                ২) পৰিস্থিতি তন্ত্ৰৰ ওপৰত বেয়া প্ৰভাব।
                ৩) জৈৱিক বিবৰ্ধন আদি । 

    8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত  একো প্রভাব নপৰাকৈ থাকিবনে?

    
উত্তৰঃ আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলোবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলেও ই পৰিবেশৰ ওপৰত প্রভাব পেলাব। যদি এই পদাৰ্থসমূহ সঠিকভাবে সঠিক স্থানত পেলোৱা নহয় তেনেহলে এইবিলাকে বায়ু, পানী আৰু মাটি প্ৰদূষণ ঘটাব পাৰে। তাৰোপৰি ই স্বাস্থ্য সমস্যাৰ সৃষ্টি কৰিব পাৰি। 

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)

জীৱন প্ৰক্ৰিয়া ( Life Processes) প্ৰশ্নোত্তৰ