Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

শক্তিৰ উৎসসমূহ (Sources of Energy) প্ৰশ্নোত্তৰ

শক্তিৰ উৎসসমূহ (Sources of Energy) প্ৰশ্নোত্তৰ 

প্ৰশ্নাৱলী


1.    শক্তিৰ ভাল উৎস কি?


Answer:  এটা  শক্তিৰ উৎসক ভাল বুলি কোৱা হয় যদি তলত দিয়া গুণসমূহ থাকে—

                              (১) ই প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে।

                              (২) ই সহজে উপলব্ধ হ'ব লাগিব

                              (৩) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য় হ'ব লাগিব।

                              (৪) ই মিতব্য়য়ী হ'ব লাগিব।


2.    ভাল ইন্ধন কি?


Answer:  এটা  ইন্ধনক ভাল বুলি কোৱা হয় যদি তলত দিয়া গুণসমূহ থাকে—

                              (১) ই প্ৰতি একক আয়তন বা ভৰৰ বিনিময়ত সৰহ পৰিমানৰ কাৰ্য কৰে।

                              (২) ই সহজে উপলব্ধ হ'ব লাগিব

                              (৩) ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য় হ'ব লাগিব।

                              (৪) ই মিতব্য়য়ী হ'ব লাগিব।


3.     যদি তুমি আহাৰ গৰম কৰিবলৈ যিকোনো শক্তিৰ ব্যৱহাৰ কৰিবলৈ সক্ষম, তেন্তে কোনটো কৰিবা আৰু কিয় ?


Answer: LPG গেছ ব্য়ৱহাৰ কৰিম । কাৰণ ই সহজতে উপলব্ধ আৰু ই মিতব্য়য়ী।


4.    জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ কি কি ?


Answer: জীৱাশ্মজাত ইন্ধনৰ অসুবিধাসমূহ হ'ল-

                    ১. ই এক অনৱীকৰণযোগ্য় শক্তিৰ উৎস গতিকে ইয়াৰ ভঁৰাল সীমিত

                ২. জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ নিৰ্গত হয়। এই গেছবিলাকে পৰিবেশ প্ৰদূষণ কৰে। 


5.    আমি শক্তিৰ বিকল্প উৎস বিচাৰে কিয় ?


Answer: প্ৰযুক্তিবিদ্য়াৰ বিকাশৰ লগে লগে আমাৰ শক্তিৰ চাহিদা দিনক দিনে বাঢ়ি আহিছে। মানুহৰ জীৱনশৈলী সলনি হোৱাৰ ফলত যন্ত্ৰৰ দ্বাৰা কৰা কামৰ সংখ্য়া বাঢ়ি আহিছে। যিহেতু আমাৰ শক্তিৰ চাহিদা বাঢ়ি গৈছে গতিকে আমি বিকল্প শক্তিৰ উৎস বিচাৰো।

                তাৰোপৰি পৰম্পৰাগতভাবে ব্য়ৱহাৰ কৰা কিছুমান শক্তিৰ উৎস যেনে- জীৱাশ্মজাত ইন্ধনৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড, ছালফাৰ ডাই অক্সাইড আদি গেছ নিৰ্গত হয়। এই গেছবিলাকে পৰিবেশ প্ৰদূষণ কৰে। সেইবাবেও অপৰম্পৰাগত আৰু প্ৰদূষণমুক্ত শক্তিৰ  ৎসৰ সন্ধান কৰা হয়।


6.    আমাৰ সুবিধাৰ বাবে বায়ু আৰু জল শক্তিৰ পৰম্পৰাগত ব্যৱহাৰৰ কি পৰিবৰ্তন অনা হৈছে?


Answer: আমাৰ সুবিধাৰ বাবে আৰু বায়ু আৰু জল শক্তিৰ উৎপাদন বৃদ্ধি কৰিবলৈ বিভিন্ন পৰিৱৰ্তন অনা হৈছে। বায়ু শক্তিৰ অধিক ৎপাদনৰ বাবে বায়ুকল প্ৰকল্প স্থাপন কৰা হৈছে। তাৰেপৰি বৃহৎ নদীবান্ধৰ নিৰ্মাণৰ জৰিয়তে জল শক্তিৰ অধিক ৎপাদনৰো ব্য়ৱস্থা কৰা হৈছে।


7.    কোন ধৰণৰ দাপোন-- অবতল, উত্তল নে সমতল সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে উৎকৃষ্ট ?

Answer: সৌৰ কুকাৰত ব্যৱহাৰৰ বাবে অবতল দাপোন ব্যৱহাৰৰ বাবে উৎকৃষ্ট, কাৰণ অবতল দাপোনে পোহৰৰ ৰশ্মিক এটা বিন্দুত অভিসাৰী কৰিব পাৰে। তাৰ ফলত অধিক তাপ উৎপন্ন হ'ব।

 

8.    মহাসমুদ্ৰৰ পৰা পাব পৰা শক্তিৰ সীমাবদ্ধতা কি কি


Answer: মহাসমূদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা হ'ল

                         (১)সামুদ্ৰিক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰযোজ্য। ঢৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে।
                                    (২) উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ।


9.    ভূ-তাপীয় শক্তি কি ?


Answer: ভূতাত্বিক পৰিবৰ্তনৰ ফলত ভূত্বকৰ গভীৰতৰ উষ্ণ অঞ্চলত গঠন হোৱা গলিত শিলবোৰে ওপৰলৈ ঠেলা খায় আৰু উষ্ণ অঞ্চল নামৰ অঞ্চল কিছুমানত জমা হৈ থাকে। কেনেবাকৈ ভূ-গৰ্ভৰ পানী উষ্ণ অঞ্চলৰ সংস্পৰ্শলৈ আহিলে সেই পানী বাষ্পীভূত হয়।কেতিয়াবা তেনে অঞ্চলৰ পানীয়ে ভূ-পৃষ্ঠলৈ ওলাই অহাৰ নিৰ্গম পথ বিচাৰি পায়। এনে নিৰ্গম পথক গৰম পানীৰ উহ বোলে। পাইপৰ যোগেদি শিলত আবদ্ধ হৈ থকা বাষ্প টাৰবাইনলৈ আনি বিদ্যুৎ উৎপাদনৰ ব্যৱস্থা কৰা হয়। এয়ে হৈছে ভূ-তাপীয় শক্তি। এই শক্তিৰ আধাৰত নিৰ্মাণ কৰা বহুসংখ্যক শক্তি প্রকল্প কার্যকৰীভাৱে চলি আছে।


10.  নিউক্লীয় শক্তিৰ সুবিধাসমূহ কি কি?


Answer:  নিউক্লীয় শক্তিৰ সুবিধাসমূহ হ'ল-

                ১. অন্য় শক্তিৰ পৰা পোৱা শক্তিৰ তুলনাত নিউক্লিয়াচ এটাৰ দহনৰ ফলত 10 নিযুত গুণ শক্তি উৎপন্ন হয়। 

            ২. বিদ্যুৎ উৎপাদনৰ বাবে নিৰ্মাণ কৰা নিউক্লীয় ৰিয়েক্টৰত নিয়ন্ত্ৰিত হাৰত শক্তি নির্গত কৰা স্বপোষী নিউক্লীয় বিযোজন শৃঙ্খল বিক্রিয়াত এনে নিউক্লীয় ইন্ধনব্যৱহাৰ হয়। নির্গত শক্তিক বাষ্প উৎপাদন আৰু তাৰ পৰৱর্তী পর্যায়ত বিদ্যুৎ উৎপাদনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

            ৩. নিউক্লীয় শক্তিৰ ব্য়ৱহাৰৰ ফলত কোনো ধৰণৰ পৰিবেশ প্ৰদূষণকাৰী গেছৰ উৎপত্তি নহয়।


11.  শক্তিৰ উৎস এটা প্ৰদূষণমুক্ত হব পাৰেনে? কিয় পাৰে বা কিয় নোৱাৰে?


Answer: শক্তিৰ উৎস এটা  কেতিয়াও সম্পূৰ্ণৰূপে প্ৰদূষণমুক্ত   হ'ব  নোৱাৰে। কাৰণ উটো প্ৰস্ত ুত বা ব্য়ৱহাৰ কৰিলে কিবা  নহয় কিবা প্ৰকাৰে পৰিবেশৰ ওপৰত প্ৰভাব পৰে।


12.   ৰকেটৰ ইন্ধন হিচাপে হাইড্র'জেন ব্যৱহাৰ হয়। তোমালোকে ইয়াক চি এন জি (CNG) তকৈ পৰিষ্কাৰ ইন্ধন বুলি গণ্য কৰিবা নেকি ? কিয় কৰিবা বা কিয় নকৰা ?


Answer: হাইড্র'জেন এটা পৰিষ্কাৰ ইন্ধন। ইয়াৰ দহনৰ ফলত অকল পানী উৎপন্ন হয়, যি সম্পূৰ্ণৰূপে নিৰাপদ আৰু পৰিবেশৰ ওপৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নেপেলায়। কিন্ত ু চি এন জি ৰ দহনৰ ফলত কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, ই পৰিবেশৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। 


13.  তুমি নবীকৰণযোগ্য বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম লিখা | তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা ।


Answer: নবীকৰণযোগ্য দুটা শক্তিৰ উৎস হল-জীৱভৰ আৰু সৌৰ শক্তি। জীৱভৰ শক্তিৰ উৎস নবীকৰণযোগ্য ইয়াক গছ গছনি আৰু জীৱ-জন্ত ুৰ বৰ্জিত পদাৰ্থৰ পৰা পোৱা যায়। যিহেতু গছ-গছনি যথেষ্ট পৰিমাণে ৰুলে খৰিৰ যোগান কেতিয়াও বন্ধ নহয় আৰু জীৱ-জন্তৰ পৰা পোৱা বৰ্জিত পদাৰ্থৰো অভাৱ নঘটে সেয়ে এইবোৰ নবীকৰণযোগ্য শক্তিৰ উৎস। ঠিক তেনেদৰে সৌৰ শক্তিও সৌৰমন্ডল থকালৈকে বৰ্তি থাকিব।  


14.  তুমি ক্ষয়িষ্ণু বুলি বিবেচনা কৰা শক্তিৰ দুটা উৎসৰ নাম উল্লেখ কৰা। তোমাৰ পছন্দৰ কাৰণ দৰ্শোৱা।


Answer: শক্তিৰ দুটা ক্ষয়িষ্ণু শক্তিৰ উৎস হ'ল- কয়লা আৰু পেট্ৰলিয়াম। যিহেতু এইবিলাকৰ ভান্ডাৰ সীমিত সেয়ে এদিন এইবোৰ শেষ হৈ যাব। 

 

অ নু শী ল নী


1. পানী গৰম কৰিবলৈ সৌৰ জল হীটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে এটা

(a) ৰৌদ্রোজ্জ্বল দিন

(b) ডাৱৰীয়া দিন।

 (c) গৰম দিন।

(d) বতাহে কোবোৱা দিন।

Answer: (b) ডাৱৰীয়া দিন।

2. তলৰ কোনটো জীৱ ভৰ শক্তিৰ উৎসৰ উদাহৰণ নহয় ?

(a) খৰি

(b) গোবৰ গেছ

(c) নিউক্লীয় শক্তি

(d) কয়লা।

Answer: (c) নিউক্লীয় শক্তি

3. আমি ব্যৱহাৰ কৰা শক্তিৰ সৰহ সংখ্যক উৎসৰ শক্তি হল সঞ্চিত সৌৰশক্তি তলৰ কোনটো সৌৰ শক্তি আধাৰিত নহয় ?

(a) ভূ-তাপীয় শক্তি

(b) বায়ু শক্তি

(c) নিউক্লীয় শক্তি

 (d) জৈৱ উপাদান।

Answer: (c) নিউক্লীয় শক্তি


4. শক্তিৰ প্রত্যক্ষ উৎস হিচাপে জীৱাশ্মজাত ইন্ধন আৰু সৌৰশক্তিৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

Answer: 

জীৱাশ্মজাত ইন্ধন

সৌৰশক্তি

1. ই এক অনৱীকৰণযোগ্য় শক্তিৰ উৎস

1. ই এক নৱীকৰণযোগ্য় শক্তিৰ উৎস

2. জীৱাশ্মজাত ইন্ধনৰ দহনে পৰিবেশ প্ৰদূষণ কৰে

2. সৌৰশক্তিৰ ব্য়ৱহাৰে পৰিবেশৰ ওপৰত কোনো বেয়া প্ৰভাৱ নেপেলায়

3. ইয়াক সকলো সময়তে পাব পাৰি

3. ইয়াক ৰাতিৰ ভাগত, ডাৱৰীয়া দিনত আহৰণ কৰিব নোৱাৰি


5. শক্তিৰ উৎস হিচাপে জৈৱ উপাদান জলবিদ্যুতৰ তুলনা কৰা আৰু সিহঁতৰ পার্থক্য দেখুওৱা।

Answer:

জৈৱ উপাদান

জলবিদ্যুত

1. ই এক নৱীকৰণযোগ্য় শক্তিৰ উৎস

1. ই এক নৱীকৰণযোগ্য় শক্তিৰ উৎস

2. জৈৱ উপাদানৰ শক্তি প্ৰকল্প যিকোনো ঠাইতে স্থাপিত কৰিব পাৰি

2. জলবিদ্যুত প্ৰকল্প কিছুমান নিৰ্দিষ্ট স্থানতহে স্থাপন কৰিব পাৰি

3. এই প্ৰকল্পই পৰিবেশৰ ওপৰত কোনো বেয়া প্ৰভাৱ নেপেলায়

3. জলবিদ্যুত প্ৰকল্পই বানপানী, খৰাং আদিৰ দৰে সমস্য়াৰ সৃষ্টি কৰিব পাৰে


 6. তলত দিয়া উৎসসমূহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা কি কি?

 (a) বতাহ (b) তৰংগ (c) জোৱাৰ-ভাতা


Answer: (a) বতাহৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা হ'ল-

                (i) বায়ুকল প্ৰকল্প যিকোনো স্থানত স্থাপন কৰিব নোৱাৰি। যিবিলাক স্থানত বছৰটোৰ সকলো সময়তে বতাহৰ চলাচল হৈ থাকে তেনেকুৱা ঠাইতহে বায়ুকল প্ৰকল্প  স্থাপন কৰিব পাৰি।

                 (ii) বায়ুকল প্ৰকল্প  স্থাপন কৰিবলৈ একোটা বৃহৎ অঞ্চলৰ প্ৰয়োজন হয়। 

            (iii) বায়ুকল প্ৰকল্পৰ পৰা শক্তি আহৰণ কৰিবলৈ বতাহৰ বেগ এটা নিৰ্দিষ্ট জোখত থকাটো প্ৰয়োজন।

            (iv) এটা অকলশৰীয়া বায়ুকলৰ উৎপাদন যথেষ্ট কম, সেইবাবে ইয়াক বানিজ্য়িক উদ্দেশ্য়ত ব্য়ৱহাৰ কৰিব নোৱাৰি।

(b) তৰংগৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা হ'ল-

             (i) যিবোৰ ঠাইত তৰংগবোৰ অতিশয় শক্তিশালী তেনেবোৰ স্থানতহে তৰংগ শক্তি ব্য়ৱহাৰ ফলপ্ৰসু।

             (ii) তৰংগত নিহিত শক্তিৰ ব্য়ৱহাৰৰ বাবে টাৰবাইন ঘূৰাবলৈ তথা বিদ্য়ুত উৎপাদন কৰিবলৈ অনেক প্ৰকাৰৰ সঁজুলিৰ দৰকাৰ।

 (c) জোৱাৰ-ভাতাৰ পৰা শক্তি আহৰণ কৰাৰ সীমাবদ্ধতা হ'ল-

                 (i) সমুদ্ৰলৈ যোৱা এটা ঠেক পথত বান্ধ নিৰ্মান কৰি জোৱাৰ-ভাতাৰ শক্তি আহৰণ কৰা হয়। এনে বান্ধ নিৰ্মাণ কৰিব পৰা স্থান সীমিত।


7. কি আধাৰত শক্তিৰ উৎসমূহ

 (a) নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য

(b) ক্ষয়িষ্ণু যোৱা আৰু অক্ষয়িষ্ণু

বুলি শ্রেণীভুক্ত কৰিবা ? (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই নে ?


Answer: যিবিলাক শক্তিৰ উৎস  প্রকৃততে নিৰন্তৰ উৎপাদিত হয় আৰু অক্ষয় হয় থাকে তেনে শক্তিৰ উৎসক নবীকৰণযোগ্য  বা অক্ষয়িষ্ণু ৎস বোলা হয়।

        যিবিলাক শক্তিৰ ৎস দীর্ঘ সময়ৰ মূৰতহে প্রকৃতিত জমা হয় আৰু এবাৰ শেষ হৈ গলে তাক দ্রুত প্রতিস্থাপন কৰিব নোৱাৰি, তেনে শক্তিৰ ৎসক  অনবীকৰণযোগ্য বা ক্ষয়িষ্ণু ৎস বোলা হয়।

        (a) আৰু (b) ত উল্লেখ কৰা বাছন (option) একেই।


 8. এটা আদর্শশক্তি উৎসৰ গুণসমূহ কি কি?

Answer: এটা আদর্শশক্তি উৎসৰ গুণসমূহ হল-

            1. ই নবীকৰণযোগ্য হব লাগিব

            2.  ই পৰিবেশৰ ওপৰত বেয়া প্ৰভাব পেলাব নোৱাৰিব

            3. ই মিতব্য়য়ী হব লাগিব

            4. ই সহজে উপলব্ধ হ'ব লাগিব

            5.   ইয়াৰ সঞ্চয় আৰু পৰিবহন সহজ সাধ্য় হ'ব লাগিব।


9. সৌৰ চুলা ব্যৱহাৰৰ সুবিধা আৰু অসুবিধাসমূহ কি কি? এনে স্থান আছেনে য'ত সৌৰ চুলাৰ ব্যৱহাৰ সীমিত ?

Answer: সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হল-

                    1. সৌৰ চুলা ব্য়ৱহাৰৰ ফলত পৰিবেশৰ ওপৰত কোনো বেয়া প্ৰভাৱ নপৰে

                     2. সৌৰ চুলাত খাদ্য় ৰন্ধন কৰিলে খাদ্য়ৰ গুণাগুণ নষ্ট নহয়।

                    3. সৌৰ চুলাত একেলগে তিনিটামান খাদ্য় ৰান্ধিব পাৰি।

                
                সৌৰ চুলা ব্যৱহাৰৰ সুবিধাসমূহ হল-

                       1. সৌৰ চুলাত সকলো ধৰণৰ খাদ্য় ৰান্ধিব নোৱাৰি

                       2. ডাৱৰীয়া বতৰত ইয়াক ব্য়ৱহাৰ কৰিব নোৱাৰি।

        যিবিলাক ঠাইত সূৰ্যৰ পোহৰৰ উত্তাপ কম হয় তেনে ঠাইত ইয়াৰ ব্য়ৱহাৰ সীমিত।


10. পৰিবেশৰ ওপৰত শক্তিৰ বৰ্ধিত চাহিদাৰ প্ৰভাৱ কি কি? শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তুমি কি কি পদক্ষেপ লোৱাৰ পৰামর্শ দিবা ?

Answer: শক্তিৰ যি কোনো উৎসৰ ব্য়ৱহাৰে পৰিবেশ কিবা নহয় কিবা প্ৰকাৰে বিঘ্নিত কৰে। তাৰোপৰি শক্তিৰ উৎস এটা আহৰণৰ সময়তো পৰিবেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। শক্তিৰ বৰ্ধিত চাহিদাৰ ফলত শক্তিৰ উৎস সমূহ দ্ৰুতগতিত হ্ৰাস পাব ধৰিছে।

    শক্তিৰ ব্যয় হ্রাস কৰিবৰ বাবে তলত দিয়া ধৰণে পদক্ষেপ লব পাৰি-

        1. ব্য়ৱহাৰ নকৰা সময়ত লাইট, ফেন আদি বন্ধ কৰি থব লাগে।

        2. নিজা বাহন ব্য়ৱহাৰ কৰাৰ পৰিৱৰ্তে ৰাজহুৱা বাহন ব্য়ৱহাৰ কৰিব লাগে।

        3. খাদ্য় বস্ত ু ৰন্ধাৰ আগতে তিয়াই থলে আৰু ঢাকি ৰান্ধিলে ইন্ধন কমকৈ খৰচ হয়। 

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)