ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ ( অতিৰিক্ত
প্ৰশ্নোত্তৰ)
1. তাপীয় বিয়োজন বিক্ৰিয়া কি ? এটা উদাহৰণ দিয়া।
উত্তৰঃ কিছুমান বিয়োজন বিক্ৰিয়া তাপ প্ৰয়োগ কৰি সম্পন্ন কৰা হয়। এনেবোৰ বিক্ৰিয়াক তাপীয় বিয়োজন বিক্ৰিয়া বোলে। যেনে-
তাপৰদ্বাৰা কেলছিয়াম কাৰ্বনেটক বিয়োজিত কৰি কেলছিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড উত্পন্ন কৰা হয়।
CaCO3(s) তাপ→ CaO(s) + CO2(g)
(চূণশিল) (পোৰাচূণ)
2. ক'লা-বগা ফট'গ্ৰাফিত ব্য়ৱহাৰ হোৱা বিক্ৰিয়াটো কি ?
উত্তৰঃ ছিলভাৰ হেলাইড (AgX) যেনে ছিলভাৰ ক্লৰাইড (AgCl) ছিলভাৰ ব্ৰ'মাইড (AgBr) আদি সূৰ্যৰ পোহৰত থৈ দিলে ইহঁতৰ বগা ৰং মটীয়া হৈ পৰে। পোহৰে ছিলভাৰ ক্লৰাইডক ছিলভাৰ আৰু ক্লৰিনলৈ বিয়োজিত কৰাৰ বাবে এনে হয়। ছিলভাৰ ব্ৰ'মাইডেও একেধৰণৰ আচৰণ কৰে। এই বিক্ৰিয়াসমূহ ক'লা-বগা ফট'গ্ৰাফিত ব্য়ৱহাৰ কৰা হয়।
2AgCl (s) সূৰ্যৰ পোহৰ→ 2Ag(s) + Cl2 (g)
3. ৰে়ডক্স বিক্ৰিয়া কি ? উদাহৰণ দিয়া।
উত্তৰঃ সাধাৰণতে দেখা যায় যে বিক্ৰিয়া এটাত এটা পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয়। এনেবোৰ বিক্ৰিয়া য'ত জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হয় তেনে বিক্ৰিয়াক জাৰণ-বিজাৰণ বিক্ৰিয়া বা ৰেডক্স বিক্ৰিয়া বোলে। যেনে-
CuO + H2 ---→ Cu + H2O
এই বিক্ৰিয়াটোত H2 জাৰিত হৈছে আৰু CuO বিজাৰিত হৈছে।
4. দ্বি-অপসৰণ বিক্ৰিয়াৰ এটা উদাহৰণ দিয়া। (HSLC 2019)
উত্তৰঃ দ্বি-অপসৰণ বিক্রিয়া এটাৰ উদাহৰণ হ'ল
Na2SO4 ( aq) + BaCl2(aq) → BaSO4(s) +2NaCl(aq)
5. এটা পৰীক্ষানলত 3 mL মান ছ’ডিয়াম ছালফেটৰ দ্ৰৱ লােৱা আন এটা পৰীক্ষানলত 3 mL মান বেৰিয়াম ক্ল’ৰাইডৰ দ্ৰৱ লােৱা। দুয়ােটা দ্ৰৱ মিহলােৱা আৰু তলত দিয়াবােৰৰ উত্তৰ লিখা :
(a) ওপৰৰ পৰীক্ষাটোৰ পর্যবেক্ষণ লিখা।
(b) ওপৰৰ পর্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্রিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।(HSLC 2019)
উত্তৰঃ (a) দ্ৰৱ দুটা মিহলালে তলত অধঃক্ষেপ দেখা যাব।
(b) পর্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ হ'বঃ
Na2SO4 ( aq) + BaCl2(aq) → BaSO4(s) +2NaCl(aq)
6. এটা বিকাৰত 2g কেলছিয়াম অক্সাইড লােৱা। বিকাৰটোত লাহে লাহে পানী যােগ কৰা। তলত দিয়াবােৰৰ উত্তৰ কৰা —
(i) উষ্ণতাৰ কেনে পৰিবর্তন ঘটিব ?
(ii) ওপৰৰ কথাখিনিৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। (HSLC 2017)
উত্তৰঃ (i) উষ্ণতা প্ৰচুৰভাৱে বৃদ্ধি পাব।
(ii) ওপৰৰ বিক্ৰিয়াটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হ'ল-
CaO (s) + H2O(l) → Ca(OH)2(aq) + তাপ
7. চীনা মাটিৰে তৈয়াৰী এখন থালত 1 g কপাৰ পাউদাৰ লৈ গৰম কৰা হ'ল-
(a) কপাৰ পাউদাৰ খিনিৰ বৰণ কেনে হ'ব ?
(b) ওপৰৰ পৰ্যবেক্ষণটোৰ এটা সন্তুলিত ৰাসায়নিক সমীকৰণ লিখা। (HSLC 2016)
উত্তৰঃ (a) কপাৰ পাউদাৰ খিনিৰ বৰণ ক'লা হৈ পৰিব।
(b) ওপৰৰ পৰ্যবেক্ষণটোৰ সন্তুলিত ৰাসায়নিক সমীকৰণ হব-
2Cu + O2 তাপ→ 2CuO
8. এখন চীনামাটিৰ থালত 2 g ছিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা।
(a) কিছুসময়ৰ পিছত ছিলভাৰ ক্লৰাইডৰ ৰং কেনেকুৱা হব ?
(b) কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হব ?
(c) ওপৰৰ পর্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা। (HSLC 2015)
উত্তৰঃ (a) কিছুসময়ৰ পিছত ছিলভাৰ ক্লৰাইডৰ ৰং মটীয়া হৈ পৰিব।
(b) বিয়োজন বিক্ৰিয়া সংঘটিত হ'ব।
(c) ওপৰৰ পর্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ হ'ল-
2AgCl (s) সূৰ্যৰ পোহৰ→ 2Ag(s) + Cl2 (g)
9. এটা উতলন নলীত 2 g লেড নাইট্ৰেট পাউদাৰ লোৱা। এডাল চেপেনাৰে উতলন নলীটো শিখাৰ ওপৰত ধৰি গৰম কৰা।
(a) ওপৰৰ পৰীক্ষাটোৰ পর্যবেক্ষণ লিখা।
(b) ওপৰৰ পর্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ লিখা আৰু বিক্রিয়াটোৰ প্ৰকাৰ উল্লেখ কৰা।
উত্তৰঃ (a) নলীটোৰ পৰা মুগা বৰণীয়া ধোৱা নিৰ্গত হ'ব।
(b) ওপৰৰ পর্যবেক্ষণটোৰ ৰাসায়নিক সমীকৰণ হ'ল-
2Pb(NO3)2 (s) তাপ→ 2PbO (s) + 4NO2(g) + O2(g)
10. এটা শুকান উতলন নলীত 2g ফেৰাছ ছালফেট স্ফটিক লোৱা। গৰম কৰাৰ পিছত স্ফটিকবোৰৰ কি পৰিৱৰ্তন দেখিবা। সংঘটিত হোৱা বিক্ৰিয়াটোৰ সমীকৰণ লিখা।
উত্তৰঃ গৰম কৰাৰ পিছত ফেৰাছ ছালফেট স্ফটিকৰ সেউজীয়া ৰংটো সলনি হ'ব। পোৰা গন্ধকৰ দৰে গোন্ধ ওলাব।
সংঘটিত হোৱা বিক্ৰিয়াটোৰ সমীকৰণটো হ'ব-
2FeSO4 (s) তাপ→ Fe2O3 (s) + SO2 (g) + SO3 (g)
Sir, please upload HSLC Other year question solve.....
ReplyDeletehttps://sciencestudyguide.blogspot.com/2020/09/2018.html
Deletehttps://sciencestudyguide.blogspot.com/2020/09/2017.html
https://sciencestudyguide.blogspot.com/2020/10/HSl.html
Visit these links
Delete