Heredity and Evolution (Question Answer)

Image
  Heredity and Evolution (Question Answer) QUESTIONS 1. If a trait A exists in 10% of a population of an asexually reproducing species and a trait B exists in 60% of the same population, which trait is likely to have arisen earlier?  Answer: B trait has arisen earlier because it exists in maximum population. 2. How does the creation of variations in a species promote survival? Answer:  The variations created in a species protects the organism from extinction even in adverse conditions. As a result, the organism gains stability. Helps to adapt to the changing environment of the natural environment. 3. How do Mendel’s experiments show that traits may be dominant or recessive?  Answer:  Mendel used a number of contrasting visible characters of garden peas – round/wrinkled seeds, tall/short plants, white/violet flowers and so on. He took pea plants with different characteristics – a tall plant and a short plant, produced progeny from them, and calculated the percentages of tall or short pr

2016 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান

 2016 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ                                                     সমাধান

 GENERAL SCIENCE

Full Marks : 80, Pass Marks :24,                                            Time:hours 


ক-ভাগ

তলৰ প্রতিটো প্রশ্নৰ চাৰিটাকৈ উত্তৰ দিয়া আছে চাৰিটাৰ ভিতৰত মাত্র এটাহে শুদ্ধ উত্তৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা                                                                       1x10=10


1.  Fe2O3 + 2Al Al2O3 + 2Fe

ওপৰৰ বিক্রিয়াটো ' --- 

(a) এটা সংযােজন বিক্রিয়াৰ উদাহৰণ 

(b) এটা বিয়ােজন বিক্রিয়াৰ উদাহৰণ

(c) এটা অপসাৰণ বিক্রিয়াৰ উদাহৰণ 

 (d)  এটা দ্বিঅপসাৰণ বিক্রিয়াৰ উদাহৰণ

Answer: (c) এটা অপসাৰণ বিক্রিয়াৰ উদাহৰণ 

2. এটা দ্ৰবই ৰঙা লিটমাছ নীলা কৰে দ্রবটোৰ pH হ'ল – 

(a) 1 

(b) 4 

(c) 5 

(d) 10 

Answer: (d) 10 

3. তলৰ কোনটো ধাতুরে ঠাণ্ডা পাণীৰ লগত প্রবল বেগে বিক্রিয়া কৰে?
(a) Al
(b) Fe 
(c) Na 
(d) Ca 

Answer: (c) Na 


    4. মৌলৰ পৰ্য্যাবৃত্ত তালিকাৰ পৰ্য্যায় এটাত বাওঁফালৰ পৰা সোঁফাললৈ পাৰমাণবিক ব্যাসার্ধ এমাম্বয়ে

        (a) বাঢ়ে

         (b) কমে

         (c) একেই থাকে

         (d) ওপৰৰ এটাও নহয়


        Answer:  (b) কমে


    5. দুডাল তাঁঁৰৰ দৈর্ঘ্য, ৰো, ৰোধাং প্ৰতিটোৰ ক্ষেত্ৰত অনুপাতৰ মান 1:2. তাৰ দুডালৰ ব্যাসৰ অনুপাত কিমান হব?

(a) 1:2

(b) 1:4

(c) 4:1

(d) 1:√2


Answer: (b) 1:4

6. লৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় ?
(a) জীৱাশ্ম ইন্ধন
(b) জীৱভৰ
(c) নিউক্লীয় ক্তি 
(d) বায়ু শক্তি 

Answer: (c) নিউক্লীয় ক্তি 

7. মস্তিষ্কৰ যি অংশই দেহৰ সমতা আৰু ভংগিমা নিয়ন্ত্ৰণৰ বাবে দায়ী, সেই অংশ
(a) চেৰিবেলাম  
(b) মেডুলা 
(c) পনস 
(d) চেৰিব্ৰা 

Answer: (a) চেৰিবেলাম 

8. তলত দিয়া কোনটো জীৱ নিম্নিকৰণ পেলনিয়া দ্রব্য
(a) পলিথিনৰ মােনা
(b) আমৰ বাকলি 
(c) ফালি যােৱা চামৰাৰ মােনা 
(d) প্লাষ্টিকৰ বটল 

Answer: (b) আমৰ বাকলি 

9. অবাত শ্বসন সম্পন্ন হয়
(a) মাইট কন্দ্রিয়াত 
(b ) ক্লৰপ্লাষ্টত 
(c) কোষকেন্দ্ৰ 
(d) চাইটপ্লাজমত 

Answer: (d) চাইটপ্লাজমত

10. যিবােৰ অংগৰ উৎপত্তি বেলেগ কিন্তু দেখাত একে আৰু একে কাৰ্য্য সম্পন্ন করে, সেইবােৰ – 
(a) সমসংস্থ 
(b) সমবৃওিক 
(c) নিকটবর্তী
(d) অবশেষাংগ 

Answer: (b) সমবৃওিক 

   খ- ভাগ


11. ইথেনৰ ইলেকট্রন বিন্দু গঠন আঁকা                1

Answer:







12. কঠিন পানীক কোমল (মৃ) পানীলৈ ৰূপান্তৰ কৰিবলৈ ব্যৱহাৰ কৰা ডিয়ামৰ যৌগটোৰ নাম লিখা
1

Answer: কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা ছ'ডিয়াম যৌগটোৰ নাম  কাপোৰ ধোৱা ছডা (Na2CO3.10 H2O)

13. প্ৰকৃতিত কিয় আমি চাপৰ মটমাহৰ গছতকৈ ওখ মটমাহৰ গছ বেছিকৈ দেখা পাওঁ ?       1

Answer: প্ৰকৃতিত আমি চাপৰ মটমাহৰ গছতকৈ ওখ মটমাহৰ গছ বেছিকৈ দেখা পাওঁ কাৰণ ওখ চৰিত্ৰটো প্ৰভাৱী চৰিত্ৰ।

14. হৰম'নৰ পৰিমাণ আৰু নিঃসৃত হােৱাৰ সময় কেনেদৰে নিয়ন্ত্রিত হয় ? 1

Answer: ফিড-বেক পদ্ধতি (Feedback Mechanism) ৰ দ্বাৰা  হৰম'নৰ পৰিমাণ আৰু নিঃসৃত হােৱাৰ সময় নিয়ন্ত্রিত হয়।


15. সমান্তৰাল সজ্জাত থকা তিনিটা ৰােধৰ সম্পর্ক যদি R1 > R2 > R3  হয়, তেন্তে সিহঁতৰ মাজেদি যােৱা বিদ্যুৎ প্রবাহৰ সম্পর্ক কি            1

Answer: বিদ্যুৎ প্রবাহৰ সম্পর্ক হ'বI1<I2<I3

16. চীনা মাটিৰে তৈয়াৰী এখন থালত 1g পাৰ পাউদাৰ লৈ গৰম কৰা হ'লে-

(a) কপাৰ পাউদাৰখিনিৰ বৰণ কেনে

(b) ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত সমীকৰণ লিখা         1+1=2

Answer: (a) কপাৰ পাউদাৰ খিনিৰ বৰণ ক'লা হৈ পৰিব।


(b) ওপৰৰ পৰ্যবেক্ষণটোৰ  সন্তুলিত ৰাসায়নিক সমীকৰণ হব-

 2Cu + O2  তাপ   2CuO

                                Or / নাইবা

উক্তিসমূহ ৰাসায়নিক সমীকৰণৰ ৰূপত লিখা আৰু সন্তলন কৰা

(a) হাইড্র'জেন গেছে নাইট্রজেন গেছৰ লগত বিক্রিয়া কৰি এম'নিয়া প্রস্তুত ৰে 

(b) জিংক কার্বনেট প্রবলভাবে উত্তপ্ত কৰিলে জিংক অক্সাইড আৰু কার্বন ডাই অক্সাইড প্রস্তুত হয়                             1+1=2

Answer:

(a) 3H2 + N2 → 2NH3

(b)  (b) ZnCO3(s) → ZnO(s) + CO2(g)

17. তাপবর্জি আৰু তাপগ্রাহী বিক্রিয়াৰ সংজ্ঞা লিখা ৰাসায়নিক সমীকৰণ সহ প্রত্যেকৰে এটাকৈ উদাহৰণ দিয়া                     1+1=2

Answer: যি বিক্ৰিয়াত বিক্ৰিয়াজাত পদাৰ্থ উত্পন্ন হোৱাৰ লগতে তাপৰ উদ্ভৱ হয় সেইবোৰক তাপবৰ্জী ৰাসায়নিক বিক্ৰিয়া বোলে। যেনে-

         প্ৰাকৃতিক গেছৰ দহনঃ CH4 (g) + 2O2 (g) ---→ CO2 (g) + 2H2O(g) + তাপ

             প্ৰাকৃতিক গেছৰ দহনৰ ফলত প্ৰচুৰ পৰিমানে তাপ উত্পন্ন হয় আৰু ই এটা তাপবৰ্জী বিক্ৰিয়া।

            আনহাতে যিবোৰ বিক্ৰিয়াত বিক্ৰিয়াটো সংঘটিত হবলৈ শক্তি শোষিত হয় তেনেবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে।         এই শোষিত শক্তি তাপ, বিদ্য়ুত বা পোহৰ যিকোনো প্ৰকাৰৰ হব পাৰে। যেনে-

2AgCl (s) -----------→ 2Ag(s) + Cl2(g) (সূৰ্যৰ পোহৰৰ উপস্থিতিত)

এই বিক্ৰিয়াটো সূৰ্যৰ পোহৰৰ পৰা শক্তি শোষণ কৰিহে সম্পন্ন হয়। গতিকে ই এটা তাপগ্ৰাহী বিক্ৰিয়া।


18. 'ডিয়াম হাইড্ৰ'কার্বনেট দ্রব এটা উত্তপ্ত কৰিলে কি ঘটে? বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণ লিখা                     1+1=2

Answer: 'ডিয়াম হাইড্ৰ'কার্বনেট দ্রব এটা উত্তপ্ত কৰিলে ই ছডিয়াম কাৰ্বনেট, পানী আৰু কাৰ্বন ডাই অক্সাইডলৈ বিয়োজিত হয়।

                        2NaHCO3 তাপ Na2CO3 + H2O + CO2


Or/ নাইবা

ব্লিচিং পাউদাৰ প্রস্তুতিত ঘটা বিক্রিয়াৰ সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা ব্লিচিং পাউদাৰৰ দুটা ব্যৱহাৰ লিখা                1+1=2

Answer: শুকান শিথিলিত চূণৰ লগত ক্ল'ৰিণৰ বিক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউদাৰ প্ৰস্ত ুত কৰা হয়।

                                Ca(OH)2 + Cl2 → CaOCl2 + H2O


ব্লিচিং পাউদাৰৰ ব্যৱহাৰঃ

(i) বস্ত্ৰ উদ্যোগত কপাহী কাপোৰ আৰু লিনেন কাপোৰ (linen) বিৰঞ্জিত কৰিবলৈ, কলত মণ্ড (wood pulp) বিৰঞ্জিত কৰিবলৈ আৰু ধুবিঘৰত ধোৱা কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয় |

(i) অনেক ৰাসায়নিক উদ্যোগত জাৰক পদার্থ হিচাপে ব্যৱহাৰ কৰা হয় ।

19. হাইদ্রাৰ মুকুলদগম পদ্ধতি বর্ণনা কৰা                 2

Answer: হাইড্রাই প্ৰজননৰ বাবে সিহঁতৰ দেহৰ কিছুমান কোষ মুকুলোদগম প্রক্রিয়াৰে পুনৰুজ্জীৱিত কৰে। হাইড্ৰাৰ এনে প্ৰক্ৰিয়া মুকুলবিলাক দেহৰ কোনো এক নির্দিষ্ট স্থানত একেৰাহে কেইবাবাৰো কোষ বিভাজন ঘটি টেমুনা বান্ধি চিত্রত দেখুওৱাৰ দৰে বাহিৰলৈ ওলাই আহে । এই মুকুলবিলাকৰ পৰাই সৰু সৰু আকাৰৰ হাইড্রা সৃষ্টি হয় আৰু যেতিয়া সিহঁত পূৰঠ হয় তেতিয়া সেইবিলাক মাতৃ হাইড্ৰাৰ পৰা এৰাই আহি নতুন এটা হাইড্রাৰ উৎপত্তি কৰে।




20. (a) চকুৰ লেন্সৰ উপযোজন ক্ষমতা বুলি 'লে কি বুজা

(b) চিত্র অংকন কৰি দেখুওৱা যে বগা পােহৰ ৰশ্মিগুচ্ছ বিচ্ছুৰি নােহােৱাকৈ দুটা প্রিজমৰ মাজেদি পাৰ হৈ যাব পাৰে                             1+1=2

Answer: (a) মানুহৰ চকুৱে চকুৰ লেনছৰ ফ'কাছ দৈৰ্ঘ সালসলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্ত ু ফ'কাছ কৰিব পৰা সামৰ্থ্য়কে চকুৰ উপযোজন ক্ষমতা বোলে।

(b)




21. প্রতিসৰণৰ সূত্র দুটা লিখা                       1+1=2


Answer: পোহৰৰ প্রতিসৰণৰ নিয়ম দুটা হল-

() আপতিত ৰশ্মি, প্রতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্ধিতলত আপতন বিন্দু না লম্ব একেখন সমতলত থাকে। 

() প্রদত্ত মাধ্যম যুগল আৰু প্রদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন (sini) আৰু প্রতিসৰণ কোণৰ চাইনৰ (sinr) অনুপাত এটা ধ্ৰুৱক, যদি আপতন কোণ i আৰু প্ৰতিসৰণ কোণ r হয়,

                                Sini/sinr = ধ্ৰুৱক

এই ধ্ৰুৱক মানটোক প্রথম মাধ্যমৰ সাপেক্ষে দ্বিতীয় মাধ্যমৰ প্রতিসৰণাংক বোলে।


22. এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনেৰেটৰৰ নীতি ব্যাখ্যা কৰা            2


Answer: মূলনীতিঃ বৈদ্য়ুতিক জেনেৰেটৰে যান্ত্ৰিক শক্তিক বৈদ্য়ুতিক শক্তিলৈ ৰূপান্তৰ কৰে। বৈদ্য়ুতিক জেনেৰেটত চৌম্বক ক্ষেত্ৰ এখনত যান্ত্ৰিক শক্তিৰ প্ৰয়োগেৰে পৰিবাহী এডাল ঘূৰাই বৈদ্য়ুতিক শক্তি উত্পাদন কৰা হয়। ই বিদ্য়ুত চুম্বকীয় আবেশৰ নীতিৰ ভিত্তিত কাম কৰে।

             গঠন আৰু কাৰ্যপ্ৰণালীঃ বৈদ্য়ুতিক জেনেৰেটৰৰ মূল অংশ হল এটা ঘূৰ্ণায়মান আয়তাকাৰ কুন্ডলী ABCD যাক এডাল স্থায়ী চুম্বকৰ মেৰু দুটাৰ মাজত ৰখা হয়। এই কুন্ডলীৰ দুয়োটা মূৰ দুটা R1 আৰু Rআঙঠি দুটাৰ লগত সংযোগ কৰা হয়। দুডাল স্থিতিশীল পৰিবাহী ব্ৰাচ  B1  আৰু  B2ক যথাক্ৰমে R1আৰু R2ৰ লগত পৃথকে পৃথকে হেঁচা দি ধৰা হয়। R1 আৰু  Rআঙঠি দুটা ভিতৰেৰে অক্ষদন্ডৰ লগত সংলগ্ন কৰা থাকে। 
        অক্ষদন্ডদাল যেতিয়া ঘড়ীৰ কাটাৰ দিশত ঘূৰোৱা  হয়, তেতিয়া ফ্লেমিঙৰ সোঁহতীয়া নিয়ম অনুসৰি আবিষ্ট প্ৰবাহ ABCD ৰ দিশত চালিত হ'ব। আধাপাক ঘূৰাৰ পিছত CD বাহু ওপৰলৈ আৰু AB বাহু তললৈ যাব। ফলত বাহু দুটাত আবিষ্ট প্ৰবাহৰ দিশ সলনি হৈ DCBA ৰ দিশত চালিত হ'ব । এনেকুৱাকৈ এক নিৰ্দিষ্ট সময়ৰ ব্য়ৱধানত প্ৰবাহৰ দিশ সলনি হ'ব আৰু আমি পৰিবৰ্তী প্ৰবাহ পাম। প্ৰত্য়ক্ষ প্ৰবাহ পাবলৈ হ'লে এটা ফলা আঙঠিৰ দৰে দিক পৰিবৰ্তক ব্য়ৱহাৰ কৰিব লাগিব।





23. (a) কুণ্ডলী এটাত আৱিষ্ট বিদ্যুৎ প্রৱাহৰ দিশ-জানিবলৈ ব্যৱহৃত নিয়মটো উল্লেখ কৰা                 1

(b) বৃত্তাকাৰ কুণ্ডলীৰ মাজেদি প্রবাহ চালিত হলে সৃষ্টি হােৱা চুম্বকীয় বলৰেখাবােৰ অংকন কৰা         1


Answer: (a) ফ্লেমিঙৰ সোঁহতীয়া নিয়ম (Fleming's Right Hand Rule): বুঢ়া আঙুলি তর্জনি আঙুলিআৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্বভাৱে মেলি ধৰিলে তর্জনি আঙুলিয়ে চৌম্বক ক্ষেত্রৰ দিশ দিলেআৰু বুঢ়া আঙুলি পৰিবাহীডালৰ গতিৰ দিশ দিলে মধ্যমা আঙুলিয়ে আৱিষ্ট বিদ্যুৎ প্রৱাহৰ দিশ দেখুৱাব। 


(b)




24. (a) এটা মৌলৰ পৰমাণুৰ ইলেকট্রনীয় বিন্যাস 2.8.1

(i) মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান?                1

(ii)তলৰ মৌলবােৰৰ কোনটোৰ সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে? (বন্ধনীৰ ভিতৰত পাৰমাণবিক সংখ্যাবােৰ দিয়া আছে

K (19), Cl(17), Mg(12), Ar (18)                1

(b) পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমূহৰ নাম লিখা             1


Answer: (a) (i) মৌলটোৰ পাৰমাণবিক সংখ্যা 11।

(ii) K(19) সৈতে ইয়াৰ ৰাসায়নিক সাদৃশ্য আছে ।

(b) পৰ্য্যাবৃত্ত তালিকাৰ দ্বিতীয় পৰ্য্যায়ত থকা ধাতু সমূহ হ'ল- লিথিয়াম (Li) আৰু বেৰিলিয়াম (Be)


Or/নাইবা

পৰ্য্যাবৃত্ত তালিকাত থকা মৌল A, B আৰু C স্থান সমূহ তলত দেখুওৱা হৈছে 

            Group16                        Group 17

                    ----                            ---

                    ----                            A

                    ----                            ----

                      B                             C        

        

        

(a) মৌল A ধাতু নে অধাতু                    1

(b) C মৌলটো B মৌলতকৈ আকাৰত ডাঙৰ নে সৰু            1

(c) C মৌলই কেনে ধৰণৰ আয়ন (কেটায়ন নে এনায়ন) গঠন কৰে            1

Answer:   (a) মৌল A অধাতু

                     (b) মৌলটো আকাৰত তকৈ সৰু  

                    (c) মৌলই  এনায়ন গঠন কৰে


        25. স্নায়ুকলাই কেনেকৈ পেশীয় চলন নিয়ন্ত্রণ কৰে                        3

        Answer: আমাৰ দেহৰ পেশীবোৰৰ চলন স্নায়ুকলাই নিয়ন্ত্ৰন কৰে। স্নায়ু কলাই বার্তা গ্রহণ কৰি শৰীৰৰ বিভিন্ন অংশত প্ৰেৰণ কৰে, বার্তাৰ ওপৰত ভিত্তি কৰি পেশীসমূহক ক্রিয়া কৰাৰ বাবে সিদ্ধান্ত প্রেৰণ কৰে। অন্য কথাত, যেতিয়া ক্রিয়া কৰিবলগীয়া হয় তেতিয়া পেশী কলাইহে ন্তিম কার্য সমাধা কৰে। যেতিয়া এটা স্নায়ু প্রবাহ পেশীয়ে লাভ কৰে তেতিয়া পেশীৰ আঁহবােৰে গতি কৰে। পেশীকোষৰােৰে কোষৰ আকৃতি সলনি কৰি গতি কৰে। পেশীকোষবােৰত এবিধ বিশেষ প্রটিন থাকে। যেতিয়া ইহঁতে বৈদুতিক প্রবাহ গ্ৰহণ কৰে তেতিয়া ইহঁতৰ আকৃতি সলনি হয়। এনে হ'লে পেশীকোষৰ প্রটিনবােৰৰ নতুন শৃংখলাৰ কাৰণে ই সৰু হৈ যায়।

Or/নাইবা

আমি আহাৰত কিয় আয়ডিন যুক্ত নিমখ ব্যৱহাৰ কৰাে?        3

Answer: আমাৰ শৰীৰত থাইৰয়ড গ্ৰন্থিৰদ্ৱাৰা থাইৰ'ক্সিন হৰম'নৰ নিঃসৰণৰ বাবে আয়'ডিনৰ প্ৰয়োজন। থাইৰ'ক্সিন হৰম'নে আমাৰ দেহত কাৰ্ব'হাইড্ৰেট, প্ৰ'টিন আৰু স্নেহ পদাৰ্থৰ বিপাক ক্ৰিয়া নিয়ন্ত্ৰণ কৰে। তাৰোপৰি শৰীৰত আয়'ডিনৰ অভাৱ হলে গৰলৰোগ হব পাৰে। সেয়েহে আয়'ডিন যুক্ত লৱণ খোৱাটো  আৱশ্যক।

26. জীবাশ্ম কি? জীবাশ্মই কেনেকৈ বিবর্তনৰ সন্ধানত সহায় কৰে        1+2=3

Answer: জীৱৰ মৃত্যু হলে ইহঁতৰ দেহ গেলি পচি নাইকিয়া হয়। কিন্তু কেতিয়াবা জীৱৰ কিছুমান অংগ পৰিবেশত সম্পূর্ণভাৱে গেলি-পচি নাইকিয়া হৈ নাযায়। উদাহৰণস্বৰূপে যদি কেতিয়াবা এটা মৃত পখিলা উত্তপ্ত লাভাত পৰি যায় তেতিয়া ইয়াৰ দেহ সহজে পচি নাযায়, লাভাখিনি কঠিন হৈ যায় আৰু তাত পতংগৰ ছাপ ৰৈ যায়। এনেধৰণৰ জীৱদেহৰ অৱশিষ্টক জীৱাশ্ম (Fossil) বুলি কোৱা হয়।

                জীৱাষ্মসমূহে বিবর্তন প্রক্রিয়া সম্পর্কে নিম্নলিখিত তথ্য যোগান ধৰে-

১. ইহঁতে পৃথিবীৰ পৃষ্ঠ আৰু ইয়াৰ সৈতে সম্পর্কিত প্রাণীবিলাকৰ কি পৰিবর্তন আহিছে সেই সম্পৰ্কে আভাস দিয়ে।

২. জীৱাষ্মসমূহে কম বিকশিত সৰল জীৱৰ পৰা অধিক বিকশিত জটিল জীৱলৈ হোৱা ক্ৰমাগত বিবৰ্তন সম্পর্কে তথ্য় দিয়ে।

৩. ইহঁতে মানুহৰ বিবর্তন প্রক্রিয়াটি প্রদর্শন কৰে।

Or/নাইবা

বিবর্তন আৰু শ্রেণীবিভাগ এই দুটা অধ্যয়নৰ বিষয় কিদৰে সম্পর্কিত? ব্যাখ্যা কৰা         3

Answer: সকলো জীৱৰে কিছুমান সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট থাকে। সকলো জীৱৰে দেহ কোষেৰে গঠিত হোৱাটো ইহঁতৰ এটা সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট । ডাৰউইনৰ বিবর্তনৰ সূত্ৰমতে জীৱবিলাক বিবর্তনৰ যোগেদি সিঁহতৰ দেহৰ সৰল গঠন পৰ্যায়ৰ পৰা জটিল গঠন পৰ্যায়লৈ পৰিৱৰ্তন হয়। ইয়াৰ লগে লগে সিহঁতৰ চাৰিত্ৰিক বৈশিষ্ট বিলাকৰো পৰিৱৰ্তন হয়। যিহেতু জীৱবিলাকৰ শ্ৰেণীবিভাজন সিহঁতৰ মাজত থকা চাৰিত্ৰিক বৈশিষ্টৰ ভিত্তিত কৰা হয় গতিকে বিবর্তনৰ লগত শ্ৰেণীবিভাজনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। দুটা প্ৰজাতিৰ জীৱসমূহৰ পৰস্পৰৰ মাজত সাধাৰণ সাদৃশ্য় থাকিলে সিহঁত পৰস্পৰৰ ওচৰ সম্পৰ্কীয় হয়। একে পৈতৃক পুৰুষৰ পৰা সৃষ্টি হোৱা প্ৰথম কূল আৰু দ্বিতীয় কূলৰ জীৱৰ মাজত চাৰিত্ৰিক বৈশিষ্টৰ বিভিন্নতা দেখা যায়। ইয়াৰ পৰা অনুধাৱন কৰিব পাৰি যে জীৱৰ প্ৰজাতিৰ শ্ৰেণীবিভাজনত ইহঁতৰ বিবর্তনৰ প্ৰতিফলন ঘটে। 

27. কৃষিত প্রয়ােগ কৰা কীটনাশক দ্ৰব্যবােৰে কেনেকৈ আমাক প্ৰভাৱান্বিত কৰে ব্যাখ্যা কৰা     3

Answer: আমাৰ অজ্ঞাতেই কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদার্থ খাদ্য শৃংখলৰ যােগেদি আমাৰ দেহত প্রবেশ ঘটে।পথাৰৰ শস্যৰ বেমাৰ আৰু কীট পতংগৰ পৰা ৰক্ষা পাবলৈ প্রয়ােগ কৰা কীটনাশক আৰু অন্যন্য ৰাসায়নিক পদার্থবিলাক ব্যৱহাৰৰ পিছত অবশিষ্ট কিছু অংশ হয় মাটিতে থাকি যায় বা কিছু পৰিমাণে পানীলৈ গুচি যায়। মাটিত থাকি যােৱাখিনি উদ্ভিদে পানী আৰু খনিজ লৱণ শােষণৰ প্ৰক্ৰিয়াৰ লগতে সিহঁতৰ দেহত প্রৱেশ ঘটে আৰু একেদৰে পানীত থাকি যােৱাখিনি জলজ উদ্ভিদ বা জলজ প্রাণীৰ দেহলৈ প্রবেশ ঘটে। এই ক্ষতিকাৰক ৰাসায়নিক পদার্থবিলাক খাদ্য শৃংখলত প্রবেশ কৰাটো এইটোৱেই হল প্রধান কাৰণ। যিহেত এনে ৰাসায়নিক পদার্থবিলাক ক্ষয়িষ্ণু নহয়, সেইবাবে এইবিলাকৰ অৱশিষ্টখিনি ক্রমান্বয়ে খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰত গােট খাই থাকে। যিকোনাে খাদ্য শৃংখলত মানুহখিনিয়ে একেবাৰে শীর্ষ স্থানত থাকে, সেইবাবে এনে ৰাসায়নিক পদার্থবিলাক আমাৰ শৰীৰতে আটাইতকৈ বেচি পৰিমাণে মজুত হয়। এই পৰিঘটনাটোকে জৈবিক বিবর্ধক (Biological Magnification) বুলি কোৱা হয়। এইটো কাৰণেই আমাৰ খাদ্য শস্য যেনে ঘেঁহু, ধান, শাক-পাচলি, ফল-মূল আৰু আনকি মাছ-মাংস, কণী, গাখীৰ আদিত কম বেচি পৰিমাণে কীটনাশক পদাৰ্থৰ অৱশিষ্ট থাকি যায়। এইবিলাক ধুই-পখালি বা অন্য কোনাে প্রক্রিয়াৰেও আতঁৰ কৰিব নােৱাৰি।

Or/নাইবা 

পৰিস্থিতিতন্ত্ৰত শক্তি প্রবাহ কেনেদৰে হয় লিখা 3

Answer: আমি খােৱা খাদ্যবিলাক ইন্ধন হিচাবে ব্যৱহাৰ হৈ আমাৰ কার্য সম্পন্ন কৰাত শক্তিৰ যােগান ধৰি সহায় কৰে। সেইদৰে, পৰিবেশৰ বিভিন্ন  উপাদানৰ পৰম্পৰৰ মাজত মিলা মিচা কৰি শক্তিবিলাক এটা স্তৰৰ বা উপাংশৰ আন এটা স্তৰলৈ বা উপাংশলৈ প্রবাহিত হয়।স্ব-পোষী জীৱবিলাকে সূর্যৰ পৰা শক্তি আহৰণ কৰি সেই শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰে। এই শক্তিকেই জীৱ জগতৰ সকলােবিলাক জীৱই যাবতীয় কার্যৰ বাবে প্রয়ােজনীয় শক্তি হিচাবে লাভ কৰে। এইশক্তি স্ব-পােষী জীৱলৈ আৰু বিয়ােজক শ্ৰেণীৰ জীৱলৈ প্রবাহিত হয়।

এটা পৰিস্থিতিতন্ত্রত শক্তিৰ পৰিবহণৰ চিত্র তলত দিয়া হল

            

 

উচ্চ স্তৰৰ মাংসহাৰী প্ৰাণী

মাংসহাৰী প্ৰাণী

তৃণভোজী প্ৰাণী

ৎপাদক

সূৰ্যৰ পোহৰ



28. মূদ্ৰ পৰা উৎপন্ন শক্তিৰ উৎসবােৰ কি কিযিকোনাে এটাৰ সীমাৱদ্ধতা উল্লেখ কৰা 2+1=

Answer: মূদ্ৰ পৰা উৎপন্ন শক্তিৰ উৎসবােৰ হল- জোৱাৰ-ভাটা, তৰংগ, মহাসামুদ্ৰিক তাপীয় শক্তি।

                মহাসমূদ্ৰৰ পৰা পাব পৰা শক্তিৰ দুটা সীমাবদ্ধতা হ'ল

                         (১)সামুদ্ৰিক ঢৌ অতি বেছি থকা অঞ্চলতহে এনে প্ৰকল্প প্ৰযোজ্য। ঢৌ কমিলেই উৎপাদন বন্ধ হৈ পৰে।
                                    (২) উপকূলীয় অঞ্চলতহে এয়া সম্ভৱ।

29. কোনাে জীৱৰ প্ৰজাতিৰ জনসংখ্যা স্থিৰ ৰখাৰ বাবে প্রজননে কিদৰে সহায় কৰে ? 3

Answer: প্ৰজনন প্ৰক্ৰিয়া হল জীৱ এটাৰ বংশবৃদ্ধি কৰাৰ একমাত্ৰ উপায়। গতিকে কোনো এটা প্ৰজাতিৰ জীৱৰ আবাদিৰ স্থিতি ৰক্ষাৰ কৰাত বিশেষভৱে সহায় কৰে । প্ৰজনন প্ৰক্ৰিয়াই জীৱ এটা পৃথিৱীত বৰ্তি থকাত সহায় কৰে আৰু জীৱটো পৃথিৱীৰ পৰা বিলুপ্ত হৈ যোৱাত বাধা দিয়ে। ইয়াৰ দ্বাৰাই জীৱ এটাৰ জন্ম আৰু মৃত্য়ুৰ অনুপাতৰ ভাৰসাম্য়তা ৰক্ষা কৰে। প্ৰজনন প্ৰক্ৰিয়াৰ যোগেদিয়েই জীৱকূলত ভিন্নতা আৰু ক্ৰমবিকাশৰ পথ সূচল হয়।  


30. মানুহ এজনৰ চকুৰ বাবে নিকট বিন্দু 100 cm তেওঁৰ চকুৰ স্বাভাৱিক দৃষ্টিৰ বাবে ব্যৱহাৰ কৰিব লগীয়া লেন্সৰ ক্ষমতা আৰু ধৰণ কি হব? ৰশ্মিচিত্র আঁকিবা                     1+1+1=3 

Answer: স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 0.25 m = 25 cm    

                        এতেকে লক্ষ্য়বস্তুৰ দূৰত্ব, u= -25 cm

      আকৌ, যিহেতু দূৰদৃষ্টিগ্রস্ত চকুটোৰ  বাবে নিকট বিন্দু 100 cm, 

                                 এতেকে প্ৰতিবিম্বৰ দূৰত্ব, V=  -100 cm

        লেনচৰ সূত্ৰ ব্য়ৱহাৰ কৰি,

                                            1/v-1/u = 1/f

                                        -1/100- 1/-25 =1/f

                                        1/f = 1/25- 1/100

                                        1/f = (4-1)/100

                                        f = 100/3 = 33.3 cm= 0.33m

                            এতেকে, ক্ষমতা, P = 1/f

                                                         P = 1/0.33 = +3.0 D

                এই বিকাৰৰ সংশােধনৰ বাবে প্রয়ােজন হােৱা লেন্‌ছৰ ক্ষমতা +3 D আৰু লেনছখন উত্তল।


                                        


        

31. বর্তনী এটা অংকন কৰা যত চাৰিটা 3V কোষ থকা বেটাৰী, , 10Ω, 15Ω আৰু 20Ω চাৰিটা ৰােধ এটা চাবি, এটা এমিটাৰ শ্ৰেণীবদ্ধ সজ্জাত আছে আৰু 20Ω ৰােধৰ দুই প্রান্তত ভল্টমিটাৰ সংযােগ কৰা আছে এমিটাৰ আৰু ভল্টমিটাৰৰ পাঠৰ মান নির্ণয় কৰা                         3

Answer:


            বৰ্তনীটোৰ সমতুল্য় ৰোধ, R= 5+10+15+20 =50 Ω
       এতেকে, এমিটাৰ পাঠৰ মান, I = V/R = 12/50 = 0.24 A
         আৰু ভল্টমিটাৰৰ পাঠৰ মান, V= IR= 0.24 x 20 = 4.8 V

32. (a) কার্বনৰ কোন দুটা ধৰ্মৰ বাবে আমি আমাৰ চাৰিওফালে অজস্র কার্বন যৌগ পাওঁ             2

(b) তলৰ যৌগটোৰ গঠন আঁকা

ইথানয়িক এছিড                              1

(c) এটা প্রতিস্থাপন বিক্রিয়াৰ উদাহৰণ ৰাসায়নিক সমীকৰণ এটাৰ সহায়ত দিয়া         1

(d) অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰিলে কি ঘটে? প্রয়ােজনীয় ৰাসায়নিক সমীকৰণ লিখা                                 1

Answer: (a) কার্বনৰ ক্ষেত্ৰত প্রত্যক্ষ কৰা দুটা প্রধান ধৰ্ম হ'ল যাৰ বাবে অজস্ৰ কাৰ্বন যৌগ পোৱা যায়- 

(i) কেটিনেচনঃ কার্বনে নিজৰ মাজতে বান্ধনি সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে। এই ধর্মকে কেটিনেচন (catenation) বুলি কোৱা হয়। যৌগবিলাকত কার্বনৰ দীঘল শৃংখলশাখা শৃংখল নতুবা চক্রীয় শৃংখল পৰিলক্ষিত হয়। তদুপৰি কার্বন পৰমাণুবোৰ এক বান্ধনিদ্বিবান্ধনি বা ত্রিবান্ধনিৰ দ্বাৰা যুক্ত হৈ থাকে। কার্বন পৰমাণুবোৰ এক বান্ধনিৰ সংযুক্ত হৈ সৃষ্টি হােৱা যৌগবোৰক সংপৃক্ত যৌগ (saturated compound) বােলে। দ্বিবান্ধানি বা ত্রিবান্ধনিযুক্ত যৌগবোৰক অসংপৃক্ত যৌগ (unsaturated compound) বোলা হয়।

(i) চতুৰ্সহ যোজ্য়তাঃ যিহেতু কার্বনৰ যোজ্যতা চাৰি গতিকে ই আন চাৰিটা কার্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ লগত সহযোজী বান্ধনি গঠন কৰিব পাৰে। 

(b) ইথানয়িক এছিড গঠন-



(c) সংপৃক্ত হাইড্ৰকার্বনবোৰ সক্রিয় নহয়। ইহঁত প্ৰায়ভাগ বিকাৰকৰ লগত নিষ্ক্ৰিয়। অৱশ্যে সুর্যৰ পোহৰৰ উপস্থিতিত ক্লৰিনে অতি দ্রুততাৰে হাইড্রকার্বনৰ লগত বিক্ৰিয়া কৰে। ক্ল'ৰিনে হাইড্ৰ'কার্বনৰ এটা এটাকৈ সকলোবোৰ হাইড্রজেন পৰমাণু প্রতিস্থাপন কৰে। ইয়াকে প্রতিস্থাপন বিক্রিয়া বোলে কাৰণ এটা হাইড্র'জেন পৰমাণুৰ স্থান আন পৰমাণু বা পৰমাণু-গোটে দখল কৰে। এলকেনৰ উচ্চ সমগণবোৰৰ প্রতিস্থাপন বিক্রিয়াৰ ফলত একাধিক উপজাত দ্রব্য (product) পোৱা যায়। যেনে-


                        CH4 + Cl2 → CH3Cl + HCl (সূৰ্যৰ পোহৰত)


(d) 443K উষ্ণতাত অধিক পৰিমাণৰ গাঢ় ছালফিউৰিক এচিডৰ লগত ইথানল উত্তপ্ত কৰিলে ইথানলৰ নিৰুদন (dehydration) ঘটি ইথিন উৎপন্ন হয়।

                    CH3 CH2OH তপত গাঢ় H2SO4 CH2 = CH2 + H2O

গাঢ় ছালফিউৰিক এছিডক নিৰুদক দ্ৰৱ্য (dehydrating agent) হিচাপে গণ্য কৰা হয় যি ইথানলৰ পৰা পানী আঁতৰ কৰে।


Or/নাইবা

(a) সমগণীয় শ্রেণী কাক বােলে দুটা সমগণীয় শ্রেণীৰ নাম লিখা                         1+1=2

(b) তলৰ কোনবােৰ হাইড্রকার্বনে যােগাত্মক বিক্রিয়া দেখুৱায়

                    C2H6, C3H6, C2H4, CH4              2

(c) ৰাসায়নিক সমীকৰণৰ সৈতে দহন বিক্রিয়া এটাৰ উদাহৰণ দিয়া 1


Answer: (a) কার্বন পৰমাণুবােৰ পৰস্পৰে সংযােজিত হৈ বিভিন্ন দৈর্ঘ্যৰ কার্বন শৃংখল গঠন কৰিব পাৰে। তদুপৰি কার্বন শৃংখলৰ পৰা হাইড্র'জেন পৰমাণুবােৰ কার্যকৰী মূলকৰদ্বাৰা প্রতিস্থাপিতও হ'ব পাৰে। কার্যকৰী মূলক যেনে এলক'হলৰ উপস্থিতিয়ে শৃংখল দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ নকৰাকৈ যৌগবিলাকৰ ধর্ম নির্ধাৰণ কৰে। উদাহৰণ হিচাপে CH3OH, C2H5OH, C3H7OH আৰু C4H9OH প্রায় সদৃশ ৰাসায়নিক ধৰ্মৰ। এতেকে যি শ্ৰেণীৰ যৌগত একে কার্যকৰী মূলক উপস্থিত থাকে সেই শ্ৰেণীটোক সমগণীয় শ্রেণী বােলে।

(b) C3H6, C2H4     যােগাত্মক বিক্রিয়া দেখুৱায়।

(c) বহুৰূপতাৰ যিকোনো ৰূপতে কার্বন দহন কৰিলে কার্বন ডাই অক্সাইড উৎপন্ন হোৱাৰ উপৰিও তাপ আৰু পোহৰ উৎপন্ন হয়। প্রায়ভাগ যৌগ দহনত উৎপন্ন হোৱা তাপ উচ্চ পৰিমাণৰ হয়। দহন বিক্ৰিয়াবোৰ জাৰণ বিক্রিয়া

                       (i)     C + O2 → CO2 + তাপ আৰু পোহৰ

                            (ii)     CH4 + O2 → CO2 + H2O +  তাপ আৰু পোহৰ

সংপৃক্ত হাইডকার্বনে সাধাৰণতে অমলিন নীলা শিখা আৰু অসংপৃক্ত হাইড্রকার্বনে ক'লা ধোৱাযুক্ত হালধীয়া শিখা উৎপন্ন কৰে।

33. (a) তাপজাৰণ কাক বােলে? ৰাসায়নিক সমীকৰণ এটাৰ দ্বাৰা ব্যাখ্যা কৰা                 2

(b) পাৰ ধাতু শােধনৰ বিদ্যুৎ পৰিশােধন পদ্ধতিটো চিহ্নিত চিত্ৰৰ সৈতে বর্ণনা কৰা     3

Answer: (a) অতিৰিক্ত বায়ুৰ উপস্থিতিত উচ্চ তাপত উত্তপ্ত কৰি ছালফাইড আকৰক ধাতৱ অক্সাইডলৈ ৰূপান্তৰিত কৰা হয়। এই পদ্ধতিক তাপজাৰণ বোলে।

ZnS (s) + 3O2 (g) তাপ→ 2ZnO (s) + 2SO2 (g)

(b) বিদ্যুৎ পৰিশােধন পদ্ধতিত অশুদ্ধ কপাৰৰ এন'ড আৰু বিশুদ্ধ ধাতুৰ পাত এচলা কেথ'ড হিচাপে ব্য়ৱহাৰ কৰা হয়। ধাতুটোৰ লৱণৰ দ্ৰৱ (CuSO4এটা বিদ্য়ুত বিশ্লেষ্য় হিচাপে লোৱা হয়। বিদ্য়ুত বিশ্লেষ্য়ৰ মাজেৰে বিদ্য়ুত প্ৰবাহ চালিত কৰিলে এন'ড হিচাপে ব্য়ৱহাৰ কৰা অশুদ্ধ কপাৰৰ পাতৰ পৰা বিশুদ্ধ ধাতুখিনি দ্ৰৱীভূত হয়। একে পৰিমানৰ বিশুদ্ধ ধাতু বিদ্য়ুত বিশ্লেষ্য়ৰ পৰা গৈ কেথ'ডত জমা হয়। এনেদৰে আমি কেথ'ডত বিশুদ্ধ কপাৰ পাওঁ।







Or/নাইবা

মেগনেছিয়াম আৰু ক্ল'ৰিণৰ ইলেক্ট্রন বিন্দু গঠন লিখা ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম 'ৰাইডৰ গঠন লিখা এই যৌগটোত থকা আয়ন সমূহ কি কি                2+2+1=5 


Answer: মেগনেছিয়াম আৰু ক্ল'ৰিণৰ ইলেক্ট্রন বিন্দু গঠন হ'ল


   
 

ইলেক্ট্রন স্থানান্তৰৰ জৰিয়তে মেগনেছিয়াম 'ৰাইডৰ গঠন হল-

                এই যৌগটোত থকা আয়ন সমূহ হ'ল- মেগনেছিয়াম আয়ন (Mg2+ ) আৰু ক্লৰিন আয়ন (Cl-) ।




34. মানুহৰ হৃদপিণ্ডৰ বিভিন্ন কোঠালীৰ মাজেৰে হােৱা তেজৰ প্রবাহ এটা চিহ্নিত চিত্ৰৰ সৈতে বর্ণনা কৰা 3+2=5


Answer:  মানুহৰ হৃদযন্ত্ৰটো হাতৰ মুঠি সদৃশ এটা পেশীযুক্ত অংগ যিয়ে মানুহৰ গোটেই দেহতে তেজ পৰিবহন কৰাত মূখ্য় ভূমিকা লয়। অক্সিজেনযুক্ত তেজ আৰু কাৰ্বন ডাই অক্সাইড যুক্ত তেজ পৃথক কৰি ৰাখিবলৈ মানুহৰ হৃদযন্ত্ৰটো পৃথক কোঠালিত বিভক্ত।



      হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ আহি হৃদযন্ত্ৰৰ পূৰ্বদেশীয় অংশত থকা বাঁও কোঠালীত আহি পৰেহি। ইয়াক বাঁও অলিন্দ (left atrium) বোলে। এই অৱস্থাত বাঁও অলিন্দটো শিথিল হৈ যায়। বাঁও অলিন্দই তেজ সংগ্ৰহ কৰাৰ পিছত ই সংকুচিত হৈ তাত থকা তেজ ইয়াৰ পশ্চাত্ অংশত থকা কোঠালিলৈ পঠাই দিয়ে। এই কোঠালিক বাঁও নিলয়(left ventricle) বোলে।সোঁ অলিন্দটো সংকুচিত হোৱাৰ সময়ত ইয়াৰ পশ্চাত্ দেশত অৱস্থিত কোঠালিটোৰ দুৱাৰ মুকলি হৈ যায় আৰু তেতিয়া সোঁ অলিন্দৰ পৰা তেজ আহি ইয়াত সোমাই পৰে। এই কোঠালিটোক সোঁ নিলয় (right ventricle) বোলে। যেতিয়া সোঁ নিলয়টো সংকুচিত হয় তেতিয়া ইয়াৰপৰা তেজ হাওঁফাওঁলৈ যায়। হাওঁফাওঁত এই তেজ শোধন হয়। নিলয়ৰপৰা তেজ দেহৰ বিভিন্ন অংগলৈ পৰিবহন কৰিব লগা হোৱাৰ কাৰণে আন্তঃনিলয় বেৰখন আন্তঃঅলিন্দৰ বেৰখনতকৈ যথেষ্ট ডাঠ হয়। সোঁ অলিন্দ আৰু সোঁ নিলয় আৰু বাওঁ অলিন্দ আৰু বাওঁ নিলয়ৰ মাজত কপাট (valve) থাকে। সেই কাৰণে নিলয়ৰ পৰা অলিন্দলৈ তেজ উভতি যাব নোৱাৰে। 

Or/নাইবা

মানুহৰ খাদ্যনলীৰ বিভিন্ন অংশত হােৱা পাচন প্রক্রিয়া বর্ণনা কৰা                 5

Answer: আমি বিভিন্ন প্রকাৰৰ আহাৰ খাওঁ। এই বিভিন্ন প্ৰকাৰৰ আহাৰবােৰ একেডাল পাচন নলীয়েদি পাৰ হৈ যায়। মুখেৰে আহাৰ খােৱাৰ পাছত দাঁতৰ সহায়ত খাদ্যভাগ প্রথমে গুড়ি কৰি লােৱা হয়। খাদ্য গ্রহণ কৰাৰ পিচত খাদ্যভাগ সুক্ষ্মতম কণালৈ পৰিবৰ্তিত হােৱাটো নিতান্তই প্রয়ােজন। খাদ্যবস্তুৰ এনে পৰিৱৰ্তন দাঁতেৰে চোৱাই কৰা হয়। মুখগহ্বৰৰ বেৰখন কোমল আৰু য়াৰ পৰা নিঃসৰণ কৰা পাচক ৰসে আহাৰখিনি তিয়াই পিচল কৰি ৰাখে। ইয়াৰ ফলত নলীৰ পশ্চাৎ অংশলৈ গতি কৰিবলৈ সহজ হয়। আমি যেতিয়া আহাৰ খাও ,তেতিয়া আমাৰ মুখগহ্বৰত থকা পানীৰ লগতে মুখগহ্বৰৰ বেৰত থকা লালটি গ্রন্থিয়ে নিঃসৰণ কৰা লালটিৰ লগত খাদ্য মিহলি হয়। আমি খােৱা আহাৰ অতি জটিল প্রকৃতিৰ। এই জটিল প্রকৃতিৰ আহাৰ পাচন নলীত পাচন হবলৈ হলে জটিল আহাৰ সৰল অৱস্থালৈ পৰিৱৰ্তন কৰাটো প্রয়ােজন। কিছুমান জৈৱ অনুঘটকৰ সহায়ত এই জটিল আহাৰক সৰলীকৰণ কৰা হয়। এনে জৈৱ অনুঘটক (biocatalyst) বিলাকক উৎসেচক (enzyme) বুলি কোৱা হয়। লালটিত থকা এনে এবিধ উৎসেচক হল লালটি এমাইলেজ। ইয়াৰ সহায়ত মুখগহ্বৰত খাদ্যৰ শ্বেতসাৰ অংশ ভাঙি সৰল চেনিলৈ পৰিৱর্তিত হয়। আহাৰ চোবাই থাকোঁতে জিভাৰ সহায়ত লালটিৰ লগত মিহলাই দিয়া হয়।অপাচিত খাদ্যখিনি পাচন নলীৰ নির্দিষ্ট লয়যুক্ত সংকোচনৰ দ্বাৰা পাচন নলীৰ পশ্চাৎ অংশলৈ গতি কৰে। এনেধৰণে গােটেই পাচন নলীতেই পেৰিচটেলটিক নামৰ বিশেষ গতিৰে খাদ্যাংশ পশ্চাৎ দিশলৈ গতি কৰে।
        মুখগহৰৰ পৰা খাদ্যৰ মিশ্রন গ্রাসনলীয়েদি পাকস্থলীত প্ৰৱেশ কৰে। পাকস্থলী পাচন নলীৰ এটা ডাঙৰ অংশ। খাদ্যবস্তু পাকস্থলীত প্ৰৱেশ কৰাৰ লগে লগে ইয়াৰ প্ৰসাৰন ঘটে। পাকস্থলীৰ পেশীয় বেৰৰ সংকোচনে অধিক পাচন ৰসৰ লগত মিহলি হৈ যােৱাত সহয় কৰে। পাকস্থলীত পাচক ৰস নিঃসৰন কৰা গ্রন্থিবােৰক পাকগ্রন্থি বুলি কোৱা হয়। পাকগ্রন্থিৰ পাচক ৰসত হাইড্ৰ’ক্লৰিক এছিড (HCl) আৰু প্ৰটিন বিশ্লেষিত উৎসেচক যেনে-পেপচিন আৰু শ্লেষ্মা (mucus) আদি থাকে। হাইড্রক্লৰিক এছিড থকাৰ বাবে পাকস্থলী ৰস আম্লিক ধর্মীয় আৰু ইয়াৰ ফলত পেপচিনৰ কাৰ্য তীব্র হৈ উঠে।

শ্লেষ্মাই পাকস্থলী বেৰখনৰ অন্তঃ আৱৰণখনক সাধাৰণ অৱস্থাত এছিডৰ ক্ৰিয়াৰ পৰা সুক্ষা দিয়ে। পাকস্থলীৰ পৰা অপাচিত হােৱা খাদ্য স্ফিনক্টাৰ (Sphincter) পেশীৰ সংকোচদ্বাৰা পাচক নলীৰ পাছৰ অংশ ক্ষুদ্ৰান্তলৈ প্ৰেৰণ হয়। ক্ষুদ্ৰান্তটো পাচক নলীৰ আটাইতকৈ দীঘল অংশ আৰু বেছিকৈ পাক খাই থকাৰ বাবে ইয়াৰ অন্তস্থল অতি ঠেক।

        পাচন নলীৰ ক্ষুদ্রান্ত অংশতেই খাদ্যৰ শৰ্কৰা, প্রটিন আৰু চৰ্বীসমূহৰ সম্পূর্ণভাবে পাচন হয়। এই অংশতে পাচক গ্রন্থি যকৃত (liver) আৰু অগ্নাশয় (Pancreas) য়ে নিঃসৰণ কৰা পাচক ৰসসমূহ আহি পৰেহি।এই পাচক ৰসত থকা উৎসেচকসমূহে খাদ্য পাচত সহায় কৰে। পাকস্থলীৰ পৰা অহা অর্ধপাচিত খাদ্য আম্লি; এইবােৰ ক্ষাৰকীয় হোৱাটো দৰকাৰ যাতে অগ্নাশয় উৎসেচকে ক্রিয়া কৰিব পাৰে। এতিয়া যকৃতৰ পৰা নিঃসৰিত পিত্তৰসে এই কার্য কৰাৰ লগতে খাদ্যৰ ৰ্বী অংশত ক্রিয়া কৰে। ক্ষুদ্রান্তৰ খাদ্যাংশৰ চৰ্বী অণুৰ আকাৰ বৃহৎ আৰ খণ্ডযুক্ত (globules) আৰু ইয়াক উৎসেচকে সহজে ত্ৰিয়া কৰি নােৱাৰে। পিত্ত লৱণৰ উপস্থিতিত চর্বী অণুসমূহ সৰল অণুলৈ ৰূপান্তৰিত হয়। এই সৰল অণুসমূহৰ ওপৰত উৎসেচকে সহজে ক্রিয়া কৰিব পাৰে। অগ্নাশয় গ্রন্থিয়ে নিঃসৰণ কৰা অগ্নাশয় ৰসত প্রটিন বিশ্লেষী উৎসেচক ট্রিপচিন (trypsin) আৰু ইতিমধ্যে সৰলীকৃত চর্বী বিশ্লেষী উৎসেচক লাইপেজ (lipase) থাকে। ক্ষুদ্রান্তৰ বেৰত থকা সৰু গ্রন্থিবােৰে আন্ত্রিক ৰস (Intestinal juice) নিঃসৰণ কৰে। ইয়াত থকা উৎসেচকে অৱশিষ্ট প্রটিন অংশ সৰল এমিনএছিডলৈ, শর্কৰাসমূহক গ্লুজলৈ, চর্বীসমূহক ফেটি এছিড আৰু গ্লিচাৰললৈ ৰূপান্তৰ ঘটায়। |

        সম্পূর্ণ পাচিত হােৱা খাদ্য ক্ষুদ্রান্ত বেৰত থকা ভিলাই (Villi) বোৰে শোষণ কৰি লয়। ভিলাই বেৰৰ ৰক্তবাহী জালিকাৰে আবেষ্টিত থাকে। এই ৰক্তবাহী নলীকাবােৰে শােষিত আহাৰ দেহৰ সকলাে কোষলৈ পৰিবহন কৰে। কোষে ইয়াৰ পৰা শক্তি আহৰন কৰি কলা গঠন কৰে আৰু পুৰণা কলাবােৰ মেৰামতি কৰে। এতিয়া শােষণ নােহােৱা খাদ্যভাগ ক্ষুদ্রান্তৰ পশ্চাৎ অংশ বৃহদান্ত্রত প্রবেশ কৰে। বৃহদান্ত্রত প্রৱেশ কৰাৰ লগে লগে ইয়াৰ বেৰৰ ভিলাইবােৰে খাদ্যংশৰ পৰা অতিৰিক্ত পানীভাগ শােষণ কৰি লয়। ইয়াৰ পাছত শােষণ নােহােৱাকৈ ৰৈ যােৱা পদার্থখিনি পায়ুয়েদি দেহৰ পৰা মল (focal matter) হিচাপে নিষ্কাশিত হয়। মলত্যাগ কার্যকস্মিনক্টাৰ পেশী (Sphinecter muscle) বােৰে নিয়ন্ত্রণ কৰে।


35. গাড়ীৰ পিছলৈ চোৱা দাপােন হিচাপে উত্তল দাপােন কিয় ব্যৱহাৰ কৰা হয়বাহন এখনৰ পিছলৈ চোৱা উত্তল দাপােন এখনৰ ভাঁজ ব্যাসার্ধ 4m দাপােনখনৰ পৰা 5m দূৰত্বত এখন বাছ আছে বাছখনৰ প্রতিবিম্বৰ স্থান নির্ণয় কৰা                                             2+3=5


Answer: উত্তল দাপোণে থিয়কৈ হলেও থিয় প্ৰতিবিম্ব গঠন কৰে। তাৰোপৰি উত্তল দাপোন যিহেতু বাহিৰলৈ বেঁকা গতিকে এইবিলাক দাপোনৰ দৃষ্টিক্ষেত্ৰ বহল। সেইবাবে উত্তল দাপোন ব্য়ৱহাৰ কৰিলে দেখা ক্ষেত্ৰ অধিক পৰিসৰৰ হয়। সেইবাবে গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোণ পছন্দ কৰা হয়।


ভাঁজ ব্যাসার্ধ, R= 4m

এতেকে, ফকাছ দৈৰ্ঘ , f= 4/2= 2 m

লক্ষ্য়বস্তুৰ দূৰত্ব, u= -5 m

যিহেতু, 1/u + 1/v = 1/f

বা 1/v= 1/f -1/u= 1/2 - 1/(-5) = 1/2 + 1/5 = 0.5 + 0.2 = 0.7

        

এতেকে, v= 1.42 m




Or/নাইবা


এখন সমতল দাপােনৰ পৰিবর্ধন +1. ইয়াৰ অর্থ কি

30cm ভাজ ব্যাসার্ধৰ উত্তল দাপােন এখনৰ পৰা 20cm দূৰত্বত 5cm উচ্চতাৰ এটা বস্তু ৰখা হৈছে এতিয়া প্রতিবিম্বৰ অৱস্থান, আকাৰ আৰু প্রকৃতি নির্ণয় কৰা                                 1+4=5


Answer: বিবর্ধন m= 1 মানে প্ৰতিবিম্বৰ আকাৰ লক্ষ্য়বস্ত ুৰ আকাৰৰ সমান। ধনাত্মক চিহ্নই বুজাই যে প্ৰতিবিম্বটো থিয়।

            দিয়া আছে, লক্ষ্য়বস্তুৰ দূৰত্ব, u= -20 cm

        প্ৰতিবিম্বৰ আকাৰ, h = 5 cm

        ভাঁজ ব্যাসার্ধ,    R= 30 cm

        এতেকে, ফকাছ দৈৰ্ঘ, f = 30/2 = 15 cm

যিহেতু, 1/1/v + 1/u

ð  1/v  = 1/1/u

ð  1/v  = 1/15 – 1/-20 = 7/60

ð  v = 60/7 = 8.6 cm

 

বিবৰ্ধন, m= -v/u = h’/h

এতেকে, প্ৰতিবিম্বৰ আকাৰ, h’ = - vh/u = -8.6x 5/-20 = 2.15 cm

এতেকে, প্ৰতিবিম্বটো অস, থিয়, 2.15 cm ওখ, আৰু দাপোনৰ পৰা 8.6 cm দূৰত্বত অৱস্থিত।


36. পৰিবেশ ৰক্ষাৰ তিনিটা 'R' কথা আলােচনা কৰা                                5


Answer: পৰিবেশ ৰক্ষা কৰিবৰ বাবে আমি তিনিটা 'R' ব্যৱহাৰ কৰিব লাগ Reduce (হ্রাসকৰণ), Recycle (পুনঃ চক্ৰীয়কৰণ) আৰু Reuse (পুনঃ ব্যৱহাৰ)।

হ্রাসকৰণ (Reduce) ঃ ইয়াৰ অৰ্থ হৈছে তুমি নুন্যতম পৰিমান ব্যৱহাৰ কৰা।ফেন আৰু দ্যতিক চুইটচ অফ কৰি  বিদ্যত সঞ্চয় কৰিব পাৰি, ফুট পানী পাইপ মেৰামিত কৰি পানী সঞ্চয় কৰিব পাৰি।

 পুণঃচক্ৰীয়কৰণ (Recycle) ঃ ইয়াৰ অৰ্থ এয়ে যে মি প্লাষ্টিক, কাগজ, কাচ আৰু ধাতবীয় বস্তুবোৰৰ পৰা ব্যৱহাৰৰ উপযােগী আন সামগ্রী প্রস্তুত কৰি লব পাৰি যাৰ ফলত নতুনক প্লাষ্টিক, কাগজ, কাঁচ আদিৰ সশ্লেষণ বা ধাতৰ আহৰণ কৰাটো হ্ৰাস হ'ব। এনে পদ্ধতিত প্রথমে বর্জিত পদার্থবােৰ পৃথক কৰিব লাগে যাতে পুনঃচক্ৰীয়কৰণ কৰিব পৰা সামগ্রীবােৰ আন বর্জিত পদার্থৰ লগত মিহলি নহয়।

 পুণঃব্যৱহাৰ (Reuse)পুণঃব্যৱহাৰ পদ্ধতিত ব্যৱহৃত সামগ্রী প্রত্যক্ষভাৱে পুনঃব্যৱহাৰ কৰা হয়। ব্যৱহাৰ কৰা লেফাফাবােৰ পেলাই নিদি তাক পুনৰ ব্যৱহাৰযােগ্য কৰি ব্যৱহাৰ কৰিব পাৰা। জাম, জেলি আৰু আচাৰ আদি অনা প্লাষ্টিকৰ বটলবিলাক ৰান্ধনিঘৰৰ বিভিন্ন বস্তু ৰাখিবলৈ ব্যৱহাৰ কৰা হয়। 

Or/নাইবা


আমি আমাৰ সম্পদৰাজিৰ কিয় ব্যৱস্থাপনা কৰা উচিত 'আলােচনা কৰা         5


Answer:  আমাৰ সমাজত সম্পদৰাজিৰ অবিবেচিত ব্য়ৱহাৰৰ পৰা সৃষ্টি হোৱা সমস্য়াৱলীৰ বিষয়ে আমি সকলোৱে অবগত।প্ৰকৃতিয়ে আমাক দিয়া সম্পদসমূহ ব্য়ৱহাৰ কৰাৰ সময়ত মানুহে পৰিবেশ অনুকূল সিদ্ধান্ত বাচি লোৱাটো অতি প্ৰয়োজন।এনে কৰোঁতে আমাৰ সিদ্ধান্তবোৰে পৰিবেশৰ ওপৰত ক্ষন্তেকীয়া, দীৰ্ঘম্য়াদী নে সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় সেই বিষয়ে গুৰুত্ব দিব লাগিব।সম্পদৰ বহনক্ষম ব্য়ৱস্থাপনাৰ ধাৰণাটোৱে সম্পদ সমূহৰ ব্য়ৱহাৰৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰয়োজন পূৰাইও ভবিষ্য়ত প্ৰজন্মৰ বাবে ইয়াক সংৰক্ষণ কৰাৰ ওপৰত গুৰুত্ব দিয়ে।পৰিবেশ সংৰক্ষণৰ লগত আমাৰ অৰ্থনৈতিক বিকাশ আৰু ভবিষ্য়ত জড়িত হৈ আছে। 

        আমি আমাৰ সম্পদৰাজিৰ ব্য়ৱস্থাপনা কৰিব লাগে কাৰণ এই সম্পদৰাজি সীমিত।তাৰোপৰি মানুহৰ জনস্বাস্থ্য় উন্নতিৰ কাৰণে জনসংখ্য়া বৃদ্ধি হৈছে ফলত সম্পদবোৰৰ চাহিদা পূৰ্ণহাৰত বৃদ্ধি হব ধৰিছে। সেই কাৰণে এই প্ৰাকৃতিক সম্পদসমূহ কম সময়ত অপৰিকল্পিতভাৱে ব্য়ৱহাৰ নকৰি মানৱজাতিৰ বৰ্তমান তথা ভবিষ্য়ত প্ৰজন্মৰ প্ৰয়োজন পূৰণৰ অৰ্থে ইয়াৰ ব্য়ৱস্থাপনা গ্ৰহন কৰিব লাগে।

Comments

Popular posts from this blog

নিয়ন্ত্ৰন আৰু সমন্বয় ( অতিৰিক্ত প্ৰশ্নোত্তৰ-1)

2020 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান প্ৰশ্নকাকতৰ সমাধান (Solved Question Paper of HSLC 2020)